October 28, 2017 | By: গীতাৰ্থ বৰদলৈ

জলাতংক ৰোগ আৰু মিল্‌ৱাকী প্ৰট'কল

      
এই কাহিনীৰ নায়িকা জিনা গিজি (ছবিৰ উৎস youthhealthmag.com)
       ফণ্ড ডু লেক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱিছ্‌কন্সিন প্ৰদেশৰ এখন সৰু নগৰ। পোন্ধৰ বছৰীয়া জিনা গিজি তাৰে ছেইণ্ট মেৰী স্প্ৰিংছ হাইস্কুলৰ ছাত্ৰী। ২০০৪ চনৰ ১২ ছেপ্টেম্বৰ দেওবাৰে জিনাই মাকৰ লগত নগৰৰে ছেইণ্ট পেট্ৰিক গীৰ্জালৈ গৈ প্ৰাৰ্থনাৰ বাবে আসন গ্ৰহণ কৰিলে। প্ৰাৰ্থনা শেষ হ’বলৈ অলপ সময় থাকোঁতে বাদুলী এটা আহি গীৰ্জাৰ ভিতৰত উৰি ফুৰিবলৈ ল’লে। এপাকত মানুহৰ কোবত বাদুলীটো আহি তলত পৰিলহি। জীৱপ্ৰেমী জিনাই ভাবিলে বাদুলীটো বাহিৰৰ গছ এজোপাত এৰি দিয়াই ভাল। এই বুলি বাদুলীটো হাতত তুলি দুৱাৰখন ঠেলা মাৰি খুলোঁতেই বাদুলীটোৱে জিনাৰ বাওঁহাতৰ তৰ্জনী আঙুলিত কামুৰি দিলে। বাদুলীটোৱে নেৰা দেখি জিনাই আজুৰি আনি তাক ওচৰৰ গছলৈ দলিয়াই দিলে আৰু ভিতৰলৈ আহি পুনৰ নিজৰ আসনত বহিলহি। জিনাৰ ভাষাতে ক’বলৈ গ’লে বাদুলীটোৱে কামোৰা সেই ত্ৰিছ ছেকেণ্ডে তাইৰ জীৱন চিৰদিনৰ বাবে সলাই পেলালে। ঘৰলৈ আহি জিনাই আঘাত পোৱা ঠাই হাইড্ৰ’জেন পেৰ’ক্সাইডেৰে ধুই দিলে আৰু ঘটনাটো পাহৰি গ’ল।


        ১৩ অক্টোবৰৰ পৰা জিনাৰ গা বেয়া হ’বলৈ ধৰিলে। দুৰ্বলতা, বমি, দ্বি-দৃষ্টি, অভাৰসাম্য আদি লক্ষণৰ বাবে জিনাক স্থানীয় ছেইণ্ট এগ্নেছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ল। জিনাৰ হঠাতে বাদুলীয়ে কামোৰা কথাটো মনত পৰাত মাকক ক’লে। মাকে স্নায়ুৰোগ বিশেষজ্ঞজনক জনোৱাত তেওঁ আহি আঙুলিটো চালে। ক্ষতস্থান ঠিক হৈ পৰা দেখি তেওঁ বিশেষ গুৰুত্ব নিদিলে। পাছদিনাৰ পৰা জিনাৰ অৱস্থা কাহিল হৈ পৰিল। সকলো পৰীক্ষা-নিৰীক্ষা কৰোৱা হ’ল। ৰোগ ধৰিব পৰা নাই। শিশু বিশেষজ্ঞ ড° হাৱাৰ্ড ধনাউ জিনাক চাবলৈ আহিল। মাজে তেওঁক বাদুলীৰ কথাটো জনোৱাত ড° হাৱাৰ্ডে জলাতংক ৰোগ বুলি সন্দেহ কৰিলে। খৰধৰকৈ মিল্‌ৱাকীৰ শিশু চিকিৎসালয়ৰ লগত যোগাযোগ কৰা হ’ল। ১৮ অক্টোবৰত জিনা সেই চিকিৎসালয়ত ভৰ্তি হ’ল।

