February 20, 2016 | By: গীতাৰ্থ বৰদলৈ

ইৰিকতি মিৰিকতি


"ইৰিকতি মিৰিকতি" নাটকৰ এক মুহূৰ্ত। (ছবি- মৃণালজ্যোতি গোস্বামী)
লাই হালে-জালে আবেলিৰ বতাহে
লফা হালে-জালে পাতে
আমাৰে মইনা হালিছে জালিছে
কালি দুপৰৰ ভাতে…

আন্ধাৰ মঞ্চ। কাৰোবাৰ সুৰীয়া কণ্ঠ। লগে লগে পোহৰ পৰে। মহিলা এগৰাকীয়ে কেঁচুৱাটোক বুকুত সাৱটি নিচুকণি গীত গাইছে। সুৰত জোন, তৰা, গছো হালিছে-জালিছে। গীতৰ অন্তত শুই থকা এজন যুৱক সাৰ পাইছে। জোনবায়ে মাত লগাইছে- “বাঁৰী-কোঁৱৰ! বাঁৰী-কোঁৱৰ!” যুৱকজনে গছ-লতাক খামুচিব খুজিছে। পৃথিৱীয়ে যেন তেওঁৰ লগত খেলা কৰিছে। এনে দৃশ্যৰে আৰম্ভ হয় মৃণালজ্যোতি গোস্বামীৰ পৰিকল্পনা-পৰিচালনাৰে “ইৰিকতি মিৰিকতি- The butterfly effect”। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ সহযোগত উত্তৰণ গোষ্ঠীয়ে এই নাটকখন আগবঢ়াইছে। নাটকখন সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৰচিত “বুঢ়ী আই সাধু”ৰ “বাঘ আৰু কেকোঁৰা” সাধুটোৰ ওপৰত আধাৰিত। যোৱা ২৩ ডিচেম্বৰ তাৰিখেই শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত নাটকখন চাইছিলোঁ। প্ৰায় দুমাহ পাছত লিখা এইখিনি কথা তাৰেই অনুৰণনৰ ফলাফল বুলিব পাৰে।

নাটকৰ আলোচনা লিখিবলৈ মোৰ সাহসে নুকুলায়। জীৱনত খুব কম নাটক চাইছোঁ, কাৰিকৰী দিশৰ জ্ঞানৰ কথা বাদেই দিলোঁ। মৃণাল দাৰ পূৰ্বৰ উচ্চ-প্ৰসংশিত নাটক ‘ইমান ইমান পানী” মই চোৱা নাই। তেখেত “অসমীয়াত কথা-বতৰা” গোটৰ পৰা জন্মলাভ কৰা “ভাষা-সাহিত্য সন্মিলনী, অসম”ৰ সভাপতি। নাটকখন চাবলৈ তেখেতে বাৰ্তা দিছিল। ময়ো আজৰি সময়ৰ সদ্‌ব্যৱহাৰ কৰিলোঁ। তেখেতে বহুদিন আগতেই চাই কেনে পালোঁ সেয়া লিখিত ৰূপত জনাবলৈ হুকুম দিলে। মোৰ সীমাবদ্ধতাৰ কথা দুবাৰো ক’লোঁ। নৰজিল।

আগতেই কৈছোঁ নাটকখনৰ ভিত্তি “বাঘ আৰু কেকোঁৰা” সাধুটো। সাধুটোৰ দুটা স্পষ্ট ভাগ আছে। প্ৰথম ভাগত শিয়ান কেঁকোৰাই বন্ধুত্বৰ ছলেৰে বাঘক ঠগাৰ কথা আছে। বাঘক কেঁকোৰাৰ পৰা উদ্ধাৰ কৰা পাছত দ্বিতীয় ভাগত আছে বাঁৰী-কোঁৱৰৰ কাহিনী। নাটকখনত এই দ্বিতীয় ভাগটোকে সমকালীন সাজ পিন্ধোৱা হৈছে। এইখিনিতে কৈ থওঁ- সৰুতে সাধুটো পঢ়োঁতে “বাঁৰী-কোঁৱৰ” নামটোৰ অৰ্থ বুজা নাছিলোঁ, কাকো চাগে সোধাও নাছিলোঁ। এইবাৰ নাটকখন চাওঁতেও নুবুজিলোঁ। পৰিচালকে অৱশ্যে সেইদিনা বিলোৱা তথ্য-পত্ৰখনত “young lad” বুলিয়েই লিখিছে। কেইদিনমান আগতে মৃণাল দা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰ বিষয়ে গৱেষণা কৰা অঞ্জল বৰা দাক সুধোঁতে “খুব সম্ভৱ বাঁৰী মহিলাৰ পুতেক” বুলি ক’লে। বাৰু যি কি নহওক ভিন্ন সময়ত বিস্তৃত এনে meta-narrativeৰ বক্তব্য দৰ্শকৰ হৃদয়ংগম হৈছেনে নাই সেয়া লক্ষ্য ৰখাৰ প্ৰয়োজন। বেছি নাটক নোচোৱাৰ দোষতেই হওক বা সাধুটো পাহৰি যোৱাৰ দোষতেই হওক, নাটকখন উপভোগ কৰাত মাজে মাজে উজুটি খালোঁ। তথাপিও ভাৱ হ’ল নানাৰঙী চিত্ৰকল্পক সাকাৰ ৰূপ দি সমকালীন দৃশ্যাৱলীৰ অৱতাৰণা কৰোঁতে পৰিচালকে চেষ্টাৰ ত্ৰুটি কৰা নাই। এজন সাধাৰণ দৰ্শক হিচাপে নাটক এখনৰ কি কি দিশলৈ চকু যাব? কাহিনী, উপস্থাপন, অভিনয়, সংলাপ (ইয়াত প্ৰযোজ্য নহয়) আদি। অৰ্থহীন সংলাপত, জনজাতীয় লোকৰ উছাহত মনৰ পিয়লাটো যেন ইতিবাচক ভাৱেৰে ভৰি পৰিল, কিন্তু নাটকৰ পৰিসমাপ্তিত যেন অলপ খালি থাকি গ’ল!

মূল সাধুটোক পৰিচালকে আখৰে আখৰে অনুকৰণ কৰা নাই। ইয়াত বাঘ, ম’হ, কাউৰীৰ চৰিত্ৰ নাই, মানুহহে আছে। সেইদৰে কিছুমান অতিৰিক্ত চৰিত্ৰও সন্নিৱিষ্ট কৰা হৈছে (যেনে- পৰী)। আৰম্ভণিতে বাঁৰী-কোঁৱৰৰ “জীৱনৰ দৌৰ” বোধকৰোঁ পৰিচালকৰ “দৌৰ” শীৰ্ষক লেখাসমূহৰ পৰা অনুপ্ৰাণিত (ভগ্নাংশ নিৰ্মাণ ব্লগ দ্ৰষ্টব্য)। থুলমুলকৈ ক’বলৈ গ’লে বাঁৰী-কোঁৱৰে অ’ত-ত’ত ঠেকা-খুন্দা খাই বহু দূৰৰ এখন ঠাইলৈ যায়। ইফালে জনজাতীয় গাঁওখনৰ পুৰোহিতে ভৱিষ্যদ্বাণী কৰে যে এজন দেৱতাৰ আগমণত সমস্যাজৰ্জৰ ঠাইখন নদন-বদন হৈ উঠিব। নানা কাণ্ডৰ অন্তত বাঁৰী-কোঁৱৰে সেই গাঁৱতে থিতাপি লয়। গাঁৱৰ মুখীয়ালে কোঁৱৰক এটা ৰণ-শিঙা আৰু এটা খং-শিঙা দিয়ে। এজন নতুন নেতাৰ উত্থানত সেই দেশৰ ৰজা ভয় খাই কোঁৱৰক বন্দী কৰিবলৈ সৈন্য পঠিয়ায়। সৈন্যই ৰণ-শিঙাতো আগতেই হাত কৰাত কোঁৱৰ বন্দী হয়। জনজাতীয় প্ৰজাসকলে বিদ্ৰোহ কৰে। শেষত কোঁৱৰে প্ৰজাক বুজাই-বঢ়াই ঘূৰাই পঠিওৱাত ৰজাই আধা ৰাজ্য দি জীয়েকক কোঁৱৰলৈ বিয়া দিয়ে। মূল সাধুত থকা ছিগা চুলিৰ নিচিনা ল’ৰামতীয়া কথা পৰিহাৰ কৰি পৰিচালকে সমসাময়িক ৰাজনৈতিক ঘটনাৱলী ফুটাই তুলিবলৈ চেষ্টা কৰিছে। নাটকখন সৰলৰৈখিকো হ’ব পাৰিলেহেঁতেন, কিন্তু তেতিয়া নাটকখনৰ ফৰ্মেই সলনি হ’লহেঁতেন। প্ৰধান কাহিনীলৈ আগ বাঢ়োঁতে পলম হোৱা যেন লাগিল। কিছুমান অতিৰিক্ত দৃশ্যৰ সংযোজনাই এখন “নাটকৰ পৃথিৱী” সুন্দৰকৈ দেখুৱালেও গতি ব্যাহত কৰিলে।

