June 25, 2020 | By: গীতাৰ্থ বৰদলৈ

তথ্য/অশুদ্ধ তথ্য/ভুৱা বাতৰি


 
কিছুমান "বাতৰি" দেখাত বৰ আকৰ্ষণীয় যেন লাগে আৰু আমি বাতৰি প্ৰচাৰ কৰি ভাল পাওঁ। কিন্তু সেই বাতৰিটো সঁচা নে মিছা জানিবলৈ কেইটামান উৎস চলাথ কৰাত আমি কিমান আগ্ৰহী? কোনোবাই ধেমালিতে বাতৰিটো উলিয়াব পাৰে বা কোনোবাই আমাক উদ্দেশ্যধৰ্মী প্ৰচাৰৰ অংশ কৰিবলৈ বাতৰিটো সাজি বিয়পাব পাৰে বুলি বুলি আমি ভাবি চাওঁনে? আমি উপলব্ধি কৰোঁনে যে আমাৰ অলপ উপেক্ষা বা অসাৱধানতাই সমাজ/চৰকাৰ বা প্ৰণালীটোত ডাঙৰ প্ৰভাৱ পেলাব পাৰে?

শেহতীয়াকৈ ক'ভিড-১৯ মহামাৰীত আমি এনে বহুতো খবৰ প্ৰত্যক্ষ কৰিছোঁ যিবোৰৰ কেইবাটাও পেছাদাৰী বিজ্ঞ লোক যেনে চিকিৎসক, গৱেষক, বিজ্ঞানী বা শিক্ষকে শ্বেয়াৰ কৰিছে। আমি তেওঁলোকক সেই কথা শুধৰাবলৈ অনুৰোধ কৰিলোঁ। কিন্তু অধিক সংখ্যকৰে এই উত্তৰ আছিল যে তেওঁলোকে 'যিদৰে বাৰ্তা পাইছে, সেইদৰে প্ৰেৰণ কৰিছে' আৰু বাৰ্তাটোৰ শুদ্ধতা পৰীক্ষা কৰা তেওঁলোকৰ দায়িত্ব নহয়। ভুৱা বাতৰিৰ লগত জনাজাত নাম একোটা যুক্ত কৰা কথাটোও কেইজনমানে বিশ্বাস কৰিবলৈ টান পালে। 

আপুনি লাভ কৰা তথ্যসমূহৰ প্ৰকাৰ কি কি?
=>=>
শুদ্ধ তথ্য: যিবোৰ বিশ্বাসযোগ্য সূত্ৰ‌ই প্ৰমাণ সহকাৰে উপস্থাপন কৰে। সাধাৰণতে এইবোৰ আকৰ্ষণীয় যেন নালাগে।
অশুদ্ধ তথ্য: এইবোৰ অসম্পূৰ্ণ, আংশিক বা সম্পূৰ্ণভাৱে অসত্য, অস্পষ্ট আৰু দ্ব্যৰ্থক হ'ব পাৰে।
বিকৃত তথ্য: অশুদ্ধ তথ্যৰ দৰে প্ৰায় একেই কিন্তু ইচ্ছাকৃতভাৱে বিপথগামী কৰিবৰ অভিপ্ৰায় থাকে।
ওপৰৰ দুইটা ঘটনাতে উপস্থাপিত তথ্যৰ কোনো প্ৰমাণ নাথাকে। এয়া দেখাত আকৰ্ষণীয় হয় আৰু সাধাৰণ লোকৰ বিশ্বাস ভংগ নকৰে। কিছুমানে বিখ্যাত আৰু বিশ্বাসযোগ্য উৎস বা পেছাদাৰী লোকৰ নামো ব্যৱহাৰ কৰা দেখা যায়।
ভুৱা বাতৰি: এইবোৰ সম্পূৰ্ণৰূপে মিছা।

এইবোৰ ক'ৰ পৰা আহে?
=>=>
মানুহে তথ্য ভাগ-বতৰা কৰি ভাল পায়, বিশেষকৈ 'বাতৰি'বোৰ। তেওঁলোকে নিজে সেয়া বিশ্বাস নকৰিলেও নিজৰ সামাজিক যোগাযোগৰ মাধ্যমেৰে সেইবোৰ বিয়পাই আনন্দ লভে। ছ'চিয়েল মিডিয়াৰ জনপ্ৰিয়তা বাঢ়ি অহাৰ লগে লগে তথ্য শ্বেয়াৰ কৰা আৰু তেনে তথ্যৰ চিকাৰ হোৱাটোও অতি সহজ হৈ পৰিছে। ভাৰতৰ দৰে এখন দেশত সাধাৰণ ৰাইজৰ লগতে উচ্চ-শিক্ষিত লোকো এই বিষয়ে সজাগ নহয়। গতিকে আমাৰ বন্ধু, পৰিয়ালৰ লোক, সহকৰ্মী, পৰিচিত লোক, শিক্ষক, মুৰব্বী আৰু আমি ভাল পোৱা, বিশ্বাস কৰা বিভিন্নজনৰ বাৰ্তা বনজুইৰ দৰে বিয়পি পৰে।

আমি কিয় সন্দেহ আৰু সন্ধান কৰিব লাগে?
=>=>
এনে তথ্য বিপজ্জনকেই নহয়, ই প্ৰণালী ছিন্ন কৰাৰ লগতে মৃত্যুও মাতিব পাৰে। যেনে ক'ভিড-১৯ মহামাৰীৰ আৰম্ভণিতে কুহুমীয়া পানীৰে কুলকুলি কৰাৰ বাৰ্তা এটা আনকি এচাম বিশেষজ্ঞইও প্ৰচাৰ কৰিছিল। এই বাৰ্তা বিশ্বাস কৰি ৰোগ প্ৰতিৰোধৰ অন্য সাৱধানতা অৱলম্বন নকৰিলে নিজৰ লগতে আনৰো জীৱনলৈ সংশয় আহি পাৰে।

