January 18, 2019 | By: গীতাৰ্থ বৰদলৈ

২০১৮ বৰ্ষৰ অসমীয়া গান

যোৱা দুবছৰে ঘাইকৈ ইউটিউবত উপলব্ধ নতুন অসমীয়া গানবোৰৰ পৰা শুনিবলৈ ভাল লগা কেইটামানৰ বাছনি কৰি এখনকৈ তালিকা কৰিছিলোঁ। শিৰোনামত লিখা নাথাকিলেও তালিকাখন "মোৰ" তালিকা বুলি ধৰি ল'ব পাৰে। গতিকে আন কোনো শ্ৰোতাৰ পছন্দৰ গীত এটাই ইয়াত স্থান নাপাবও পাৰে। মোৰ সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নাই। কিন্তু গান শুনিবলৈতো কোনো শিক্ষা নালাগে! কিতাপ আৰু চলচ্চিত্ৰৰ দৰে গানৰ ক্ষেত্ৰতো মোৰ ভাল লগা বস্তুবোৰ তেনেই সামান্য- ভাল কথা, কণ্ঠ, সুৰ, কিছু পৰিমাণে সংগীত সংযোজনা আৰু ঘাইকৈ ইউটিউবৰ পৰা বাছনি কৰা বাবে চিত্ৰায়ণ। সুন্দৰ সুৰ আৰু কণ্ঠই কেতিয়াবা দ্বিতীয়, তৃতীয় শ্ৰেণীৰ কথাক ঢাকি ৰাখিব পাৰিলেও কেইদিনমানৰ সুৰসুৰণিৰ পাছতে তাৰ মাদকতা মাৰ যায়। ইয়াৰ বিপৰীতে উচ্চ মানৰ কথাক কণ্ঠ, সুৰেৰে বান্ধিব নোৱাৰিলে ই শ্ৰোতাৰ হৃদয়ৰ ওচৰেই নাপাবগৈ। তলত দিয়া কেইটামান গীতৰ view আন "জনপ্ৰিয়" গীতৰ তুলনাত তেনেই দুখ লগা। কাৰোবাক একাষৰীয়া কৰি আন কাৰোবাৰ প্ৰম'চন কৰাটো এই তালিকাকৰণৰ উদ্দেশ্য নহয় যদিও সেই ভাল লগা গীতবোৰৰ দৰ্শকৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰাটো এক সৰু উদ্দেশ্য। গীতবোৰ ক্ৰম ভাল লগা অনুসাৰে নহয়। 
(গীতবোৰৰ ইউটিউব প্লে'লিষ্ট: https://www.youtube.com/watch?v=cHyOHQFz9WM&list=PL4vERJFk7ridht69P4mHj7i3olN-pw1E6)


১) “ল'ৰালি"
মোৰ লগত বহুতেই মত পোষণ কৰিব যে অসমীয়া সংগীত জগতত the next big thing হৈছে শংকুৰাজ। জলপ্ৰপাত, কি বেদনাতে আদিৰ পাছত বাৰ্ত্তালাপৰ বেনাৰত তেওঁ এইবাৰ উপহাৰ দিলে "ল'ৰালি"। নিজে লিখি, সুৰ কৰি কণ্ঠ দিয়া গীতটোৱে সকলোৱে মনলৈ ঘূৰাই আনিব শৈশৱৰ ৰামধেনু স্মৃতি। এই শৈশৱ যেন এতিয়া তেনেই ঠুনুকা, কোলাহলৰ পৃথিৱীলৈ আহিলে ই হেৰাই যাব। নূন্যতম যন্ত্ৰসংগীতেৰে সজোৱা গীতটিৰ চিত্ৰায়ণত নষ্টালজিয়াৰ নৈৰ দৰে ক'লা-বগা শৈশৱকালৰ ছবিৰ মণ্টাজ ভাঁহি গৈছে।


