January 21, 2018 | By: গীতাৰ্থ বৰদলৈ

২০১৭ বৰ্ষৰ অসমীয়া গান


সততে অভিযোগ উঠে যে ভাল অসমীয়া গীততকৈ ‘সস্তীয়া’ গীতৰ চাহিদা বেছি। শ্ৰোতাৰ ৰুচি আৰু জনপ্ৰিয়তাৰ মাপকাঠিৰে কেতিয়াবা ভাল আৰু বেয়াৰ মাজৰ সীমাডাল ধূসৰ হৈ পৰে। মই বেয়া বুলি ভবা গীতটোৱে আন হাজাৰজনক আনন্দ প্ৰদান কৰিব পাৰে, বিহুৰ অনুষ্ঠানত তাকে উপভোগ কৰি টিট্‌কাৰি মাৰিবলৈ সুযোগ দিব পাৰে। ইউটিউবত সৰ্বাধিক প্লে’ হোৱা অসমীয়া গীতৰ তালিকা চালে পিউৰিষ্টসকলে নাক কোঁচাব পৰা বহু গীত ওলাব। কিন্তু বিগত বছৰটোৱে এটা কথা প্ৰমাণ কৰিলে যে “ভাল পোৱা যদি ঘৰতে, মালপোৱা খাই থাকোঁতে”ৰ দৰে গীতৰ কথা যিমানে নোলাওক, “মায়াময় জোনাক, বোৱতী নদী, নিস্তেজ সময়, সিপাৰত তুমি”ৰ দৰে শাৰীও নিগৰিত হৈ থাকিব। ২০১৭ চনৰ মোৰ ভাল লগা কেইটামান অসমীয়া গীতৰ তালিকা দিলোঁ। বেছিভাগ সকলোৱে চাগে শুনিছেই, কেইটামান নাই শুনা যদি শুনি চাওক। হয়তো আপোনাৰো ভাল লাগিব পাৰে। ক্ৰমিক সংখ্যাবোৰেৰে মোৰ ভাল লগাৰ ক্ৰম বুজোৱা নাই।
(গীতবোৰৰ ইউটিউব প্লে’লিষ্ট: https://www.youtube.com/playlist…)

১) মাজুলী
কথা: শান্তনু ৰৌমুৰীয়া
সুৰ/কণ্ঠ/সংগীত: নীলোৎপল বৰা

শান্তনু ৰৌমুৰীয়াৰ কথা, নীলোৎপল বৰাৰ সংগীত আৰু কণ্ঠই গীতটোক অতি উচ্চ স্থান দিছিলেই, অনিৰুদ্ধ বৰুৱাই পৰিচালনা কৰা ভিডিঅ’ই তাক এক অনন্য পৰ্যায়লৈ লৈ গ’ল। “বাৰিষাৰে গধূলি, থাকিবনে এইবেলি, নদীখনি মনে মনে শুই”। বাৰে বাৰে শুনি থাকিব পৰা এটা গীত। বাৰে বাৰে চাই থাকিব পৰা কিছুমান দৃশ্য। অসমৰ কোনো এখন ঠাইক বিশ্ববাসীৰ আগত দাঙি ধৰিবলৈ ইয়াতকৈ ভাল চেষ্টা হয়তো আগতে হোৱা নাই।


২) আকাশ সোণোৱালী
কথা: ড
° সান্ত্বনা বৰদলৈ
সুৰ/কণ্ঠ: ৰূপম ভূঞা
সংগীত: অনুৰাগ শইকীয়া

