ইংৰাজীৰ ‘Medicine’ শব্দটো মধ্যযুগীয় ৰূপ ‘Medicin’ হিচাপে দ্বাদশ-ত্ৰয়োদশ শতিকাত প্ৰথম ব্যৱহাৰ হৈছিল। এইটোৰ মূল লেটিন ভাষাৰ medicīna যাৰ অৰ্থ the art of healing বা আৰোগ্য লাভৰ কলা। আধুনিক বিজ্ঞানৰ প্ৰধান শাখা এটাক পূৰ্বে কলা বোলাটো মন কৰিবলগীয়া। সংস্কৃত প্ৰতিশব্দ ‘চিকিৎসা’ মূল শব্দ ‘কিত্'-ৰ পৰা আহিছে যাৰ অৰ্থ আঁতৰাই দিয়া বা নিৰ্মূল কৰা। বৰ্তমান কালত চিকিৎসা শব্দটোৱে ৰোগৰ প্ৰতিৰোধ, পৰীক্ষা-নিৰীক্ষাৰে ৰোগ নিৰ্ণয়, ঔষধ প্ৰয়োগ আদি আটাইবোৰ দিশ সামৰি লৈছে। আন আন দেশৰ দৰে আজি ভাৰততো এলোপেথিক চিকিৎসা শীৰ্ষস্থানীয় চিকিৎসা পদ্ধতি। গৱেষণা আৰু উদ্ভাৱনাৰে সময়ৰ সৈতে নিজকে পৰিৱৰ্তিত আৰু ক্ৰমাৎ নিমজ কৰি অনা এই চিকিৎসা পদ্ধতিৰ লগত পৰম্পৰাগত চিকিৎসা পদ্ধতিসমূহে তাল মিলাবলৈ চেষ্টা কৰিছে আৰু কোনোক্ষেত্ৰত সমান্তৰালভাৱে অৱস্থান কৰিছে। ভাৰতত চিকিৎসা বিজ্ঞানৰ ভেঁটি হঠাতে গঢ় লৈ উঠা নাই। ইয়াৰ ইতিহাস প্ৰাচীন প্ৰজ্ঞা, গভীৰ অন্তৰ্দৃষ্টি আৰু কেইবা সহস্ৰাব্দৰ ধাৰাবাহিক বিৱৰ্তনেৰে সমৃদ্ধ। প্ৰাক্-বৈদিক যুগৰে পৰা ভাৰতীয় উপমহাদেশত এই বিষয়ক গুৰুত্ব দিয়াৰ প্ৰমাণ পোৱা যায়।
প্ৰাচীন ভাৰতত চিকিৎসা বিজ্ঞানৰ চৰ্চা সামগ্ৰিকভাৱে আধ্যাত্মিক আৰু দাৰ্শনিক বিশ্বাসৰ সৈতে গভীৰভাৱে জড়িত আছিল। হৰপ্পা আৰু মহেঞ্জোদাৰোৰ খননে আমাক খ্ৰীষ্টপূৰ্ব ৩০০০-১৫০০ বছৰৰ আগৰ সিন্ধু সভ্যতাৰ সম্ভেদ দি চমৎকৃত কৰিছিল। খননত আৱিষ্কৃত মহেঞ্জোদাৰো নগৰত থকা গা-ধোৱা ঘৰ, পানীৰ যোগান আৰু বিস্তৃত নলাসমূহে পৰিচ্ছন্নতা আৰু স্বাস্থ্যৰ ইতিহাসক সুন্দৰকৈ প্ৰতিষ্ঠা কৰে। শিলাজিৎ, হৰিণাৰ শিং, কাটল্ফিছ আদিৰ অৱশেষ পোৱালৈ চাই সিন্ধু সভ্যতাত এই পদাৰ্থবোৰ ঔষধ হিচাপে ব্যৱহাৰ হৈছিল বুলি অনুমান কৰিব পাৰি কাৰণ আধুনিক যুগতো এইবোৰৰ প্ৰচলন আছে। মেছপটেমিয়া সভ্যতাৰ লগত এই সভ্যতাৰ সংস্পৰ্শত চিকিৎসা বিদ্যাৰ পৰম্পৰাৰ বিকাশ ঘটে বুলি কোনো কোনোৱে মত প্ৰকাশ কৰে। প্ৰাক- বৈদিক যুগত অৱশ্যে চিকিৎসাৰ বাবে ঔষধতকৈ মন্ত্ৰৰ প্ৰচলনহে অধিক আছিল।
বৈদিক যুগত ভাৰতত আয়ুৰ্বেদৰ উন্মেষ ঘটে। ই শৰীৰ তন্ত্ৰত ভাৰসাম্য আৰু প্ৰকৃতিৰ সৈতে সুষম জীৱন যাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰা চিকিৎসা বিজ্ঞানৰ ভাগ। শাস্ত্ৰৰ মতে ব্ৰহ্মাই প্ৰথমে দক্ষ প্ৰজাপতিক আয়ুৰ্বেদৰ জ্ঞান প্ৰদান কৰে; দক্ষই সেয়া অশ্বিনক দিয়ে আৰু অশ্বিনে দিয়ে ইন্দ্ৰক। ইন্দ্ৰৰ পৰা ধন্বন্তৰীলৈ এই জ্ঞানৰ হস্তান্তৰ হয়। শাস্ত্ৰত ৰুদ্ৰক প্ৰথম ঐশ্বৰিক বৈদ্য বুলি অভিহিত কৰা হৈছে। ঋগ্বেদত অশ্বিনদ্বয়ৰ শল্যচিকিৎসাকে ধৰি সকলো বিস্ময়কৰ কাৰ্যৰ উল্লেখে তেওঁলোকৰ দেৱতাসকলৰ চিকিৎসকৰ স্থান দিছে। সেই কালত পূজা-পাতল আৰু ঔষধ এই দুইপ্ৰকাৰেৰে বিভিন্ন ৰোগৰ চিকিৎসা কৰা হৈছিল। লাহে লাহে চিকিৎসাৰ বাবে মন্ত্ৰতকৈ ঔষধৰ ব্যৱহাৰ বাঢ়ি আহে আৰু অথৰ্ববেদত ৰোগ আৰু ঔষধৰ বৰ্ধিত সংখ্যালৈ চালে চিকিৎসাৰ দিশৰ বিকাশৰ উমান পাব পাৰি। বৈদিক যুগত মানৱ শৰীৰৰ জ্ঞানো ভালেমান আগবাঢ়িছিল। মস্তিষ্ক, হৃদয়, প্লীহা, ক্লোম, ধমনী, স্নায়ু আদিৰ উল্লেখ এই ক্ষেত্ৰত মন কৰিবলগীয়া। ঋগ্বেদ আৰু পাছৰ শাস্ত্ৰসমূহত উদ্ভিদৰ বিস্তৃত বিৱৰণ আৰু শ্ৰেণীবিভাজন থকাৰ লগতে ঔষধ হিচাপে ব্যৱহাৰৰ উল্লেখ আছে। আন আন চিকিৎসাৰ লগতে ইয়াত স্ত্ৰী আৰু প্ৰসূতি ৰোগৰো বিৱৰণ আছে। সেই কালত পৰিবেশ শুদ্ধ কৰিবলৈ আৰু মহামাৰী ৰোধ কৰিবলৈ ঘাইকৈ ঋতুসন্ধিত যজ্ঞৰ আয়োজন কৰা হৈছিল।