        
জিনাৰ ছাল আৰু তেজৰ নমুনা জৰ্জিয়াৰ ছেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেন্‌চনলৈ পঠিয়াই দিয়া হ’ল। জিনাৰ জলাতংক ৰোগ নিশ্চিত হ’ল। জিনাৰ মাক-দেউতাক ভাগি পৰিল। জলাতংক মানেই মৃত্যু। বলিয়া মৰণ। চকুৰ সন্মুখতে নিজৰ সন্তান লাহে লাহে মৰণপথলৈ আগুৱাই যোৱানো কেনেকৈ সহ্য কৰিব। শিশু সংক্ৰামক ৰোগৰ বিশেষজ্ঞ ড° ৰড্‌নী ৱিল’বীয়ে হাৰ মানিব নুখুজিলে। জিনাৰ ওপৰত তেওঁ আগতে কেতিয়াও নকৰা এটা পৰীক্ষামূলক চিকিৎসা পদ্ধতি চেষ্টা কৰি চাবলৈ ঠিৰাং কৰিলে। ডুবিবলৈ ধৰা মানুহে খেৰ-কূটাকো খামুচি ধৰাৰ দৰে জিনাৰ মাক-দেউতাকে সন্মতি দিলে। যিহেতু জলাতংক ৰোগে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত ৰাসায়নিক খেলিমেলিহে লগায়, ড° ৱিল’বীৰ দলে ভাবিলে যে মগজুক যদি বিশ্ৰাম দিয়া হয় তেন্তে শৰীৰৰ নিজা প্ৰতিৰক্ষা প্ৰণালীয়ে লাহে লাহে ৰোগৰ মোকাবিলা কৰিব পাৰিব। সেইমতেই গিজিক মিডাজ’লাম আৰু কেটামিন ঔষধৰ এটা মিশ্ৰণ দি কৃত্ৰিম সুপ্ত অৱস্থালৈ অনা হ’ল আৰু এণ্টিভাইৰেল ঔষধ ৰিবাভিৰিন আৰু এমেণ্টাডিন প্ৰয়োগ কৰা হ’ল। সকলোৱে ৰুদ্ধস্বাসেৰে জিনাৰ জীৱন-মৃত্যুৰ খেলখনৰ ফলাফললৈ অপেক্ষা কৰিলে।

           
ছদিনৰ পাছত স্নায়ুৰসৰ পৰীক্ষা কৰি দেখা গ’ল যে জিনাই শৰীৰে ৰেবীজ প্ৰতিদেহ (antibody) উৎপন্ন কৰিছে! সাতদিনৰ পাছত ড° ৱিল’বীয়ে জিনাক লাহে লাহে সুপ্তাৱস্থাৰ পৰা মুকলি কৰিলে। মগজুৰ গুৰুতৰ ক্ষতি হোৱাৰ আশংকা জিনাই অমূলক প্ৰমাণ কৰিলে। শিশুক শিকোৱাৰ দৰে তাইকো থিয় দিয়া, খোজ কঢ়া আদিৰ প্ৰশিক্ষণ দিয়া হ’ল। জিনা ক্ৰমাৎ আৰোগ্য হৈ আহিবলৈ ধৰিলে। ভৰ্তি হোৱাৰ ৭৬ দিনৰ পাছত ২০০৫ চনৰ ১ জানুৱাৰীত চিকিৎসকে জিনাক ঘৰলৈ যোৱাৰ অনুমতি দিলে। ঘটনাৰ আগত বা পাছত প্ৰতিষেধক নোলোৱাকৈ জলাতংক ৰোগৰ পৰা আৰোগ্য লাভ কৰা জিনা বিশ্বৰ প্ৰথম ব্যক্তি। ১৩১ দিনৰ পাছত চিকিৎসকৰ ওচৰলৈ পৰীক্ষাৰ বাবে যাওঁতে জিনাৰ কথা কোৱা আৰু খোজ কঢ়াত অসুবিধা প্ৰত্যক্ষ কৰা হৈছিল। কিছু স্নায়ৱিক দুৰ্বলতা থাকিলেও ২০১১ চনত জিনাই জীৱবিদ্যাৰ গ্ৰেজুৱেচন সম্পূৰ্ণ কৰে। এই চিকিৎসা পদ্ধতিবিধো “মিল্‌ৱাকী প্ৰট’কল” বা “ৱিছ্‌কন্সিন প্ৰট’কল” নামেৰে বিখ্যাত হৈ পৰিল।

