অসমীয়া ৱিকিপিডিয়াৰ ইতিহাস (২০০২-২০১৫)

    বিশ্বকোষ বা তেনে কিতাপৰ ছপা ৰূপ অষ্টাদশ শতিকাৰ প্ৰথমভাগতে ওলাইছিল বিংশ শতিকাৰ শেষৰফালে ডিজিটেল প্ৰযুক্তিৰ উত্থানে বিশ্বকোষক অন্য ৰূপতো ৰাইজৰ আগলৈ নিবলৈ বিকাশকসকলক বাধ্য কৰায় ডিজিটেল বিশ্বকোষৰ প্ৰথম জনপ্ৰিয় ৰূপ আছিল ব্যক্তিগত কম্পিউটাৰৰ বাবে ওলোৱা চিডি-' ১৯৯৩ চনত বজাৰলৈ অহা মাইক্ৰ'ছফ্ট কোম্পানীৰ এন্কাৰ্টা নামৰ চিডি বিশ্বকোষে অভুতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছিল ইয়াৰ কোনো ছপা ৰূপ নাছিল ২০০৯ চনলৈকে ওলোৱা এন্কাৰ্টা পিছে বিনামূলীয়া নাছিল ১৯৯৩ চনত Usenet গোটত এক বিনামূলীয়া বিশ্বকোষৰ প্ৰস্তাৱ দিয়া হৈছিল ইণ্টাৰপিডিয়া নামৰ এই বিশ্বকোষত সকলোৱে সমল জমা দিব পাৰিব আৰু সকলোৱে বিনামূলীয়াকৈ সেয়া পঢ়িব পাৰিব বুলি কোৱা ' এই দিশত আগবাঢ়ি Everything2 আৰু Open SiteDigital জাতীয় কেইটামান ৱেবছাইটৰ সূত্ৰপাত হৈছিল ইণ্টাৰপিডিয়াৰ পথকে অনুসৰণ কৰি ১৯৯৯ চনত বিনামূলীয়া ছফ্টৱেৰৰ ৰণুৱা ৰিচাৰ্ড ষ্টলমেনে অনলাইন বিশ্বকোষ GNUPedia প্ৰস্তাৱ দিয়ে পাছে ১৯৯৯ চনত আৰম্ভ হোৱা ন্যুপিডিয়া (Nupedia) আৰু পাছত ৱিকিপিডিয়াই (Wikipedia) জন্ম নোপোৱালৈকে বিনামূলীয়া অনলাইন বিশ্বকোষে খোপনি পুতিব পৰা নাছিল

 