ইৰিকতি মিৰিকতিত props ৰ ব্যৱহাৰ ভাল লাগিল (দায়িত্বত ভাস্কৰ বৰুৱা আৰু ৰিপম ভৰদ্বাজ)। গছ, পানী, জুই আদি সুন্দৰকৈ দেখুওৱা হৈছে। হলিউডৰ ছবিত অভ্যস্ত কোনো লোকৰ বাবে এয়া ল’ৰা-ধেমালি যেন লাগিব পাৰে, পাছে নাটকৰ সৌন্দৰ্য ফুটাই তুলিবলৈ এইবোৰৰ বুদ্ধিদীপ্ত প্ৰয়োগ অপৰিহাৰ্য। পোছাকৰ কথা পাৰদৰ্শী লোকসকলে ভালকৈ ক’ব পাৰিব, কিন্তু মই কোনো অসন্তোষৰ থল নেদেখিলোঁ (দায়িত্বত জোনমণি গগৈ)। পোহৰ প্ৰক্ষেপণক লৈ সেই দায়িত্ব পালন কৰা পৰিচালকে নাটকৰ শেষত অসন্তুষ্ট ব্যক্ত কৰিলে। দুটামান দৃশ্যত পোহৰ কম হোৱাৰ বাহিৰে মই আন কথালৈ মন নিদিলোঁ (দ্বিতীয় পৰিচ্ছেদ পঢ়ক!)। চৰিত্ৰসমূহে গোটেই মঞ্চখনক ব্যৱহাৰ কৰাত কাৰ্পণ্য কৰা নাই। প্ৰবীণ কুমাৰ শইকীয়া আৰু ৰশ্মিৰেখা শইকীয়াৰ সংগীত সংযোজনাই যে নাটকখনকৰ উপভোগ্যতাক বঢ়াই তুলিছে সেয়া নক’লে দোষে চুব। এইখিনি কথা ইমানতে থ’লোঁ। অচিন সাগৰত জাঁপ মাৰিবলৈ ভয়!

নাটকত বাঁৰী-কোঁৱৰৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে ৰিপম ভৰদ্বাজে। কেও কিছু নোহোৱা এজন সৰল মানুহৰ জীৱন পৰিক্ৰমাক বৰাই নিজৰ অভিব্যক্তি, আচহুৱা মাত, আৰু ভাগৰি নপৰা কৰ্ম-কাণ্ডৰে বিশ্বাসযোগ্য কৰি তুলিছে। বিশেষকৈ ধেমালিৰ দৃশ্যবোৰত তেখেতৰ দুষ্টামি ভৰা চকু-মুখে দৃশ্যবোৰ প্ৰাণৱন্ত কৰিছে। সহ-শিল্পীসকলৰো অভিনয় যথাযথ। ইয়াৰ মাজত কণমানি আশ্ৰমিকাৰ প্ৰশংসা নকৰি নোৱাৰোঁ। ৰজাৰ তিৰোতামতীয়া আচৰণ গিমিক যেন লাগিলেও দৰ্শকক হাঁহিৰ খোৰাক দিয়াত এইকণ সালসলনি সফল। নাটকখনৰ এটা আকৰ্ষণীয় দিশ হৈছে অৰ্থহীন ভাষাৰ (gibberish) প্ৰয়োগ। অসমীয়া সংলাপ খুব কমেই আছে। কেৱল মান্য ভাষা হিচাপেহে শেষৰফালে “ধনী শ্ৰেণী”টোৰ মুখত অসমীয়া ভাষা দিয়া হৈছে। মোৰ বাবে এইটো কৌশল নতুন।
নাটকখনৰ সমাপ্তি খৰধৰকৈ কৰা যেন বোধ হ’ল। বাৰী-কোঁৱৰক বশ কৰি ৰজাৰ আনন্দ বেজবৰুৱাৰ কাহিনীতকৈ নাটকত স্পষ্ট। ক্লাইমেক্সত এক নাটকীয় আৰোহণ আশা কৰি আছিলোঁ। শেষ হওঁতে “শেষ হ’ল জানো” ভাৱ এটা নহা নহয়। সাহিত্যিক আৰু পৰিৱেশ্য মূল্যৰ ফালৰ পৰা ইৰিকতি মিৰিকতিয়ে নাট্যপ্ৰেমীক সন্তোষ দিব বুলি আশা কৰিলোঁ। মৃণাল দাই ইতিধ্যে বহু ঠাইত আন নাটক মঞ্চস্থ কৰি সুনাম অৰ্জন কৰিছে। এই নাটকখনৰ বাবেও তেখেতক ধন্যবাদ আৰু লগতে শুভেচ্ছা জনালোঁ।


(নাটকৰ ইউটিউব লিংক: https://www.youtube.com/watch?v=lfCz1jTgbSE

 ফেইচবুকত নাটকৰ কেইখনমান ছবি)