উত্তৰ-বৈদিক যুগতো চিকিৎসা বিজ্ঞানৰ যাত্ৰা অব্যাহত থাকে। ৰামায়ণত উল্লেখিত বৈদ্য সুষেনে ৰাম, লক্ষ্মণ আৰু সৈন্যসকলক আৰোগ্য কৰিবলৈ মৃতসঞ্জীৱনী, বিষল্যকৰণী, সন্ধানী আদি ঔষধি গছৰ ব্যৱহাৰ কৰিছিল। সেইদৰে মহাভাৰততো প্ৰায় অলৌকিক চিকিৎসা পদ্ধতি আৰু ঔষধৰ উল্লেখ আছে। পৌৰাণিক গ্ৰন্থ আৰু মহাকাব্যৰ মাজত শিপাই থকা ধন্বন্তৰীৰ নাম চিকিৎসাৰ দিশত প্ৰাতঃস্মৰণীয়। তেওঁ ভাৰতীয় উপমহাদেশত সংগঠিত চিকিৎসা জ্ঞানৰ সূচনাৰ প্ৰতীক। পুৰাণৰ দৰে প্ৰাচীন ভাৰতীয় গ্ৰন্থসমূহত বহুলভাৱে ধন্বন্তৰীৰ উল্লেখ আছে। তেওঁক দেৱতাৰ চিকিৎসক আৰু আয়ুৰ্বেদৰ ঐশ্বৰিক প্ৰচাৰক হিচাপে অভিহিত হয়। কিংবদন্তি অনুসৰি ধন্বন্তৰীয়ে এহাতত অমৃতৰ পাত্ৰ আৰু আনখন হাতত আয়ুৰ্বেদৰ পবিত্ৰ গ্ৰন্থ লৈ সমুদ্ৰ মন্থন মন্থন কৰাৰ সময়তে আৱিৰ্ভাৱ হোৱা আয়ুৰ্বেদে (সংস্কৃতত আয়ুৰ অৰ্থ জীৱন আৰু বেদৰ অৰ্থ জ্ঞান বা বিজ্ঞান) স্বাস্থ্য, ৰোগ আৰু চিকিৎসা পদ্ধতিৰ বিষয়ে ব্যাপক ধাৰণা সামৰি লৈছে।
খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকামানত আত্ৰেয় ঋষি আৰু তেওঁৰ শিষ্য অগ্নিবেশ, জেতুকৰ্ণ, ভেল আদিয়ে আয়ুৰ্বেদৰ প্ৰসাৰত প্ৰভুত বৰঙনি আগবঢ়ায়। বৌদ্ধধৰ্মীয় গ্ৰন্থ ‘ত্ৰিপিটক’ত আয়ুৰ্বেদৰ পোনপটীয়া উল্লেখ নাই যদিও গৌতম বুদ্ধৰ আৱিৰ্ভাৱৰ আগতেই আয়ুৰ্বেদৰ উত্থান হৈছিল বাবে প্ৰায় সেইসমূহ তত্বই অলপ বেলেগকৈ তাত উল্লেখ কৰা হৈছে। আন গ্ৰন্থসমূহতো বৌদ্ধ ভিক্ষুসকলৰ পৰিচ্ছন্নতা আৰু অনাময় বিধিসমূহৰ বিৱৰণ আছে। বৌদ্ধ বিহাৰ আৰু মহাবিহাৰসমূহত চিকিৎসা এক জনপ্ৰিয় শিক্ষাৰ বিষয় আছিল। গান্ধাৰৰ তক্ষশিলা বিশ্ববিদ্যালয়ত আত্ৰেয়ই চিকিৎসাশাস্ত্ৰ পঢ়োৱাৰ লগতে জীৱকে তাত কায়চিকিৎসা আৰু শল্যচিকিৎসাৰ প্ৰশিক্ষণ লৈছিল বুলি বিভিন্ন উৎসই উল্লেখ কৰে। বিম্বিসাৰ, অশোক, কনিষ্ক আদি সম্ৰাটৰ ৰাজত্বকালত সৰ্বসাধাৰণৰ বাবে বহু সংখ্যক চিকিৎসালয় স্থাপন কৰা হৈছিল আৰু ভাৰতীয় চিকিৎসা পদ্ধতিৰ জ্ঞানো দূৰ দূৰণিলৈ বিয়পি পৰিছিল। পাছলৈ বুদ্ধধৰ্মীয় তন্ত্ৰ আৰু বজ্ৰযানৰ প্ৰসাৰকালত বিকশিত ‘ৰসশাস্ত্ৰ’ই আয়ুৰ্বেদৰ নীতিসমূহৰ বিপৰীতে অইন এক ধাৰাৰ প্ৰচলন কৰিবলৈ ধৰে; কিন্তু শেষত ৰসশাস্ত্ৰও আয়ুৰ্বেদতে জীন যায়। জৈন ধৰ্মগ্ৰন্থসমূহতো অনাময় বিধিক অতিশয় গুৰুত্ব দিয়া হৈছিল আৰু ভিন্ন খাদ্যাভ্যাসৰ বাবে জৈন সাধুসকলে পৰম্পৰাগত ঔষধবোৰৰ উপাদানো সামান্য সলাই লৈছিল।
গুপ্ত যুগক (খ্ৰীষ্টপূৰ্ব চতুৰ্থৰ পৰা ষষ্ঠ শতিকা) ভাৰতীয় চিকিৎসা বিজ্ঞানৰ সোণালী যুগ বুলি গণ্য কৰা হয়, য'ত গণিত, জ্যোতিৰ্বিজ্ঞান, চিকিৎসা বিজ্ঞানকে ধৰি বিভিন্ন ক্ষেত্ৰই অগ্ৰগতি লাভ কৰিছিল। এই সময়ছোৱাত চৰক, সুশ্ৰুত, বাগভট আদি পণ্ডিতসকলে চিকিৎসাৰ জ্ঞানত গভীৰ অৱদান আগবঢ়াইছিল। আয়ুৰ্বেদৰ মূল গ্ৰন্থ চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা প্ৰাচীন ঋষি ক্ৰমে চৰক আৰু সুশ্ৰুতে এই কালতে ৰচনা কৰিছিল। এই গ্ৰন্থসমূহে শৰীৰৰচনা (Anatomy), শৰীৰতত্ব (Physiology), ঔষধবিজ্ঞান (Pharmacology), অস্ত্ৰোপচাৰ (Surgery) আৰু চিকিৎসাৰ নীতিসমূহ সংহত কৰি পৰম্পৰাগত ভাৰতীয় চিকিৎসা বিজ্ঞানৰ ভিত্তি গঠন কৰে। আয়ুৰ্বেদিক চিকিৎসকসকলে নাড়ী পৰীক্ষা, পৰ্যবেক্ষণ, আৰু ৰোগীৰ বিশদ ইতিহাসৰ জৰিয়তে ৰোগ নিৰ্ণয় কৰিছিল। চিকিৎসাৰ ক্ষেত্ৰত প্ৰায়ে বনৌষধি ঔষধ, খাদ্যৰ সালসলনি, যোগাসন আৰু শৰীৰৰ ভাৰসাম্য আৰু সমন্বয় ঘূৰাই আনিবলৈ ধ্যান আদি কাম কৰা হৈছিল। অস্ত্ৰোপচাৰৰ পিতৃ বুলি অভিহিত সুশ্ৰুতই তেওঁৰ গ্ৰন্থ ‘সুশ্ৰুত সংহিতা’ৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। এই প্ৰাচীন গ্ৰন্থখনত ৰাইন’প্লাষ্টি (নাকৰ পুনৰ্গঠনৰ অস্ত্ৰোপচাৰ), লিথ’টমী (প্ৰস্ৰাৱৰ পাথৰ আঁতৰোৱা), আৰু অস্ত্ৰোপচাৰৰ যন্ত্ৰৰ ব্যৱহাৰ আদি কৌশল বৰ্ণনা কৰা হৈছে। গ্ৰন্থখনৰ ১৮৬ টা অধ্যায়ত ১১২০ বিধ ৰোগ, ৭০০ ঔষধি উদ্ভিদ, ৬৪ টা খনিজ উৎসৰ প্ৰস্তুতি আৰু ৫৭টা জান্তৱ উৎসৰ প্ৰস্তুতিৰ বিৱৰণ আছে। শৰীৰৰ অংগ আৰু তন্ত্ৰৰ বৰ্ণনাকে ধৰি সুশ্ৰুতৰ বিশদ শাৰীৰিক জ্ঞানে মানৱ শৰীৰতত্বৰ আধুনিক বুজন প্ৰদৰ্শন কৰিছিল। চৰক সংহিতাই ৰোগ নিৰ্ণয়, ৰোগতত্ব আৰু ঔষধবিজ্ঞানৰ নীতিসমূহ বিস্তাৰ কৰি প্ৰতিৰোধমূলক আৰু চিকিৎসামূলক স্বাস্থ্যসেৱাৰ বাবে নিৰ্দেশনা নিৰ্ধাৰণ কৰিছিল। নাগাৰ্জুনে পাতনৰ প্ৰক্ৰিয়াআৰু বীজাণুনাশকৰ ব্যৱহাৰ আৱিষ্কাৰ কৰিছিল। সেই কালতে আয়ুৰ্বেদিক জ্ঞান সংৰক্ষণ কৰি ভৱিষ্যত প্ৰজন্মক শিক্ষণ দিয়া বিশেষ চিকিৎসালয় আৰু শিক্ষণ কেন্দ্ৰও প্ৰতিষ্ঠা কৰা হয়। এই প্ৰতিষ্ঠানসমূহে অভিজ্ঞতাভিত্তিক গৱেষণা, নিদানিক পৰ্যবেক্ষণ আৰু বিদ্বান পাঠৰ সংস্কৃতি গঢ়ি তুলিছিল যিয়ে ভাৰতীয় চিকিৎসা বিজ্ঞানক গোলকীয় স্তৰলৈ উন্নীত কৰিছিল।
আয়ুৰ্বেদৰ উত্থানত চৰক আৰু সুশ্ৰুতৰ পাছৰ কালৰ বাগভটে ৰচনা কৰা ‘অষ্টাংগসংগ্ৰহ’ আৰু ‘অষ্টাংগহৃদয়সংগ্ৰহ’ৰ ভূমিকাও উল্লেখযোগ্য। হৰ্ষবৰ্দ্ধনৰ ৰাজত্ব কালত অহা চীনা পৰিব্ৰাজক য়ুৱেনচাঙে নালন্দা বিশ্ববিদ্যালয়ত পাঁচবছৰ (৬২৯-৬৪০ খ্ৰীষ্টাব্দ) কটাইছিল আৰু তেওঁৰ টোকা মতে তাত পঢ়িবলগীয়া পাঁচটা বাধ্যতামূলক বিষয়ৰ ভিতৰত চিকিৎসাবিদ্যাও এটা। খ্ৰীষ্টিয় দশম শতিকাৰ ইৰাণী পণ্ডিত আল-বিৰুনিয়েও ভাৰতীয় চিকিৎসা প্ৰণালীৰ কথা কিছু লিখি গৈছে।
দ্ৰাৱিড়িয়ান উৎসৰ আৰু তামিল শাস্ত্ৰত পোৱা সিদ্ধ চিকিৎসা পদ্ধতিৰো পৰম্পৰা অতি পুৰণি। কিংবদন্তি অনুসৰি শিৱই এই চিকিৎসাৰ জ্ঞান পাৰ্ৱতীক দিয়ে; পাৰ্ৱতীৰ পৰা ক্ৰমে নন্দী আৰু নদীৰ পৰা সিদ্ধসকলে এই জ্ঞান লাভ কৰে। মন আৰু শৰীৰৰ সাধনাৰে ওঠৰগৰাকী লোকে সিদ্ধি লাভ কৰিছিল বাবে তেওঁলোকক সিদ্ধ বোলা হয়। এইদৰে যুগ যুগ ধৰি বিভিন্ন সংস্কৃতি আৰু সভ্যতাৰ সৈতে পাৰস্পৰিক ক্ৰিয়া-কলাপেৰে ভাৰতৰ চিকিৎসা পৰম্পৰাৰ বিকাশ ঘটিছিল। দশম শতিকাৰ পৰা ইছলামিক শাসনৰ আগমনে ভাৰতীয় চিকিৎসা বিজ্ঞানলৈ পাৰ্চী আৰু আৰবী প্ৰভাৱ আনে। ইবন চীনা আৰু আল-ৰাজীৰ দৰে পণ্ডিতে ইছলামীয় চিকিৎসা জ্ঞানৰ অনুবাদ আৰু ভাৰতীয় প্ৰেক্ষাপটত সন্নিবিষ্ট কৰাত অৰিহণা যোগাই আয়ুৰ্বেদিক আৰু ইউনানী (গ্ৰেকো-আৰবী) পৰম্পৰাক সমৃদ্ধ কৰি তুলিছিল।
প্ৰাচীন কালছোৱাত ভাৰতত চিকিৎসা জ্ঞানৰ ব্যাপ্তিৰ পৰিসৰ আন এটাৰ কথাৰ পৰা উমান পাব পাৰি। মানুহৰ লগে লগে পশু চিকিৎসা পদ্ধতিৰো নানা গ্ৰন্থ প্ৰণয়ন কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাৰ শালিহোত্ৰই ঘোঁৰাৰ ৰোগ আৰু প্ৰতিকাৰৰ বিষয়ে ৰচনা কৰা ‘হয় আয়ুৰ্বেদ’, ঋষি পালকাপ্যই হাতীৰ ৰোগৰ বিষয়ে ৰচনা কৰা ‘গজায়ুৰ্বেদ’ আদি এনে সময়ৰ মূল্যৱান গ্ৰন্থ। আনকি গছ-গছনিকো ‘বৃক্ষায়ুৰ্বেদ’ নামৰ শাখাৰ অধীনলৈ অনা হয়।
প্ৰাচীন কালৰ বা মধ্যযুগীয় সাধাৰণ অসমীয়া লোকৰ স্বাস্থ্য, ৰোগ বা চিকিৎসা সম্পৰ্কে বিশেষ তথ্য পাবলৈ নাই। আহোম ৰাজত্বকালৰ বুৰঞ্জীসমূহত ঠায়ে ঠায়ে অৱশ্যে শাসনকৰ্তাৰ ৰোগ আৰু অন্য তথ্যৰ উল্লেখ আছে। ১৬৬২ চনত মিৰজুমলাৰ লগত অহা ভ্ৰমণকাৰী চিহাবুদ্দিন তালিছে লিখি যোৱা অসম সম্পৰ্কীয় টোকাত আছে- “ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ অঞ্চলসমূহৰ বতৰে স্থানীয় লোকৰ ক্ষতি নকৰিলেও বিদেশীৰ কাৰণে ই অসহনীয় আছিল….শীত আৰু সেমেকা বতৰৰ ৰোগসমূহে স্থানীয় লোকতকৈ বিদেশীক বেছি আমনি কৰে আৰু আনহাতেদি জহৰ দিনৰ স্থানীয় লোকতকৈ বিদেশী লোকক পেটৰ অসুখ আদিয়ে বেছি কষ্ট দিয়ে। বংগদেশত সচৰাচৰ দেখা দিয়া কুষ্ঠ, ভৰি উখহা, ডিঙি উখহা নাইবা ছালৰ বেমাৰ এই ৰাজ্যত দেখা নাযায়।