    ৱিকিপিডিয়াৰ জন্মদাতা জিম্মী ৱেল্ আৰু লেৰী ছিংগাৰ ১৯৯৯ চনত আমেৰিকান উদ্যোগী জিম্মী ৱেল্ছৰ অংশদাৰীত্ব থকা Bomis.com কোম্পানীটোৱে ন্যুপিডিয়াৰ জন্ম দিয়ে ২০০০ চনত লেৰী ছিংগাৰে এই প্ৰকল্পত যোগদান কৰে পাছে ন্যুপিডিয়াত প্ৰবন্ধ একোটা প্ৰকাশ কৰা তেনেই সহজ নাছিল কেইবাতৰপীয়া পীয়েৰ ৰিভিউ থকাৰ লগতে লেৰীয়ে মুখ্য সম্পাদকৰূপে ইয়াত কাম কৰিছিল কোৱা নিষ্প্ৰয়োজন যে এই ৱেবছাইটত প্ৰবন্ধ সংখ্যা শামুকীয়া গতিৰেহে বাঢ়িছিল গতিকে ইয়াৰ এক সহজ বিকল্পৰো বিচাৰ-খোঁচাৰ চলিল এই সময়তে ৱেল্ আৰু ছেংগাৰে "ৱিকি" প্ৰগ্ৰেমৰ কথা জানিবলৈ পায় সহযোগিতামূলক কামৰ বাবে এই প্ৰক্ৰিয়া আছিল যুগান্তকাৰী কাজেই ৱেল্ছে ৱিকি পদ্ধতিক এক নতুন ৱেবছাইটত খটায় আৰু ২০০১ চনৰ ১৫ জানুৱাৰীত wikipedia.com সূত্ৰপাত হয় এই নতুন ৱেবছাইটত প্ৰবন্ধ লিখা প্ৰক্ৰিয়া ন্যুপিডিয়াৰ দৰে জটিল নাছিল যিকোনো লোকে সম্পাদনা কৰিব পৰা এনে বিশ্বকোষ আছিল অভিনৱ মুক্ত, বিনামূলীয়া আৰু সহযোগিতামূলক প্ৰকল্প হোৱাৰ লগতে ইয়াৰ এক বৈশিষ্ট্য আছিল ইউনিক' আখৰৰ ব্যৱহাৰ ইয়াত লিখাৰ বাবদ কোনেও মাননি নাপায় তথাপি এনে এটা প্ৰকল্পত জড়িত 'বলৈ বহু লোক উৎসাহী হৈ পৰিল ২০০১ চনৰ ১২ ফেব্ৰুৱাৰীমানত ইংৰাজী ৱিকিপিডিয়াত ১০০০টা প্ৰবন্ধ সংযোজিত ' ৱিকিপিডিয়াত প্ৰবন্ধ লিখা বা হাত ফুৰোৱা কাৰ্যক 'সম্পাদনা' আৰু এনে কাম কৰা লোকক 'সম্পাদক' বোলা হয় ইয়াৰ পাছত ৱিকিপিডিয়াক আন্তৰ্জাতিক ৰূপ দিয়াৰ প্ৰচেষ্টা চলিল জাৰ্মান ৱিকিপিডিয়াকে ধৰি বহু ভাষাত উপ-'মেইন মুকলি ' ২০০২ চনৰ জুনত উড়িয়া আৰু পঞ্জাৱী ভাষাৰ লগতে অসমীয়াতো ৱিকিপিডিয়াৰ উপ-'মেইন আৰম্ভ ' (as.wikipedia.org) বৰ্তমান ৱিকিপিডিয়া, ৱিকিছ'ৰ্চ, ৱিকিকোৱ' আদি কেইবাটাও প্ৰকল্প ৱিকিমিডিয়া ফাউণ্ডেচন নামৰ এক অলাভজনক সংস্থাই পৰিচালনা কৰে

 

