May 25, 2022 | By: গীতাৰ্থ বৰদলৈ

পঞ্চায়ত ২ (স্পইলাৰবিহীন আলোচনা)


 
উত্তৰ প্ৰদেশৰ ফুলেৰা নামৰ এখন সৰু গাঁও। তাত নগৰৰ যান্ত্ৰিকতা নাই, দৌৰাদৌৰি নাই। সেই গাঁৱৰে পঞ্চায়তৰ কাৰ্যালয়ত সচিব হিচাপে যোগদান কৰা অভিষেক ত্ৰিপাঠীৰ কাহিনীৰে নিৰ্মাণ হৈছিল 'পঞ্চায়ত' নামৰ ৱেব চিৰিজখন। আচলতে এয়া অভিষেক ত্ৰিপাঠীৰ কাহিনী বুলি ক'লেও ভুল হ'; লাহে লাহে তেওঁৰ জীৱনৰ লগত সংপৃক্ত হৈছে গাঁৱৰ প্ৰতিজন লোকৰে কাহিনী। ২০২০ চনত এমাজন প্ৰাইমত 'পঞ্চায়ত'-এ মুক্তি লাভ কৰিছিল। লক্‌ডাউনৰ সময়ছোৱাত দৰ্শকে ইয়াৰ খণ্ডবোৰ গোগ্ৰোসে গিলিলে, চমৎকৃত হ', আৰু ছ'চিয়েল মিডিয়াত "হাই", "গজব বেইজ্জতী হেই" আদি চুটি চুটি সংলাপে অভূতপূৰ্ব জনপ্ৰিয়তা পালে।

ভাৰতীয় ৱেব চিৰিজ চোৱা লোকসকলৰ বাবে টি ভি এফ (TVF, The Viral Fever) তেনেই চিনাকী নাম। ইউটিউবত হাস্য ভিডিঅ'ৰে দৰ্শকৰ মন জয় কৰি ২০১৪ চনত তেওঁলোকে প্ৰথম ভাৰতীয় ৱেব চিৰিজ 'পাৰ্মানেণ্ট ৰুমমেট্‌ছ' নিৰ্মাণ কৰি দৰ্শকক এক নতুন সোৱাদ দিলে। ইয়াত পাছত ইউটিউব, নে'টফ্লিক্স, প্ৰাইম, হটষ্টাৰ আদি প্লে'টফৰ্মত ৱেব চিৰিজৰ ঢৌ আহিল। কিছুমানে মন জয় কৰিলে, কিছুৱে জঁয় কৰিলে। অধিকাংশ চিৰিজৰ ক্ষেত্ৰত এটা উমৈহতীয়া সমস্যা আহিল। দ্বিতীয় চিজনসমূহৰ বাবে নিৰ্মাতাই আগতকৈ বেছি বাজেটেৰে উন্নত কাম কৰাৰ প্ৰয়াস কৰিলেও দৰ্শকৰ বৰ্ধিত আশাত পানীহে পৰিল। প্ৰথম চিৰিজসমূহৰ ক্ষেত্ৰত টি ভি এফো এই দোষৰ পৰা মুক্ত হৈ নাথাকিল। সৌভাগ্যক্ৰমে পঞ্চায়তৰ শেহতীয়াকৈ মুক্তি লভা দ্বিতীয় চিজন আৰু গুল্লকৰ তৃতীয় চিজনে দৰ্শকক নিৰাশ কৰা নাই। প্ৰথম চিজনত যিধৰণৰ কাহিনী কথনৰ জৰিয়তে এইকেইখন চিৰিজে জনপ্ৰিয়তা লাভ কৰিছিল, পাছৰ চিজনতো সেই ৰীতিকে সাৱধানে সাৱটি খোজ দিছে আৰু কিছু কিছু দিশৰ প্ৰথম চিজনকো চেৰ পেলাই গৈছে।