## যদি "Forwarded As Received" লক্ষণত ভুগিছে:
=>=>
অনুগ্ৰহ কৰি একে কাৰ্য নকৰিব। সত্য জানিবৰ বাবে কেইমিনিটমান সময় খৰছ কৰক বা এনে বাতৰি শ্বেয়াৰ নকৰিবই। দুষ্টমনৰ ব্যক্তিৰ জালত ভৰি নথ'ব।
## এটা বাৰ্তা সঁচা নে মিছা কেনেকৈ জানিব?
=>=>
এই প্ৰক্ৰিয়াটোক "সমালোচনাত্মক বিবেচনা প্ৰক্ৰিয়া" (Critical Thinking Process) বোলে। অনুগ্ৰহ কৰি পৰীক্ষা কৰক যে বাৰ্তাটোত-
১) এগৰাকী চিকিৎসক বা বিজ্ঞানী বা তেনে লেখৰ ব্যক্তিৰ উদ্ধৃতি আছে নেকি (তেনে ক্ষেত্ৰত অনুগ্ৰহ কৰি তেওঁলোকৰ নাম অনলাইন সন্ধান কৰক। লগতে সেই ব্যক্তিগৰাকী সঁচাকৈ সেই ক্ষেত্ৰৰ বিশেষজ্ঞ হয়নে নাই পৰীক্ষা কৰিব)।
২) UNESCO বা WHO ৰ দৰে বিশ্বাসযোগ্য সংস্থাৰ উদ্ধৃতি আছে নেকি (তেনে ক্ষেত্ৰত সংস্থাটোৰ ৱেবছাইট চাওক। সাধাৰণতে তেওঁলোকে খণ্ডন কৰা উৰাবাতৰিবোৰ ছ'চিয়েল মিডিয়া পৃষ্ঠা বা ৱেবপৃষ্ঠাত সংৰক্ষণ কৰা থাকে)।
৩) আপুনি সেই ক্ষেত্ৰৰ নহ'লেও বাৰ্তাটো আকৰ্ষণীয় যেন লাগিছে নেকি।
৪) পৰিস্থিতি অনুসাৰে বৰ সুবিধাজনক যে লাগিছে নেকি (যেনে ক'ভিড-১৯ ৰ প্ৰতিষেধক ছীটা সম্পৰ্কীয় বিয়পি ফুৰা বাৰ্তাবিলাক)।

ইয়াৰ লগতে আপুনি কোনো আগ্ৰহজনক আৱিষ্কাৰৰ কথা থকা বৈজ্ঞানিক প্ৰবন্ধও লাভ কৰিব পাৰে। তেতিয়া অনুগ্ৰহ কৰি তেনে বিষয়ত কাম কৰা আপোনাৰ বন্ধুবৰ্গক সেই বিষয়ে সোধক। ইয়াৰে কিছুমান কেৱল সম্পাদকলৈ চিঠি হ'ব পাৰে (বিখ্যাত জাৰ্ণালত প্ৰকাশ হোৱা সত্বেও) যিবোৰ প্ৰমাণ হোৱা নাই বা সবল বৈজ্ঞানিক ভিত্তি নাই। কিছুমানৰ পৰ্যালোচনা নহ'ব পাৰে আৰু কিছুমান লুণ্ঠনকাৰী জাৰ্ণালত প্ৰকাশিতও হ'ব পাৰে।

"গতিকে ভিত্তিহীন বাতৰিৰ পৰা আঁ‌তৰি থাকক, সাৱধান হওক, সুৰক্ষিত থাকক।"


(ড° নৱনীতা বৰাৰ সহযোগত ফেইচবুকত আৰম্ভ কৰা "Untangling the Truth- মিছা কথা ঠেং চুটি" প্ৰকল্পৰ এটা লেখা।)


April 19, 2020 | By: গীতাৰ্থ বৰদলৈ

২০১৯ বৰ্ষৰ অসমীয়া গীত


বছৰটোৰ মোৰ প্ৰিয় অসমীয়া গীতৰ তালিকা একোখন যোৱা তিনিবছৰ ধৰি কৰিছিলোঁ। ২০১৯ চনৰ খচৰা তালিকাখনত গান সুমুৱাওঁতে সুমুৱাওঁতে ৮০টা মান হ'লগৈ। ইমানবোৰ গীতৰ তালিকা কৰাততো অসুবিধা, গতিকে চমুৱাবলগীয়া হ'ল। কিন্তু এই কাৰণে জানুৱাৰীত ৰাজহুৱা কৰিবলগীয়া কামটো ব'হাগ বিহু পোৱাহি নাই, এলাহতহে পলম হ'ল। এইবাৰৰ তালিকাখন জুবিনময় আৰু EDM (Electronic dance music)ময় হৈ উঠিছে। হ'বৰে কথা, বছৰটোত জুবিন গাৰ্গৰ সংগীত দিয়া দুখনকৈ ব্লকবাষ্টাৰ চলচ্চিত্ৰ‌ই মুক্তি পালে, লগতে তেওঁৰ নিজা সৃষ্টিৰ "মা" এলবামো ওলাল। EDM ৰ চৰ্চাও অসমীয়া সংগীত জগতত যোৱা দুবছৰমানৰ পৰা লাহে লাহে বাঢ়ি আহিছে। লগতে বহু লোকে ন-ন সম্পৰীক্ষাও কৰিছে। মূল গীতসমূহৰ ইউবিউব লিংক গাঁথি দিছোঁ। বাদ পৰা বহুকেইটা শুনিবলৈ ভাল লগা, কিন্তু হয়তো কিছু গতানুগতিক। লগতে কৈ থোৱা ভাল হ'ব যে মই গায়ক বা সংগীতজ্ঞ নহয়, গানৰ বিশেষ জ্ঞানো নাই। সাধাৰণ শ্ৰোতা হিচাপেহে ভাল পোৱা বস্তুবোৰ ধৰি ৰাখিব খুজিছোঁ। কোনো ঠাইত ত্ৰুটিপূৰ্ণ এক্সপাৰ্ট কমেণ্ট দিলে "ফটা লেবেল" আৰু "বাক্‌ স্বাধীনতা" বুলি ধৰি ল'ব!