    উপ-'মেইন আৰম্ভ 'লেও অসমীয়া লোকসকল খুব সম্ভৱ লগে লগে এই বিষয়ে জ্ঞাত নাছিল ইণ্টাৰনে' জগতত তেতিয়ালৈ অসমীয়া ভাষাই খোপনি পুতাই নাছিল অসমীয়া টাইপিং সঁজুলি আৰু পদ্ধতিও খুবেই সীমিত আছিল লাহে লাহে অসমীয়াসকলো ইউনিক'ডৰ লগত পৰিচিত ' দুই-এটা অনা-অসমীয়া ছফ্টৱেৰৰ যোগেদি অসমীয়া ইউনিক' টাইপ কৰিব পৰা ' ২০০৪ চনৰ ১২ ছেপ্টেম্বৰত কোনো এগৰাকী ব্যক্তিয়ে ৱিকিপিডিয়াত অসমীয়া লিপিৰ প্ৰথমটো সম্পাদনা কৰিছিল আৰম্ভণিৰ ইংৰাজী কথাখিনি অনুবাদ কৰি আই পি ঠিকনা এটাৰ পৰা কোনোৱে লিখিছিল- “আপোনাৰ মাতৃভাষা যদিহে অসমীয়া আৰু অসমীয়া ভাষাত এখন বিশ্বকোষ থকাটো অত্যন্ত জৰুৰী বুলি যদি আপুনি অনুভব কৰে, তেনেহলে আহক, এই মহত্কার্যত আমাক সহায় কৰক" ৱিকিপিডিয়াৰ প্ৰথম বেটুপাত (home page) সজা হৈছিল ২০০৬ চনৰ ২৩ ছেপ্টেম্বৰত সদস্য:Samuzzal (প্ৰকৃত নাম সমুজ্জ্বল চৌধুৰী) নামত এই সম্পাদনা লিপিবদ্ধ আছে অসমীয়া ৱিকিপিডিয়াত প্ৰশাসক পদ লাভ কৰা তেওঁ দ্বিতীয়গৰাকী ব্যক্তি তেওঁৰ সৈতে অহৰহ জড়িত আছিল উত্তম সিংহ নামৰ এগৰাকী বিষ্ণুপ্ৰিয়া মণিপুৰী লোক সদস্য:Chaipau নামৰ এগৰাকী লোক অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক পদ লাভ কৰা প্ৰথম ব্যক্তি তেওঁৰ প্ৰকৃত নাম জনা নাযায় যদিও ৱিকিপিডিয়াৰ প্ৰশাসনিক আৰু নীতি-নিয়মৰ বিষয়ত তেওঁ আন সদস্যসকলক অশেষ সহায় কৰিছিল পাছলৈ তেওঁ ইংৰাজী ৱিকিপিডিয়াৰ অসম বিষয়ক প্ৰবন্ধসমূহৰ ক্ষেত্ৰত অধিক জড়িত হৈ পৰে ২০০৭ চনত সদস্য:Priyankoo (প্ৰিয়াংকু শৰ্মা) আৰু সদস্য:Sangeeta (সংগীতা) আগমন ঘটাত অসমীয়া ৱিকিপিডিয়াৰ ছীষ্টেম মেছেজ (প্ৰণালী বাৰ্তা)বোৰৰ ভাঙনিৰ পথ সুচল ' সদস্য:Anjal Borah (অঞ্জল বৰা)ইও এই সময়ছোৱাত উল্লেখনীয় অৱদান আগবঢ়াইছিল

 


চিত্ৰ ১: অসমীয়া ৱিকিপিডিয়াৰ প্ৰথম বেটুপাত

 

    'প্ৰবন্ধ' হিচাপে অসমীয়া ৱিকিপিডিয়াৰ প্ৰথম পৃষ্ঠাঅসম ২০০৫ চনৰ অক্টোবৰত এটা আই পি ঠিকনাৰ পৰা এই পৃষ্ঠাটো সৃষ্টি কৰা হৈছিল প্ৰথম সংস্কৰণত এনেদৰে লিখা আছিল- "অসম ভাৰতৰ উত্তৰ পূবত অবস্থিত এখন প্রদেশ. অসমৰ ৰাজধানী দিছপুৰ. হিমালয়ৰ পাদদেশত অবস্থিত অসমক অৰুনাচল, নাগালেন্ড, মণিপুৰ, মিজোৰাম, ত্রিপুৰা আৰু মেঘালয়ে আবৰি আছে. ২০০৭ চনৰ ১২ মে' অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ১০০টা হয় প্ৰবন্ধ বুলিলেও সৰহভাগ এনে পৃষ্ঠাত পৰিচয়মূলক টোকা একোটাহে আছিল একে মাহৰে ২০ তাৰিখে এই সংখ্যাই ১৫০ অতিক্ৰম কৰে সেইখিনি সময়তে ৱিকিমিডিয়া ফাউণ্ডেচনৰ আন প্ৰকল্প "ৱিকিছ'ৰ্চ, "ৱিকিডিক্স্যনেৰী" আৰু "ৱিকিকোৱ'" উপ-'মেইনো অসমীয়াত মুকলি কৰা হয় যদিও দীৰ্ঘসময়ৰ নিষ্ক্ৰিয়তাৰ বাবে সেয়া বন্ধ কৰি দিয়া হয় (wikisource প্ৰকল্পটো অসমীয়া ভাষাত ৱিকিউৎস নামেৰে পাছলৈ পুনৰ্সক্ৰিয় হয়) তাৰ পিছত অৱদানকাৰীৰ অভাৱত কেইবাবছৰ ধৰি অসমীয়া ৱিকিপিডিয়াৰ কাম-কাজৰ গতি মন্থৰ হৈ পৰে সামাজিক যোগাযোগৰ মাধ্যম ফে'চবুকত অসমীয়া ৱিকিপিডিয়াৰ গোট এটাও মুকলি কৰা হয় ছেগাছেৰোকাকৈ দুই-একে প্ৰবন্ধ লিখি থকাৰ ফলত ২০১০ চনৰ ফেব্ৰুৱাৰীত প্ৰবন্ধ সংখ্যা ২৫০ হয়

