November 17, 2011 | By: গীতাৰ্থ বৰদলৈ

ৱিকিপিডিয়াত মানুহে কিয় নিলিখে ?

২০০২ চনৰ জুন মাহত শুভাৰম্ভ হোৱা অসমীয়া ৱিকিপিডিয়াৰ বয়স দহ বছৰেই হ'বৰ হ'ল। কিন্তু অসমীয়া মানুহৰ এলাহ আৰু অৱজ্ঞাৰ প্ৰতি সন্মান জনাই আজিকোপতি প্ৰবন্ধৰ সংখ্যা এহেজাৰৰ ওপৰ নহ'ল (আজিৰ দিনটোত ৭৪২টা মাত্ৰ)। তাৰ বিপৰীতে আজিৰ তাৰিখত বাংলা ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা প্ৰায় ২২০০০টা, চুবুৰীয়া বিষ্ণুপ্ৰিয়া মণিপুৰীত প্ৰায় ২৪০০০টা, মালায়ালম ৱিকিপিডিয়াত প্ৰায় ২১০০০টা। এমাহমান আগতেই এই বিষয়ে চমুকৈ কিবা অলপ লিখিম বুলি ভাবি আছিলোঁ। কিন্তু আন আন চিন্তাৰ ভিৰত সেইটো চিন্তা হেৰাই গ'ল। যোৱা দেওবাৰে ফে'চবুকৰ অসমীয়া ৱিকিপিডিয়া গোটত FAQ খিনি অনুবাদ কৰিবলৈ জনোৱা অনুৰোধ এটা দেখা পালোঁ। সেইখিনি কাম কৰোঁতে আগৰ চিন্তাটোও মনত পৰিল। গতিকে ৱিকিপিডিয়াৰ FAQ বা সততে উদয় হোৱা প্ৰশ্নখিনিৰ লগতে মিলাই অসমীয়া মানুহখিনিয়ে ৱিকিপিডিয়াত নিলিখা কেইটামান কাৰণ সঁহাৰিৰ ৰূপত তলত উল্লেখ কৰিলোঁ।

১) "ৱিকিপিডিয়া?? এইটো কি বস্তু??"

২) "অসমীয়াতো ৱিকিপিডিয়া আছে নেকি? নাজানিছিলোঁৱেই !"


৩) "এহ্‌ মই অসমীয়াই টাইপ কৰিব নাজানো, ৱিকিপিডিয়াত কেনেকৈ লিখিম !"

৪) "কি কৱ? সকলোৱে লিখিব পাৰে নেকি?"


৫) "ধুৰ ! মোৰ এইবোৰ কাম কৰিবলৈ সময় আৰু আগ্ৰহ নাই।" (এইটো সম্ভৱতঃ প্ৰধান কাৰণ)
 
৬) "ধেত্‍ ! মই এইবোৰ একোৱেই নাজানো। কেনেকৈ লিখিম !"

৭) "তই লিখাৰ কাৰণে পইছা পাৱ নেকি? নাপাৱ?? পইছা নাপালে কিয় লিখিম?" (আন এক অন্যতম কাৰণ)

৮) "মোৰ কি লাভ হ'? সময়হে নষ্ট হ'ব !"

৯) "লিখিলোঁৱেই যেনিবা। কোনেনো পঢ়িব?"

১০) "ইংৰাজীখন আছেই দেখোন! লগতে গুগল থাকোঁতে ইমান কষ্ট কিয় কৰিম?"

১১) "মই ইংৰাজীতহে ভাল। অসমীয়াত লিখি নাথাকোঁ আৰু !"

১২) "নালাগে। মোৰ ওচৰত সাহিত্য সভাৰ অসমীয়া বিশ্বকোষৰ খণ্ডকেইটা আছেই।"


১৩) "নিলিখোঁ দেই! দেখিছোঁ নহয় ৱিকিপিডিয়াত লিখা মানুহৰ বদনাম বাতৰি কাকতত ওলাই গৈছে। মোৰ নিজৰ নামটো তেনেকৈ চাবলৈ ইচ্ছা নাই !" (এইটো অজুহাত কিছুদিনৰ আগৰপৰা আৰম্ভ হৈছে)

১৪) "এদিন লিখিছিলোঁ। অলপ গোলমাল হ'ল। বুজি নাপালোঁ বাবে বাদ দিলোঁ আৰু।"

১৫) "এহ্‌ ৱিকিপিডিয়াক বিশ্বাস কৰিব নোৱাৰি দেই। ইম্মান ভুল থাকে !"

১৬) "তই লিখি থাক। আমি তোৰ বেকত আছোঁ !"

১৭) "লিখিম ৰ'বা
এইকেইদিন অলপ ব্যস্ত আছোঁ।" (সেই ব্যস্ততা কাহানিও শেষ নহয়)

এইখিনি কিন্তু কোনো ব্যক্তিবিশেষক লক্ষ্য কৰি লিখা নাই দেই ! তথাপিও আপোনালোকে ওপৰৰ কথাখিনিৰ লগত নিজৰ মনৰ ভাৱ মিলাই চাব পাৰে। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ অসমীয়াৰ ৱিকিপিডিয়াৰ "ৱিকিপিডিয়া:সততে উদিত হোৱা প্ৰশ্নসমূহ" পৃষ্ঠাখনত যথাসম্ভৱ দিবলৈ চেষ্টা কৰা হৈছে। সেইখিনি পঢ়াৰ পিছত যদি আৰু কেইজনমান ব্যক্তি অসমীয়া ৱিকিপিডিয়াত কাম কৰিবলৈ ওলাই আহে, তাৰ সমান আনন্দৰ কথা একোৱেই নহ'ব।

পঢ়ি ভাল পালে ৰাইজক জনাওক!

3 comments:

nitisha bordoloi said...

বৰ ভাল হৈছে। তুমি এই লিখাটো বাতৰি কাকত ত প্ৰকাশ কৰা।

গীতাৰ্থ বৰদলৈ said...

মই এই প্ৰবন্ধটো লিখাৰ প্ৰায় ৫০ দিন পিছত (৭ জানুৱাৰী) অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ১০০০টা হয়। আজিৰ তাৰিখত (২২/০২/২০১২) মুঠ প্ৰবন্ধ সংখ্যা ১১৪৪টা।

Bikram M Baruah বিক্ৰম ম বৰুৱা said...

পঢ়ি ভাল লাগিল৷