গীতবোৰ মোৰ ভাল পোৱা ক্ৰমমতে সজোৱা নাই, যাদৃচ্ছিকভাৱে আছে। এইখন মোৰ নিজা তালিকাহে। প্ৰচাৰৰ অভাৱ বা ইউটিউবৰ এল্‌গৰিথমৰ বাবে বহু ভাল গীত নুশুনাকৈ থাকি যাব পাৰে। অনুগ্ৰহ কৰি আপোনাৰো ভাল লগা গীতবোৰ লিংক তলত দিব।
(গীতবোৰৰ ইউটিউব প্লে'লিষ্ট: https://www.youtube.com/playlist?list=PL4vERJFk7ridg9SD59VbLdmo1EuSZdnIl

১) আবেগৰে হুমুনিয়াহ: শৰ্মিষ্ঠা চক্ৰৱৰ্তী
২০১৯ চনৰ জানুৱাৰীত মুক্তি পোৱা এইটো গীতেই মোৰ ব্যক্তিগত তালিকাত প্ৰথম গীত হিচাপে অন্তৰ্ভুক্ত কৰিছিলোঁ। বিৰিণা পাঠক চক্ৰৱৰ্তীই লিখা "তোমাৰ অবিহনে জানানে অভিলাসী মন মোৰ আধৰুৱা"ৰ দৰে শব্দক কথাক জয়িতা সেনে সুৰেৰে সজাইছে। শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ মিঠা কণ্ঠ চকু মুদি শুনি থাকিলে এক অজান দুখবোধে হেঁচা মাৰি ধৰিব। "আবগৰে" আৰু "হুমুনিয়া" শব্দ দুটা ঠায়ে ঠায়ে দ্ৰুপদী ঠাঁচত দীঘলীয়াকৈ গোৱাটো বৰ আকৰ্ষণীয় হৈছে। সংগীত সংযোজনা অতি ওপৰ খাপৰ। সাধাৰণতে অসমীয়া গীতত ব্যৱহাৰ নোহোৱা চেহনাইৰ মাত্ৰ সাত ছেকেণ্ডৰ সুৰে মন কাঢ়ি নিয়ে। ৰিম্পি দাসে অভিনয় কৰা ভিডিঅ'টোও সুন্দৰ।


২) ৰাস্তা: প্ৰবীণ বৰা
প্ৰবীণ বৰা নতুন প্ৰজন্মৰ গায়কসকলৰ ভিতৰত মোৰ অন্যতম প্ৰিয় গায়ক। ২০১৮ চনৰ এওঁ গোৱা "মৌন ওঁঠত" আৰু "আবেগে" গীত দুটা এতিয়াই গুণগুণাই থাকোঁ। "ৰাস্তা" গীতত পাপলু চেতিয়াৰ অৰ্থবহ কথাক প্ৰবীণ বৰাই সুৰেৰে সজাইছে। গীতটোৰ ছন্দে ছন্দে গায়কে সঠিক স্থানত জোৰ দি গাইছে। "ক'ত আছে মোৰ সঠিক বাট" শাৰীটো গাওঁতে তেওঁৰ "মৌন ওঁঠ"ৰ লেখীয়া বিশেষ কম্পন মোৰ পছন্দৰ। ক'ৰাছখিনি গাওঁতে "ৰাস্তা" শব্দৰ উচ্চাৰণ হিন্দী ধৰণৰ যেন অনুভৱ হ'ল।


৩) প্ৰহেলিকা: অংকুৰ গগৈ
অসমীয়া ৰক্‌ গীতৰ শ্ৰোতা আন গীতৰ দৰে খুব বেছি নহয়। তথাপিও দুই-একে এই পথ নেৰি নতুন নতুন গীত সৃষ্টি কৰি আছে। ৰক্‌ সংগীত ভাল পোৱা লোকৰ লগতে আনসকলেও অসমীয়া ৰক্‌ গীতৰ এই নতুন সংযোজনটো শুনি চাব। অংকুৰ গগৈয়ে লিখা, সুৰ দিয়া আৰু পৰিবেশন কৰা গীতটো লুচিড ৰিচেচ বেণ্ডে সংগীতেৰে সজাইছে। গায়কে কণ্ঠৰ হেঁচা নপৰাকৈ উচ্চ স্কেলত সুন্দৰকৈ গাইছে; মাত্ৰ মাজে মাজে দুই-এটা শব্দ বুজি নাপালোঁ। গীটাৰ ৰিফ্‌কেইটা গীতটোৰ এক শক্তিশালী দিশ। মোৰ মিক্সিঙৰ জ্ঞান নায়েই যদিও গীতটোত এই ক্ষেত্ৰত কিছু সমস্যা থকা যেন ভাৱ হ'ল।