২) "মুখাৰ আঁৰৰ মুখ"
"Cultivators" বেণ্ডটোৰ লগত মোৰ চিনাকী বেছি দিনৰ নহয়। কিন্তু যিমানে তেওঁলোকৰ গীতবোৰ শুনিছোঁ, সিমানে তেওঁলোকৰ অনুৰাগী হৈ পৰিছোঁ। গীতৰ কথা, সংগীত, ভিডিঅ' আদি সকলোবোৰত তেওঁলোকে এক উচ্চ মান বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছে আৰু সফলো হৈছে। অৰূপজ্যোতি বৰুৱা কণ্ঠ একেবাৰে Raw আৰু এইটো বেয়া দিশ হোৱাৰ সলনি এক প্লাছ পইণ্ট। ২০১৭ চনৰ এক উৎকৃষ্ট গীত আছিল- we shall overcomeযোৱা বছৰৰ শ্ৰেষ্ঠ অসমীয়া গীতকেইটাৰ এটা "মুখাৰ আঁৰৰ মুখ"। চিনেমাসদৃশ ভিডিঅ'টোত দেখুওৱা ধৰণৰ বিষয়বস্তু সম্ভৱতঃ আগতে অসমীয়া দৃশ্য-শ্ৰাব্য মিডিয়াত দেখুওৱা হোৱা নাই। শেহৰফালে থলুৱা কথা, সংগীতে এক অনন্য সোৱাদ প্ৰদান কৰিছে। 

৩) "আজি ৰাতি"
অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা গীত ইয়াৰ আগতে বোধকৰোঁ এটাহে শুনিছোঁ। "আজি ৰাতি"ৰ কথা একেবাৰে সহজ-সৰল, শুৱলা। এটি নিশাৰ আকাশ, জিলী, সাগৰ, খিৰিকী আদিয়ে ভালপোৱাত উটি-ভাঁহি যোৱা দুটি আত্মাৰ অন্তহীন আবেগক মনপৰশা সুৰেৰে প্ৰকাশ কৰিছে। অনিন্দিতা পালৰ কণ্ঠই এনে এটা অনুভৱ জগাব যেন গানটো শেষেই নহওক। লগতে আছে চিনাকী যুঁটি কপিল বৰা আৰু জেৰিফা ৱাহিদৰ অনন্য "কেমিষ্ট্ৰী"।

৪) "ভেকলী মাতে"
এটা পৰম্পৰাগত ৰাভা গীতৰ লগত জোৰা দি দিগন্ত ভাৰতীয়ে অসমৰ অবৈধ অনুপ্ৰৱেশকাৰী সমস্যাৰ কথাৰে গীতটো লিখিছে। আগতে জুবলী বৰুৱাৰ গীতৰ প্ৰতি বৰ ভাল ভাৱ নাছিল যদিও "মাটি ১" আৰু "মাটি ২" শুনাৰ পাছত সেয়া লাহে লাহে সলনি হ'বলৈ ধৰিছে (লগতে জুবলীয়ে লগত নোগোৱাৰ পৰা জুবিন গাৰ্গৰ মঞ্চ পৰিবেশনবোৰো ভাল নলগা হৈছে!)। "মাটি ২"ৰ ভাল লগা গানবোৰৰ ভিতৰত কথা-সুৰৰ দিশৰ পৰা মই এইটোক এক নম্বৰত ৰাখিম।

৫) "নক্ষত্ৰ"
অভি শইকীয়া আৰু শংকুৰাজ লগ লাগিলে জুই জ্বলে! উদাহৰণ- জলপ্ৰপাত। এইবাৰৰ জুইকুৰাৰ নাম "নক্ষত্ৰ"। শংকুৰাজৰ কণ্ঠ-কলমৰ যাদুক অভি শইকীয়াৰ সুৰ-ইলেক্ট্ৰ' সংগীতে বান্ধি শ্ৰোতাক এক অন্য জগতলৈ লৈ যাব। ৰাতিৰ আকাশৰ হাজাৰ তৰাৰ মাধ্যেমেৰে শৈশৱ, বাস্তৱ, সপোনৰ শব্দবোৰ যেন আমাৰ বুকুত উলমি ৰৈছে আৰু আমি মূৰ তুলি মাথোঁ চাই ৰ'ম অন্তহীন নক্ষত্ৰৰ ক্ষেত্ৰক।

