November 15, 2011 | By: গীতাৰ্থ বৰদলৈ

কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব?

সম্প্ৰতি গোটেই বিশ্বতে ইণ্টাৰনেটত আঞ্চলিক ভাষাৰ প্ৰচাৰে বিশেষ গুৰুত্ব লাভ কৰিছে। এই ক্ষেত্ৰত অসমীয়া ভাষা যথেষ্ট পিছ পৰি ৰোৱা দেখা গৈছে। কিছুমান কাৰিকৰী সমস্যাৰ বাবেও এনে হ'ব পাৰে যদিও বেছিভাগ ক্ষেত্ৰতে অসমীয়াৰ মানুহৰ এলাহ আৰু আওকণীয়া মনোভাৱেই প্ৰধান সমস্যা। গতিকে গুগলত অসমীয়াত কিবা এটা বিচাৰিলে বেছিভাগ বাংলা সমলহে পোৱা যায়, গুগল বা ফে'চবুক অসমীয়াত উপলব্ধ হোৱা নাই, অসমীয়া ৱিকিপিডিয়াৰ অৱস্থাও পুতৌজনক ইত্যাদি ইত্যাদি। সম্প্ৰতি কিছুমান মানুহে ইয়াৰ শুধৰণিৰ বাবে ফে'চবুকত আনক অসমীয়া টাইপিঙৰ বাবে উত্‍সাহিত কৰি বা বাহিৰত কৰ্মশালা পাতি সত্‍ প্ৰচেষ্টা হাতত লৈছে।

কম্পিউটাৰত অসমীয়া লিখিবলৈ কোনো বিশেষ কাৰিকৰী জ্ঞানৰ প্ৰয়োজন নাই। আপুনি যদি কাগজত লিখিব জানে, দুদিনমান অভ্যাস কৰিলে কম্পিউটাৰতো পাৰিব। ন-শিকাৰুসকলে ফ'নেটিক টাইপিং সজুঁলি ব্যৱহাৰ কৰি ভাল পাব কাৰণ এইবোৰত "অসমীয়া" লিখিবলৈ asameeyaa বা axamIyA ৰ দৰে টাইপ কৰিলেই হ'ল। উপযুক্ত টাইপিং সজুঁলি ব্যৱহাৰ কৰি আপুনি মাইক্ৰ'ছফ্ট ৱৰ্ড, পাৱাৰপইণ্ট, পেইণ্ট আদিত লিখাৰ উপৰিও পোনপটীয়াকৈ ফে'চবুক বা ই-মেইলত লিখিব পাৰিব আৰু পি.ডি.এফ. ফাইলো প্ৰস্তুত কৰিব পাৰিব। অভিজ্ঞ ব্যৱহাৰকাৰীৰ বাবে ইন্‌স্ক্ৰিপ্ট কী-ব'ৰ্ডো উপলব্ধ।

কম্পিউটাৰ বা ইণ্টাৰনেটত অসমীয়া লিখিবলৈ আৰু দেখিবলৈ থকা উপায়ৰ মাজত ইউনিক'ড মান অতি গুৰুত্বপূৰ্ণ। বিশ্বৰ বিভিন্ন ভাষা ইলেক্ট্ৰনিক মাধ্যমত প্ৰকাশ কৰিবলৈ ই এক জনপ্ৰিয় পদ্ধতি। ইউনিক'ড ভিত্তিক ভাষাৰ সজুঁলিবোৰৰ ব্যৱহাৰ লাহে লাহে চাইবাৰ বিশ্বত বাঢ়ি আহিছে। গতিকে ইয়াতো ইউনিক'ড মান ব্যৱহাৰ কৰা লিখন সজুঁলি কেইবিধমান উল্লেখ কৰিলোঁ।

১) মাইক্ৰ'ছফ্ট ইণ্ডিক ইন্‌পুট ২ (Indic Input 2): ব্যৱহাৰ কৰিবলৈ অতি সহজ। ইনষ্টল কৰাৰ পিছত ইন্‌ষ্টলেছন ফ'ল্ডাৰত থকা পি.ডি.এফ. ফাইলটো পঢ়িলেই সবিশেষ গম পাব।
http://bhashaindia.com/Downloads/Pages/Home.aspx

Windows vista বা Windows 7   32 bit version বা Windows XP, vista আৰু 7 64 bit versionৰ বাবে ইণ্ডিক ইনপুট ২ উপযুক্ত। ফ'নেটিকৰ লগতে ইয়াত ইন্‌স্ক্ৰিপ্ট আৰু টাইপ্‌ৰাইটাৰ স্কিমৰো সুবিধা আছে।

২) অভ্ৰ (Avro): আন এটা জনপ্ৰিয় সজুঁলি। বাংলাৰ বাবেহে প্ৰথমে বেছি ভাল যদিও কাষ্ট'মাইজ কৰি ল'লে অসমীয়াৰ বাবেও কোনো সমস্যা নাই।
http://www.omicronlab.com/avro-keyboard.html

পৰম্পৰাগত অভ্ৰতকৈ তাৰ লগতে থকা "বৰ্ণনা" নামৰ কী-ব'ৰ্ডখন ব্যৱহাৰ কৰি অসমীয়া লিখিবলৈ ভাল পাব। অলপ জনা হোৱাৰ পিছত কী-বোৰ নিজৰ সুবিধা মতে সজাই ল'বও পাৰিব।

