May 29, 2012 | By: গীতাৰ্থ বৰদলৈ

চিকিৎসা বিজ্ঞানৰ ইটো-সিটো- ৩


# ভাৰতীয় চিকিত্‍সা বিজ্ঞান পৰিষদে MBBS ডিগ্ৰীৰ বাবে পঢ়িব লগীয়া সময় চাৰে পাঁচ বছৰৰ পৰা চাৰে ছয় বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে বৰ্তমান ডিগ্ৰী লাভ কৰাৰ পিছত এবছৰ বাধ্যতামূলক গ্ৰাম্যাঞ্চলত সেৱা আগবঢ়োৱা নিয়ম ভাৰতৰ কোনো কোনো ৰাজ্যত প্ৰচলিত যদিও এই নতুন প্ৰস্তাৱ কাৰ্যকৰী হলে পূৰ্বৰ সময়ৰ লগত গ্ৰাম্যাঞ্চলত এবছৰ সেৱা আগবঢ়ালেহে ছাত্ৰসকলে ডিগ্ৰী লাভ কৰিব এই অতিৰিক্ত এবছৰীয়া সেৱা ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযানৰ লগত সংযুক্ত কৰা হ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গুলাম নবী আজাদে এই প্ৰস্তাৱৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছে

# হায়দৰাবাদৰ এলা ফাউণ্ডেশ্যনে বৰ্তমান প্ৰচলিত অৰেল পলিঅভাইৰাছ ভেক্‌চিন (OPV)ৰ সলনি পলিঅ ভাইৰাছৰ বিৰুদ্ধে কাম কৰিব পৰা এটা ভাইৰাছ সৃষ্টি কৰিবৰ বাবে বিল আৰু মেলিণ্ডা গেট্‌ছ ফাউণ্ডেশ্যনৰ পৰা ১,০০,০০০ আমেৰিকান ডলাৰৰ অনুদান লাভ কৰিছে এই প্ৰতিষেধকে পৰম্পৰাগত OPVৰ সুৰক্ষা, দক্ষতা, প্ৰস্তুতকৰণ, বিতৰণৰ সুবিধা প্ৰদান কৰাৰ লগতে পলিঅ ভেক্‌চিন বেজীৰ পৰা হব পৰা ৰোগ এৰাই চলিব বুলি আশা কৰা হৈছে ২০০২ চনত কৃষ্ণা এলা আৰু সুচিত্ৰা এলাই স্থাপন কৰা এই ফাউণ্ডেশ্যন এটা স্বতন্ত্ৰ বৈজ্ঞানিক আৰু গৱেষণা প্ৰতিষ্ঠান ইয়াৰ গৱেষণা কৰ্মত সংক্ৰামণ ৰোগসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে

# ভাৰতীয় মূলৰ এজন গৱেষকে ধৰি কেইজনমান বিজ্ঞানীয়ে সাগৰতলীত ৰঙচুৱা বোকাৰ এটা স্তৰ খান্দি ৮৬ বছৰ ধৰি খাদ্য গ্ৰহণ নকৰা এবিধ পুৰণি বেক্টেৰিয়া আৱিষ্কাৰ কৰিছে এই অধ্যয়নৰ ফলাফল চাইন্স জাৰ্ণালত প্ৰকাশ পাইছে প্ৰশান্ত মহাসাগৰৰ তলীৰ এই অঞ্চলটোত প্ৰায় একো বস্তুৱেই গৈ নাপায়; যেনে প্লাংটনবোৰ মৰাৰ পিছত সেইবোৰৰ টুকুৰা ইমান তলত গৈ পোৱাৰ আগতেই পানীত মিহলি হৈ যায় সাগৰতলীৰ এই অঞ্চলত প্ৰতি ১০০০ বছৰৰ ১ মিলিমিটাৰ গেদ জমা হয়! বিজ্ঞানীসকলে ৮৬ ফুট তলী খন্দাৰ পিছত এই বেক্টেৰিয়া আৱিষ্কাৰ কৰে তেওঁলোকে দীৰ্ঘসময় অক্সিজেন আৰু পুষ্টি লাভ নকৰা এই বেক্টেৰিয়াবিধৰ বিপাক প্ৰক্ৰিয়া জীৱসমূহৰ ভিতৰত সকলোতকৈ লেহেমীয়া হব পাৰে বুলি মত প্ৰকাশ কৰিছে

