January 10, 2013 | By: গীতাৰ্থ বৰদলৈ

প্ৰেম ইন্‌ষ্টল কৰাৰ উপায়

কাৰিকৰী সহায়ক: মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ?

গ্ৰাহক: বহুত গুণা-গঁথা কৰাৰ পিছত মই প্ৰেম ইন্‌ষ্টল কৰাৰ সিদ্ধান্ত লৈছোঁ। আপুনি মোক কেনেকৈ কৰিব লাগে সেয়া দেখুৱাই দিব পাৰিবনে?

সহায়ক: হয়। মই আপোনাক সহায় কৰিম। আপুনি আগবাঢ়িবলৈ সাজুনে?

গ্ৰাহক: হমম...মই কাৰিকৰী কথা ইমান নাজানো, কিন্তু মই সাজু। প্ৰথমে মই কি কৰিম?

সহায়ক: প্ৰথম খোজটো হৈছে নিজৰ হৃদয়খন বিচাৰি উলিওৱা। আপুনি নিজৰ হৃদয়খন বিচাৰি পাইছেনে?

গ্ৰাহক: হয়, পালোঁ। কিন্তু তাত আন কেইবাটাও প্ৰগ্ৰেম ৰান্‌ হৈ আছে। সেইবোৰ চলি থাকোঁতে প্ৰেম ইন্‌ষ্টল কৰা ভাল হবনে?

সহায়ক: কি কি প্ৰগ্ৰেম ৰান্‌ হৈ আছে?

গ্ৰাহক: মোৰ অতীতৰ দুখ আছে, আত্মবিশ্বাস কমি আছে, খং আৰু অনুতাপো চৰম সীমাত আছে।

সহায়ক: কোনো কথা নাই। প্ৰেমে লাহে লাহে আপোনাৰ অতীতৰ দুখ পাতলাই আনিব। আপোনাৰ স্থায়ী স্মৃতিত ই থাকি যাব পাৰে। ভয় নকৰিব, আন প্ৰগ্ৰেমবোৰত আউল নলগায়। প্ৰেমে নিজাকৈ উচ্চ আত্মবিশ্বাস নামৰ এটা মডিউলৰ সহায়ত শেষত নিম্ন আত্মবিশ্বাসক আঁতৰাই পেলাব। কিন্তু এইখিনি কৰাৰ আগতে আপুনি খং আৰু অনুতাপক সম্পূৰ্ণকৈ টাৰ্ন অফ কৰিব লাগিব। এই প্ৰগ্ৰেমকেইটাই প্ৰেমৰ সফল ইন্‌ষ্টলেছনক ব্যাঘাত জন্মায়। আপুনি সেই দুটাক বন্ধ কৰিব পাৰিবনে?

গ্ৰাহক: মই সেই দুটা টাৰ্ন অফ কৰিব নাজানো! কেনেকৈ কৰিম কবনে?

সহায়ক: নিশ্চয়। আপোনাৰ ষ্টাৰ্ট মেনুলৈ যাওক আৰু ক্ষমাসক্ৰিয় কৰক। খং আৰু অনুতাপ সম্পূৰ্ণকৈ মচ নোখোৱালৈকে এই কামটো বাৰে বাৰে কৰি থাকক।

গ্ৰাহক: কৰিলোঁ! প্ৰেম নিজে নিজে ইন্‌ষ্টল হবলৈ ধৰিছে? এইটো আচৰিত হবলগীয়া কথা নহয়তো?

সহায়ক: নহয়। এনে হব পাৰে। কিন্তু মনত ৰাখিব যে আপোনাৰ কেৱল বেছ প্ৰগ্ৰেমহে আছে। আপ্‌গ্ৰেডসমূহৰ বাবে আপুনি আন আন হৃদয়ৰ লগত সম্পৰ্ক স্থাপন কৰিব লাগিব।

গ্ৰাহক: অহ্‌! এটা ত্ৰুটি বাৰ্তা আহিলেই। ইয়াত লিখা আছে, “ত্ৰুটি- বাহিৰা অংশত প্ৰগ্ৰেম ৰান্‌ নহয়।মই কি কৰিম?

সহায়ক: চিন্তা নকৰিব। ইয়াৰ অৰ্থ হল যে প্ৰেম প্ৰগ্ৰেমটো আভ্যন্তৰীণ হৃদয়ত চলিবলৈ সজোৱা হৈছে। আপোনাৰ হৃদয়ত এতিয়ালৈকে এইটো চলোৱা হোৱা নাই। কাৰিকৰী শব্দ বাদ দি কবলৈ গলে আপুনি আনক ভাল পোৱাৰ আগতে নিজকে ভাল পাব লাগিব।

গ্ৰাহক: তেনেহলে কি কৰা যায়?