              বছৰি প্ৰায় ৫৫,০০০ লোকৰ জলাতংক ৰোগত মৃত্যু হয়। আগতে ভবা হৈছিল যে প্ৰতিষেধক নোলোৱা ব্যক্তিৰ জলাতংক হ’লে মৃত্যু ১০০% নিশ্চিত। কিন্তু জিনা গিজিৰ ঘটনাই দেখুৱালে যে একেবাৰে আশা এৰি দিয়াৰ প্ৰয়োজন নাই। ২০০৪ চনৰ আগলৈকে কেৱল পাঁচজন জলাতংক ৰোগীৰ মৃত্যু নোহোৱাৰ তথ্য আছে (তাৰ ভিতৰত ভাৰতৰো এগৰাকী ৰোগী আছে)। ২০১৭ চনৰ জুন মাহলৈকে এই সংখ্যা পোন্ধৰজনলৈ বাঢ়িছে। মিল্ৱাকী প্ৰট’কলৰো এতিয়ালৈকে তিনিবাৰ সংশোধন কৰা হৈছে। ড° ৱিল’বীয়ে ২০০৯ চনত প্ৰকাশ কৰে যে প্ৰথম প্ৰট’কল অনুসৰি চিকিৎসা কৰা ২৫ জন লোকৰ দুজনৰ প্ৰাণৰক্ষা পৰিছে আৰু সংশোধিত প্ৰট’কল মতে চিকিৎসা কৰা ১০ জন লোকৰ দুজনৰ প্ৰাণৰক্ষা হয় (২০১৩ চনৰ এখন গৱেষণা পত্ৰিকাত অৱশ্যে এই তথ্য ভুল বুলি কোৱা হৈছে)। ভাৰততো ২০১৬ চনৰ জানুৱাৰীত গোৱালিয়ৰত এজন জলাতংক ৰোগীৰ এই পদ্ধতি অনুসৰি চিকিৎসা কৰা হৈছিল, কিন্তু চাৰি দিনৰ পাছতে তেওঁৰ মৃত্যু হয়। পেৰুত কৰা এটা গৱেষণাত ধৰা পৰে যে জলাতংকৰ প্ৰতিষেধক নোলোৱাকৈও মানুহৰ দেহত ভাইৰাছবিধৰ প্ৰতিদেহ উৎপন্ন হ’ব পাৰে। মানৱ জলাতংকৰ কোনো প্ৰমাণিত চিকিৎসা নাই বুলি ২০১৩ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ এখন আলোচনা চক্ৰত স্পষ্ট কৰি দিয়া হয়।

            
মিল্‌ৱাকী প্ৰট’কলৰ মাজেৰে জিনা বা আন ৰোগীয়ে আৰোগ্য লাভ কৰাৰ কাৰণ বিতৰ্কৰ আৱৰ্তত। কোনো কোনোৰ মতে ভাইৰাছবিধৰ দুৰ্বল প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হ’লে আৰোগ্য লাভৰ সুযোগ বেছি। আন কোনোৰ মতে ব্যক্তিবিশেষৰ জিনীয় বা প্ৰতিৰোধমূলক উপাদানে আৰোগ্যত প্ৰভাৱ পেলাব পাৰে। নতুন নতুন চিকিৎসা পদ্ধতি পৰীক্ষা নকৰি মিল্‌ৱাকী প্ৰট’কলকে সাৱটি থকাৰ বাবে স্বাস্থ্যকৰ্মীসকলক সমালোচনা কৰা হয়। প্ৰথম মিল্‌ৱাকী প্ৰট’কলৰ কেৱল কেটামিন আৰু মিডাজলামহে বৰ্তমানৰ সংশোধনীত ব্যৱহাৰ কৰা হয়। প্ৰচলিত ICU চিকিৎসা প্ৰণালীত এই ঔষধ দুবিধ এনেয়ো ব্যৱহাৰ নোহোৱা নহয়। মিল্‌ৱাকী প্ৰট’কল অনুসৰি প্ৰাণ ৰক্ষা পৰা ঘটনাবোৰ কাক্‌তালীয় বুলি ধৰিলেও এই কথা নিশ্চিত যে ড° ৱিল’বীৰ প্ৰচেষ্টাই ৰেবীজৰ জোৰদাৰ চিকিৎসা সম্পৰ্কে চিকিৎসক আৰু গৱেষক সমাজৰ মাজত সজাগতাৰ সৃষ্টি কৰিলে। আন ভাইৰাছজনিত ৰোগৰ দৰে ৰেবীজ বা বলিয়া মৰণো এতিয়া ১০০% ঘাটক নহয়।


