April 30, 2012 | By: গীতাৰ্থ বৰদলৈ

চিকিৎসা বিজ্ঞানৰ ইটো-সিটো- ১


# এক ৰহস্যময় চালৰ ৰোগৰ ফলত ভিয়েটনামত ১৯ জন লোক নিহত হোৱাৰ লগতে শ শ লোক আক্ৰান্ত হৈছে। ভিয়েটনামৰ স্বাস্থ্য বিভাগে ইয়াৰ কাৰণ আৰু চিকিত্‍সাৰ বিষয়ে একো উৱাদিহ নাপাই শেষত আন্তঃৰাষ্ট্ৰীয় মহলত সহায় বিচাৰিছে। দেশখনৰ কেৱল কোৱাং গাই এলেকাতে ১৭০ জন ৰোগী ধৰা পৰিছে। এই ৰোগত প্ৰথমে আক্ৰান্তৰ তীব্ৰ জ্বৰ হয়, ভোক কমে আৰু হাত-ভৰিৰ তলুৱা ৰঙা পৰে। শেষত যকৃতৰ অসমৰ্থতা বা একাধিক অঙ্গৰ অসমৰ্থতাত (multiple organ failure) আক্ৰান্তৰ মৃত্যু ঘটে।

# লণ্ডনত কৰা এক অধ্যয়নৰ এই কথা জানিব পৰা গৈছে যে পৰীক্ষা গৃহলৈ পানী লৈ অহা ছাত্ৰ-ছাত্ৰীসকলে তুলনামূলকভাৱে ভাল ফলাফল দেখুৱায়। ইয়াৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ধাৰণা কৰা হৈছে যে এইসকল ছাত্ৰৰ দেহত পানীৰ সঠিক পৰিমাণে চিন্তাশক্তিক প্ৰভাৱিত কৰে, বা পানী খালে পৰীক্ষাৰ লগত যুক্ত মনৰ চাপ দূৰ হ'ব পাৰে। অৱশ্যে অধ্যয়নটোত পানী লৈ অহা ছাত্ৰসকলে সঁচাকৈ পানী খাইছিল নে নাই সেই কথা ধৰা হোৱা নাই!

# আমেৰিকা যুক্তৰাষ্ট্ৰত শেহতীয়াকৈ মদৰ নিচা এৰিব নোৱাৰা ল'ৰা-ছোৱালীয়ে লিকুইড হেণ্ড চেনিটাইজাৰ সেৱন কৰাৰ ঘটনা বাঢ়ি আহিছে। ইয়াৰে বহুকেইজন বিষক্ৰিয়াৰ বাবে চিকিত্‍সালয়ত ভৰ্তি হ'ব লগা হৈছে। লিকুইড হেণ্ড চেনিটাইজাৰত ৬০% ইথাইল এলকহল থাকে। কিছুমানে চিধাচিধি এই সামগ্ৰী গলাৰ্ধকৰণ কৰাৰ বিপৰীতে কিছুমানে হেনো নিমখৰ সহায়ত তাৰ পৰা এলকহলখিনি আঁতৰাই লৈ সেৱন কৰিছে।