৬) "চুই দিয়ানা"
ট্ৰ'ল কৰা উদ্দেশ্য মুঠেই নাই যদিও দিপলীনা ডেকাৰ কথা ওলালে "মিচন চাইনা"ৰ বালিচৰৰ দৃশ্যলৈ মোৰ মনত পৰে! অভিনেত্ৰী দিপলীনাৰ সেই স্মৃতি গায়িকা দিপলীনাই এইবাৰ বহু পৰিমাণে মচিবলৈ সক্ষম হ'ল। "উৰি উৰি", "কণমানি সপোন", "ৰাতি বিহু" আদিকে ধৰি তেখেতৰ আগৰ গীতবোৰে মোক মুঠেই আকৃষ্ট কৰা নাছিল। ব্যতিক্ৰম আছিল ""নোৱাৰি নোৱাৰি"। এইবাৰ পলাশ সূৰ্য গগৈৰ কথা-সংগীতত দিপলীনাই নিজৰ গায়কীৰে হাজাৰজনক নিজৰ অনুৰাগী কৰি তুলিলে। গীতটোৰ চিত্ৰায়ণকো দহৰ ভিতৰত দহ দিছোঁ।

৭) "এছাটি অচিনাকী"
গাড়ীত গৈ থাকোঁতে "ইপাৰ সিপাৰ" শ্ৰাব্য সঁফুৰাৰ আটাইকেইটা গীতেই কিমানবাৰ বজাইছোঁ তাৰ হিচাপ নাই। তথাপি বিজয়েতা পাটগিৰীয়ে লিখা "এছাটি অচিনাকী"য়ে মোৰ মনত এক বিশেষ স্থান দখল কৰিছে। অনুৰাগ শইকীয়াৰ মন জুৰোৱা সংগীতত দিক্ষুৱে আৰম্ভ কৰা গীতটোক অন্তৰা মিত্ৰৰ কণ্ঠই এক অন্য পৰ্যায়লৈ লৈ যায়।

৮) "শীৰ্ণ কফিন"
Bohemian Bluesৰ "জেপত গুজি" শীৰ্ষক গীত এটি যোৱা বছৰ শুনিছিলোঁ। সংগীত আৰু গায়কীয়ে আকৰ্ষিত কৰিছিল যদিও মোৰ বোধেৰে উচ্চাৰণ সামান্য ইফাল-সিফাল হৈছিল। "জেপত গুজি"ৰ সলনি আৰম্ভণিৰ অংশ মই "জাপাক্‌ গুজি" যেন শুনিছিলোঁ। এইবাৰ শুনিলোঁ "শীৰ্ণ কফিন"। এবাৰ শুনি মন নভৰিল। হেৰাই যোৱা ভালপোৱাৰ বেদনাৰে গীতৰ কথা মৃণালজ্যোতিৰ। গায়কী আৰু আৰু সংগীত সংযোজনাৰ কথা নকলোঁৱেইবা। মই এতিয়া ট'ৰি আৰু বহেমিয়ান ব্লুজৰ ফেন। গীতটোৰ ইউটিউব ভিউ মাত্ৰ ৫০০০।

৯) "ফাগুণ"
পৰম্পৰাগত হোলী গীত এটিৰ আধুনিক পৰিবেশন "ফাগুণ আইল' ৰে"। হাতত গীটাৰ দেখি বহুতে নাক কোঁচালেও লোকসংগীতৰ মাদকতাক তেওঁলোকে হেৰাই যাবলৈ দিয়া নাই। বালিচৰৰ শুভ্ৰতাৰ মাজত অ'ত-ত'ত ৰং পৰি ৰৈছে আৰু ৰাঙলী গাল-মুখেৰে কাল্টিভেটৰ্চৰ সদস্যসকলৰ সুৰ ফাগুণৰ বতাহত মিলি পৰিছে।