# এটা আন্তঃৰাষ্ট্ৰীয় গৱেষণা দলে মাৰাত্মক ফ্লু মহামাৰীক মোকামিলা কৰিব পৰা এবিধ প্ৰটিন প্ৰস্তুত কৰি উলিয়াইছে এই প্ৰণালীত কৃত্ৰিম জিন কিছুমানক এণ্টিভাইৰেল হিচাপে ব্যৱহাৰ কৰা হয় যি ভাইৰাছবিধৰ কোষীয় কাৰ্যসমূহ নিষ্ক্ৰিয় কৰি পেলায় এই পদ্ধতি ইতিমধ্যে গাহৰি ফ্লু, স্পেনিছ ফ্লু (H1N1) আৰু পক্ষী ফ্লু (H5N1) ভাইৰাছৰ বিৰুদ্ধে কাৰ্যকৰী প্ৰমাণিত হৈছে ডি এন এ ডীপ ছিকুৱেন্সিং প্ৰক্ৰিয়াৰে উন্নত কৰা এই প্ৰটিনবোৰে ভাইৰাছৰ ভেদ্য ঠাইবোৰত আঘাত হানিব পাৰে
May 1, 2012 | By: গীতাৰ্থ বৰদলৈ

চিকিৎসা বিজ্ঞানৰ ইটো-সিটো- ২


# নিউজিলেণ্ডৰ এগৰাকী মহিলাই জনপ্ৰিয় শীতল পানীয় ককাকলাৰ প্ৰতি থকা তেওঁৰ ভয়ানক আসক্তিৰ কথা প্ৰকাশ কৰিছে পউলিন য়াট নামৰ ৩৮ বছৰীয়া এই মহিলাগৰাকীয়ে দৈনিক ১৮ লিটাৰ পৰ্যন্ত কক গ্ৰহণ কৰিছিল যাৰ ফলত তেওঁ শৰ্যাশায়ী হোৱাৰ লগতে শৰীৰৰ ওজন হৈছিলগৈ ১০০ কিলোগ্ৰাম ১৬ বছৰ বয়সৰ পৰাই ককাকলাৰ প্ৰতি আসক্তি জন্মা পউলিনে ৰাতি বিছনাৰ কাষতো পানীৰ সলনি পানীয়বিধহে ৰাখিছিল! শেহতীয়াকৈ বিভিন্ন শাৰীৰিক ব্যাধিত ভুগি চিকিত্‍সকৰ পৰামৰ্শমতে তেওঁ ককাকলা পৰিত্যাগ কৰিছে

# কিউবাৰ বিজ্ঞানীসকলে কলৰ বাকলিৰ পৰা কেইবাবিধো গুৰুত্বপূৰ্ণ ঔষধ প্ৰস্তুত কৰিছে আম্তঃৰাষ্ট্ৰীয় বিধি-বিধান অনুসৰি প্ৰস্তুত কৰা এইসমূহ যৌগ লেবিঅফাম নামৰ গৱেষণাগাৰৰ বিজ্ঞানীয়ে ভিয়েটনামৰ ঔষধ উদ্যোগক প্ৰদান কৰিছে ইয়াৰে ভিতৰত “আচমাকেন” নামৰ ঔষধবিধ হাঁপানী ৰোগত ব্যৱহাৰ কৰিব পাৰি। “নিউট্ৰিছল” নামৰ যৌগবিধ ৰক্তহীনতা আৰু আভোকত খাদ্যৰ পৰিপূৰকৰূপে ব্যৱহাৰকৰিব পাৰি “প্ৰলিনা” নামৰ যৌগবিধে প্ৰতিৰক্ষাতন্তৰ ৰোগতকাম কৰাৰ উপৰিও একেধাৰে বেক্টেৰিয়া, পেৰেচাইটৰ সংক্ৰমণ আৰু জ্বৰ বা বিষত কাম কৰে বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে

# ডেংগু ভাইৰাছে সংক্ৰমণৰ সময়ত লক্ষ্য কৰি লোৱা কিছুমান উত্‍সেচক আৰু স্নেহপদাৰ্থৰ দৰে জৈৱৰাসায়নিক যৌগ গৱেষকসকলে আৱিষ্কাৰ কৰিছে এই আৱিষ্কাৰে ডেংগু ৰোগৰ চিকিত্‍সাৰ নতুন পথ মুকলি কৰিব বুলি আশা কৰা হৈছে ডেংগু ভাইৰাছে শৰীৰত প্ৰৱেশ কৰি কিদৰে কোষৰ অঙ্গাণু যেনে মাইটকন্দ্ৰিয়া, এণ্ডপ্লাজমিক ৰেটিকুলাম আদিৰ আৱৰণত থকা স্নেহপদাৰ্থৰ গঠন সলনি কৰে আৰু কোষৰ উত্‍সেচক ব্যৱহাৰ কৰে সেই কথা গৱেষণাত প্ৰকাশ পাইছে গতিকে তেজত কলেষ্টেৰলৰ মাত্ৰা কমোৱা ঔষধো ভৱিষ্যতলৈ হয়তো ডেংগু ৰোগৰ চিকিত্‍সাত ব্যৱহাৰ হব পাৰে এই গৱেষণাৰ ফলাফলসমূহ ডেংগুৰ দৰে আন ভাইৰাছসমূহ যেনে ৱেষ্ট নাইল ভাইৰাছ, য়েল্ল ফিভাৰ আৰু হেপাটাইটিছ চি-ৰ বাবেও প্ৰযোজ্য হ