….” আহোম ৰাজত্বত ৰোগৰ পথ্য হিচাপে প্ৰথমে বনৌষধিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু এই কামৰ বাবে ‘বেজবৰুৱা’ নামৰ বিশেষ পদ সৃষ্টি কৰা হৈছিল। প্ৰথমে বৰাহী লোকক নিযুক্ত কৰা এই পদত পাছলৈ ব্ৰাহ্মণক দায়িত্ব দিয়া হয় আৰু চিকিৎসা পদ্ধতিও আয়ুৰ্বেদলৈ সলনি হয়। তেওঁলোকৰ অন্তিমজন ৰাজবৈদ্য আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱা। আহোম কালত থকা ‘ৰসেন্দ্ৰ বৰুৱা’ পদবীৰ মানুহৰ কাম আছিল আজিৰ ৰসায়নবিদ বা ফাৰ্মাচিষ্টৰ দৰে। বনৌষধি মিহলোৱা ঘৰুৱা মদ আৰু শুকতি বা শুকান মাছ সৰ্বসাধাৰণৰ স্বাস্থ্যৰক্ষাৰ বাবে প্ৰধান আহাৰ হিচাপে গণ্য কৰা হৈছিল। ডাকৰ বচনৰ দৰে লোকাচাৰ বা লোকবিশ্বাসো ৰোগ প্ৰতিৰোধ আৰু নিৰাময়ৰ এক প্ৰধান আহিলা আছিল। মিৰজুমলা ৰোগাক্ৰান্ত হৈ উভতি যাওঁতে কাজলি চকীত এজন ডাচ্চ্ চিকিৎসকে চিকিৎসা কৰিছিল। অসমৰ বুৰঞ্জীত বিদেশী চিকিৎসকৰ এয়েই প্ৰথম উল্লেখ। স্বৰ্গদেউ শিৱ সিংহৰ (১৭১৩-১৯৪৫) ৰাজত্বকালত সুকুমাৰ বৰকাইথে সংস্কৃত মূল ‘গজেন্দ্ৰ চিন্তামণি’ৰ পৰা অসমীয়া ভাঙনিৰে ৰচনা কৰা ‘হস্তীবিদ্যাৰ্ণৱ’ নামৰ পুথিখনত হাতীৰ ব্যৱস্থাপনা, ৰক্ষণাবেক্ষণ আৰু চিকিৎসাৰ বিষয়ে সচিত্ৰ বিৱৰণ আছে। আহোম ৰাজত্বকালতে ‘ঘোঁৰা নিদান’ নামৰ অন্য এখন মূল্যৱান পুথিও ৰচনা কৰা হৈছিল।
ঔপনিৱেশিক কালত ইউৰোপীয় শক্তিসমূহে ভাৰতত নিজৰ উপস্থিতি প্ৰতিষ্ঠা কৰাৰ সময়ত চিকিৎসা জ্ঞানৰ আদান-প্ৰদান অব্যাহত আছিল। ব্ৰিটিছ উপনিবেশিকৰণৰ ফলত পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ আধিপত্যক প্ৰত্যাহ্বান জনাই পশ্চিমীয়া চিকিৎসা আৰু জৈৱ চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তন ঘটে। এই সময়ছোৱাত থলুৱা আয়ুৰ্বেদিক পদ্ধতি আৰু এলোপেথিক চিকিৎসাৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ মাজত এক জটিল আন্তঃক্ৰিয়া ঘটি ভাৰতত আধুনিক স্বাস্থ্যসেৱাৰ ভেটি গঢ় লৈ উঠে। স্বাধীনতাৰ পিছৰ যুগত আয়ুৰ্বেদ, যোগ, প্ৰাকৃতিক চিকিৎসা, ইউনানি, সিদ্ধ, আৰু হ’মিঅ’পেথী (সামূহিকভাৱে আয়ুষ নামেৰে জনাজাত)কে ধৰি পৰম্পৰাগত ভাৰতীয় চিকিৎসা ব্যৱস্থাক পুনৰুজ্জীৱিত আৰু প্ৰচাৰৰ প্ৰতি নতুন আগ্ৰহ দেখা গৈছে। ভাৰত চৰকাৰে গৱেষণা, শিক্ষা, আৰু নীতিগত পদক্ষেপৰ জৰিয়তে এই ব্যৱস্থাসমূহক মূলসুঁতিৰ স্বাস্থ্যসেৱাত একত্ৰিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ আয়ুৰ্বেদে স্বাস্থ্য আৰু সুস্থতাৰ ক্ষেত্ৰত সামগ্ৰিক দৃষ্টিভংগীৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে।
ভাৰতত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাৰ দায়িত্ব বহন কৰে। এই মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বাস্থ্য ৰক্ষাৰ বাবে, গুৰুত্বপূৰ্ণ সংক্ৰামক আৰু অসংক্ৰামক ৰোগৰ ৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে আৰু গৱেষণাৰ বাবে বিভিন্ন কাৰ্য ৰূপায়ণ কৰে। এই কামবোৰৰ ভিতৰত আছে স্বাস্থ্য আৰু আনুষংগিক নীতিৰ প্ৰস্তুতি, ৰাজ্যসমূহক স্বাস্থ্য কাৰ্যসূচীৰ ৰূপায়ণৰ দিহা দিয়া, কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা স্বাস্থ্য আঁচনিবোৰৰ ব্যৱস্থাপনা, চিকিৎসা শিক্ষা, ঔষধ ইত্যাদিৰ নিয়ন্ত্ৰণ আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ নিশ্চিতকৰণ আদি। পূৰ্বে এই দপ্তৰত ‘স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ’আৰু ‘স্বাস্থ্য গৱেষণা বিভাগ’নামৰ দুটা বিভাগ আছিল। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ লগতে থকা ‘মুখ্য স্বাস্থ্য সঞ্চালকালয়’(Directorate General of Health Services)-এ চিকিৎসা আৰু ৰাজহুৱা স্বাস্থ্য সংক্ৰান্তীয় সকলো কথাত কাৰিকৰী উপদেশ দিয়া আৰু বিভিন্ন স্বাস্থ্য সেৱা ৰূপায়ণৰ কাম কৰে। ২০১৪ চনত AYUSH বিভাগক ‘আয়ুৰ্বেদ, যোগ আৰু প্ৰাকৃতিক চিকিৎসা, ইউনানি, সিদ্ধ আৰু হমিঅ’পেথী মন্ত্ৰালয়’ নাম দি এইসমূহ বিকল্প চিকিৎসা পদ্ধতিৰ শিক্ষা আৰু গৱেষণাত প্ৰাধান্য দিয়া হয়। ২০২১-২০২৪ কালছোৱাত সৰ্বানন্দ সোণোৱাল এই বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হৈ আছিল। ২০২১ চনত ভাৰতীয় চিকিৎসা কেন্দ্ৰীয় পৰিষদ অধিনিয়ম, ১৯৭০ বাতিল কৰি পুৰণি পৰিষদৰ ঠাইত ভাৰতীয় চিকিৎসা পদ্ধতিৰ কেন্দ্ৰীয় আয়োগ (National Commission for Indian System of Medicine) গঠন কৰা হয়।
