January 11, 2015 | By: গীতাৰ্থ বৰদলৈ

ছিগা চুলিৰ সতে...



নীৰৱ আবেলি কেতবোৰ ছবি
খণ্ড-বিখণ্ড
কলিজাৰ সেন্দুৰ লগা
লুইতৰ উজানত ভাঁহি আহে যায়
তোমাৰ ছিগা চুলিৰ সতে
এসাগৰ চকুলো বোৱাই৷
সুমথিৰা সেউজ হৃদয় লৈ আজিও মই আছো
সপোনৰ ডিঙা বাই,
উজ্জ্বল দিনৰ অশ্লীলতা সহিব নোৱাৰি
নিজৰ মাজতে লুকাই৷
আচলতে মোক এখন পৃথিৱীৰ প্ৰয়োজন
আপোন মনেৰে সজোৱা,
নাইবা এখন ৰজনীগন্ধা আঁচল
সজীৱ তুলিকাৰে বুলোৱা-
পৰিশোধ কৰিম মই কলিজা কাটি
জোনাকৰ চাদৰত চুক্তিপত্ৰ লেখিম,
উটুৱাই দিম ভৰ লুইতত
তোমাৰ ছিগা চুলিৰ সতে...

January 6, 2015 | By: গীতাৰ্থ বৰদলৈ

অহেতুক



(সতৰ্কীকৰণ: এই লেখাত বোলছবিখনৰ কাহিনীৰ টুকুৰা থাকিব পাৰে। বোলছবিখন চাম বুলি ভবাসকলে এই লেখা এৰাই চলিব পাৰে।)

অসমীয়া বোলছবিৰ প্ৰতি ৰাইজৰ অনীহা অহেতুক নে? নিশ্চয় নহয়। ৰাজকুমাৰ জৈন প্ৰযোজিত আৰু বাণী দাস পৰিচালিত ‘অহেতুক’ বোলছবিখনে সেই নিষ্পৃহা আঁতৰ কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ আগতে কেইবাখনো ‘মছলাধৰ্মী’ অসমীয়া কথাছবিয়ে দৰ্শকক জোলোকা-জোলোকে পানী খাবলৈ বাধ্য কৰিছিল। বাণী দাসে সঠিক পৰিমাণৰ মছলা ঢালি আগবঢ়োৱা ব্যঞ্জন ৰাইজে ভাল পাইছে যেনেই অনুভৱ হ’ল।

বাণী দাসৰ ইয়াৰ আগৰ কথাছবি ‘মন’ৰ উল্লেখনীয় দিশ আছিল জড়তাহীন অভিনয়, সুন্দৰ ল’কেশ্যন আৰু মনপৰশা সংগীত। এইকেইটাই দুৰ্বল কাহিনীক আৱৰি ধৰি বেছিভাগ দৰ্শককে সন্তুষ্ট কৰিছিল। ‘অহেতুক’ৰ কাহিনীতো নতুনত্ব নাই। নায়ক আৰু নায়িকা দুয়ো গুৱাহাটীস্থিত এটা ব্যক্তিগত টেলিভিচন চেনেলৰ সাংবাদিক। এডিটৰ-ইন-চিফ তপন দাসৰ নিৰ্দেশমতে দুয়ো এখন পাৰ্বত্য জিলাৰ ‘উলুৱনি’ নামৰ ঠাইলৈ যাবলগীয়া হয়। উদ্দেশ্য এটা বৃহৎ বিত্তীয় কেলেংকাৰীৰ সম্পৰ্কে নথি-পত্ৰ সংগ্ৰহ কৰা। তালৈ গৈ পাকচক্ৰত পৰি তেওঁলোকৰ জীৱন কিদৰে সলনি হৈ পৰিল আৰু তাৰ মোখনি মৰাৰ চেষ্টাই ‘অহেতুক’। ইয়াত ৰোমাঞ্চ আছে, ছাছ্‌পেন্স আছে, শুৱলা গীত আছে, এক্‌ছন আছে আৰু আছে আৰ্থসামাজিক সমস্যা চুই যাবলৈ কৰা চেষ্টা। উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ অন্যতম ব্যক্তি আৰ এইছ খানক মনত আছেনে? এই বোলছবিতো এজন খানে ভুমুকি মাৰিছে। বিৰতিলৈকে কাহিনীৰ গতি প্ৰায় মসৃণ। আমনি নলগাকৈ ছাছ্‌পেন্স ভৰা দৃশ্যাংশ এনেকৈ বোধকৰোঁ বহুদিন উপভোগ কৰা নাছিলোঁ। বিতৰিৰ পাছত অৱশ্যে কাহিনীয়ে ঠায়ে-ঠায়ে উজুটি খায়। ইয়াতকৈ ভালকৈ শেষ কৰিব পৰা বোলছবিখন পৰিচালকে লৰালৰিকৈ শেষ কৰিলে। কিন্তু অসমীয়া বোলছবিৰ পৰিক্ৰমালৈ চালে মনোৰঞ্জন দিয়াৰ প্ৰয়াস কৰা বাণী দাসৰ পৰিচালনাক প্ৰশংসা নকৰি নোৱাৰোঁ। 