প্ৰথম চিজনত আন উপায় নথকাতহে অভিষেক ত্ৰিপাঠীয়ে পঞ্চায়তৰ চাকৰিত যোগদান কৰিছিল। কথাই কথাই তেওঁৰ খং উঠিছিল, বিৰক্ত হৈছিল, মনৰ কথা পাতিবলৈকে কোনো নথকাৰ বাবে হতাশ হৈছিল। পাছলৈ গাঁৱৰ প্ৰধান, উপ-প্ৰধান আৰু কাৰ্যালয় সহায়কজনৰ কথাত তেওঁ উপলব্ধি কৰিছিল যে এইসকল লোকেই তেওঁৰ নতুন বন্ধু, নতুন পৰিয়াল। দ্বিতীয় চিজনত ত্ৰিপাঠীৰ চাল-চলন কিছু বেলেগ। আগৰ দৰে তেওঁ হতাশ নহয়। তলে তলে এম বি এ'ৰ প্ৰস্তুতি চলাই থাকিলেও গাঁৱৰ লেহেমীয়া জীৱনক তেওঁ ক্ৰমাৎ আকোঁৱালি লৈছে। নতুন খণ্ড আৰম্ভ কৰোঁতে ভাৱ হল যেন কাহিনীৰ গতি এইবাৰ আগতকৈ লেহেমীয়া; সেয়া পৰিচালকৰ দোষ বা ইচ্ছাও হব পাৰে৷ প্ৰথম খণ্ডত আগৰ দৰে মজানাপালোঁ৷ ভাবিলোঁ যে হয়তো আন বহু ৱেব চিৰিজৰ দৰে পঞ্চায়তৰ পতন আৰম্ভ হৈছে৷ কিন্তু দ্বিতীয় খণ্ডৰ পৰা কাহিনীৰ আৰোহণ আৰম্ভ হ'ল আৰু তৃতীয় খণ্ডৰ পৰা ই শিখৰতে অৱস্থান কৰিলে। তৃতীয় খণ্ড গোটেই চিজনটোৰ এক উল্লেখনীয় দিশ। মুকলিত শৌচ কৰাৰ গম্ভীৰ বিষয়টোক লেখক আৰু পৰিচালকে কি এক হাস্যৰসৰ মাধ্যমেৰে উপস্থাপন কৰি শেষত দৰ্শকক ভাবিবলৈ বাধ্য কৰাইছে সেয়া তেওঁলোকৰ কৃতিত্ব। অন্তিম খণ্ডৰ শেষৰফালে কাহিনীৰ চৰিত্ৰৰ পৰিৱৰ্তন হয়। হাস্যৰস পৰিত্যাগ কৰি ই কৰুণ ৰসলৈ ঢাপলি মেলে। সামান্য খোকোজা লাগিল, ভাবিলোঁ ইমান সুন্দৰ চিজনৰ শেষত কৃত্ৰিম চমক দিয়াৰ প্ৰয়োজন আছিল জানো। সোনকালেই মোৰ ভুল ভাগিল। একাংশ দৰ্শকে কাহিনীৰ মূল গতিৰ লগত এই মেল'ড্ৰামাৰ সংগতি নাপাব পাৰে, কিন্তু উপ-প্ৰধানৰ চকুপানীয়ে যে তেওঁলোকৰো হৃদয় বহুদিনলৈ তিয়াই ৰাখিব সেয়া ধুৰুপ। আনবোৰ খণ্ডতো গাঁৱৰ বা কাষৰীয়া কেইবাটাও চৰিত্ৰই ভুমুকি মাৰিছে আৰু কাহিনীক আগবঢ়াই যোৱাক সহায় কৰিছে। যিকোনো কথাতে খুঁত উলিয়াই গাঁৱৰ মানুহক প্ৰধানৰ বিৰুদ্ধে উচতোৱা ভূষণ বা বনৰাকস, নিচামুক্তি নিবাৰণৰ প্ৰচাৰ চলোৱা গাড়ীৰ মদাহী চালকজন, ক্ষমতাৰে মদমত্ত স্থানীয় বিধায়ক চন্দ্ৰ প্ৰকাশ, অভিষেকৰ বিলাত ফেৰৎ বন্ধু সিদ্ধাৰ্থ আদিয়ে কেইটামান খণ্ডত প্ৰধান ভূমিকা লৈছে, তথাপি পঞ্চায়তৰ লক্ষ্যক ভ্ৰষ্ট কৰা নাই। চৰিত্ৰবোৰ যেন বাটত পোৱা চাহৰ দোকানবোৰ। লক্ষ্যস্থানলৈ দৰ্শক আগুৱাই যাওঁতে যেন তেওঁলোকে বাটে বাটে সোৱাদলগা চাহৰ জুতি লৈছে, ক্ষন্তেক পাছত আকৌ ঢাপলি মেলিছে।