“মাজ ৰাতি কেতেকী” মোৰ বাবে ২০১৭ বৰ্ষৰ শ্ৰেষ্ঠ অসমীয়া ছবি আছিল। ছবিখনত এটাই গীত, কিন্তু মন, মগজু শাঁত পেলাব পৰা গীত। পৰিচালিকা ড°সান্ত্বনা বৰদলৈৰ কলমৰ পৰা ওলোৱা কোমল কোমল শব্দবোৰ ৰূপম ভূঞা আৰু অনুৰাগ শইকীয়াই সুমধুৰ কণ্ঠ, সংগীতেৰে বান্ধি এক অপূৰ্ব সৃষ্টিৰ জন্ম দিলে। আৰম্ভণিৰ অংশত সুহুৰিৰ প্ৰয়োগ আকৰ্ষণীয়। “আকাশ সোণোৱালী, উমাল-উদাৰ, ৰ’দৰঙী চিলাবোৰে তাতে মেলে প্ৰেমৰ পোহাৰ”। গীতটোৰ চিত্ৰায়ণো আছিল অতি আকৰ্ষণীয়। 


৩) তুহু দীন তাৰণ
কথা: ৰাধানাথ ফুকন
সুৰ: পংকজ শৰ্মা
কণ্ঠ: অভিশ্ৰুতি বেজবৰুৱা

১৯০৫-০৬ চনত ৰাধানাথ ফুকনে লিখা গীতটোৱে অভিশ্ৰুতি বেজবৰুৱাৰ কণ্ঠত প্ৰাণ পাই উঠিছে। সহযোগ কৰিছে দৰঙৰ জগন্নাথ বৰাৰ ওজাপালি দলে। নতুন প্ৰজন্মক অসমৰ সংস্কৃতিৰ লগত চিনাকী কৰাই দিবলৈ এনে প্ৰচেষ্টা বাৰে বাৰে হোৱা উচিত। সত্ৰ, দৌলোৎসৱক সামৰি কৰা চিত্ৰায়ণ অতি মনোমোহা (ইয়াৰ লগতে দুবছৰ আগৰ কল্পনা পাটোৱাৰী, পাপনৰ কণ্ঠৰ “মুক্তি” গীতৰ ভিডিঅ’টো আকৌ এবাৰ চাব পাৰে)।


৪) জলপ্ৰপাত
কথা/সুৰ/কণ্ঠ: শংকুৰাজ কোঁৱৰ
সংগীত: অভি শইকীয়া

এদিন ইউটিউব খুঁচৰি থাকোঁতে “জলপ্ৰপাত” নামৰ গীত এটিত চকু পৰিল। শুনি শিহঁৰিত হৈ পৰিলোঁ। অসমীয়া গানত EDM-প্ৰয়োগ খুব পুৰণা নহয়। নতুন গায়ক শংকুৰাজৰ মোটা কণ্ঠ আৰু অভি শইকীয়াৰ ইলেক্ট্ৰনিক সংগীতে শ্ৰোতাক নতুন সোৱাদ দিয়াটো নিশ্চিত। গীতৰ কথাও অগতানুগতিক- “সুৰ মালহাৰ ৰাগৰ তানে, বাৰিষাৰ বাতৰি আনে, লাজুকী দুবৰি বনে, ৰূপোৱালী ৰহণ সানে, দেখি মন বিভোৰ, বাজি উঠে নুপুৰ, খালি ভৰিৰে গছকি তৰালী, শব্দ শিথিল, হাঁহিও জিলিকিল, নাচোনতে মন উন্মাদিনী….”


৫) ন যুঁজৰ ৰণুৱা
কথা: ইবছন লাল বৰুৱা
সুৰ/কণ্ঠ: জয় বৰুৱা

শুই থকা অসমীয়াৰ চেতনা জাগৃত কৰিবলৈ আহ্বান “ন যুঁজৰ ৰণুৱা”। ইবছন লাল বৰুৱাৰ শক্তিশালী কলম আৰু জয় বৰুৱাৰ ভিন্ন কণ্ঠৰ পুনৰ এক উৎকৃষ্ট মিশ্ৰণ। কোচসকলৰ গৌৰৱময় ইতিহাসত আলোকপাত কৰি কলা-সংস্কৃতিৰ উমান দিয়া গীতটোৱে জাতিটোক ভেদাভেদ পাহৰি যুঁজিবলৈ প্ৰেৰণা দিব।