চিত্ৰ ২: ২০১০ চনৰ আগষ্টৰ বেটুপাত

 

    ২০১১ মানৰ পৰা সদস্য:psneog (প্ৰভাকৰ শৰ্মা নেওগ), সদস্য :SlowPhoton (অম্লান বসুমতাৰী), সদস্য:Bishnu Saikia (বিষ্ণু শইকীয়া), সদস্য:Gitartha.bordoloi (গীতাৰ্থ বৰদলৈ) আদিৰ দৰে কেইজনমান ব্যক্তিয়ে এই প্ৰকল্পত গতি আনিবলৈ প্ৰয়াস কৰে কাৰিকৰী কামত পাৰ্গত নেওগক পাছলৈ প্ৰশাসক হিচাপে নিৰ্বাচিত কৰা হৈছিল শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক সংস্থানৰ অধ্যাপকগৰাকীয়ে অসমীয়া ৱিকিপিডিয়াক ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জনপ্ৰিয় কৰিবৰ বাবে তেওঁৰ কৰ্মস্থানত এক "ৱিকি ক্লাব" খুলি লৈছিল উল্লেখিত আন তিনিগৰাকী ব্যক্তিয়েও পাছলৈ সম্পাদক আৰু প্ৰশাসক হিচাপে ৱিকিপিডিয়া আৰু ৱিকিউৎস প্ৰকল্প গতিশীল কৰাত বৰঙণি আগবঢ়ায় সেই সময়তে ৱিকিমিডিয়া ফাউণ্ডেচনৰ ভাৰতীয় শাখাত পৰামৰ্শদাতা হিচাপে কেৰালাৰ চিজু এলেক্স নামৰ এজন লোকে যোগদান কৰে তেওঁ পিছপৰি ৰোৱা ভাৰতীয় ৱিকি প্ৰকল্পসমূহৰ উন্নয়নৰ বাবে দেহেকেহে খাটিছিল তেওঁৰ একান্ত প্ৰচেষ্টাত অসমীয়া ৱিকিপিডিয়া প্ৰকল্প পুনৰ সক্ৰিয় হৈ পৰে সহায় পৃষ্ঠা আৰু অন্যান্য প্ৰয়োজনীয় পৃষ্ঠাবোৰৰো কাম-কাজ আৰম্ভ ' ২০১১ চনমানৰ পৰাই সদস্য:Joli (জলি বৰা), সদস্য:DC Assam (দীপাংকৰ চেতিয়া), সদস্য:সুস্মিতা বৰা, সদস্য:মনোৰঞ্জন মজুমদাৰ, সদস্য:অংশুমান দত্ত, সদস্য:Pranabnlp (প্ৰণৱজ্যোতি ভূঞা), সদস্য:Anamika baruah (নামিকা বৰুৱা) সদস্য:Dwijenmahanta (দ্বিজেন মহন্ত), সদস্য:jpnath008 (জ্যোতিপ্ৰকাশ নাথ), সদস্য:বাবুল বৈশ্য, সদস্য:উদ্দীপতালুকদাৰ, সদস্য:Pankaj Jyoti Mahanta (পংকজ জ্যোতি মহন্ত), সদস্য:Manjil Konwar (মঞ্জিল কোঁৱৰ), সদস্য:Ani_ttbr (অনিমেষ বৰা), সদস্য:Faruque Aziz (ফাৰুক আজিজ) সদস্য:Saidul776 (ছাইদুল ইছলাম) আদিৰ বৰঙণিয়ে অসমীয়া ৱিকি প্ৰকল্পক -জীৱন দিয়ে লাহে লাহে প্ৰবন্ধৰ সংখ্যা বাঢ়ি আহে আৰু ২০১২ চনৰ জানুৱাৰীত ১০০০টা প্ৰবন্ধ সম্পূৰ্ণ হয় ইয়াৰে কেইবাগৰাকীও ব্যৱহাৰকাৰী বৰ্তমানেও অসমীয়া ৱিকি প্ৰকল্পত সক্ৰিয় ইয়াৰ পাছৰ পৰ্যায়ত দিব্য দত্ত, চাণক্য কুমাৰ দাস, নয়নজ্যোতি শৰ্মা, নয়ন জ্যোতি নাথ, প্ৰাণজ্যোতি নাথ, ভাস্কৰজ্যোতি ভূঞা, চন্দন চিৰিং ফুকন, অজয় দাস, কুলধৰ ৰাভা, অনামিকা বড়া, মৃদুল কুমাৰ শৰ্মা, প্ৰিয়ংকুশ ডেকা, ঈশানজ্যোতি বৰা, নিৰঞ্জন বৰা আদি ব্যৱহাৰকাৰীয়ে এই প্ৰকল্পলৈ অসামান্য অৱদান আগবঢ়াইছে ইয়াৰে অজয় দাসে ৱিকিপিডিয়াত সৰ্বাধিক প্ৰবন্ধ সৃষ্টি কৰিছে