(বিভিন্ন ইণ্টাৰনেট সূত্ৰৰ সহায় লৈ)



July 13, 2017 | By: গীতাৰ্থ বৰদলৈ

দুখন যুদ্ধবিৰোধী কল্পবিজ্ঞান বোলছবি



 

Arrival (২০১৬)

অন্য গ্ৰহৰ প্ৰাণীৰ বিষয়ে হলিউডত বহু চলচ্চিত্ৰ নিৰ্মাণ হৈছে। এহাতে The Abyss, E.T. আদিৰ দৰে যুদ্ধৰহিত চিনেমা আৰু আনহাতে War of the Worlds, Independence day, Alien আদিৰ দৰে পৰগ্ৰহীয়ে আক্ৰমণ কৰাৰ চিনেমা। তাৰ মাজতে অলপ বেলেগ ধৰণৰ Arrivalৰ দৰে ছবিয়েও মুক্তি পায় যাক আমি যুদ্ধবিৰোধী বুলি ক’ব পাৰোঁ। ২০১৬ চনত মুক্তি পোৱা এই ছবিখন কেইদিনমান আগতে চোৱাৰ সৌভাগ্য হ’ল। আৰু মই চাগে ডিমেন্‌চিয়াত আক্ৰান্ত নহ’লে এইখনৰ কথা নাপাহৰোঁ।

পৃথিৱীলৈ কেইবাখনো পৰগ্ৰহীৰ যানৰ আগমণ ঘটিল। আক্ৰমণৰ নাম-গোন্ধ নাই। গোটেই দেশবোৰৰ সামৰিক শক্তি তেনে কিবা ৰোধ কৰিবলৈ সাজু। এনে ক্ষেত্ৰত পৰগ্ৰহীয়ে কি বিচাৰিছে সেয়া জানিবলৈ যোগাযোগ কৰিব লাগিব। কিন্তু ভাষাৰ সমস্যা কেনেকৈ নোহোৱা কৰিব? ভাষাবিদৰ চৰিত্ৰ ৰূপায়ণ কৰা এমী আডাম্‌ছে বিজ্ঞানী জেৰেমী ৰেনাৰ আৰু সেনাবাহিনীৰ সৈতে দিন-ৰাতি একাকাৰ কৰি পৰগ্ৰহীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছে। তেখেতৰ নিজৰে কিবা গোপন বেজাৰ আছে। মাজে মাজে ছোৱালী এজনীৰ মাক হোৱা সপোন কিছুমান দেখে। দুৰ্দান্ত অভিনয়েৰে এমী আডাম্‌ছে দৰ্শকক তেখেতৰ লগত একাত্ম হ’বলৈ বাধ্য কৰে। আমিও যেন দেৱালৰ পিছফালে থকা বৃহৎ অক্টোপাছ সদৃশ পৰগ্ৰহীক দেখি অভিভূত হওঁ, নিজৰ অস্তিত্বক লৈ শংকিত হওঁ, সিহঁতৰ লগত সোনকালে কথা পাতিব খুজোঁ। লগতে উজুটি খুৱাবলৈ আছে মানৱ চৰিত্ৰৰ বিচিত্ৰতা, ৰাজনীতিৰ কুটিলতা আদি। এমীয়ে কথা পাতিব পাৰিলেনে নাই, শেষত দেশবোৰৰ যুদ্ধংদেহী মনোভাৱৰ ফল আদি জানিবলৈ উৎকৃষ্ট কাহিনী, পৰিচালনা, সংগীতেৰে ভৰা চলচ্চিত্ৰখন চাব‌ই চাব।
                                                           
Contact (১৯৯৭)