৬) কি বেদনাতে
কথা: মৈত্ৰী পাটৰ/শংকুৰাজ কোঁৱৰ
সুৰ/কণ্ঠ: শংকুৰাজ কোঁৱৰ

“বাৰ্ত্তালাপ” নামৰ প্ৰকল্পৰ সংগীত প্ৰকল্প এটাৰ প্ৰথম গীত “কি বেদনাতে”। মৈত্ৰী পাটৰৰ কবিতা এটিৰ ওপৰত আধাৰিত গীতক শংকুৰাজে নিজৰ সুকীয়া কণ্ঠৰ স্পৰ্শ দিছে। আৰম্ভণিৰ কী’বৰ্ড অংশই গীতটোৰ মুড স্থাপন কৰিছে। তাৰ পাছত আৰম্ভ হয় “কি বেদনাতে দুচকু সেমেকে, কি ভাৱনাতে দুবাহু উমলে, কি কি মৰীচিকা খেদি হাবাথুৰি খাই আজি ৰৈ আছোঁ মই….”। যোৱা মাহত মুক্তি লাভ কৰা গীতটোৰ ভিডিঅ’টো বিমূৰ্ত আৰু সুন্দৰ।


৭) জোন গলা
কথা: জিতুমণি কলিতা
কণ্ঠ/সংগীত: মৃণাল ৰাভা

প্ৰথমবাৰ শুনিলে বহুতে হয়তো পাপনৰ গীত বুলি ভুল কৰিব। মৃণাল ৰাভাৰ দৰদী কণ্ঠৰ পাপনৰ সৈতে সাদৃশ্য আছে, কিন্তু অনুনাসিক উচ্চাৰণ কম। আবেগ ঢালি গোৱা “জোন গলা জোনাকী ৰাতি, দুচকুতে সপোন আঁকি” মাথোঁ এবাৰ শুনিলে হেঁপাহ নপলায়। কেমেৰাৰ কামো অতি সুন্দৰ। 


৮) এমুঠি
কথা: বিদ্যুৎ কটকী
সুৰ: অনুৰাগ শইকীয়া
সংগীত: নীলোৎপল বৰা
কণ্ঠ: জুবিন গাৰ্গ

নতুন অসমীয়া চলচ্চিত্ৰ “শৈশৱতে ধেমালিতে”ৰ গীত “এমুঠি”। “ভগ্ন প্ৰাচীৰ আজি তাৰুণ্যৰ বাটে-পথে চৌদিশে, পৰাজিত লুণ্ঠিত জীৱাত্মাৰ সমদল, মুৰ্চিত আজি শত কলিজাৰ দাবানল” আৰম্ভণিয়ে জুবিনৰ “ৰুদ্ধ আকাশ, ক্ৰুদ্ধ বতাহ”হৈ মনত পেলাই দিলে। তাৰ পাছতে সমবেত কণ্ঠৰ আৰোহণ। জুবিন গাৰ্গৰ কণ্ঠ, অনুৰাগ শইকীয়া, নীলোৎপল বৰাৰ সংগীতে শ্ৰোতাৰ মন-মগজু কঁপাই তুলিব।