৪) কেতিয়াবা: জুবিন গাৰ্গ
জুবিন গাৰ্গত বহু প্ৰতি‌‌‌‌ক্ষিত "মা" এলবামৰ গীত। এইটো জুবিন গাৰ্গৰ নিজা কম্প'জিচন। এটা শব্দৰ দুবাৰ ব্যৱহাৰে "অবাক অবাক"ৰ দৰে গীতলৈ মনত পেলায়। উচ্চ স্কেলত কণ্ঠৰ অকণো হীন-দেড়ি নোহোৱাকৈ গাব পৰা মুষ্টিমেয় গায়কৰ এজন জুবিন গাৰ্গে আৰম্ভণিৰ অংশৰ "কেতিয়াবা ৰ'দে মাতে, কেতিয়াবা বৰষুণে, কেতিয়াবা ধুমুহা হৈ কোবাই যায় জীৱনে" শাৰী একেবাৰে তলৰ স্কে'লত গাইছে। দ্বিতীয় অংশৰ "কেতিয়াবা ফুল ফুলে"ত স্বৰে আকৌ আৰোহণ কৰে।


৫) পপীয়া তৰা: জুবিন গাৰ্গ
জুবিন গাৰ্গৰ "মা" এলবামৰ আন এটা ভাল লগা গীত। ৰাহুল গৌতম শৰ্মাই ইমান কম বয়সতে গভীৰ শব্দৰ মালা ৰচিছে, যেনে- "উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ"। জুবিনৰ কণ্ঠ, সুৰে সোণত সুৱগা চৰাইছে। 

৬) তুমিনো নুবুজা কিয়: পুলক বেনাৰ্জী
গীতা হাতীকাকতিয়ে লিখা এই ৰোমাণ্টিক গীতটো বিমল দেৱ মেধিয়ে সংগীতেৰে সজাইছে। গীতটো পুলক বেনাৰ্জীৰ নিজা শৈলীৰ বাবে তেওঁৰ কণ্ঠত খাপ খাই পৰিছে। "এৰাচোন" আৰু "এৰা" শব্দ দুটাৰ গায়কীয়ে তেওঁৰ পুৰণি গীতবোৰলৈ মনত পেলাই নিদিয়ে। গীতৰ কথাৰ অভিমান ফুটাই তোলা ভিডিঅ'টোত কপিল বৰা আৰু সুকৃতি শৰ্মাই অভিনয় কৰিছে।


৭) শুভকামনা একাঁজলি: ৰূপম ভূঞা
সোঁতত উটি যোৱাৰ বিপৰীতে ৰূপম ভূঞাই একান্তমনে ছিৰিয়াছ কাম কৰি গৈছে। দীপাংক শ‌ইকীয়াই লিখা এই গীতটোৰ সংগীত পলাশ সূৰ্য গগৈৰ। ৰূপম ভূঞাৰ মনপৰশা কণ্ঠৰ কথা দুনাই ক'বলগীয়া নাই। অনুপ্ৰাশ দাসে পৰিচালনা কৰা ভিডিঅ'টোৰ বিষয়বস্তু অগতানুগতিক। মাক নোহোৱা ছোৱালী এজনী দেউতাকে অকলে ডাঙৰ-দীঘল কৰা দৃশ্যবোৰে মনত দুখ, সুখ দুয়োটা ভাৱ জগাই তোলে।

৮) ৰণৰ ঢৌ: ইপ্সিতা ভৰালী
তালিকাৰ প্ৰথমটো ইলেক্‌ট্ৰনিক সংগীতেৰে ভৰা গীত। শংকুৰাজ কোঁৱৰৰ কথা শক্তিশালী আৰু অলপ এব্‌ষ্ট্ৰেক্ট। সুৰ, সংগীত সিদ্ধাৰ্থ বৰুৱা আৰু অমিতাভ বৰুৱাৰ (লেটাৰেল)। ইপ্সিতা ভৰালীৰ কণ্ঠ খুব মিঠা, উচ্চাৰণত মাজে মাজে উজুটি নোখোৱা নহয়। "নীলাঞ্জনা সৌ নিলাজ পাহাৰৰ শিৰোমণি, নিয়ম ভঙা দানৱ বিনাসি লুইতৰ আগমণি" শাৰীটোৱে গীতটোক আগুৱাই লৈ যায়।


৯) ৰণলে যাওঁ: শংকুৰাজ কোঁৱৰ
শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ যুটীয়া প্ৰচেষ্টা প্ৰজেক্ট বাৰ্তালাপৰ গীত। কথা-সুৰ-সংগীত শংকুৰাজৰ। গীতৰ আৰম্ভণিতে যুদ্ধৰ তাল শুনা যায়। পিছে বৰ্ণনাত লিখা মতে এই যুদ্ধ পৃথিৱীৰ বিৰুদ্ধে নহয়, নিজৰ ভয় আৰু সুৰক্ষাহীনতাৰ বিৰুদ্ধেহে। বৰ্তমান অসমীয়া সংগীত জগতৰ তাৰকা শংকুৰাজে কণ্ঠৰ কম্পনেৰে মোক মোহাছন্ন কৰি ৰাখে। "শুকানে ৰাখ তোৰে চকু, যদি উভতি নহওঁ, মিছাতে নাচাবি বাটে-পদূলিতে"। গীতটোৰ মাজত দুৰ্দান্ত গীটাৰ ছ'ল' এটাও আছে। কোনো কোনো ঠাইত EDM-ৰ আধিক্য অনুভৱ হ'ল।


১০) বেলিটি ডুলিব দিয়া: অনন্যা দত্ত
অসমীয়া সংগীতত জেজ্‌ শৈলীক লৈ বেছি পৰীক্ষা-নিৰীক্ষা নহয়। তাৰ মাজতে মুকুন্দ শ‌ইকীয়াই লিখা আৰু অনিৰুদ্ধ বৰুৱাই সংগীত দিয়া এই গীতটি মুক্তি পাইছে। অনন্যা দত্তৰ সামান্য মোটা কণ্ঠ সুৰত সুন্দৰকৈ খাপ খাই পৰিছে।

