August 8, 2012 | By: গীতাৰ্থ বৰদলৈ

আফ্ৰিকাৰ লোকসাধু: মিছা কথা নোকোৱা মানুহজন


এসময়ত মামদ নামৰ এজন জ্ঞানী মানুহ আছিল। তেওঁ কেতিয়াও মিছা কথা নকৈছিল। নগৰখনৰ মানুহৰ বাহিৰে শ শ যোজন আঁতৰত থকা মানুহবোৰেও তেওঁৰ এই গুণটোৰ কথা জানিছিল।

ৰজাই মামদৰ কথা শুনিছিল যদিও কেতিয়াও দুয়োৰে দেখা-সাক্ষাৎ‍ হোৱা নাছিল। গতিকে ৰজাই এদিন মামদক ৰাজসভালৈ মাতি আনিবলৈ চন্তৰীসকলক নিৰ্দেশ দিলে। মামদ আহি পালত ৰজাই তেওঁলৈ চাই সুধিলে:

"মামদ, এইটো সঁচানে যে আপুনি কেতিয়াও মিছা কথা কোৱা নাই?"
"হয় মহাৰাজ, এইটো সঁচা।"
"আৰু আপুনি জীৱনত কেতিয়াও মিছা কথা নক’ব?"
"মই সেই বিষয়ে নিশ্চিত।"
"বাৰু, সঁচা কথাই ক’ব, কিন্তু সাৱধান! মিছা বৰ ধূৰ্ত আৰু সি আপোনাৰ জিভাত কেতিয়া পাক লগাই ঠিক নাই"

বহুদিন পাৰ হৈ গ’ল। ৰজাই মামদক আকৌ মাতি পঠিয়ালে। তেতিয়া ৰাজসভাৰ বাহিৰত বহুত মানুহ গোট খাই আছিল। ৰজা চিকাৰলৈ যাবলৈ ওলাইছিল। অস্ত্ৰ-বৰ্মৰে সজ্জিত ৰজাই ঘোঁৰাৰ লেকাম ধৰি আছিল আৰু বাওঁ ভৰিখন ৰিকাপিত (ভৰি দিবলৈ জিনৰ পৰা দুয়োকাষে ওলোমাই লোৱা লোৰ যতন) থৈছিল। তেওঁ মামদক আদেশ কৰিলে:

"মোৰ প্ৰসাদলৈ যাওক আৰু ৰাণীক কওক যে মই তেওঁৰ লগত দুপৰীয়াৰ আহাৰ কৰিম। তেওঁক ভোজৰ প্ৰস্তুতি কৰিবলৈ কওক। আপুনিও মোৰ লগতে আহাৰ গ্ৰহণ কৰিব।"

মামদে মূৰ দোঁৱালে আৰু ৰাণীৰ ওচৰলৈ গ’ল। তাকে দেখি ৰজাই হাঁহি মাৰি ক’লে:
"মই এতিয়া চিকাৰলৈ যাম আৰু মামদে ৰাণীৰ আগত মিছা মাতিব লগা হ’ব। কাইলৈ আমি তেওঁৰ মূৰ্খতা উদঙাই দিম।"

কিন্তু মামদো কম নাছিল। তেওঁ প্ৰসাদলৈ গৈ ৰাণীক ক’লে:
"আপুনি আজি দুপৰীয়াৰৰ বাবে ভোজৰ প্ৰস্তুতি কৰিবও পাৰে, নকৰিবও পাৰে। মহাৰাজ দুপৰীয়াৰ আগতে ঘূৰি আহিবও পাৰে, নাহিবও পাৰে!"
"ভালদৰে কওকচোন, তেওঁ বাৰু আহিবনে?"– ৰাণীয়ে সুধিলে।
"মই নাজানো তেওঁৰ সোঁ ভৰিখন ৰিকাপিত থোৱা আছিল নে নাই, বা মই গুছি অহাৰ পিছত তেওঁ বাওঁ ভৰিখন মাটিত থৈছিলনে নাই!"