বৰ্তমান ভাৰতৰ চৰকাৰী জনস্বাস্থ্য আঁচনিসমূহৰ অধিকাংশই “ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান” (National Health Mission, NHM)ৰ অন্তৰ্গত। দুৰ্বল জনস্বাস্থ্য সূচাংকৰ ১৮খন ৰাজ্যৰ লোকৰ স্বাস্থ্যসেৱাৰ বাবে ২০০৫ চনত প্ৰথমে ইয়াক National Rural Health Mission (NRHM) নামেৰে আৰম্ভ কৰা হৈছিল। ২০১৩চনতৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া স্বাস্থ্য অভিযানক একগোট কৰি ইয়াক নতুন নাম দিয়া হয়। স্বাস্থ্য প্ৰণালী শক্তিশালী কৰা, মাতৃ-শিশু-বয়ঃসন্ধি কালৰ স্বাস্থ্য সুৰক্ষা, সংক্ৰামক আৰু সংক্ৰামক ৰোগৰ নিয়ন্ত্ৰণ আদি এই অভিযানৰ উদ্দেশ্য। ৰোগৰ চিনাক্তকৰণ, চিকিৎসা আৰু প্ৰতিৰোধৰ বাবে বৰ্তমান প্ৰচলিত কেইখনমান আঁচনিৰ উদাহৰণ:- বিদ্যালয় স্বাস্থ্য আঁচনি (School Health Programme), অসংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ (Prevention and Control of Non Communicable Diseases), বধিৰতা প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী (National Programme for Prevention and Central of Deafness), সাৰ্বজনীন প্ৰতিষেধক কাৰ্যসূচী (Universal Immunization Programme), ৰাষ্ট্ৰীয় কৰ্কট ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী (National Cancer Control Programme), ৰাষ্ট্ৰীয় এইড্ছ নিয়ন্ত্ৰণ কাৰ্যসূচী (National AIDS Control Programme) ইত্যাদি।
চিকিৎসা প্ৰতিষ্ঠান
ভাৰতত প্ৰাচীন কালতে চিকিৎসা কেন্দ্ৰ স্থাপনৰ কথা জনা যায়। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত গৌতম বুদ্ধৰ কালতে দুখীয়া আৰু বিকলাংগসকলৰ বাবে চিকিৎসালয়ৰ ব্যৱস্থা আছিল। সম্ৰাট অশোকেও সুন্দৰ সুন্দৰ চিকিৎসালয় নিৰ্মাণ কৰিছিল বুলি ইতিহাসে উল্লেখ কৰে। গুপ্ত সাম্ৰাজ্যৰ কালত অহা চীনা পৰিব্ৰাজক ফাহিয়েনে পাটলিপুত্ৰত ৰাজকীয় সাহায্যৰ এখন চিকিৎসালয়ৰ কথা লিখি গৈছে।
আধুনিক যুগত পৰ্তুগীজসকলে ১৫১০ ৰ পৰা ১৫১৫ চনৰ ভিতৰত গোৱাত ৰয়েল হস্পিতেল প্ৰতিষ্ঠা কৰে আৰু পাছলৈ ৰোমান কেথলিকসকলে ইয়াত সাধাৰণ চিকিৎসা প্ৰশিক্ষণ আৰম্ভ কৰে। ১৮৪২ চনত ইয়াক ভেষজ বিজ্ঞান আৰু অস্ত্ৰোপচাৰৰ বিদ্যালয়লৈ উন্নীত কৰা হয়। আধুনিক চিকিৎসা পদ্ধতিক ভাৰতলৈ পৰ্তুগীসকলে আনিলেও ফৰাচী আৰু ব্ৰিটিছসকলেহে ক্ৰমে ১৬৬৪ আৰু ১৬৬৮ চনত প্ৰথম চিকিৎসালয় স্থাপন কৰে। ব্ৰিটিছ শাসনৰ লগে লগে স্থানীয় চৰকাৰসমূহেও জিলা স্তৰত স্বাস্থ্য কেন্দ্ৰ স্থাপনত গুৰুত্ব দিবলৈ লয়। ১৮৮৫ চনত ভাৰতত চিকিৎসা কেন্দ্ৰৰ সংখ্যা আছিল ১২৫০। স্বাধীনতাৰ আগে আগে ভাৰতত ১,১৩,০০০ বিচনাৰে ৭৪০০ খন চিকিৎসালয় আৰু ঔষধালয় আছিল।
ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতেই ১৯৪৩ চনত ভাৰতৰ জনস্বাস্থ্য ব্যৱস্থাৰ উন্নতি সাধন কৰাৰ বাবে আঁচনি যুগুতোৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ইংৰাজ আই চি এছ বিষয়া ছাৰ জোছেফ ভোৰৰ (Joseph William Bhore, ১৮৭৮-১৯৬০) অধ্যক্ষতাত গঠিত ভোৰ সমিতিক। ভোৰ সমিতিয়ে ১৯৪৬ চনত প্ৰতিবেদন দাখিল কৰে। এই সমিতিয়ে দিয়া পৰামৰ্শ অনুসৰি লগে লগেই কাম আৰম্ভ হোৱা নাছিল যদিও জনস্বাস্থ্য কাঠামো এই সমিতিৰ পৰামৰ্শ অনুসৰিয়েই সমগ্ৰ ভাৰতত গঢ়ি তোলা হৈছিল।