প্ৰথম চিজনৰ অন্তত গাঁৱৰ প্ৰধানৰ জী ৰিংকিৰে অভিষেক ত্ৰিপাঠীৰ (গাঁৱৰ লোকৰ বাবে 'সচিবজী') মুখামুখি হৈছিল। স্বাভাৱিকতে এই সম্পৰ্কই কেনে ৰূপ লয় আৰু কিমান দূৰলৈ যায় তাকে চাবলৈ দৰ্শকসকল উৎসুক আছিল। কিন্তু দ্বিতীয় চিজনত এই সম্পৰ্ক আচৰিতভাৱে সংযত। লগ পালেই ৰিংকি আৰু অভিষেকৰ মুখত লাজৰ অভিব্যক্তি, কথাৰ হুঁহকা পিছলা আদি চমকপ্ৰদভাৱে স্বাভাৱিক। দৰ্শকে আৰু বেছি চাবলৈ বিচাৰিছে, তেওঁলোকে দেখুওৱা নাই। বাকীসকল অভিনেতাৰ তুলনাত নতুন মুখ ৰিংকিৰ (সাংৱিকা) পৰ্দাত ভুমুকি মৰাৰ সময় কম, কিন্তু কম সময়তে সচিবজীৰ সৈতে তেওঁৰ কেমেষ্ট্ৰী দ্বিতীয় চিজনৰ এক উল্লেখযোগ্য দিশ। পঞ্চায়তত 'নায়ক' অভিষেক ত্ৰিপাঠীয়ে যিমান সময় পাইছে, সিমানেই সময় পাইছে প্ৰধানৰ ভূমিকাত (আচলতে প্ৰধানৰ পতি) বলিষ্ঠ অভিনেতা ৰঘূবীৰ যাদৱে। প্ৰথম চিজনত তেওঁ প্ৰদৰ্শন কৰা আবেগ, সংলাপ প্ৰক্ষেপণৰ যাদু এইবাৰো প্ৰদৰ্শন কৰিছে। এইবাৰ মাজে মাজে তেওঁৰ প্ৰচণ্ড খঙো উঠিছে, সেইখিনি সময়ত তেওঁৰ অভিনয় অতি উচ্চস্তৰীয়। তেওঁৰ পত্নী মঞ্জু দেৱীৰ ভূমিকাত (গাঁৱৰ প্ৰকৃত প্ৰধান) নীনা গুপ্তাৰ অভিনয় প্ৰতিভাৰ কথা ন-কৈ দোহাৰিবৰ নিশ্চয় প্ৰয়োজন নাই। প্ৰথম চিজনত গাঁৱৰ সমস্যাত বিশেষ মূৰ নঘমোৱা মঞ্জু দেৱী এইবাৰ অধিক সোচ্চাৰ। কাৰ্যালয় সহায়ক বিকাশৰ (চন্দন ৰয়) চৌপাশে দৃষ্টি এতিয়াও প্ৰখৰ, সৰল টিপন্নীবোৰ এতিয়াও হাঁহি উঠা। উপ-প্ৰধান প্ৰহ্লাদে (ফৈজল মালিক) এইবাৰ ইটো-সিটো কৌতুকৰ মাজতে এটা উপ-প্লট লাভ কৰিছে আৰু শেষৰ খণ্ডত 'ফালি দিছে'। স্থানীয় খলনায়ক বা অতি-সচেতন ব্যক্তি হিচাপে 'বিৰক্ত' কৰা ভূষণ (দুৰ্গেশ কুমাৰ) তেওঁৰ কৰ্মকাণ্ডত পূৰামাত্ৰাই সফল। তেওঁক লৈ ইটো-সিটো 'মিম'ৰ আৱিৰ্ভাৱ হৈছেই। তেওঁৰ সম্পূৰ্ণভাৱে সমৰ্থন জনাইছে পত্নী ক্ৰান্তি দেৱীয়ে (সুনীতা ৰাজৱাৰ)। সচিবজী জিতেন্দ্ৰ কুমাৰ টি ভিএফ-ৰ লগত প্ৰায় জন্মকালৰে পৰাই জড়িত। প্ৰায়েই 'জিতু' নাম লৈ কমেডী স্কিটসমূহেৰে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰাৰ পাছত তেওঁ হিন্দী চলচ্চিত্ৰতো সুযোগ পাইছিল। টি ভি এফ-ত কৰা প্ৰতিটো কামৰ দৰেই পঞ্চায়ততো জিতেন্দ্ৰ কুমাৰ অভিনেতা হিচাপে সফল। তেওঁৰ নগৰীয়া চকুৰেই আমি গাঁৱৰ প্ৰতিটো চুক-কোণ চাইছোঁ, চহা লোকৰ জীৱনশৈলীত আমোদ পাইছোঁ আৰু তেওঁলোকৰ সমস্যাবোৰ সমাধানৰ বাবে ব্যগ্ৰ হৈছোঁ।