    অসমীয়া ৱিকিপিডিয়া সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে প্ৰথম অসমীয়া ৱিকিপিডিয়া কৰ্মশালা ২০১২ চনৰ ২৯ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত অনুষ্ঠিত হয় ইয়াত প্ৰায় পঁচিশজন ৱিকিপিডিয়ান আৰু আগ্ৰহী লোকৰ লগতে ৱিকিমিডিয়া ফাউণ্ডেচন, ভাৰত শাখাৰ পৰামৰ্শদাতা চিজু এলেক্স উপস্থিত থাকে ইয়াৰ দুদিন পিছতে ফেব্ৰুৱাৰীত তেজপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিভাগত প্ৰায় আশীজন লোকৰ উপস্থিতিৰে অসমীয়া ৱিকিপিডিয়াৰ দ্বিতীয়খন কৰ্মশালা অনুষ্ঠিত হয় ২০১২ চনৰ ২৪ এপ্ৰিলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এখন ৱিকিপিডিয়া চিকিৎসাবিজ্ঞান কৰ্মশালা অনুষ্ঠিত হয় ২০১২ চনৰ জুনত অসমীয়া ৱিকিপিডিয়াৰ দশম বৰ্ষপূৰ্তি উপলক্ষে কটন মহাবিদ্যালয়ৰ ছুডমাৰ্ছন লত ১০ জুন ২০১২ তাৰিখে এখন সন্মিলনৰ আয়োজন কৰা হয় এই বৰ্ষপূৰ্তি উপলক্ষে এখন আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছিল ৱিকিমিডিয়া ফাউণ্ডেচনৰ, ভাৰত শাখাৰ পৰামৰ্শদাতা নূপুৰ ৰাৱল সভাত উপস্থিত থাকে উক্ত সভাত মুখ্য অতিথি কুলেন্দু পাঠকসহ প্ৰায় ৭৫ গৰাকী ব্যক্তি উপস্থিত আছিল অসমৰ বাহিৰত প্ৰথমবাৰৰ বাবে ২০১৩ চনৰ ডিচেম্বৰত বেংগালুৰু নগৰত এখন কৰ্মশালা অনুষ্ঠিত হৈছিল ২০১৪ চনৰ মাৰ্চত শিলচৰৰ ৰাষ্ট্ৰীয় প্ৰাদোগিক সংস্থানত এখনি ইউনিক' আৰু ৱিকিপিডিয়া কৰ্মশালাৰ আয়োজিত হয়