সমিতিৰ পৰামৰ্শ অনুসৰি আটাইতকৈ বুনিয়াদী চিকিৎসা সেৱা প্ৰতিষ্ঠানসমূহক বোলা হয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। প্ৰতি ৩০,০০০ জনসংখ্যাৰ বিপৰীতে (দুৰ্গম স্থানৰ ক্ষেত্ৰত প্ৰতি ২০,০০০ জনৰ বিপৰীতে) একোখনকৈ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, প্ৰতি ৮০,০০০-১,২০,০০০ জনসংখ্যাৰ বিপৰীতে একোখনকৈ সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত স্বাস্থ্য সহকাৰীৰ দ্বাৰা পৰিচালিত উপ-কেন্দ্ৰ। এই তিনি তৰপীয়া ব্যৱস্থাৰে ভাৰতৰ জনস্বাস্থ্য ব্যৱস্থা পৰিচালিত হয়। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত একোজন চিকিৎসক আৰু৪-৬ খন বিছনা, আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰসমূহত ৪ গৰাকী চিকিৎসক আৰু ৩০ খন বিছনা থাকে। ইয়াৰ উপৰি প্ৰতিখন জিলাত একোখনকৈ অসামৰিক চিকিৎসালয় আৰু ‘ৰেফাৰেল চেণ্টাৰ’ হিচাপে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়সমূহ আছে। জনবহুলতা বা অন্যান্য দিশলৈ লক্ষ্য ৰাখি অসমত কিছুমান সামূহিক স্বাস্থ্যকেন্দ্ৰক মহকুমা পৰ্যায়ৰ অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰা হৈছে। ইয়াৰ উপৰি মিনি প্ৰাইমেৰী কেন্দ্ৰ, ব্লক পৰ্যায়ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আদি কিছু সালসলনিৰে কিছুমান উপ-কেন্দ্ৰ বা উন্নত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ব্যৱস্থাও কৰা হৈছে।
ভোৰ সমিতিৰ পৰামৰ্শ অনুসৰি জনস্বাস্থ্য ব্যৱস্থাক এটা নিৰ্দিষ্ট কাঠামোৰ আধাৰত পৰিচালনা কৰাৰ আগলৈ ইংৰাজৰ দিনতে স্থাপন কৰা ডিছপেনছাৰি, দাতব্য খণ্ডৰ চিকিৎসালয় আৰু চৰকাৰী চিকিৎসালয়েই চিকিৎসা প্ৰদানৰ কাঠামো আছিল। লগতে চিকিৎসকে ব্যক্তিগত ক্লিনিকত চিকিৎসা দিয়া আৰু ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা দিয়াৰ ব্যৱস্থা বৰ্তি আছিল। ১৯৫২ চনত ভোৰ সমিতিৰ পৰামৰ্শক সাৰোগত কৰি বহু সীমাৱদ্ধতাৰে ভাৰতৰ জনস্বাস্থ্য ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হয়। ইয়াৰ লগে লগে অসমতো ডিছপেনছাৰি, স্বাস্থ্যকেন্দ্ৰ আদিক এই কাঠামোৰ অন্তৰ্গত বিভিন্ন কেন্দ্ৰলৈ পৰিৱৰ্তন কৰা হয়। মন কৰিবলগীয়া যে জনস্বাস্থ্য ব্যৱস্থাৰ অধীনত নিৰ্মিত এনে কেন্দ্ৰবোৰত অকল ৰোগৰ চিকিৎসাই মূল লক্ষ্য নহয়। ৰোগৰ চিকিৎসাৰ লগত ৰোগ প্ৰতিৰোধ, পুষ্টিজনিত সমস্যা নিৰ্মূল, অনাময় ব্যৱস্থা, পাৰম্পৰিক চিকিৎসা ব্যৱস্থা আদিকো জনস্বাস্থ্য ব্যৱস্থাৰ অধীনলৈ অনা হৈছে।
চিকিৎসা শিক্ষা
ফৰাচীসকলে ১৮২৩ চনত পণ্ডিচেৰীত এক চিকিৎসা বিদ্যালয় স্থাপন কৰে (বৰ্তমানৰ JIPMER)। ইয়াৰ প্ৰশিক্ষণ ফৰাচী লোকৰ বাবে সীমাবদ্ধ আছিল। পাছত ১৮৩৫ চনত প্ৰথমে কলিকতাত আৰু মাদ্ৰাজত চিকিৎসা বিজ্ঞানৰ ৰাজহুৱা বিদ্যালয় স্থাপন হয়। ১৮৪৬ চনত চিকিৎসালয় সহায়কৰ প্ৰশিক্ষণৰ বাবে প্ৰথমে দুবছৰীয়া আৰু পাছলৈ তিনিবছৰীয়া পাঠ্যক্ৰম আৰম্ভ কৰা হয়। ইয়াৰ ফলত তেওঁলোকে ব্ৰিটিছ ভাৰতৰ সেনাবাহিনী আৰু অসামৰিক কেডাৰত অধীনস্থ চিকিৎসা সেৱাত যোগদান কৰিবলৈ সক্ষম হয়। ১৮৫৭ চনত কলিকতা, ব’ম্বে আৰু মাদ্ৰাজত তিনিখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পিছত চিকিৎসা শিক্ষাৰ দায়িত্ব বিশ্ববিদ্যালয়সমূহে গ্ৰহণ কৰে যিয়ে চিকিৎসা আৰু অস্ত্ৰোপচাৰত অনুজ্ঞাপত্ৰ (Licentiate in Medicine and Surgery, চমুকৈ LMS) আৰু চিকিৎসা বিজ্ঞানত স্নাতক আৰু অস্ত্ৰোপচাৰত স্নাতকোত্তৰ অৰ্হতা প্ৰদান কৰিছিল (Bachelor of Medicine and Master of Surgery, চমুকৈ MBCM ডিগ্ৰী)। প্ৰথমটো পাঠ্যক্ৰমৰ বাবে প্ৰৱেশৰ অৰ্হতা আছিল মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ আৰু পাছৰটো পাঠ্যক্ৰমৰ বাবে ইণ্টাৰমিডিয়েট যোগ্য আছিল। ইয়াৰ পিছত এল এম এছ বাতিল কৰি বিশ্ববিদ্যালয়সমূহে এম বি বি এছ ডিগ্ৰী প্ৰদান কৰিবলৈ লয়। এই ডিগ্ৰীক গ্ৰেট বৃটেইনৰ সাধাৰণ চিকিৎসা পৰিষদে স্বীকৃতি দিছিল।