১০) "মুক্ত আকাশ"
"জিনিমেই এই ৰণ, কৰোঁ আহাঁ পণ, ছিঙিম শিকলি, 'মেই মুকলি"- শংকুৰাজৰ কীব'ৰ্ডৰ ইন্‌ট্ৰ'ৰ পাছতে এইদৰে অনিমা হাজৰিকা লিখিত গীতটো আৰম্ভ হৈছে। "Suspended Inspector Boro"ৰ বাবে কৰা এই গীতটো চলচ্চিত্ৰখনৰ শেহৰফালে ব্যৱহৃত হৈছে আৰু খুব ধুনীয়াকৈ খাপ খাই পৰিছে। ইপ্সিতা হাজৰিকাইও আবেগ ঢালি গাইছে। এবাৰতে গীতটো মনত সোমাই পৰিছিল যদিও পাছতহে উপলব্ধি কৰিলোঁ যে Coldplay বেণ্ডৰ Christmas lights গীতটোৰ আৰম্ভণিৰ অংশৰ লগত ইয়াৰ সাংঘাটিক মিল আছে। ইউটিউবৰ মন্তব্য চ'ৰাতো এই বিষয়ে কিছু চৰ্চা হৈছে। ৰাইজে দুয়োটা গীত শুনি নিজেই বিচাৰ কৰিব।

১১) "মৌন ওঁঠত"
প্ৰবীণ বৰাৰ গান আগতে শুনা নাই। এদিন "মৌন ওঁঠত" শুনি এক মুহূৰ্তৰ বাবে জুবিন গাৰ্গৰ পুৰণি গীত যেন অনুভৱ হ'ল। পাপলু চেতিয়াৰ কথাক প্ৰবীণ বৰাই প্ৰাণ ঢালি গাইছে। কোনো কোনো অংশ গাওঁতে গায়কৰ কণ্ঠৰ ক্লাছিকেল কম্পন মন কৰিবলগীয়া। সস্তীয়া জনপ্ৰিয়তাত উটি নগৈ এওঁলোকৰ পৰা আৰু এনে সৃষ্টি আশা কৰিলোঁ।

১২) "গৈ গৈ গৈ"
ইবছন লাল বৰুৱা সাম্প্ৰতিক সময়ৰ অসমৰ এজন শীৰ্ষস্থানীয় গীত লেখক। এইবাৰ তেখেতে সৰু ছোৱালী এগৰাকীৰ আশা-আকাংক্ষাক লৈ লিখা গীতটো কণমানি নিকিতা বড়োৱে প্ৰাণ ঢালি পৰিবেশন কৰিছে। বয়স্ক লোকৰ সমাজ, সময়ৰ গম্ভীৰ কথাৰ সলনি চোতাল, ঘৰচিৰিকা, পখিলা আদিৰ লগতে ডাঙৰ হোৱাৰ হাবিয়াস প্ৰকাশ পাইছে। ভিডিঅ'টোত কণমানিসকলৰ ফূৰ্তিৰ লগতে বড়ো জনগোষ্ঠীৰ সংস্কৃতিক তুলি ধৰা হৈছে। "Phwi phwi phwi" শীৰ্ষক বড়ো সংস্কৰণটোও শুনিবলৈ নাপাহৰিব।

১৩) "মই ভাগৰা নাই"
জয় বৰুৱাই খুব কম সংখ্যক গীত গায় কিন্তু প্ৰতিটোৱেই মোৰ মন চুই যায়। পাৰ্থজিত বৰুৱাৰ "Chiaroscuro" তথ্যচিত্ৰৰ বাবে সাগৰ সৌৰভে লিখা গীতটো কম্প'জ কৰি জয় বৰুৱাই আকৌ এক অনন্য সোৱাদ দিছে। "সুখে দুখে জগাই তোলা যত ভাৱনা, মনে প্ৰাণে লুকাই আছে কত চিনেমা, চিনেমা চিনেমা চিনেমা মা" এইখিনি বাৰে বাৰে শুনিবলৈ মন যায়।