৯) অনুৰণ
কথা/সুৰ/সংগীত: জিম অংকন ডেকা
কণ্ঠ: ৰূপম ভূঞা

থাওকতে পোৱা অভিধানত “অনুৰণ” শব্দটো নাই, “অনুৰণন”হে আছে। জিম অংকন ডেকাই গীতৰ প্ৰয়োজনত শব্দটো চুটি কৰি ব্যৱহাৰ কৰিলে নেকি নাজানো। শেষ ফল অৱশ্যে অতি শ্ৰুতিমধুৰ। গীতটো ২০১৬ বৰ্ষতে মুক্তি লাভ কৰিছিল যদিও নূন্যতম বাদ্যযন্ত্ৰৰ ব্যৱহাৰেৰে লাইভ, আন্‌প্লগ্‌‌ড ভাৰ্ছন এটা যোৱা বছৰ মুক্তি দিয়া হয়। ৰূপম ভূঞাৰ গায়কীৰ কথা ক’বলৈ ভাষা নাই! “সোঁৱৰণীৰ বতাহজাকত তোমাৰেই সুবাস, সুধিছিলোঁ নিৰ্জনতাক পামনে কোনো আশ্বাস….”। Eb কৰ্ডৰ কোমল মুডত ৰূপম ভূঞাৰ কণ্ঠ আৰু গীতৰ সুৰ নিৰ্জনতাত নদীৰ দৰেই বৈ যায়।

১০) জীৱনে ওলমে-জামলে
কথা: শান্তনু ৰৌমুৰীয়া
সুৰ/সংগীত: তৰালী শৰ্মা
কণ্ঠ: সিদ্ধাৰ্থ হাজৰিকা

অহা মাহত মুক্তি লাভ কৰিবলগীয়া “কেলেণ্ডাৰ” চলচ্চিত্ৰৰ গীত। শান্তনু ৰৌমুৰীয়াৰ “মনৰে চিকমিক বৈয়ামত জিকমিক সপোনৰ মুকুতা ভৰি আহে” শাৰীয়ে মুহূৰ্ততে আকৃষ্ট কৰে। এই গীতৰ দৰে তৰালী শৰ্মাই “মাৰ্কশ্বিট” ছবিতো মেণ্ডোলিনৰ বুদ্ধিদীপ্ত প্ৰয়োগ কৰা মনত পৰে। সিদ্ধাৰ্থ হাজৰিকাই প্ৰাণ ঢালি গীতটো গাইছে।

১১) ভাটিয়ালী সপোন (https://www.youtube.com/watch?v=fQsVDTOgjBM)
কথা/সুৰ/কণ্ঠ: মৈত্ৰী পাটৰ
সংগীত: শংকুৰাজ কোঁৱৰ 

“বাৰ্ত্তালাপ”ৰ দ্বিতীয় গীতৰ কথা আৰু কণ্ঠ মৈত্ৰী পাটৰৰ নিজা। ছাঁ-পোহৰ, লয়লাস নৃত্য আৰু ৰঙৰ খেলাৰ বিমূৰ্ত চিত্ৰায়ণক গায়িকাৰ মিঠা কণ্ঠই গতি দিছে। “কি বেদনাতে” আৰু “ভাটিয়ালী সপোন” সম্পূৰ্ণ বেলেগ সৃষ্টি, কিন্তু ভিডিঅ’ দুটা একেডাল সূতাৰে বন্ধা। আশা কৰোঁ তেওঁলোকৰ এই প্ৰকল্পই আগকৈও এনে অনন্য গীত আমাক দি যাব।
১২) কোৱা
কথা: ইবছন লাল বৰুৱা
সুৰ/কণ্ঠ: জয় বৰুৱা

ইবছন লাল বৰুৱা আৰু জয় বৰুৱা লগ লাগিলে বিশেষ সৃষ্টি হোৱাটো খাটাং। “কোৱা”ও ইয়াৰ ব্যতিক্ৰম নহয়। “কোৱা মনৰে কথা, কাণে কাণে কৈ যোৱানা, মনে বিচাৰে কাষত, নুবুজা কিয় বুজানা” বুলি গাওঁতে যেন আনে শুনাটো বিচৰা নাই। খ্যাতিসম্পন্ন নৃত্যশিল্পী শিল্পীকা বৰদলৈয়েও অভিনয় কৰা সমুজ্জ্বল কাশ্যপৰ ক’লা-বগা চিত্ৰায়ণ গীতটোৰ পৰিপূৰক।