চিত্ৰ ৩: দশম বৰ্ষপূৰ্তী অনুষ্ঠানত আয়োজক আৰু একাংশ অতিথি


    পূৰ্বে অসমীয়া ইউনিক' টাইপিঙৰ বাবে সৰ্বাধিক ব্যৱহৃত সঁজুলি আছিল অভ্ৰ আৰু বাৰাহা তাৰ পাছতে আহিল লিপিকাৰ, শব্দ কীব'ৰ্ড আদি অসমীয়া ৱিকিপিডিয়াত টাইপ কৰিবলৈও ইয়াৰে যিকোনো এখন বাহ্যিক কীব'ৰ্ডৰ সহায় 'বলগীয়াত পৰিছিল টাইপিঙৰ সমস্যালৈ লক্ষ্য কৰি Junaid P.V নামৰ অনা-অসমীয়া লোক এজনে সজা অসমীয়া লিখন সঁজুলি নাৰায়ম কী-'ৰ্ড (Narayam Keyboard) ২০১১ চনৰ নৱেম্বৰত অসমীয়া ৱিকিপিডিয়াত সংযুক্ত কৰা হয় বহুবছৰৰ পাছত জনপ্ৰিয় অসমীয়া ইউনিক' টাইপিং সঁজুলি "'দালি" ৱিকিপিডিয়াত সংযুক্ত কৰা হয় বৰ্তমান 'দালিকে ধৰি সাতবিধ টাইপিং বিকল্প ইয়াত উপলব্ধ

    'চিয়েল মিডিয়া জগতত ৱিকি প্ৰকল্পৰ জনপ্ৰিয়কৰণৰ বাবে ২০১০ চনমানতে "অসমীয়া ৱিকিমিডিয়া সমাজ- Assamese wikimedia community" নামৰ এটা ফেইচবুক গোট খোলা হৈছিল ২০১১ চনৰ ২০ ডিচেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ মেইলিং লিষ্ট সেৱা মুকলি কৰা হয় পাছলৈ ফেইচবুক পৃষ্ঠা, ইন্ষ্টাগ্ৰাম একাউণ্ট, টুইটাৰ একাউণ্ট, ইউটিউব একাউণ্ট আদিও মুকলি কৰা হয়

    ২০২৪ চনৰ ৩১ ডিচেম্বৰ তাৰিখলৈ অসমীয়া ৱিকিপিডিয়াৰ মুঠ প্ৰবন্ধ সংখ্যা প্ৰায় ১৪,৫০০ টা বৰ্তমান সক্ৰিয় সম্পাদক প্ৰায় ১০০ গৰাকী (যোৱা মাহত কমেও এটা সম্পাদনা কৰা লোক) আৰম্ভণিৰে পৰা মুঠ সম্পাদনা সংখ্যা ৪,৬৩,৭২৩ ২০২১ চনৰ আগষ্টৰ পৰা মাহেকীয়া পৃষ্ঠা দৰ্শনৰ সংখ্যা ২০ লাখৰো বেছি এনেদৰে চালুকীয়া অৱস্থাৰে পৰা বিভিন্নজনৰ প্ৰচেষ্টাত ৱিকিপিডিয়াই বৰ্তমানৰ অৱস্থাত উপনীত হৈছেহি




Post a Comment

0 Comments