১৪) "বাগুৰুম্বা"
বড়ো লোকগীত "বাগুৰুম্বা"ৰ লগত মিলাই জুবিন গাৰ্গে লিখা কথা জুবলীয়ে কম্প'জ কৰিছে। ৰোমাণ্টিক গীতটোৰ সুৰ-কথাই এবাৰতে আকৰ্ষিত কৰে। জুবিন গাৰ্গে গাবলৈ আৰম্ভ কৰাৰ লগে লগে গীতটোৰ আবেদন দুগুণে বৃদ্ধি পায়।

১৫) "লুইতৰ ইপাৰে মাজুলী"
যোৱা বছৰ ভালেকেইটামান বিহুনাম/বিহুগীত শুনিলোঁ যদিও কেৱল "লুইতৰ ইপাৰে মাজুলী"হে কেইবাবাৰো ঘূৰাই ঘূৰাই শুনিলোঁ। লোহিত ৰোহিতে লিখা কথাৰ মাজতে বিনোদ পেগুৱে মিচিং কথা সংযোগ কৰি গীতটোৰ আবেদন বঢ়াইছে। বৰ্তমান সময়ত অসমৰ অন্যতম শ্ৰেষ্ঠ গায়িকা অনিন্দিতা পালৰ কণ্ঠৰ যাদুৰ কথা দুনাই ক'বলগীয়া নাই। গীতটোৰ চিত্ৰায়ণ সুন্দৰ, কিন্তু নতুন একো নাপালোঁ।

১৬) "মনগীত"
পাপন আৰু "মাজুলী" খ্যাত নীলোৎপল বৰা যেতিয়া লগ লাগে সেই সৃষ্টি অপূৰ্ব হোৱাটো খাটাং। সমাজৰ অশান্তি, জ্বলা জুইৰ মাজত সাগৰ যেন বহল মনৰ মৰমীয়াল মাতে আশাৰ বতৰা লৈ আনে। ঋণাত্মক আৰু ধনাত্মক চিন্তা, ধ্বংস আৰু সৃষ্টি, দুখ আৰু সুখক পৃথককৈ চাবৰ বাবে এই গীতটো এক শক্তিশালী বাৰ্তা। গীতৰ কথা মানস মহন্তৰ।

১৭) "সৰু সৰু আশাবোৰ"
"কেলেণ্ডাৰ" চলচ্চিত্ৰৰ এই গীতটোৰ কথা-সংগীত তৰালী শৰ্মাৰ। দুখৰ চিকুৱেন্সৰে সমাপ্ত হোৱা চলচ্চিত্ৰখনৰ দুয়োটা গীতেই আছিল আশাৰ কথাৰে ভৰা। জীৱন বাটত বাৰে বাৰে উজুটি খায়ো, শত-সহস্ৰ দুখৰ নৈ অতিক্ৰমী সৰু সৰু হেঁপাহেৰে জীয়াই থকা স্বপ্ন দেখুৱায়। গায়িকাৰ সতে গাবলৈ মন যায়- "তথাপিও অ' জীৱন ভাল পাওঁ তোক মই"।