সকলোৱে ৰজাৰ বাবে অপেক্ষা কৰিলে। ৰজা পিছদিনা ঘূৰি আহি ৰাণীক ক’লে:
"কেতিয়াও মিছা মাতি নোপোৱা মামদে কালি তোমাক মিছা কথা ক’লে।"

তেতিয়া ৰাণীয়ে ৰজাক মামদে কোৱা কথাখিনি ক’লে। ৰজাই উপলব্ধি কৰিলে যে মামদৰ দৰে জ্ঞানী পুৰুষক পথভ্ৰষ্ট কৰিবলৈ তেওঁ আৰু প্ৰয়াস নকৰাই ভালৰজাই মামদক ৰাজসভালৈ মাতি ধন-সোণেৰে পুৰষ্কৃত কৰিলে আৰু আজীৱন তেওঁৰ বন্ধু হৈ থাকিল। 

(মূল: ইণ্টাৰনেট উৎ‍স)

August 7, 2012 | By: গীতাৰ্থ বৰদলৈ

Azhagi+ টাইপিং সঁজুলিৰ সুবিধা-অসুবিধাসমূহ

এজন তামিল বিকাশকে সাজি উলিওৱা Azhagi+ (http://www.azhagi.com/) নামৰ লিপ্যন্তৰ ইউনিক'ড টাইপিং সঁজুলিটো ব্যৱহাৰ কৰি চালোঁ। সঁজুলিটোৰে অসমীয়া, বাংলা, তামিলকে ধৰি তেৰটা ভাৰতীয় ভাষাত টাইপ কৰিব পাৰি। Azhagi নামৰ আন এটা সঁজুলি আছে, সেইটো পৰীক্ষা কৰা নাই।

সুবিধা:
* 'ৰ্টেবল: এটা ডাঙৰ সুবিধা। প'ৰ্টেবল সংস্কৰণটো ডাউনল'ড কৰি ফাইলটো ৰান্‌ কৰিলেই হ'ল। আনহাতে ইন্‌ষ্টলেবল সংস্কৰণটোও পে'ন ড্ৰাইভত ইন্‌ষ্টল কৰি সেইটো কঢ়িয়াই লৈ ফুৰিব পাৰে আৰু বেলেগ কম্পিউটাৰতো অসমীয়া টাইপ কৰিব পাৰে।
* গোটেইকেইটা ভাষা বেলেগ বেলেগ হট্‌কী টিপি সলনাসলনিকৈ টাইপ কৰিব পাৰি।
* অভিজ্ঞসকলে সঁজুলিটোৰ কীব'ৰ্ড মেপিং নিজৰ পছন্দমতে সলাই ল'ব পাৰে বা সম্পূৰ্ণ নিজা কীব'ৰ্ড লে'আউট ব্যৱহাৰ কৰিব পাৰে।


মই বিকাশকজনৰ লগত যোগাযোগ কৰি তেখেতৰ সহায়ত মেপিংখিনি অলপ সলাই ল'লোঁ। ইণ্ডিক ইন্‌পুটত অভ্যাস থকাৰ বাবে কিছুমান আখৰ তাৰ লগত মিলাই ল'লোঁ, কিন্তু ফলাফল তাতকৈ অলপ উন্নত হ'ল। এতিয়া ৎ‍ (আগতে ভুল মেপিঙেৰে "ত্‌" হৈ আছিল), ৺ আদি টাইপ কৰিব পাৰি (ইচ্ছানুসাৰে আৰু কিছুমান চিহ্ন যোগ কৰিব পাৰি), ৱিকিপিডিয়াত লিখিবলৈ সুবিধা হোৱাকৈ অসমীয়া টাইপ কৰি থাকোঁতেও "~" চিহ্ন ব্যৱহাৰ কৰিব পাৰি, "\" টিপিলে দাৰি "।" ওলায় আদি। গতিকে বৰহ আৰু ইণ্ডিক ইন্‌পুটৰ কিছুমান অসুবিধা এইটোত দূৰ কৰিব পাৰিছোঁ।

অসুবিধা:
 
* CTRL আৰু F12 টিপিলে মাজে মাজে অসমীয়া ভাষা সক্ৰিয় হোৱা নাই! এই সমস্যাটো আনৰ নহ’বও পাৰে। অৱশ্যে F10 টিপি ইংৰাজী আৰু নিৰ্বাচিত ভাষাটো (অসমীয়া) সলনাসলনিকৈ ব্যৱহাৰ কৰিব পাৰি। গতিকে সেইটোত বিশেষ অসুবিধা পোৱা নাই।
* সঁজুলিটোৰে অসমীয়া টাইপ কৰাৰ লগে লগে লেঙ্গুৱেজ বাৰলৈ বাংলা ভাষা আহি গৈছে! সঁজুলিটোত "AS" দেখুৱাই থাকে, আনহাতে লেঙ্গুৱেজ বাৰত "BN" ওলাই থাকে।
(বিকাশকজনক সোধাত ক’লে যে তেওঁ ৱিণ্ড’জ এক্সপি ব্যৱহাৰ কৰে আৰু সেইটো প্ৰণালীত অসমীয়া ভাষা AS বুলি বেলেগকৈ দিয়া হোৱা নাছিল, ৱিণ্ড’জ ভিষ্টাৰ পৰাহে প্ৰণালীত অসমীয়া ভাষাটো বেলেগকৈ দিয়া হৈছে। গতিকে তেওঁ Azhagi+ ছফ্টৱেৰটোৰ নতুন সংস্কৰণ উলিয়ালে এই অসুবিধাটো আঁতৰ কৰিব।)