ইমানদিনে এই সাংঘাতিক চিনেমাখন চাবলৈ কিয়বা পোৱা নাছিলো! কাৰ্ল চাগানৰ উপন্যাসক লৈ নিৰ্মিত এইখনো এখন যুদ্ধবিৰোধী কল্পবিজ্ঞান চলচ্চিত্ৰ। এলী নামৰ ৰেডিঅ’ জ্যোতিৰ্বিজ্ঞানী এগৰাকীয়ে মন-প্ৰাণ দি SETI (The search for extraterrestrial intelligence) প্ৰকল্পত কাম কৰিছে। হঠাৎ এদিন তেখেতে মহাকাশৰ পৰা অহা এটা সংকেত পায়। উৎস ২৬ আলোকবৰ্ষ দূৰত থকা Vega নক্ষত্ৰ। সংকেতটোত উদ্ধাৰ হয় ১৯৩৬ চনত হিট্‌লাৰে অলিম্পিক উদ্বোধন কৰাৰ ভিডিঅ’! সমগ্ৰ পৃথিৱীত তোলপাৰ লাগে। ৰাজনীতিবিদ, ধৰ্মীয় লোক, নৈৰাজ্যবাদী আদিয়ে ঘটনাটোত বেলেগ বেলেগ ৰং দিবলৈ চেষ্টা কৰে। তাৰ মাজতে সংকেতটোত উদ্ধাৰ হয় এক যন্ত্ৰৰ ব্লু প্ৰিণ্ট য’ত উঠি পৃথিৱীৰ এজন মানুহে সেই পৰগ্ৰহীৰ ওচৰলৈ যাব পাৰিব। এইবাৰ আৰম্ভ হয় সেই বিশেষ ব্যক্তিগৰাকী নিৰ্বাচন কৰাৰ খেল। আকৌ গোটেই ঘটনাটো ঠগবাজী নহয়টো? পৰগ্ৰহীক দেখা বুলি কোৱা ড° এলীৰ মানসিক অৱস্থাক লৈও সকলো সন্দিহান। ঈশ্বৰ আৰু বিশ্বাসক লৈ প্ৰশ্ন উঠে, প্ৰশ্ন উঠে জীৱনৰ লক্ষ্য আৰু সাৰ্থকতাক লৈ। ইমানবোৰ দিশ সামৰি লৈ দ্বিতীয় এখন কল্পবিজ্ঞান ছবি চোৱা মনত নপৰে (২০০১ এ স্পে’ছ অ’ডিছি?)। জুডী ফ’ষ্টাৰৰ অনবদ্য অভিনয়ক মেথিউ মেক্‌কনেহেই, ৱিলিয়াম ফিট্‌নাৰ আদিয়ে সুন্দৰকৈ সহযোগ কৰিছে। আপোনালোকে এই ক্লাছিক বোলছবিখন চোৱা নাই যদি আজিয়েই কিবা উপায়ে যোগাৰ কৰক। (কেনেকৈ সেয়াও ক’ব লাগিব নে?)
May 3, 2017 | By: গীতাৰ্থ বৰদলৈ

ক'লা-বগা ৰামধেনু



পুৱাৰে পৰা আৰম্ভ হয় চিঞৰ-বাখৰ অন্ত্ৰৰ অভ্যন্তৰত, ভৰিৰ হাড়ৰ মাজত লুকাই থাকে স্বাধীনতা বিচৰা কীটৰ জাক কপালৰ গাঁথি থোপা কৰি বগা কাপোৰ পিন্ধা মানুহকেইজনে চোকা অস্ত্ৰ তুলি লয় কাটে, চিঙে, মোহাৰে কীটবোৰে উশাহ নোপোৱা হয় হাতত সাৰে ভৰিত সাৰে তাৰে কিছুমানে আহি সুখৰ দিনবোৰক কাকূতি কৰে মূৰ দুপিয়ালেই মস্কিল বুকুতে খোঁট মাৰিব; ৰাজহাড়েদি উজাই গৈ মন-মগজুত অনুপ্ৰৱেশ কৰিব বগাবোৰ লাহে লাহে টোপনি যায় লা সাৰ পাই উঠে সময় বালিৰ জিলমিলনিবোৰ অক্টোপাছৰ দৰে টানি টানি আনি গৰ্ভত লুকুৱায় পাছদিনা পুৱাৰে পৰা আকৌ আৰম্ভ প্ৰাণকাতৰ চিঞৰ আমি নুশুনো নুশুনাৰ ভাও জুৰোঁ