১৮) "মই মোৰ সন্তানক"
এই গীতটো আগতে এবাৰ শুনি লগে লগে ডাউনল'ড কৰি ৰাখিছিলোঁ। গায়িকা, গীতিকাৰ আদিৰ বিষয়ে একো গম পোৱা নাছিলোঁ। কেইমাহমান আগতে সত্ৰীয়া নৃত্যবিদ মীনাক্ষী মেধিৰ নৃত্য পৰিবেশনাৰে মূৰ্ছনা বৰকাকতিৰ কণ্ঠৰ গীতটো ইউটিউবত মুক্তি দিয়া হয়। নিজৰ সংস্কৃতি, ঐতিহ্য নাজানিলে আমি আমাৰ উপৰিপুৰুষক একো শিক্ষা দি যব নোৱাৰিম আৰু তিলে তিলে নিঃশেষ হৈ যাম। গীতৰ কথা শৰৎ বৰকাকতিৰ। "মই মোৰ সন্তানক দি যাম কি, আয়ে শিকোৱা ভাষা নিশিকালোঁ, নিজৰ শিপা ক'ত নুবুজালোঁ, কোলাহলে ভৰা কাইলৈৰ পৃথিৱীত পৰিচয় দিব বাৰু কি?" সাত মাহত এইটো গীতৰ ইউটিউব ভিউ মাত্ৰ ৪৬০০। 

১৯) "বাংলাদেশী"
ৰেপ্‌ সংগীত, হিপ্‌ হপ বুলিলে বহুতে লেই লেই, ছেই ছেই কৰিব পাৰে। অদৰকাৰী কিছুমান ৰেপ্‌ গান আবৰ্জনা হ'লেও ৰেপ্‌ নথকা গানৰো আবৰ্জনা থাকে। একো সাৰ নথকাকৈ এমিনেম পৃথিৱী বিখ্যাত হোৱা নাই। তাতে কেইদিনমান পাছত ৰণবিৰ সিঙৰ এনে সংগীতৰ চলচ্চিত্ৰ এখনে মুক্তি পাব। অসমীয়া সংগীত জগতত আগতে বৰ ভাল ৰেপ্‌ দেখা নাছিলোঁ। কিন্তু কেইদিনমান আগতে মিনিমি (আচল নাম নাজানো) নামৰ গায়কগৰাকীৰ "বাংলাদেশী" শুনি ভাল পালোঁ। গীতৰ কথাই বৰ্তমান অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কীয় হুলস্থুলক প্ৰতিফলিত কৰিছে। "এটকীয়া মন্ত্ৰী, দুটকীয়া শাসন, তিনি টকাৰ চাউল, চাৰি টকাৰ ভাষণ...."।

২০) "নিয়ৰৰ মায়া"
শ্ৰীজা আৰু মৌলীৰ বোধকৰোঁ প্ৰথম মুক্তি লভা গীত "নিয়ৰৰ মায়া"। তেলুগু গীত এটিৰ আধাৰত তেওঁলোকৰ পিতৃ প্ৰণৱ ভূঞাই লিখা গীতটো মাতৃ পৰী বৰদলৈয়ে কণ্ঠ নিগৰাইছিল যদিও মুক্তি পোৱা নাছিল। প্ৰকৃতিৰ মায়া ভৰা দৃশ্যবোৰ কোমল কোমল শব্দৰে প্ৰকাশ কৰা হৈছে। সেউজীয়া বননি, পাহাৰীয়া জুৰি আদিৰে ভৰা চিত্ৰায়ণো অতি সুন্দৰ।

২১) "এনাজৰী'
মণিৰাজ হাজৰিকাৰ পূৰ্বৰ এটা হিন্দী গীত শুনি ভাল পাইছিলোঁ। এইবাৰ শশাংক সমীৰে লিখা কথা মণিৰাজে বিৰাট অৰ্কেষ্ট্ৰাৰে সজাইছে। তেখেতৰ নিজা শৈলীৰ গায়কীৰ আৰু অলপ চৰ্চা আশা কৰিলোঁ।


২২) "নৈ"

প্ৰতিভাৱান গায়িকা ইপ্সিতা ভৰালীৰ প্ৰথম অসমীয়া নিবেদন। অলপ পলমকৈ শুনিবলৈ পালোঁ। আগতে তেওঁৰ ক'ভাৰ গীত দুটামান শুনিছিলোঁ। তেওঁৰ কণ্ঠ আকৰ্ষণীয়, ৰাহুল গৌতম শৰ্মাৰ গীতৰ কথা শক্তিশালী আৰু সিদ্ধাৰ্থ বৰুৱা-অমিতাভ বৰুৱাৰ সংগীত সংযোজনা মনজুৰোৱা (বেচ্‌ গীটাৰৰ ব্যৱহাৰ বেছ ভাল পালোঁ।) ট'ৰিৰ পাছতে ইপ্সিতা ভৰালীৰ ভৱিষ্যতৰ গীতসমূহলৈ আগ্ৰহেৰে বাট চালোঁ।