সহায়ক:আত্মবিশ্লেষণমেনুখন নমাই আনক। তাৰপিছত এইকেইটা ফাইলত ক্লিক কৰক: নিজকে ক্ষমাদান, নিজৰ মূল্যাংকন আৰু নিজৰ সীমাবদ্ধতাৰ উপলব্ধি।

গ্ৰাহক: কৰিলোঁ।

সহায়ক: এতিয়া ফাইলকেইটা মোৰ হৃদয়ডিৰেক্টৰীলৈ কপী কৰক। ছীষ্টেমে আগৰ গণ্ডগোলীয়া ফাইলবোৰ আঁতৰাই ত্ৰুটিপূৰ্ণ প্ৰগ্ৰেমিঙৰ মেৰামতি আৰম্ভ কৰিব। লগতে আপুনি সকলো ডিৰেক্টৰীৰ পৰা অত্যাধিক আত্ম-সমালোচনাডিলিট কৰিব লাগিব। ই আকৌ কেতিয়াও ঘূৰি আহিব নোৱাৰাকৈ ৰিচাইকেল বিনো খালী কৰি পেলাওক।

গ্ৰাহক: কৰা হল। হেই! মোৰ হৃদয়ত নতুন ফাইল কিছুমান সোমাইছে। মোৰ মণিটৰত হাঁহি বিৰিঙি উঠিছে। গোটেই হৃদয়তে শান্তি আৰু সন্তুষ্টি কপী হবলৈ ধৰিছে। এনে হোৱাটো সাধাৰণনে?

সহায়ক:
  মাজে মাজে এনে হয়। আন বহুতৰে এনে হওঁতে সময় লাগে কিন্তু সকলোৱে উপযুক্ত সময়ত ইয়াক লাভ কৰেই। গতিকে আপোনাৰ হৃদয়ত প্ৰেম ইন্‌ষ্টল হল আৰু সফলতাৰে চলিবলৈ ধৰিছে।
আমাৰ বাৰ্তালাপ শেষ কৰাৰ আগতে আৰু এটা কথা কওঁ। প্ৰেম এটা বিনামূলীয়া প্ৰগ্ৰেম। আপুনি লগ পোৱা সকলোৰে মাজত প্ৰেম আৰু ইয়াৰ বিভিন্ন অংশকেইটা বিলাবলৈ নাপাহৰিব। তেওঁলোকে আনৰ লগত সেয়া বিনিময় কৰি আপোনালৈ আৰু ভাল ভাল মডিউল লৈ আনিব পাৰে।

গ্ৰাহক: আপোনাক অশেষ ধন্যবাদ। ভগৱানকো!


(মূল: এন মেক্‌ডগেল, উৎস: ইণ্টাৰনেট)

(সৃষ্টিৰ জিলিঙনি আলোচনীৰ তৃতীয় সংখ্যাত প্ৰকাশিত)
January 3, 2013 | By: গীতাৰ্থ বৰদলৈ

পত্নী ১.০ ছফ্টৱেৰ



প্ৰতি কাৰিকৰী সহায়কৰ্তা,

যোৱা বছৰ মই বান্ধৱী ৭.০ৰ পৰা পত্নী ১.০ লৈ আপগ্ৰেড কৰিলোঁ। তাৰপিছতে মই মন কৰিলোঁ যে নতুন প্ৰগ্ৰেমটোৱে হঠাৎ সন্তান প্ৰচেছিং আৰম্ভ কৰিলে যাৰ ফলত বহু মূল্যৱান সম্পদ আৰু ঠাই নোহোৱা হল।

তাৰ লগতে পত্নী ১.০য়ে নিজে নিজে আন প্ৰগ্ৰেমসমূহতো কিবা বাগ্‌ ইন্‌ষ্টল কৰি এতিয়া গোটেই ছীষ্টেমৰ কাম-কাজত চকু ৰাখে।

এতিয়া তাছপাত ১০.৩, মদ্যপান ৫.০, নৈশআড্ডা ৭.৫, ফেচবুক ৩.৬ আদি এপ্লিকেছনবোৰ নচলে। সেইবোৰ বাছনি কৰিলেই ছীষ্টেম ক্ৰাছ্‌ হৈ যায়! সেইবোৰ এপ্লিকেছন চলাবলৈ পত্নী ১.০ক বেক্‌গ্ৰাউণ্ডত ৰাখিবও নোৱাৰোঁ। মই মাজে মাজে পুনৰ বান্ধৱী ৭.০লৈ ঘূৰি যোৱাৰ কথা ভাবোঁ কিন্তু সেইটো কৰিবলৈ পত্নী ১.০ যে আন্‌ইনষ্টলেই নহয়!