১৮৯৬ চনত ভাৰতীয় চিকিৎসা সেৱা (Indian Medical Services) গঠন কৰা হয়। ১৯২২ চনত কলিকতাত এখন ‘স্কুল অৱ ট্ৰপিকেল মেডিচিন’ স্থাপন কৰা হয়। এই বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ লগে লগে চিকিৎসা বিজ্ঞানৰ পৰা জনস্বাস্থ্য বিদ্যালয়লৈ এক সচেতন পৰিৱৰ্তন ঘটিল। ১৯৩৩ চনত ‘ভাৰতীয় চিকিৎসা পৰিষদ’(Medical Council of India) গঠন কৰা হয় যিয়ে দেশত চিকিৎসা শিক্ষাৰ বাবে একেধৰণৰ মানদণ্ড বজাই ৰখাৰ বাবে গ্ৰেট ব্রিটেইনৰ সাধাৰণ চিকিৎসা পৰিষদে সেই পৰ্যন্ত ব্যৱহাৰ কৰা কাম-কাজৰ দায়িত্ব লয়। ইয়াৰ বহু দশকৰ পাছত এক ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ স্থাপন কৰিবলৈ আৰু ভাৰতীয় চিকিৎসা পৰিষদ অধিনিয়ম (Indian Medical Council Act), ১৯৫৬-ক আঁতৰাবলৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বিধেয়ক (National Medical Commission Bill) ২০১৯ গৃহীত হয়। উচ্চ মানদণ্ডৰ চিকিৎসা শিক্ষা লাভ, দেশৰ সকলো প্ৰান্ততে যথেষ্ট সংখ্যক চিকিৎসক উপলভ্য কৰা, নিৰপেক্ষ আৰু সাৰ্বজনীন স্বাস্থ্যসেৱা প্ৰদান কৰা আদি এই বিধেয়কৰ উদ্দেশ্য। সেই অনুসৰি ২০২০ চনত ‘ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ’ স্থাপিত হয়। ইয়াৰ লগতে পিছপৰা অঞ্চলত তৃতীয় স্তৰৰ চিকিৎসাসেৱা দিবলৈ আৰু চিকিৎসা শিক্ষা শক্তিশালী কৰিবলৈ চৰকাৰে কেন্দ্ৰীয় পুঁজিৰে জিলা চিকিৎসালয়ক উন্নীত কৰা Human resource for health & medical education for establishing new medical colleges নামৰ আঁচনি আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় পৰিচৰ্যা আৰু ধাত্ৰীবিদ্যা আয়োগ অধিনিয়ম, ২০২৩ (National Nursing and Midwifery Commission Act, 2023) অধিনিয়মৰ যোগেদি পূৰ্বৰ নেচনেল নাৰ্ছিং কাউন্সিলক আঁতৰাই পৰিচাৰিকাৰ শিক্ষা আৰু সেৱাৰ উন্নীতকৰণ, পেছাদাৰী ব্যৱহাৰৰ বৃদ্ধি আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ লক্ষ্য লোৱা হৈছে। সন্তুলিত প্ৰতিনিধিত্বৰ বাবে আৰু আইনগত অন্য গোটৰ লগত সমিলমিলেৰে স্বাস্থ্যসেৱাৰ আগবঢ়াবলৈ এই অধিনিয়মৰ যোগেদি এখন ৰাষ্ট্ৰীয় উপদেশ পৰিষদো স্থাপন কৰা হৈছে।
‘ভাৰতীয় চিকিৎসা গৱেষণা সংস্থা’ (Indian Council of Medical Research) পৃথিৱীৰ পুৰণি গৱেষণা সন্থাসমূহৰ অন্যতম। ১৯১১ চনত ইয়াক ‘ভাৰতীয় গৱেষণা পুঁজি সংস্থা’ (Indian Research Fund Association) নামেৰে প্ৰতিষ্ঠা কৰা হৈছিল। যোৱা এক শতিকাজুৰি এই সংস্থাই ভাৰত আৰু বিদেশত জৈৱচিকিৎসা গৱেষণাৰ পৰিকল্পনা, উৎপাদন, সমন্বয়তা, কাৰ্য সাধন আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ নানা ৰোগ যেনে মেলেৰিয়া, জাপানীজ এন্কেফেলাইটিছ, যক্ষ্মা, এইড্ছ, প’লিঅ’ আদিক বুজিবলৈ এই সংস্থাই গুৰুত্বপূৰ্ণ বৈজ্ঞানিক অৱদান আগবঢ়াইছে। ইয়াৰ লগতে পুষ্টি, মাতৃ আৰু শিশুৰ স্বাস্থ্য, পাৰিৱেশিক স্বাস্থ্য আদি ক্ষেত্ৰতো অৱদান আগবঢ়াইছে। ভাৰতত কৰ’নাভাইৰাছ ৰোগৰ বিৰুদ্ধে যুঁজৰ এই সংস্থাৰ অৱদান অপৰিসীম। কম খৰছী আৰু তলৰ স্তৰৰ স্বাস্থ্যকেন্দ্ৰত ব্যৱহাৰ কৰিব পৰা চিকিৎসা আৰু ৰোগ নিৰ্ণয় সঁজুলি নিৰ্মাণতো ICMR-এ মনোনিবেশ কৰি আহিছে।