২৩)  "যদি আহে ডাকোৱাল"
এইটো গীতো যথেষ্ট পলমকৈ শুনিবলৈ পালোঁ। সাগৰ সৌৰভৰ কথা, অৰুপজ্যোতি বৰুৱাৰ সংগীত আৰু সুস্মিতা চাংমাইৰ কণ্ঠ মিলি এক শ্ৰুতিমধুৰ পৰিবেশৰ সৃষ্টি কৰিছে। গীতৰ চিত্ৰায়ণো সুন্দৰ, অৰ্থবহ।




শ্ৰদ্ধপূৰ্বক উল্লেখ:
* "ৰহেদৈ"
কাণ ফুলি পিন্ধা, টিকনি ৰখা কিন্তু গান গাব নজনা "গায়ক", ৰেপ্‌ গায়ক, অদ্ভুত গীত লিখা গীতিকাৰক সমালোচনা কৰি লিখা লোহিত গগৈৰ কথাত বিপিন চাউদাঙে কণ্ঠ নিগৰাইছে। গীতৰ সকলো কথাৰ লগত সন্মত নহওঁ, কিন্তু সকলোবোৰ অস্বীকাৰ কৰিবও নোৱাৰি। সমালোচনাৰ কিছু ছিটিকনি খোদ গায়কৰ গাতে পৰা যেনো অনুভৱ হ'ল।


* "বৰ অসম"
এহাতে আদৰ পোৱা আৰু এহাতে গালি খোৱা কুসুম কৈলাশৰ "বৰ অসম"ক মোৰ তালিকাত স্থান নিদি নোৱাৰিলোঁ। কুসুম কৈলাশ আৰু ভৰত শইকীয়াৰ কথা, সুৰ আৰু উজ্জ্বল আৰঙৰ সংগীতত উটি-ভাঁহি নগ'লেও কেইবাৰমান শুনিহে শান্তি পালোঁ। ৰাইজৰ টিট্‌কাৰি মৰা গানবোৰৰ লগতে কুসুম কৈলাসে মাজে মাজে এনেকুৱা ছিক্সাৰ মাৰি থাকে যেন।

* "শেৱালি"
অভিনেতা নয়ন নীলিমে আজিকালি গানো ভাল গায়। কেশৱ নয়ন অধিকাৰীৰ কথা আৰু পৰাণ (জ'')ৰ সংগীত সমৃদ্ধ গীতটোৰ চিত্ৰায়ণ বুদ্ধিদীপ্ত।


* "সেউজীয়া"
সততে শুনি থকা হিন্দী mashup গীতবোৰ মোৰ কমেই ভাল লাগে। কিন্তু এনেকুৱা অসমীয়া mashup আমাক বাৰে বাৰে লাগে। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ তিনিটা গীতক এনেডাল সূতাৰে বান্ধি অনিন্দিতা পালে অসমৰ শ্ৰোতাসকলক এক অপূৰ্ব উপহাৰ দিছে। পুৰণি গীতবোৰৰ নিজস্বতা হেৰাই যাবলৈ নিদিয়াকৈ অনিন্দিতা পাল আৰু দিব্যজ্যোতি নাথে নূন্যতম সংগীত সংযোজনাৰে মোক বাৰে বাৰে শুনিবলৈ বাধ্য কৰাইছে।



শ্ৰেষ্ঠ শ্ৰাব্য সঁফুৰা: “ইপাৰ সিপাৰ” (দিক্ষু, সংগীত- অনুৰাগ শইকীয়া)