১১) কুঁৱলি: মৃণাল ৰাভা
গীতৰ কথা জিতুমণিৰ, সুৰ-সংগীত মৃণাল ৰাভাৰ। "জোন গলা" যোৱা দুবছৰমানৰ ভিতৰত মোৰ অন্যতম প্ৰিয় অসমীয়া গীত। সেই গীতৰ স্ৰষ্টা মৃণাল ৰাভাৰে এইবাৰ আন এক ভাল লগা গীত "কুঁৱলি"। ৰূপম ভূঞাৰ দৰে তেৱোঁ হিচাপত কম কিন্তু ভাল কাম কৰাত গুৰুত্ব দিছে। মেঘালয়ত কৰা ভিডিঅ'টোও সুন্দৰ।

১২) ডেউকা: কাব্যশ্ৰী
ইউটিউবত Kaysee বুলি পৰিচয় কাব্যশ্ৰী অসমীয়া সংগীত জগতৰ এক নতুন নাম। ২০১৯ চনত কেইবাটাও গীতেৰে তেওঁ আমাক এক নতুন সোৱাদ দিছে। এই গীতটোৰ কথা স্বৰাজ প্ৰিয়ৰ, সংগীত লেটাৰেলৰ। পশ্চিমীয়া গীতৰ চৰ্চা কৰা কাব্যশ্ৰীৰ এইটো গীতৰ গায়কীত পশ্চিমীয়া প্ৰভাৱ স্পষ্ট, কিন্তু ইচ্ছাকৃতহে। তেওঁৰ কণ্ঠ Raw কিন্তু আচৰিতভাৱে মিঠা আৰু সুৰৰ ঘন উঠা-নমাবোৰত পিট্‌ছ সুনিপুণ।  "আহে যদি ভাঁহে শংকা" আৰু দুটামান অংশত কণ্ঠৰ কম্পন মন কৰিবলগীয়া।

১৩) বুকু ফালি: তৰালী শৰ্মা
EDM ৰ পৰা আহি একেকোবে এইটো ধীৰ আৰু নূন্যতম সংগীত সংযোজনাৰ গীত। "কানীন" চলচ্চিত্ৰৰ এই গীতটিৰ কথা-সুৰ-সংগীত তৰালী শৰ্মাৰ। তৰালী শৰ্মাই আজিকালি গীত ৰচনাতো পাৰদৰ্শিতা দেখুৱাইছে। "বুকু ফালি দেখুৱাওঁ মমতাৰ নাই কোনো সীমা" বুলি হৃদয় চুই চাব পৰা কথা আৰম্ভ হৈছে। এই চলচ্চিত্ৰৰে তৰালী শৰ্মাৰ "শুই থকা আবেগ" আন এটা প্ৰাণভৰা সৃষ্টি।


১৪) মোৰ মা: জুবিন গাৰ্গ
"মা" এলবামৰ এই গীতটো গাঁৱলীয়া গোন্ধ থকা গীত। "জোন বেলি গাতে মেৰিয়াই শাৰী শাৰী খচি বোকা পানী, পথাৰতে ভূঁই ৰোৱাজনী মোৰ মা.." বুলি জুবিন গাৰ্গে আৰম্ভ কৰাৰ লগে লগে মন উৎফুল্লিত হৈ উঠে। আজিৰ তাৰিখত শশাংক সমীৰ অসমৰ এজন শক্তিশালী গীতিকাৰ। সুৰ আৰু সংগীত সংযোজনা জুবিন গাৰ্গৰ।


১৫) অহা বাটে: অম্বৰ দাস, শৰ্মিষ্ঠা চক্ৰৱৰ্তী
মই অম্বৰ দাসৰ সংগীতৰ অনুৰাগী, গায়ক অম্বৰ দাসৰ বাবে সেই কথা ক'ব নোৱাৰোঁ! সাগৰ সৌৰভৰ কথা আৰু মেল'ডী মাদিয়াৰ EDM-ত শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ সৈতে তেওঁ বাৰু সুন্দৰকৈ গীতটি গাইছে। ভিডিঅ'ৰ আকৰ্ষণীয় দিশ সমুদ্ৰ কাজল শ‌ইকীয়াৰ চিগ্‌‌নেচাৰ এনিমেচন।


১৬) কনচেং: নীলা আকাশ, কুসুম কৈলাশ
অতি জনপ্ৰিয় হৈ পৰা এই বিহুসুৰীয়া গীতটোৰ কথা পাঁচজনে মিলি লিখিছে। কাৰেং ঘৰৰ বাকৰিত কৰা ভিডিঅ'টো দৃষ্টিনন্দন হৈছে। গায়কীৰ দিশৰ পৰা মোৰ বাবে নীল আকাশ> কুসুম কৈলাশ।


১৭) ভালপোৱা: শংকুৰাজ, মৈত্ৰী পাটৰ
প্ৰজেক্ট বাৰ্তালাপৰ আন এটা গীত। শংকুৰাজ আৰু মৈত্ৰেয়ী পাটৰৰ এটি এটি গীত অসমীয়া সংগীত জগতৰ সম্পদ। ছন্দ নিমিলা কথাবোৰত মনোমোহা সুৰ দি ধীৰ লয়ত দুয়ো প্ৰাণ ঢালি গাইছে। "তোক এয়া হাতেৰে চুই চাইছোঁ, পখৰা চোলাৰ আঁৰত নিমজ ছাল, শেলুৱৈ নে শিল, তই কোমল কঠিন, দুয়োটাই।" অপূৰ্ব। কাদম্বৰী কাশ্যপৰ ভিডিঅ'টো বিমূৰ্ত।