স্থাপন প্ৰক্ৰিয়া আৰু টাইপিং: 
ওপৰত দিয়া লিংকটোৰ পৰা সঁজুলিটো (ইন্‌ষ্টলেবল সংস্কৰণ) ডাউনল'ড কৰাৰ পিছত (মূল ড্ৰাইভ বা পে'ন ড্ৰাইভত) ইন্‌ষ্টল কৰিব। ৰান্‌ কৰাৰ লগে লগে বিভিন্ন ভাষাৰ তালিকাৰ সৈতে সঁজুলিটোৰ এখন স্ক্ৰীন দেখা পাব (নেদেখিলে A+ লিখা থকা Tray iconটোত ক্লিক কৰিব)। Language-ত "Assamese" বাছনি কৰক। এতিয়া আপুনি Ctrl+F12 টিপি বা F10 টিপি অসমীয়া ইউনিক'ড টাইপ কৰিব পাৰিব। ইংৰাজীলৈ ঘূৰি আহিবলৈ পুনৰ F10 টিপক। 
কীষ্ট্ৰ'কসমূহৰ ফলাফল জানিবলৈ "Key Mappings-Dynamic Help" বুটামটো টিপক (ওপৰৰ ছবিখনত ৰঙা ৰঙেৰে চিহ্নিত কৰা হৈছে)। 

কী-মেপিঙৰ সালসলনি: যদি আপুনি XML ফাইল সম্পাদনা কৰাৰ অভিজ্ঞতা আছে তেন্তে আপুনি এই সঁজুলিটোৰ কী-মেপিংবোৰ নিজৰ সুবিধামতে সলাই ল'ব পাৰে বা সম্পূৰ্ণ নিজা কীব'ৰ্ড লে'আউট ব্যৱহাৰ কৰিব পাৰে। সালসলনি কৰিবলৈ প্ৰথমে ইন্‌ষ্টলেছন ফ'ল্ডাৰটোলৈ গৈ Azhagi+ৰ ডেটা থকা ফ'ল্ডাৰটো উলিয়াওক (ইন্‌ষ্টল কৰোঁতে বেলেগ স্থান নিৰ্দেশ নকৰিলে C drive>Program files>Azhagi+>Data)। তাত "Aplus-Assamese-Unicode-PhoneticTransliteration" নামৰ এখন XML ফাইল পাব। সেইখন ৰাইট্‌ ক্লিক কৰি Open with notepad কৰক; প্ৰয়োজনীয় সালসলনিখিনি কৰি Save  কৰক। তাৰ পিছত সঁজুলিটোৰ স্ক্ৰীনখনৰ Settingsত ক্লিক কৰক>Preferences>Other languages> Use my own keyboard layout সক্ৰিয় কৰক। এই বিকল্পটো সক্ৰিয় নকৰিলে নিজা কীব'ৰ্ডে কাম নিদিয়ে।

ইণ্ডিক ইন্‌পুটৰ দৰে সজোৱা প'ৰ্টেবল সংস্কৰণ:
মই প্ৰায়বোৰ key ইণ্ডিক ইন্‌পুটৰ দৰে কৰি লৈছোঁ। কিন্তু তাৰ কিছুমান অসুবিধা আঁতৰাবলৈ দুটামান সালসনলিও কৰিছোঁ। এই লিংকটোৰ পৰা ইণ্ডিক্‌ ইনপুটৰ লেখীয়া প'ৰ্টেবল সংস্কৰণটো ডাউনল'ড কৰক। Unzip কৰাৰ পিছত ন'টপেড ফাইলটো পঢ়ি ল'ব। "AzhagiPlus-Portable Indic Input alike" নামৰ ফ'ল্ডাৰটো খুলি
AzhagiPlus প্ৰ'গ্ৰেমটো ৰান্‌ কৰিব। বছ্‌! F10 টিপি আপুনি অসমীয়া লিখা আৰম্ভ কৰিব পাৰে।
কীষ্ট্ৰ'কবোৰ চাবলৈ ওপৰত কোৱাৰ দৰেই
Key Mappings-Dynamic Help বুটামটো টিপিব।