কেইটামান দৃশ্য সুন্দৰ, যেনে- প্ৰথম অৱস্থাত নায়ক-নায়িকাৰ উখনা-উখনি, তেওঁলোকে পানীত দৌৰাৰ শ্ল’ ম’ছনৰ দৃশ্য, মন্ত্ৰীৰ মিঠা মিঠা কথা, থাউচেনে ধনুত টংকাৰ দি ‘বহুদিন গেৰিলা যুদ্ধ কৰা নাই’ বুলি কোৱা আদি। কেইটামান দৃশ্য স্পষ্ট বা উপভোগ্য নহ’ল, যেনে- গুলী চলোৱাৰ দৃশ্যকেইটা (মি: ৰাজকুমাৰতকৈ অৱশ্যে হাজাৰগুণে ভাল!), ৰাতি কাৰ্যালয়ত নায়কে নায়িকাক ওচৰত নেদেখি মাতে কিন্তু পৰৱৰ্তী দৃশ্যত দুয়ো বাইলুঙৰ লগত বহি থাকে, নায়িকাক হাবিৰ মাজত ইমান সোনকালে বিচাৰি পোৱাটো (থাওচেনে পথ জানে, আমি নাজানো!), হাবিৰ পৰা ওলাই গুৱাহাটী পোৱা, নায়িকাই কুংফুৰে উগ্ৰপন্থী এজনক ধৰাসায়ী কৰা (তাই কেতিয়া শিকিলে) আদি। সম্পাদনাৰ কামো ঠাইবিশেষৰ বাহিৰে ভাল বুলি ক’ব পাৰি। অসমৰে ল’কেশ্যন ব্যৱহাৰ কৰি নাহিদ আহমেদে কৰা চিনেমাট’গ্ৰাফী সুন্দৰ।
‘অহেতুক’ৰ এটা শক্তিশালী দিশ নায়কৰ চৰিত্ৰত গুঞ্জন ভৰদ্বাজ আৰু নায়িকাৰ চৰিত্ৰত অমৃতা গগৈৰ অভিনয়। গুঞ্জন ভৰদ্বাজৰ অভিনয় জড়তাহীন। প্ৰথম কেইটামান দৃশ্যৰেই তেওঁ মন আকৃষ্ট কৰিছে। কিন্তু অভিনয়ৰ দিশত তেওঁক নায়িকাই চেৰ পেলালে। প্ৰথমখন বোলছবিতে ‘পেডেল মাৰি মাৰি’ খ্যাত অমৃতা গগৈয়ে সকলো অভিব্যক্তি বলিষ্ঠভাৱে প্ৰকাশ কৰিছে। আগলৈ ভাল চৰিত্ৰত অভিনয়ৰ সুযোগ পালে তেওঁ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ গুৰুত্বপূৰ্ণ সম্পদ হৈ পৰিব বুলি আশা ৰাখিলোঁ। মন্ত্ৰীৰ চৰিত্ৰত পৃথ্বীৰাজ ৰাভাই কাৰ্পণ্য কৰা নাই। তপন দাসৰ কথা নতুনকৈ দোহাৰিবলৈ নিশ্চয় প্ৰয়োজন নাই। কম ফুটেজ পালেও তেওঁ গম্ভীৰ কণ্ঠৰে চৰিত্ৰটোক প্ৰতিষ্ঠা কৰে। বাইলুঙৰ চৰিত্ৰত ৰাজীৱ ক্ৰ’ৰো অভিনয় ভাল। থাউচেনৰ চৰিত্ৰটোত অলপ জথৰতা লক্ষ্য কৰিলোঁ। 