১৮) হোলী গীত: কাল্টিভেটৰ্ছ
প্ৰতিবছৰে মোৰ প্ৰিয় ফ'ক্‌ ফিউজন বেণ্ড "কাল্টিভেটৰ্ছ"-এ একোটাকৈ হোলী গীত নতুন ৰূপেৰে সজাই আগবঢ়াই দিয়ে। "অ' হোলী খেলে নন্দ দুলাল" পৰম্পৰাগত কথাৰ লগত অৰূপজ্যোতি বৰুৱাই হিন্দী কথাৰ সংযোজন  কৰিছে। তেওঁলোকৰ আন ভিডিঅ'কেইটাৰ দৰে এইটোৰো দৃশ্যায়ন ভাল লাগিল।


১৯) ফুটুকলা: The Blissed Integration
চাৰিগৰাকী নতুন গায়িকা মহাশ্বেতা, পৰিণীতা, প্ৰতীক্ষা আৰু ৰেঙনিৰ প্ৰথম নিবেদন। এয়া শৈশৱক বাউলি দি মতা গীত। মুখত হাঁহি বিৰিঙি উঠা দৃশ্যায়ন। আটাইকেইগৰাকীৰ কণ্ঠ সমানে সমৃণ নহয় আৰু উচ্চাৰণো ইফাল-সিফাল হোৱা অনুভৱ কৰিলোঁ।


২০) দূৰ হোৱা: নীলোৎপল বৰা
একান্তমনে ইটোৰ পাছত সিটো শ্ৰুতিমধুৰ গীত সৃষ্টি কৰা নীলোৎপলে এইবাৰ লিখিছে- "মুকলি মোৰ মনৰ, একা বেঁকা বঙিয়াত, ভাল লগা জীৱনক খেলিব দিয়া"।" যেন এক বিষণ্ণ সন্ধিয়াৰ গান। অস্বাভাৱিক কৰ্ডবোৰে কিবা এটা খালি খালি ভাৱ জগাই তোলে।


২১) পোহৰ: সান্নিধ্য ভূঞা, অভিনৱ শৰ্মা, মিনিমি
তালিকাৰ আন এটা ইলেক্‌ট্ৰনিক সংগীতসমৃদ্ধ গীত। কথা ৰাজীৱ ভূঞা আৰু মিনিমিৰ। গায়ক সান্নিধ্য ভূঞা আৰু অভিনৱ শৰ্মাৰ কণ্ঠ বৰ কোমল। আলাপকেইটাই মন চুই গ'ল। মাজতে আছে অসমীয়া ৰেপ্‌ সংগীতৰ এতিয়া এক চিনাকী নাম মিনিমিৰ পৰিবেশন।


২২) সুহুৰি: জয় বৰুৱা
অসমীয়া চলচ্চিত্ৰ "বৰনদী ভটিয়াই"ৰ বাবে অনুপম কৌশিক বৰুৱাই লিখা, সুৰ দিয়া এটি গীত। জয় বৰুৱাৰ সামান্য খহটা (husky) কণ্ঠৰে গীতটোৰ feel নীলোৎপলৰ "মাজুলীত"কৈ সম্পূৰ্ণ বেলেগ।


২৩) কথা এটি: ৰাজশ্ৰী শ‌ইকীয়া, নীল আকাশ
দিগন্ত ভাৰতীৰ কম্প'জিচন আৰু ৰাজশ্ৰী শইকীয়াৰ কণ্ঠৰ এটা গীত। লগতে নীল আকাশে কণ্ঠ নিগৰাইছে। ৰাজশ্ৰী শইকীয়াৰ গায়কী আগৰেপৰা মোৰ পছন্দৰ। ভিডিঅ'টোত কমল লোচন আৰু ৰাজশ্ৰীয়ে সুন্দৰ অভিনয় কৰিছে।


২৪) ধূলিসনা: ইপ্সিতা ভৰালী
অসমৰ EDM সম্ৰাট অভি শ‌ইকীয়াৰ এক নিবেদন। গীতৰ কথা ডেনিচৰ, কম্প'জিচন অভি শ‌ইকীয়া আৰু লেটাৰেলৰ। শুনিবলৈ আৰম্ভ কৰোঁতেই আৰম্ভণিৰ সংগীতাংশই মোক আকৰ্ষণ কৰিছিল। "পৃথিৱী জিকি-মিকি" এইখিনি আৰু আন দুশাৰীমানৰ পশ্চিমীয়া উচ্চাৰণৰ সলনি ইপ্সিতা ভৰালীয়ে সাধাৰণভাৱে গোৱা হ'লে অধিক পছন্দ কৰিলোঁহেঁতেন। "ধূলিসনা জোনাকৰে আঁচলতে কি ৰহণ, দোমোজাতে ৰিঙিয়ালে সমীৰৰে আভৰণ" এইখিনিৰ flow আৰু তাৰ পাছতে থকা সংগীতখিনি খুব ভাল লাগে।


২৫) ৰাতি ৰাতি: জুবিন গাৰ্গ, গায়ত্ৰী হাজৰিকা
মোৰ অন্যতম প্ৰিয় গায়িকা গায়ত্ৰী হাজৰিকাই জুবিন গাৰ্গৰ সৈতে "ৰত্নাকৰ"ৰ এই গীতত কণ্ঠ নিগৰাইছে। ৰঙৰ বুদ্ধিদীপ্ত প্ৰয়োগ আৰু সুন্দৰ লোকেচনত কৰা দৃশ্যায়ন বাৰে বাৰে চাই থাকিব পৰা বিধৰ। "নেজানো ক'ত তুমি থাকা, নেজানো ক'ত মই থাকোঁ...." এই অংশটোত গীতটোৱে পূৰ্ণতা পোৱা যেন অনুভৱ হয়।