আপুনিও চিকাৰ ৰঙা, বগাৰ হেন্দোলনিত আকাশেও কান্দিব ডিঙিত মৰহা বকুলৰ মালা ওলমাই মই আপোনাক অনুসৰণ কৰিম পথ বন্ধৰ নিৰ্দেশ নামানো, নাচাওঁ মিথ্যাৰ আপোচবিহীন গড়াত আপোনাৰ ভৰি পিচলিব অৱগাহণৰ পথত আমি পাপ-পূণ্য লেখিম কালৰ উঠঙা শিলত শিৰ আচাৰ নোখোৱালৈকে আমি গীত গাম শুভ্ৰ বস্ত্ৰৰে ঢকা জীৱনক যেতিয়া সুনিপুণ হাতে বিদাৰিব, সকলোৰে দেখিব কিদৰে মৰণ কীটে আপোনাৰ মৃত্যুক কৰি তুলিলে অপৰাজেয়

খিৰিকীৰ পিৰালিত উঠি তেওঁ জোনটো আকিব খুজিছিল খেনোৰে - জোনটো লা ৰঙেৰে ঢাকিব খুজিছিল শীতল বাহু প্ৰদৰ্শন কৰিও তেওঁ জোনটোৰ কাষবোৰ লাৰে ঢাকিব নোৱাৰিলে খন্তেকৰ বাবে জীৱনে বাট সামৰিব খুজিলে আন্ধাৰে পোহৰক ঢাকিব পাৰে, পোহৰে আন্ধাৰক চাৰখাৰ কৰে লালৈ চাই আমি সন্মোহিত হওঁ, উজ্জ্বল বগালৈ চাই হওঁ অন্ধ বলীয়া কোলাহলৰ পৰা তেওঁ আঁতৰিব বিচাৰিছিল নিয়তিৰ হাতে চিৰকাললৈ মূক কৰি পেলালে কথা-অকথাত উজুটিয়াই ছাল ছিঙি তেওঁ যেতিয়া সুৰুঙা নথকা জালত সোমাই পৰিল, মানুহৰ মুখা পিন্ধা কীটবোৰে তেওঁক সাৱটি লে আঁৰত অসাৱধানতাৰ পোছাকেই হওক বা প্ৰতাৰণাৰ পানীয়, তেওঁ অসীমৰ আনটো মূৰলৈ ঢাপলি মেলিলে তাৰ পৰা হেনো কোনো ঘূৰি নাহে, সময়ো

পথটোত তাই বাৰে বাৰে উজুটিয়াইছিল কেতিয়াবা কোনোবা সুহৃদয়ে থাপ মাৰি ধৰিছিল, কেতিয়াবা তাইৰ শীৰ্ণ দেহত পীতচানেকীয়া সাপবোৰে মেৰিয়াই ধৰাত আটাহ পাৰিছিল মগজুত টিক্টিক্কৰা এটা সময় বোমা বুকুত মামৰে ধৰা এখন জপনা, জপনাৰ আঁৰত বিষাক্ত গোলাপৰ লানি গোলাপৰ পাহিত জোটাই জোটাই পঢ়ে নাৰীময়তাৰ পাঠ তাইৰ মনৰ পিৰালিত অযুত আত্মাই ভিৰ কৰে, তাই টোপনিত বিৰবিৰায় শোৱনি কোঠাত ভেঁকুৰ ধৰা স্মৃতি সেমেকা সেমেকা গোন্ধৰ অতপালি সময়-অসময়ৰ হিচাপ ৰাখোঁতা নাই, হাঁহি-কান্দোন ভগাই লওঁতা নাই আমিও মানুহহে কিমাননো সহ্য কৰিম হাড় গুৰি কৰিব খোজা যন্ত্ৰণাৰ অজগৰৰ চেঁপা তাইও নকৰিলে থিয়দঙা দি শেষবাৰলৈ থপিয়াব খুজিছিল বেলিৰ ৰং চুই চাব খুজিছিল বিষণ্ণতাৰ চুলিত গজা ভমকাফুলীয়া সুখৰ আকৰ হেঁপাহৰ গান শূন্যতে উপঙি বহুপৰৰ পাছত তাইক সহস্ৰ হাতে স্পৰ্শ কৰিলে তেতিয়া হয়তো কুঁৱলিৰ সিপাৰে ফুটি উঠিল এটি ইষৎ হাঁহি কোনেও নাজানিলে