আগতে কোৱাৰ দৰে বহুকেইখন ৱেব চিৰিজে দ্বিতীয় চিজনত আগৰদৰে জনপ্ৰিয়তা নোপোৱাৰ এটা মূল কাৰণ আছিল কাহিনী আৰু চিত্ৰনাট্য। ইয়াৰ বিপৰীতে পঞ্চায়তৰ লেখক চন্দন কুমাৰৰ কলম এইবাৰো ঈৰ্ষণীয়ভাৱে সংযমী। মাত্ৰ দুই-এঠাইত কিছু অতিৰঞ্জিত কৰা যেন অনুভৱ হোৱাৰ বাহিৰে গাম্ভীৰ্যতা আৰু হাস্যৰ সোৱাদলগা খিচিৰিৰে তেওঁ পঞ্চায়তৰ নতুন চিজনক পিছলি পৰাৰ পৰা ৰক্ষা কৰিছে। সোণত সুৱগা চৰাইছে আগতে টি ভি এফ-ৰ বহুকেইটা ভিডিঅ' বা চিৰিজত অভিনয় কৰা দীপক কুমাৰ মিশ্ৰৰ পৰিচালনাই। গাঁৱৰ লগত আমাক পৰিচিত কৰোৱা (মধ্যপ্ৰদেশত দৃশ্যগ্ৰহণ হোৱা) চিনেমাট'গ্ৰাফী আৰু দৰ্শকক আমনি লাগিবলৈ নিদিয়া মসৃণ সম্পাদনাও প্ৰশংসাৰ যোগ্য। সংগীত পৰিচালনা অসম-সন্তান অনুৰাগ শইকীয়াৰ। 

পঞ্চায়ত আছিল তেতিয়ালৈকে মুক্তি লাভ কৰা সকলো ৱেব চিৰিজতকৈ পৃথক। নতুন খণ্ডসমূহো সেই পৃথকতাৰে পথিক। এনে এক নিটোল কাহিনী উপহাৰ দিয়াৰ বাবে টি ভি এফ-ক ধন্যবাদ।

বি:দ্ৰ: 'মাৰ্ভেল' চিনেমাই জনপ্ৰিয় কৰা শৈলীৰ প'ষ্ট-ক্ৰেডিট দৃশ্যটো চাবলৈ নাপাহৰিব।