জুবিনৰ পোহৰ

যিমানে তেওঁ‌ৰ গীত শুনি আছোঁ,

শোকবোৰ উজাই আহি আছে।

গীতবোৰ আশ্বাস,

গীতবোৰ আঁ‌চোৰ পাহৰা সপোন,

গীতবোৰ জীৱন,

তমসাত জিলিকা আশা।

গীত শুনি আকাশে হাঁ‌হে,

ৰূপান্তৰৰ সুৰবোৰ সাগৰত ভাঁ‌হে।

প্ৰতিটো লহমাই মায়াবিনী ৰাতিৰ স্মৃতি কঢ়িয়ায়,

প্ৰতি উশাহত পাখিৰ কম্পন লহিয়ায়।

গীতবোৰ নিষ্ঠুৰ সময়ৰ সাহস,

গীতবোৰ নিৰ্জন নিশাৰ আলাপ,

গীতবোৰ বৰ আপোন।

গীতবোৰ পোহৰ,

তেওঁ আছিল এটা বেলি,

হঠাতে বেলি ডুবাত আমি নিজৰ মুখবোৰ খেপিয়াই চালোঁ,

চকুলোৰ দাগেৰে ইজনে সিজনক চিনিলোঁ, 

শব্দবোৰ চুব খুজোঁতেই ৰাতি গভীৰ হ’ল।

এতিয়া আন্ধাৰলৈ চাওঁ‌তে

এবুকু শীতল শূন্যতা,

ধিমিকি ধিমিকি জ্বলি আছে তাত,

এটি নিৰ্ভীক নক্ষত্ৰ,

সকলোৰে কলিজা সোঁমাজত।

 
(১৯ ছেপ্টেম্বৰ, ২০২৫)


Post a Comment

0 Comments