তেজৰ চেঁকুৰাৰ গোন্ধ পালেই শিয়ালৰ জাক দৌৰি আহিব সিহঁতে মানুহ হোৱাৰ শিক্ষা পোৱা নাই জিভা দোৰোল খোৱা শব্দৰ প্ৰতিদান সিঁহতে কেৱল হোৱা-হোৱাৰে দিয়ে বিচিত্ৰ যন্ত্ৰ-পাতিৰ কেৰামতালি দেখুৱাই পৃথিৱীক বুৰ্বক সাজে সিহঁতেতো নাজানে সিহঁতকো কীটৰ দংশনৰ পৰা উদ্ধাৰিবলৈ আপোনাৰ কিমান বিনিদ্ৰ ৰজনী, কিমান আৰাধনা ভালপোৱাৰ ফুল মৰহে, সৰে, মাটিত মিহলি হয় হয়তো আকৌ এপাহি ফুলে সৰ্বশৰীৰত সময়ৰ অত্যাচাৰৰ দাগক সিহঁতে মৰমৰ আতিশৰ্য বুলিব বগা কাপোৰত পোৱাঁতীৰ ৰঙা দাগক সজাব কোনো অজান হত্যাৰ চিন আমি ব্যস্ত থাকিম সফলতাৰ সোপান গঢ়াত সুউচ্চ দালানৰ পৰা ভাঁহি আহিব- ইগ্‌‌, ইগ্!

এনেকৈয়ে পাৰ হয় দিন-কাল-ৰাতি বুকুত বাহৰ পতা বলীয়া বতাহজাকক সুধিম সুধিম বুলি ভাবোঁতেই সন্ধিয়াৰ শেষ ফেৰীখনে মেলানি মাগে উচপিচ লাগে কাকনো মগজুক কুটি কুটি খাই থকা অবাধ্য কীটৰ সাধু দিনৰ বেলিকা ৰঙা নিচান উৰুৱাই আন্দোলনৰ গান ৰাতিৰ বেলিকা জীৱন-মৃত্যুৰ পাৰাপাৰ ভাঙি চিনাকী চিনাকী বান কোনে জানে এই গতিৰ শেষ জীৱন ধৰ্মৰ নাম, কি হিন্দু, কি মুছলমান! গতিৰ সতে দৌৰোঁতে দৌৰোঁতে মানুহ হোৱাৰ পাঠ পালোঁনে নাই গম বই নোৱাৰিলোঁ এতিয়াও দিনৌ আগবয়সীয়া স্মৃতিৰ অগাদেৱা

চোতাললৈ আগবাঢ়িলেই মৃতকৰ মুখে আগভেটা দিয়ে স্বৰ্গ-পাতালত ব্যাপ্ত হুমুনিয়াহৰ আধৰুৱা উপন্যাসৰ পৃষ্ঠা সেই উপন্যাসৰে আখৰৰ চিঞাহী চিনাকী মানুহৰ সিৰত ভাহে এটোপাল দুটোপাল ছিটিকি পৰে কপালৰ ৰেখাত আহাঁ, এইখন চোতালতে বহি গাওঁ জয়ৰ বৃন্দগান অজগৰডালক কৰোঁ আমাৰ তুলসী মালা কীটৰ জাকেৰে সজাওঁ নৈবদ্যৰ মেলা বানৰ সোঁতত থৈ যাওঁ আমাৰ গতিৰ ৰেখ ৰেলৰ আলিৰ বনত থৈ যাওঁ অজেয় অহংকাৰ নিতৌ পুৱা আমি সুখৰ অন্বেষণ কৰিম অসুখৰ গ্ৰহণক কাটিম, ছিঙিম, মোহাৰিম পৃথিৱীক দি যাম সদ্য মাতৃৰ হাঁহিৰ প্ৰতিদান

(অকালতে হেৰাই যোৱা অসম চিকিৎসা মহাবিদ্যালয়ৰ তিনিগৰাকী সহযোদ্ধাৰ সোঁৱৰণত)