১৩) অ’ মা
কণ্ঠ: জুবিন গাৰ্গ

আৱাহন থিয়েটাৰৰ গীত “অ’ মা”য়ে “তাৰে জমীন পৰ”লৈ মন পেলাই দিয়ে। জুবিন গাৰ্গে সমস্ত আবেগ ঢালি গোৱা শব্দবোৰ হৃদয়ৰ অভ্যন্তৰ প্ৰৱেশ নকৰাটো চাগে অসম্ভৱ।


১৪) উভতি আকৌ
কথা/সুৰ/কণ্ঠ: অংগৰাগ মহন্ত

অংগৰাগ মহন্তৰ নতুন এলবাম “নতুন পোহৰ”এ “জোনাকী ৰাতি” বা “চিনাকী-অচিনাকী”ৰ দৰে মোৰ মন জয় নকৰিলে, ৰাইজেও চাগে আগৰ দৰে আদৰি নল’লে। ভাল লগা গীতৰ ভিতৰত এটা “উভতি আকৌ”। পোৱা-নোপোৱাৰ দোমোজাত থকা ভাৱ পাপনে বেজাৰৰ গায়কীৰে সুন্দৰকৈ প্ৰকাশ কৰিছে।

১৫) ধুনীয়া জোন
কথা আৰু সংগীত- দিগন্ত ভাৰতী
কণ্ঠ- নাহিদ আফ্ৰিন

নহিদৰ কণ্ঠ আৰু গায়কীৰ লগত সকলোৱেই পৰিচিত। দিগন্ত ভাৰতীৰ মিঠা শব্দৰ মালা নাহিদে সুন্দৰকৈ পৰিবেশন কৰিছে। এই গীতৰ বাবে নাহিদে কিছুদিন আগতে প্ৰাইড ইষ্ট শ্ৰেষ্ঠ গায়িকাৰ সন্মানো লাভ কৰিছে।

১৬) কবিতা কেনেকৈ লিখে
কথা: ইবছন লাল বৰুৱা
সুৰ: পাৰ্থ প্ৰতীম
কণ্ঠ: জুবিন গাৰ্গ, সুবাসনা দত্ত
“কোঁৱৰপুৰৰ কোঁৱৰ” চিনেমাখন ভাল মনোৰঞ্জনকাৰী চিনেমাই আছিল, কিন্তু হিট্ নহ’ল। হিট্ হ’ল চিনেমাখনৰ গীতবোৰ বিশেষকৈ “কবিতা কেনেকৈ লিখে”। গীতৰ কথাক জুবিন গাৰ্গ আৰু সুবাসনা দত্তৰ কণ্ঠই এনে এক মাত্ৰা দিছে যে কবিতা নিলিখা মানুহেও কবিতা লিখি পেলাব। নায়িকাৰ “ডেম্‌ফুল” সংলাপেৰে আৰম্ভ হোৱা চিত্ৰায়ণো সুন্দৰ। চিনেমাখনৰ আন গীত জয় বৰুৱাৰ কণ্ঠৰ “টুকুৰা টুকুৰ কৰি” আৰু পাপনৰ “হাঁহি এটি”ও শ্ৰুতিমধুৰ।

১৭) আকুলি বিকুলি
কথা/সুৰ/সংগীত: জুবিন গাৰ্গ
কণ্ঠ: জুবিন গাৰ্গ, নাহিদ আফ্ৰিন

“প্ৰিয়াৰ প্ৰিয়”ৰ সংগীতে মোক সন্তুষ্ট কৰা নাছিল। “হিয়া দিয়া নিয়া”ৰ পৰা জুবিন গাৰ্গৰ চলচ্চিত্ৰ সংগীতৰ গ্ৰাফডাল যেন ত্ৰমাৎ তলকৈহে আহি আছে (দীনবন্ধুৰ দৰে দুই-এটা উঠন নথকাও নহয়)। তাৰ মাজতে এটা ভাল লগা গীত আকুলি-বিকুলি। নাহিদৰ গায়কী প্ৰশংসনীয়। জুবিন দাৰ কথা নক’লোঁৱেইবা। “এতিয়া বুকুত তুমি জোন হৈ” বুলি গোৱা হাই স্কে’লৰ অংশ জুবিন দাৰ বাহিৰে বেলেগ গায়কৰ কণ্ঠত চাগে ভাল নালাগিব।