২৬) ধূলিকণা: জুবিন গাৰ্গ, জুবলী
২০১৯ চনৰ এক জনপ্ৰিয় গীত। "আঘাতৰ নিমাত চিঞৰে, উশাহৰ মিচিল সাৱটে, ঘনে ঘনে"- শশাংকৰ সমীৰৰ কথাখিনি জুবিন গাগে ইমান সুৰীয়াকৈ গাইছে। "পাহোৱাল পাহাৰো বগুৱা বায়, জীৱনৰ জাহাজে জেতুকা লয়" আদি ধ্বনিগত পুনৰাবৃত্তি গীতটোৰ ভাল লগা দিশ। ভিডিঅ'টোত জুবিন দাৰ নৃত্য আওকাণ কৰিব পাৰি 😀


২৭) নদী মাথোঁ বয়: অংগৰাগ মহন্ত
ইবছন লাল বৰুৱাৰ কথা, সৌৰভ মহন্তৰ সংগীতেৰে "নদী মাথোঁ বয়" চলচ্চিত্ৰৰ এটি গীত। "কাগজতে অঁকা যত সীমাৰেখা, নাম থ'লোঁ আমি তাৰ মানচিত্ৰ..." ইবছন লাল বৰুৱাৰ এইখিনি কথায়েই মোক আকৃষ্ট কৰিবলৈ যথেষ্ট আছিল। অংগৰাগ মহন্তই নিয়ন্ত্ৰিত কণ্ঠৰে গীতটোৰ আবেগ সাঠিক মাত্ৰাত ফুটাই তুলিছে। "নদী মাথোঁ বয়" বুলি গাওঁতে কৰ্ড আকৰ্ষণীয়ভাৱে সলনি হয়।


২৮) বাৰিষাৰে বৰষা হোৱা: ৰাকেশ ৰিয়ান
মই যোৱা কেইমাহত আটাইতকৈ বেছিবাৰ গাবলৈ চেষ্টা কৰা গীত। সংগীত পলাশ সূৰ্য গগৈৰ। "ঋতু আহেনো যায়, বুকুতে বাগৰ সলাই, লাজে লাজে, ধীৰে ধীৰে"... শব্দবোৰত ৰাকেশ ৰিয়ানৰ কণ্ঠত প্ৰেম নিগৰে। তাবলাৰ প্ৰয়োগ আকৰ্ষণীয়। ৰাকেশ ৰিয়ান, অংগাশ্ৰী নেওগ আৰু শিৱাৰণ গগৈয়ে অভিনয় কৰা ভিডিঅ'ৱে মন চুই যায়।


২৯) ধূলিচিলা: পাঞ্চুনা ৰাভা
আগতে বৰকৈ নুশুনা পাঞ্চুনা ৰাভাৰ কণ্ঠ বৰ শুৱলা। শশাংক সমীৰে লিখা মুকুতাহেন শব্দকেইটাত পৰাণ বৰকটকীয়ে সংগীত দিছে। আখৈ ফুটা, হিলৈ ফুটা আদি পুনৰাবৃত্তিৰে ক'ৰাছটো মনোমোহা।


৩০) পাঞ্চনা: জুবিন গাৰ্গ, পাঞ্চুনা ৰাভা
পৰম্পৰাগত ৰাভা জনজাতীয় গীতৰ লগত মিলাই শশাংক সমীৰে অসমীয়া অংশখিনি লিখিছে। ৰাভা অংশখিনিয়ে বুকুৰ ক'ৰবাত খুন্দা মাৰি যায়। আৰম্ভণিতে জুবিন গাৰ্গে ইচ্ছাকৃতভাৱে ভগা মাতেৰে গাইছে। এইটো নকৰিলে বেছি ভাল পালোঁহেঁতেন। অৱশ্যে মৃতকৰ বাবে গোৱা ৰাভা গীতৰ লগত চিনেমাত দেখুওৱা প্ৰেমিকাক বিয়া পাৰিব নোৱাৰা কথাৰ মিল নাই। বহুতে গীতটো চাই/শুনি হলত কান্দিছে বোলে! জুবিন দাৰ ক্ৰেডিট :)


৩১) মানুহ যাযাবৰ ডায়েৰী: প্ৰিয়ান দত্ত
প্ৰিয়ান দত্তৰ তেনেই চুটি এক সৃষ্টি। গীতটোৰ ছন্দ "মই এটি যাযাবৰ"ৰ দৰে। অঞ্জন দত্তৰ শৈলীৰ গান বুলিবও পাৰি চাগে। গীটাৰৰ লগত মাউথ অৰ্গেনৰ এনেও মোৰ ভাল লাগে। গীতটোৰ ইউটিউব দৰ্শন মাত্ৰ ১৬০ টা ।


৩২) ক্লান্ত সময়: ভাস্কৰ অপ্সৱেল
মই শুনা অসমীয়া নতুন গায়কৰ ভিতৰত ভাস্কৰৰ কণ্ঠ সকলোতকৈ মসৃণ। তেওঁ উচ্চ স্কে'লকেইটা উশাহ নেহেৰুৱাকৈ বৰ সুন্দৰকৈ গায়। মৃত্যুঞ্জয় কাকতিৰ কথাত ভাস্কৰে নিজে ইলেক্‌ট্ৰনিক সংগীত সংযোজন কৰিছে।