অনুগ্ৰহ কৰি সহায় কৰক!

ধন্যবাদেৰে
এজন বিপদত পৰা ব্যৱহাৰকাৰী

-----------------------------------------------------------------------------------------------
উত্তৰ:

প্ৰিয় ব্যৱহাৰকাৰী,

এই সমস্যাটো পুৰুষসকলৰ মাজত প্ৰায়েই দেখা যায়।

বহুলোকে বান্ধৱী ৭.০ৰ পৰা পত্নী ১.০লৈ আপগ্ৰেড কৰি ভাবে যে এইটো কেৱল এটা মনোৰঞ্জন কৰা আৰু সৰু-সুৰা কাম কৰিব পৰা প্ৰগ্ৰেম।

পত্নী ১.০ এটা পাৰেটিং ছীষ্টেমআৰু ইয়াক উদ্ভাৱকে সকলোবস্তু ৰান্‌ কৰিবলৈ ডিজাইন কৰিছে!! পত্নী ১.০ক ডিলিট কৰি বান্ধৱী ৭.০লৈ ঘূৰি যোৱাটো, বা ইন্‌ষ্টল কৰাৰ পিছত তাৰ ফাইলবোৰ মচি পেলোৱাটো অসম্ভৱ।

আপুনি বান্ধৱী ৭.০ লৈ ঘূৰি যাব নোৱাৰে কাৰণ এই অনুমতি দিবলৈ পত্নী ১.০ক ডিজাইন কৰা হোৱা নাই।

অপোনাৰ পত্নী ১.০ মেনুৱেলখন খুলি সতৰ্কবাণী- সহায়/সন্তান সহায়অনুচ্ছেদটো চাওক। মোৰ মতে আপুনি পত্নী ১.০ক ৰাখি অৱস্থাটো উন্নত কৰিবলৈ চেষ্টা কৰক। আপুনি হয় সোণজনীনামৰ বেক্‌গ্ৰাউণ্ড এপ্লিকেছনটো ইন্‌ষ্টল কৰি মূল ছফ্টৱেৰটোৰ কাম-কাজ মসৃণ কৰাৰ চেষ্টা চলাব পাৰে।

আটাইতকৈ ভাল উপায় হল- আপুনি কমাণ্ড “C: ক্ষমাটাইপ কৰক, কাৰণ ছীষ্টেম সাধাৰণ অৱস্থালৈ আহিবৰ বাবে আপুনি অৱশেষত ক্ষমাকমাণ্ড টিপিবই লাগিব।

পত্নী ১.০ এটা অতি ভাল প্ৰগ্ৰেম। মাত্ৰ ইয়াক খুব ভালকৈ চোৱা-চিতা কৰি থাকিব লাগে। পত্নী ১.০ৰ লগতে কেইবাটাও চাপৰ্ট প্ৰগ্ৰেম থাকে যেনে- ঘৰ মচা ৩.০, ৰন্ধন ১.৫, শুশ্ৰুষা ৪.২ আদি।

কিন্তু আপুনি এই প্ৰগ্ৰেমবোৰ ব্যৱহাৰ কৰোঁতে সাৱধান হওক। ভালদৰে ব্যৱহাৰ নকৰিলে ছীষ্টেমেগালি-শপনি ৯.৫প্ৰগ্ৰেমটো মুকলি কৰিব। তেতিয়া ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু পত্নী ১.০ৰ দক্ষতা বঢ়াবৰ বাবে কিছুমান অতিৰিক্ত ছফ্টৱেৰ কিনিব লাগিব। তাৰে ভিতৰত উপযুক্ত হশাৰী ২.১বা গহণা ৫.০”!

সতৰ্কবাণী:
কোনো পৰিস্থিতিতে চুটি কাপোৰ পিন্ধা চেক্ৰেটেৰী ৩.৩এপ্লিকেছনটো ইন্‌ষ্টল নকৰিব! পত্নী ১.০য়ে এই এপ্লিকেছনটো সমৰ্থন নকৰে আৰু ফলত অপাৰেটিং ছীষ্টেমৰ অপূৰণীয় ক্ষতি হব পাৰে।

ধন্যবাদেৰে
কাৰিকৰী সহায়ক

(উৎস: ইণ্টাৰনেট, লেখক: অজ্ঞাত)