July 13, 2017 | By: গীতাৰ্থ বৰদলৈ

দুখন যুদ্ধবিৰোধী কল্পবিজ্ঞান বোলছবি



 

Arrival (২০১৬)

অন্য গ্ৰহৰ প্ৰাণীৰ বিষয়ে হলিউডত বহু চলচ্চিত্ৰ নিৰ্মাণ হৈছে। এহাতে The Abyss, E.T. আদিৰ দৰে যুদ্ধৰহিত চিনেমা আৰু আনহাতে War of the Worlds, Independence day, Alien আদিৰ দৰে পৰগ্ৰহীয়ে আক্ৰমণ কৰাৰ চিনেমা। তাৰ মাজতে অলপ বেলেগ ধৰণৰ Arrivalৰ দৰে ছবিয়েও মুক্তি পায় যাক আমি যুদ্ধবিৰোধী বুলি ক’ব পাৰোঁ। ২০১৬ চনত মুক্তি পোৱা এই ছবিখন কেইদিনমান আগতে চোৱাৰ সৌভাগ্য হ’ল। আৰু মই চাগে ডিমেন্‌চিয়াত আক্ৰান্ত নহ’লে এইখনৰ কথা নাপাহৰোঁ।

পৃথিৱীলৈ কেইবাখনো পৰগ্ৰহীৰ যানৰ আগমণ ঘটিল। আক্ৰমণৰ নাম-গোন্ধ নাই। গোটেই দেশবোৰৰ সামৰিক শক্তি তেনে কিবা ৰোধ কৰিবলৈ সাজু। এনে ক্ষেত্ৰত পৰগ্ৰহীয়ে কি বিচাৰিছে সেয়া জানিবলৈ যোগাযোগ কৰিব লাগিব। কিন্তু ভাষাৰ সমস্যা কেনেকৈ নোহোৱা কৰিব? ভাষাবিদৰ চৰিত্ৰ ৰূপায়ণ কৰা এমী আডাম্‌ছে বিজ্ঞানী জেৰেমী ৰেনাৰ আৰু সেনাবাহিনীৰ সৈতে দিন-ৰাতি একাকাৰ কৰি পৰগ্ৰহীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছে। তেখেতৰ নিজৰে কিবা গোপন বেজাৰ আছে। মাজে মাজে ছোৱালী এজনীৰ মাক হোৱা সপোন কিছুমান দেখে। দুৰ্দান্ত অভিনয়েৰে এমী আডাম্‌ছে দৰ্শকক তেখেতৰ লগত একাত্ম হ’বলৈ বাধ্য কৰে। আমিও যেন দেৱালৰ পিছফালে থকা বৃহৎ অক্টোপাছ সদৃশ পৰগ্ৰহীক দেখি অভিভূত হওঁ, নিজৰ অস্তিত্বক লৈ শংকিত হওঁ, সিহঁতৰ লগত সোনকালে কথা পাতিব খুজোঁ। লগতে উজুটি খুৱাবলৈ আছে মানৱ চৰিত্ৰৰ বিচিত্ৰতা, ৰাজনীতিৰ কুটিলতা আদি। এমীয়ে কথা পাতিব পাৰিলেনে নাই, শেষত দেশবোৰৰ যুদ্ধংদেহী মনোভাৱৰ ফল আদি জানিবলৈ উৎকৃষ্ট কাহিনী, পৰিচালনা, সংগীতেৰে ভৰা চলচ্চিত্ৰখন চাব‌ই চাব।
                                                           
Contact (১৯৯৭)

ইমানদিনে এই সাংঘাতিক চিনেমাখন চাবলৈ কিয়বা পোৱা নাছিলো! কাৰ্ল চাগানৰ উপন্যাসক লৈ নিৰ্মিত এইখনো এখন যুদ্ধবিৰোধী কল্পবিজ্ঞান চলচ্চিত্ৰ। এলী নামৰ ৰেডিঅ’ জ্যোতিৰ্বিজ্ঞানী এগৰাকীয়ে মন-প্ৰাণ দি SETI (The search for extraterrestrial intelligence) প্ৰকল্পত কাম কৰিছে। হঠাৎ এদিন তেখেতে মহাকাশৰ পৰা অহা এটা সংকেত পায়। উৎস ২৬ আলোকবৰ্ষ দূৰত থকা Vega নক্ষত্ৰ। সংকেতটোত উদ্ধাৰ হয় ১৯৩৬ চনত হিট্‌লাৰে অলিম্পিক উদ্বোধন কৰাৰ ভিডিঅ’! সমগ্ৰ পৃথিৱীত তোলপাৰ লাগে। ৰাজনীতিবিদ, ধৰ্মীয় লোক, নৈৰাজ্যবাদী আদিয়ে ঘটনাটোত বেলেগ বেলেগ ৰং দিবলৈ চেষ্টা কৰে। তাৰ মাজতে সংকেতটোত উদ্ধাৰ হয় এক যন্ত্ৰৰ ব্লু প্ৰিণ্ট য’ত উঠি পৃথিৱীৰ এজন মানুহে সেই পৰগ্ৰহীৰ ওচৰলৈ যাব পাৰিব। এইবাৰ আৰম্ভ হয় সেই বিশেষ ব্যক্তিগৰাকী নিৰ্বাচন কৰাৰ খেল। আকৌ গোটেই ঘটনাটো ঠগবাজী নহয়টো? পৰগ্ৰহীক দেখা বুলি কোৱা ড° এলীৰ মানসিক অৱস্থাক লৈও সকলো সন্দিহান। ঈশ্বৰ আৰু বিশ্বাসক লৈ প্ৰশ্ন উঠে, প্ৰশ্ন উঠে জীৱনৰ লক্ষ্য আৰু সাৰ্থকতাক লৈ। ইমানবোৰ দিশ সামৰি লৈ দ্বিতীয় এখন কল্পবিজ্ঞান ছবি চোৱা মনত নপৰে (২০০১ এ স্পে’ছ অ’ডিছি?)। জুডী ফ’ষ্টাৰৰ অনবদ্য অভিনয়ক মেথিউ মেক্‌কনেহেই, ৱিলিয়াম ফিট্‌নাৰ আদিয়ে সুন্দৰকৈ সহযোগ কৰিছে। আপোনালোকে এই ক্লাছিক বোলছবিখন চোৱা নাই যদি আজিয়েই কিবা উপায়ে যোগাৰ কৰক। (কেনেকৈ সেয়াও ক’ব লাগিব নে?)