৩৩) নীড়হাৰা: বহেমিয়ান ব্লুজ
যোৱা বছৰো কৈছোঁ যে বহেমিয়ান ব্লুজ আৰু ট'ৰিৰ মই অনুৰাগী। ঠায়ে ঠায়ে ট'ৰিৰ উচ্চাৰণ অলপ অস্পষ্ট হৈ উঠা যেন ভাৱ হয়। গীতৰ কথা মৃণাল জ্যোতি, সুৰ প্ৰশান্ত কুমাৰ দাসৰ। বহেমিয়ান ব্লুজৰ আনবোৰ গীতৰ দৰে এইটোৰো প্ৰডাকচন অতি উচ্চমানৰ। যোৱা বছৰ মুক্তি পোৱা তেওঁলোকৰ "তোমাৰ জোনাকৰে" গীতটোও খুব শ্ৰুতিমধুৰ।


৩৪) এই চহৰ: কাব্যশ্ৰী
অংশুমান বৰাই লিখা এইটো গীতৰ সুৰ, কণ্ঠ কেইচী বা কাব্যশ্ৰীৰ। "জ্বালামুখী এই চহৰ, ঘূমটি হেৰায় জুই লগায়, গানৰ লাভাই কৰিছে পোহৰ, গানৰ বতাহত কঁপিছে প্ৰহৰ।" আকৰ্ষণীয় বিটেৰে গীতটো আগবাঢ়িছে। ওপৰত কোৱাৰ দৰে গায়িকাৰ শৈলী সুকীয়া। গীতৰ লগত মিলা যোৰহাট চহৰৰ দৃশ্যায়নে অন্য মাত্ৰা প্ৰদান কৰিছে।

 

৩৫) তুমি মোৰ নোহোৱা: ভাস্কৰ অপ্সৱেল
লোকেল কুংফুৰ কেইজনমানৰ গোট "হেভী বাজেট"ৰ কমেডী স্কেচ্চ "তুমি মানে তই"ৰ সন্নিৱিষ্ট গীত। সংগীত উৎকৰ্ষ ধটেকাৰৰ। ভালপোৱাৰ বিচ্ছেদ হোৱাৰ অনুভূতিখিনি ভাস্কৰৰ কণ্ঠই ফুতাই তুলিছে।  সংগীতত Tvf ৰ ৱেব চিৰিজৰ সংগীতৰ প্ৰভাৱ পৰিছে নেকি বাৰু?


৩৬) তোমাৰ উশাহত: নীল আকাশ
"বাৰিষাৰে বৰষা হোৱা"ৰ পাছতে মোৰ পছন্দৰ ৰোমাণ্টিক গীত। কথা পুনম নাথ, সংগীত তৃয়ন মহন্তৰ। নীল আকাশৰ কণ্ঠৰ টেক্সাৰ ইয়াত একেবাৰে খাপ খাই পৰিছে। "অ' উমলি উভতি আহে"- এইখিনিৰ উচ্চ স্কেলটোত ভগা মাত মন কৰিব।


৩৭) যাযাবৰী: ঋষি বৰা
এই গীতটো বহুচৰ্চিত অসমীয়া চলচ্চিত্ৰ "আমিষ"ত সন্নিবিষ্ট হৈছিল। কথা ড° আকাশীতৰা আৰু পংকজ মিশ্ৰৰ। আগতে চিনি নোপোৱা ঋষি বৰা কণ্ঠৰ কি গভীৰতা! সাংঘাতিক মিক্সিং। গীতেটোৱে বহুতৰে মন-মগজু কঁপাই তুলিব।


৩৮) বন্ধু: নয়ন নীলিম
নয়ন নীলিমৰ নিৰ্মীয়মান চলচ্চিত্ৰৰ বাবে ইবছন লাল বৰুৱাৰ ৰচিত গীতত পাৰ্থই সংগীত দিছে। ক'ৰবাত দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ কোনোবা গীতৰ পৰা অনুপ্ৰাণিত যেন ভাৱ হয়। ভিডিঅ'টোত নয়ন নীলিম যেন সৰু ল'ৰাহে! শেষত ওলোৱা উৰাজাহজখনৰ বাহিৰে দৃশ্যায়ন উচ্চমানৰ।


৩৯) মূৰ্ছনা: সান্নিধ্য ভূঞা
ৰাজীৱ ভূঞাৰ কথাত EDM সংগীত তন্ময় ক্ৰিপ্টনৰ। "সাতো ৰং সনা মোৰে কল্পনা সুৰৰে নদী সাগৰলৈ বয়, গায় বন্দনা তুলি মূৰ্ছনা যদিও বিনন্দিত লয়।" গায়কৰ কণ্ঠ গীতটোৰ বাবে পাৰফেক্ট; ছন্দ সুন্দৰকৈ অনুসৰণ কৰিছে। আৰম্ভণিৰ অংশৰ পাছত "মূৰ্ছনা"ৰ পুনৰাবৃত্তি অংশৰ উচ্চাৰণ অলপ অখজা শুনিলোঁ।


৪০) অধিকাৰ: সন্মিলিত
"কেব্‌" বিৰোধী আন্দোলনৰ সময়ত মুক্তি পোৱা এটা গীত। অম্বৰ দাসৰ সংগীতত তেওঁ নিজে, অৰূপজ্যোতি বৰুৱা, নীলোৎপল বৰা, শংকুৰাজ কোঁৱৰ, সম্প্ৰীতি গোস্বামী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কণ্ঠ নিগৰাইছে। গোতেই গীতটো "গণতন্ত্র লেকাম চিগা ঘোঁৰাৰ দৰে হয়, শক্তি যদি যুক্তিতকৈ আগে দৌৰা হয়..." এনে অৰ্থবহ কথাহে পৰিপূৰ্ণ।