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ পৰিসংখ্যা অনুসৰি এলোপেথিক চিকিৎসা শিক্ষাৰ বাবে ভাৰতত ২০২৪ চনলৈকে ৭৭৯ খন চিকিৎসা মহাবিদ্যালয় আছে আৰু এইসমূহত মুঠ স্নাতক আসনৰ সংখ্যা ১,১৭,৯৭৫। ২০২৪ চন পৰ্যন্ত এইম্ছকে ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৪ খন আৰু কেউখনেই চৰকাৰীভাৱে পৰিচালিত। ২০২৪ বৰ্ষত ভাৰতত মুঠ স্নাতকোত্তৰ আসনৰ সংখ্যা আছিল ৭৩,১১১ যাৰ ভিতৰত College and Physicians & Surgeon (CPS) আৰু Diplomate of National Board (DNB) ডিগ্ৰীকে ধৰি চৰকাৰী আসন প্ৰায় ৩৪,০০০। একে সময়তে আয়ুষৰ বাবে ৫২,৭২০ খন স্নাতক আসন, ২৮,০৮৮ খন দন্তচিকিৎসাৰ আৰু ৬০৩ খন পশুচিকিৎসা স্নাতক ডিগ্ৰীৰ আসন আছে। আয়ুষৰ বাবে সমগ্ৰ ভাৰতত ৫২,৭২০ খন স্নাতক আসন আছে আৰু ৪৪৯ খন স্বীকৃত আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ত ২০২৪ চন পৰ্যন্ত মুঠ স্নাতক আসন ৩১,৮৭৪। পেৰামেডিকেল ডিগ্ৰীৰ বাবে মুঠ আসন ৩৯১৬ খন, ইয়াৰে ৩৩২ খন আসন অসমত আছে। বি এছ চি নাৰ্ছিং আসনৰ সংখ্যা ১.১৮ লাখ। ৰাজ্যসমূহৰ চিকিৎসা পৰিষদ আৰু ৰাষ্ট্ৰীয় চিকিৎসা আয়োগত ২০২২ চনৰ জুন পৰ্যন্ত পঞ্জীভুক্ত এলোপেথিক চিকিৎসকৰ সংখ্যা ১৩,০৮,০০৯ গৰাকী।
ডাঃ জন বেৰী হোৱাইট অসমত আধুনিক চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক। তেওঁ ১৮৫৯ চনত বেংগল মেডিকেল চাৰ্ভিছৰ অধীনত লখিমপুৰ জিলাত অসামৰিক চিকিৎসক হিচাপে নিযুক্ত হৈছিল আৰু পাছলৈ ডিব্ৰুগড়ক কৰ্মক্ষেত্ৰ হিচাপে বাছি লয়। ১৮৯৬ চনত মৃত্যু ঘটা হোৱাইটে নিজৰ ইচ্ছাপত্ৰত অসমত মেডিকেল স্কুল স্থাপনৰ বাবে ৫০,০০০ টকা দান কৰি যায়। সেই অনুসৰি ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰত ১৯০০ চনত ‘বেৰী হোৱাইট মেডিকেল স্কুল’ স্থাপন হয়। ১৯৪৭ চনত ইয়াক বৰবাৰীৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ উন্নীত কৰা হয়। ইয়াৰ পাছত অসম চৰকাৰে ১৯৬০ চনত ‘গৌহাটি চিকিৎসা মহাবিদ্যালয়’ আৰু ১৯৬৮ চনত ‘শিলচৰ চিকিৎসা মহাবিদ্যালয়’ স্থাপন কৰে।
এইদৰে সামগ্ৰিক নিৰাময় আৰু ভাৰসাম্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা আয়ুৰ্বেদ আৰু সিদ্ধৰ প্ৰাচীন ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সুশ্ৰুত আৰু চৰকৰ দৰে অগ্ৰগামীসকলৰ অস্ত্ৰোপচাৰ আৰু চিকিৎসা বিজ্ঞানৰ উল্লেখযোগ্য উন্নতিলৈকে ভাৰতৰ অৱদানে বিশ্ব চিকিৎসা পদ্ধতিক গঢ় দিছে। সমসাময়িক ভাৰতত আধুনিক চিকিৎসা বিজ্ঞানৰ সৈতে পৰম্পৰাগত ব্যৱস্থাৰ একত্ৰীকৰণে এই ঐতিহ্যৰ চিৰস্থায়ী প্ৰাসংগিকতাক উজ্জ্বল কৰি তুলিছে। চিকিৎসা গৱেষণা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ভাৰতে নতুনত্ব অব্যাহত ৰখাৰ লগে লগে ই প্ৰাচীন প্ৰজ্ঞা আৰু আধুনিক বিজ্ঞানৰ মাজত সেতু হিচাপে থিয় দি বিশ্বৰ বাবে মূল্যৱান শিক্ষা আগবঢ়াইছে।
তথ্য উৎস:
১) The Origin of Medical Terms, Henry Alan Skinner, Williams and Wilkins Co., Baltimore, 1949.
২) Disease and Medicine in India: A historical overview, Ed- Deepak Kumar, Indian History Congress, New Delhi, 2001.
৩) History of Medicine in India, Ed- PriyaVrat Sharma, Indian National Science Academy, New Delhi, 1992
৪) Traditional Medicine and Surgery in India, Encylopedia Britannica
৫) History and Evolution of Public Health Education in India, Negandhi et al., Indian Journal of Public Health 56(1):p 12-16, Jan–Mar 2012.
৬) আহোম ৰাজত্বত চিকিৎসা সেৱা, ডাঃ (ড.) ৰতন কুমাৰ কটকী, এছ এইচ শৈক্ষিক ন্যাস, গুৱাহাটী, ২০০৯
৭) অসমত নিদানপত্ৰৰ ইতিহাস, দেৱব্ৰত গগৈ, সাহিত্য ডট্ অৰ্গ, জুলাই, ২০১২
৮) NMC ৱেবছাইট
(কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ ২০২৫ বৰ্ষৰ আলোচনী ‘সৌৰজিথিলি’ত একে ৰূপত আৰু শান্তনু কৌশিক বৰুৱা সম্পাদিত জ্যোতি প্ৰকাশনৰ ‘ভাৰত ইয়েৰ বুক ২০২৫’ত পৰিবৰ্ধিত ৰূপত প্ৰকাশিত)
0 Comments