৩) বৰহ (Baraha): এইখন আন এখন ফ'নেটিক কীব'ৰ্ড, ইণ্ডিক ইন্‌পুটৰ লগত ইয়াৰ ভালেখিনি মিল আছে। বৰহৰ নতুন বিনামূলীয়া সংস্কৰণত বেছিসময় একেৰাহে টাইপ কৰিব নোৱাৰি।
http://www.baraha.com/ (নতুন সংস্কৰণ)
http://www.mediafire.com/?pcxgu76tuiq6q (পুৰণি সংস্কৰণৰ বাবে)

অভ্ৰ আৰু বৰহ কীব'ৰ্ড ইন্‌ষ্টল আৰু টাইপিঙৰ উপযোগী কৰাৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক কৰক
"বৰহ" ব্যৱহাৰ কৰি অসমীয়া লিখাৰ বিষয়ে সবিশেষ জানিবলৈ এই লিংকটোৰ পৰা পি.ডি.এফ. ফাইলটোও ডাউনল'ড কৰি ল'ব পাৰে।

৪) শব্দ ফ'নেটিক কী ব'ৰ্ড (Xobdo KB): কম key (এলেহুৱা ? :P) টিপিবলৈ ভাল পোৱা সকলৰ বাবে।
http://learn.xobdo.org/unicode/xobdo-kb

বিভিন্ন অ'পাৰেটং চীষ্টেমৰ বাবে কী-ব'ৰ্ড লে'-আউট সেই ৱেবচাইটতে দিয়া আছে। শব্দ কী-ব'ৰ্ডেৰে ৱিণ্ড'জৰ উপৰিও মেকিণ্ট'চত লিখিব পৰা সুবিধাও আছে।

৫) শব্দলিপি ইউনিক'ড(Sabdalipi): এটা ফ'নেটিক টাইপিং সঁজুলি। ডাউনল'ড কৰা ZIP ফাইলটোতে কীব'ৰ্ড লে'আউট আৰু টাইপিঙৰ নিয়ম দিয়া আছে।
http://www.tiassam.com/SabdalipiUni.html

৬) অন্বেষা টাইপিং সঁজুলিসমূহ (Anvesha): অন্বেষা নামৰ গোটটোৱে তিনিধৰণৰ টাইপিং সঁজুলি মুকলি কৰিছে- ছেমি-ফ'নেটিক কীব'ৰ্ড, ইন্‌স্ক্ৰিপ্ট কীব'ৰ্ড আৰু অনলাইন ফ'নেটিক কীব'ৰ্ড। তলৰ লিংকটোত এই সঁজুলিসমূহ পাব।
http://www.anvesha.co.in/unicode/unicode.html

৭) পূবেৰুণ (Puberun): ৰামধেনু, লিপ্অফিছ আদিত অভ্যস্তসকলৰ বাবে সাজি উলিওৱা এখন কীব'ৰ্ড। 'ৰামধেনু' কী-ব'ৰ্ডৰ লগত ইয়াৰ ৯০% মিল আছে। ন-শিকাৰুৰ বাবে বৰ সুবিধাজনক নহয়।

অনলাইন কীব'ৰ্ডখন তলৰ সংযোগটোৰ পৰা ব্যৱহাৰ কৰিব পাৰিব।
http://kuhipat.org/puberun/

কম্পিউটাৰত অসমীয়া ফ'ণ্ট স্থাপনৰ উপায়
ৱিণ্ড'জ ৭ অ'পাৰেটিং প্ৰণালী থকা কম্পিউটাৰত অসমীয়া আখৰ দেখাত একো অসুবিধা নহয়। ৱিণ্ড'জ XPত অসমীয়া আখৰ দেখা কৰিবলৈ এই লিংকৰ পৰা কালপুৰুষ নাইবা ছিয়াম ৰূপালী ফ'ণ্ট ডাউনল'ড কৰক আৰু ইন্‌ষ্টল কৰক (বা আপোনাৰ ছীষ্টেমৰ Fonts নামৰ ফ'ল্ডাৰটোলৈ কপী কৰক)। ৱিণ্ড'জ ৭ত আগৰেপৰা থকা Vrinda ফ'ণ্টটোৰে যদি অসমীয়া আখৰ চাবলৈ বেয়া পাইছে, তেতিয়াও ওপৰত লিখা যিকোনো এটা ফ'ণ্ট ইন্‌ষ্টল কৰি ল'ব পাৰে।

কেতিয়াবা কিছুমান ৱেবছাইটত অসমীয়া আখৰবোৰৰ মাত্ৰা ওলট-পালট দেখিব পাৰে, যেনে "মেকুৰী" শব্দটোত এ-কাৰডাল 'ম'ৰ পিছলৈ গুছি যায়। তেতিয়া ছীষ্টেমৰ Fonts ফ'ল্ডাৰটোৰ পৰা ARIALUNI (নামটো অলপ বেলেগো হ'ব পাৰে, প্ৰায় 22 MB আকাৰৰ এটা ফ'ণ্ট) ফ'ণ্টটো ডিলিট কৰিব লাগিব। ছীষ্টেম ফ'ণ্ট ডিলিট কৰাৰ অনুমতি নাপালে এই ভিডিঅ'টোৰ সহায় লওক।


পঢ়ি ভাল পালে ৰাইজক জনাওক!

2 comments:

Pankaj said...

ইয়াৰ লগত Assamese unicode font ক'ৰ পৰা কেনেকৈ ডাউনলোদ কৰি সংস্থাপন কৰিব পাৰি লিখি দিলে সৰ্বাংগসুন্দৰ হৈ পৰিব !

গীতাৰ্থ বৰদলৈ said...

বাৰু। সেইখিনি কথাও ভৰাই দিম। ধন্যবাদ।