১৮) এতিয়াৰ সময়
কথা: জুবিন গাৰ্গ
সুৰ/কণ্ঠ: নীলোৎপল বৰা

“মাজুলীৰ” পাছত “পঞ্চম” এলবামৰ আন এটা ভাল লগা গীত। গীতৰ ভাষা, পৰিবেশন প্ৰথম শ্ৰেণীৰ। “এন্ধাৰো আহিল, পোহৰো আহিল, মোৰ সুৰ কেনিনো বাগৰিল…”। ষ্টপ্ মোচন শৈলীৰে কৰাৰ দৰে অপূৰ্ব চিত্ৰায়ণ খুব সম্ভৱ আন অসমীয়া গীতত হোৱা নাই। 


১৯) লাচিতে কৈছোঁ মই
কণ্ঠ- নীল আকাশ, কুসুম কৈলাশ
“ন যুঁজৰ ৰণুৱা”ৰ দৰে জাতীয়তাবাদী ভাৱধাৰাৰ আন এটি গীত। মই সাধাৰণতে পছন্দ নকৰা নীল আকাশ আৰু কুসুম কৈলাশে লাচিতৰ শৌৰ্য-বীৰ্য বলিষ্ঠ কণ্ঠ, ‘ৰেপ’ আৰু যুদ্ধৰ পৰিবেশৰ সংগীতেৰে সুন্দৰকৈ প্ৰকাশ কৰিছে।

২০) মনৰ মৰম
কথা: কেশৱ দত্ত
সুৰ/সংগীত: ৰূপম তালুকদাৰ
কণ্ঠ: গায়ত্ৰী হাজৰিকা

গয়ত্ৰী হাজৰিকাৰ গীতৰ সোৱাদ যদি আগতে পোৱা নাই তেন্তে ইউটিবত “Best of Gayatri Hazarika” বুলি সন্ধান কৰি চাব পাৰে। ৰূপম ভূঞাৰ দৰেই তেখেতে কেৱল চিৰিয়াছ কামত মনোনিবেশ কৰিছে। “মন মোৰ উৰি ফুৰে”, “সৰা পাতে পাতে ফাগুন নামে” আদিৰ পাছত এইটোও তেখেতৰ এক অনুপম উপহাৰ।


শ্ৰদ্ধাপূৰ্বক উল্লেখ
এছাটি বতাহ: অভিশ্ৰুতি বেজবৰুৱা (https://www.youtube.com/watch?v=rzpOeDpA7eA&feature=youtu.be)
শুদ্ধ চিন্তা: নৱনীতা কলিতা (https://www.youtube.com/watch?v=AyeJvIs0kVo)
পাহৰি যোৱা: বৰ্ণালী কলিতা (https://www.youtube.com/watch?v=GyUJCIqNrNU)
দিন জ্বলে: জুবিন গাৰ্গ, জুবলী বৰুৱা (https://www.youtube.com/watch?v=pQvitFLU9uA)
ইমান সেমেকা কথাৰে: গায়ত্ৰী হাজৰিকা (https://www.youtube.com/watch?v=rOoFobGHCZ0)
ছবি অঁকা মানুহজনে: পাৰবীন হুছেইন (https://www.youtube.com/watch?v=JaFJoMDslL8)

শ্ৰেষ্ঠ শ্ৰাব্য সঁফুৰা: "অভিশ্ৰুতি" আৰু "পঞ্চম"।