কথাছবিখনৰ আৱহ সংগীত আৰু গানকেইটাই মন মুহিলে। যোৱা বহুদিনৰ অসমীয়া বোলছবিবোৰৰ ভিতৰত “ৰ’দৰ চিঠি”ৰ পিছতে অহেতুকৰ পৰাণ বৰকটকী পৰিচালিত সংগীতক স্থান দিম। কিন্তু কাহিনীক আগবঢ়াই লৈ যোৱাত গানকেইটাই সহায় কৰেনে? মোৰ মতে মুঠেই নকৰে। যোৱা দুটামান বছৰত অসমীয়া চিনেমাত আইটেম ছঙৰ সংখ্যা বাঢ়ি আহিছে। ইয়াতো আইটেম গানটো জোৰ-জবৰদস্তি সুমুৱাই দিয়া হৈছে। অৱশ্যে প্ৰস্তুতি পৰাশৰে গানটোৰ জোৰত দৰ্শকক ছবিঘৰলৈ টানিব পাৰিলে আপত্তিৰ থল নাই। জুবিনৰ কণ্ঠৰ ‘অহেতুক’ গীতটো তেওঁক লৈ দৃশ্যায়ন নকৰি বেকগ্ৰাউণ্ডত দিয়া উচিত আছিল যেন বোধ হ’ল। জনজাতীয় সুৰৰ পম্পী গগৈয়ে গোৱা ‘মেঘৰ জলঙা’ আৰু জুবিনৰ কণ্ঠৰ ‘লাহে লাহে’ গীত দুটাও মন পৰশা। 

ডিব্ৰুগড়ত দৰ্শক সেৰেঙা হ’লেও ‘অহেতুক’ চাই তেওঁলোক নিশ্চয় নিৰাশ হোৱা নাই। দুই-এটা দৃশ্যত উকি মৰাৰ লগতে ছবিঘৰৰ পৰা ওলাই আহি কেইবাজনেও ‘ভাল লাগিল’ বুলি কোৱা শুনিলোঁ। ছবিখনৰ প্ৰতি দৰ্শকৰ এই সঁহাৰিক সাৰথি কৰি প্ৰযোজকে প্ৰচাৰত অধিক জোৰ দিয়া উচিত। বোলছবিখন দোষমুক্তনে? নহয়। ভাল দিশবোৰে দোষখিনিক ঢাকিব পাৰিছেনে? হয়। ভাল অসমীয়া চিনেমাৰ মহঙা দিনত ‘অহেতুক’ নিৰ্মাণ কৰা বাবে ৰাজকুমাৰ জৈন আৰু বাণী দাস ধন্যবাদৰ পাত্ৰ। অসমীয়া কলাত্মক (বিমূৰ্ত কলা নহয়) বোলছবি চাবলৈ ইচ্ছা নকৰাসকলে মনোৰঞ্জন পাবলৈ ছবিঘৰলৈ যাওক আৰু ‘অহেতুক’ চাওক। আপোনালোকৰ পইছা পানীত পৰিল বুলি ভাৱ নাহে বুলি মোৰ বিশ্বাস।

প্ৰস্তাৱনা

সাগৰ দুৰ্বাৰ
উটুৱাই নিয়ে তোমাক,
মই পাৰত
অকলে
নিৰলে
মাণিক পাহৰি
বেথা সামৰি৷

মই তোমাৰ মাজত,
মৃদু কঁপনি
আকাশত
বতাহত
সিপাৰে কুঁৱলী
সূৰ্য নুমায়
তুমি জ্বলি আছা
মোৰ মাজত৷

আমি আছোঁ
আমি নাই,
সময় ভাঁহে
চকুলো শুকায়,
লঠঙা পথাৰত ৰৈ
মই
দুগাল
বতাহে কঁপায়