November 22, 2012 | By: গীতাৰ্থ বৰদলৈ

প্ৰদ্যুগীতুৰ যজ্ঞ



(প্ৰদ্যুত জ্যোতি শ‍ইকীয়াৰ সৈতে ফে’চবুক চাটিঙৰ জৰিয়তে লিখা পদ্য)

তোমাৰ সেওঁতাৰ ফোঁট
বুকুৱেদি বলে তেজাল সোঁত,
বিয়া কৰালোঁৱেই যেনিবা
কিয় বাৰে বাৰে মাৰা খোঁট!

পতিব্ৰতা হেনো তুমি
ধোঁৰা সাপৰ ফোঁচ ফোঁচ,
সেয়েহে মোক মাৰিবলৈ ষড়যন্ত্ৰ
লেপৰ তলত গোন্ধ-শব্দ ধুছ ধুছ।

দ্বিকালজ্ঞ কবিৰ কবিতা
পঢ়িবা তেতিয়াহে যেতিয়া নাথাকিব হুচ,
হেঃ আচল কথালৈ আহোঁ-
সদা পখালিবা চৰণযুগল
পতিব্ৰতা নাৰী হ'ব হিমালয় খুছ।

ময়েই পুৰুষ, মাৰিছা মোক
ময়েই ৰান্ধিম বাৰু লাগিছে ভোক।
ৰিহাবাৰীৰ মোহনভোগত আছিলোঁ হৈ মচগুল
তুমিও আছিলা তাতে কৰি হুলস্থুল
তুমিহে সন্ধিয়া এটুপি ধৰিলা
বুকুত যে মোৰ কিমান শোক।

তুমিহে কৈছিলা ম‍ই হেনো পূৰ্ণিমাৰ জোন
তুমিয়েই আছিলা জীৱন সুৰৰ ৰুণজুন,
তোমাৰ মুখ এতিয়া ফটা টেকেলী যেন
তোমাৰ মাত যেন মহৰ কোন কোন।

পুত্ৰৰ মুখ চাব লাগে, চাইছোঁ তোমাৰ ওকণি
খুৱাই খুৱাই পাহাৰ কৰিছোঁ তথাপিও বকবকনি

শাৰদীয় বতৰ, উৰিছে দোকানত শাৰী
অনলাইন চাইছা মোৰ একাউণ্ট চালিজাৰি

ম‍ই ঘটিছোঁ, তুমি কিনিছা
ম‍ই মৰিছোঁ, তুমি হাঁহিছা।

এহি কৈয়ে প্ৰদ্যুগীতুৱে মাগিলন্ত বিদায়
দূৰ্গা মাতা তুমি কৰিয়া কৃপা আমাক সদায়

যা দেৱী সৰ্বভূতেষু "ৱাইফ" ৰূপে সংস্থিতা
শাৰী দিছোঁ নেকলেছ দিছোঁ এইবাৰলৈ মাফ দিয়া!

November 17, 2012 | By: গীতাৰ্থ বৰদলৈ

পাবল' নেৰুদাৰ কবিতা



সদায়

ম‍ই ঈৰ্ষান্বিত নহয়
মুঠেও নহয়
মোতকৈ আগতে অহাবোৰক লৈ।

এজন মানুহৰ সতে আঁহা
তোমাৰ কান্ধত উঠাই তেওঁৰ শক্তি,
তোমাৰ চুলিত ভাঁজত আনা
এশজন নিৰ্ভীক মানুহৰ সেনা,
তোমাৰ বক্ষ আৰু ভৰিত লৈ আনা হাজাৰ মানুহৰ বল,
নদীৰ দৰে আঁহা,
য’ত ডুবি আছে অলেখজন
যি বৈ যায় অবাধ্য সাগৰলৈ,
অসীম পাৰলৈ, সময়লৈ!

সকলোকে লৈ আঁহা
ম‍ই তোমালৈ ৰৈ থকা ঠাইলৈ;
আমি থাকিম সদায়ে অকলশৰীয়া হৈ,
আমি সদায় হৈ থাকিম তুমি আৰু ম‍ই
পৃথিৱীত অকলশৰে,
এক নতুন জীৱন আৰম্ভ কৰিবলৈ!

________________________________________________________________________________

মূল
Always

I am not jealous
of what came before me.

Come with a man
on your shoulders,
come with a hundred men in your hair,
come with a thousand men between your breasts and your feet,
come like a river
full of drowned men
which flows down to the wild sea,
to the eternal surf, to Time!

Bring them all
to where I am waiting for you;
we shall always be alone,
we shall always be you and I
alone on earth,
to start our life!




November 2, 2012 | By: গীতাৰ্থ বৰদলৈ

বান্ধোন আৰু স্কাইফল






শেহতীয়াকৈ সন্ত্ৰাসবাদৰ ওপৰত নিৰ্মিত দুখন বোলছবি চালোঁ। জাহ্নু বৰুৱাৰ "বান্ধোন" আৰু চেম মেণ্ডিছৰ জেমছ ব'ণ্ড বোলছবি "স্কাইফল" :)। দুয়োখনেই ভাল লাগিল।

বান্ধোন চাই জাহ্নু বৰুৱাৰ ওপৰত অলপ খং উঠিল! ইমান চুটি ছবি! মাত্ৰ দেৰ ঘণ্টা। কিন্তু সেই দেৰ ঘন্টা বিষ্ণু খাৰঘৰীয়াই মোক মোহাছন্ন কৰি ৰাখিলে। ডিব্ৰুগড়ৰ এটা ছবিঘৰত বান্ধোন চলিছে, সেয়াও কেৱল দিনৰ ১টা বজাত। গতিকে ছবিঘৰত মানুহ কম হ'বলৈ একপ্ৰকাৰ বাধ্য। ছবিখনৰ কাহিনী সৰল (ঠিক ধৰিব পৰা নাই, দুৰ্বল বুলিও ক'ম নেকি)। ছবিখনৰ প্ৰথম অংশত বিষ্ণু খাৰঘৰীয়া আৰু বীণা পটঙ্গীয়াৰ অভিনয়ে আমোদ দিলে। যতীন বৰাৰ সংলাপ প্ৰক্ষেপণ মাজে মাজে খৰ হৈ যোৱা বাবে কিছুমান শব্দ বুজিবই নোৱাৰিলোঁ। দ্বিতীয় অংশত ছবিখনৰ ৰূপ গম্ভীৰ হয়। শোকৰ দৃশ্যত বিষ্ণু খাৰঘৰীয়াৰ দুৰ্দান্ত অভিনয় আৰু উচ্চস্বৰেৰে বাজি উঠা আৱহ সঙ্গীতে মোক শিহৰিত কৰি তুলিলে। কাষত বহা মহিলা কেইগৰাকীমানে ৰুমালেৰে চকু মচা আৰু নাকৰ পানী উজোৱা উমান পালোঁ। কিন্তু বোলছবিখন হঠাতে শেষ হওঁতে আৰু কিবা বাকী থাকিল যেন অনুভৱ হ'ল। ঠিক যেন চুটি গল্পৰ দৰে। "ৰ'দ" নামৰ এক অত্যাচাৰৰ পিছত এনে এখন অসমীয়া কথাছবি চোৱাতো মোৰ বাবে প্ৰয়োজনীয় আছিল।

আজি চালোঁ জেমছ ব'ণ্ডৰ নৱতম কথাছবি "স্কাইফল"। জেমছ ব'ণ্ড বোলছবিৰ পঞ্চাশ বছৰ পূৰ্ণ হোৱাৰ পিছত "এমেৰিকান বিউটী" খ্যাত পৰিচালক চেম মেণ্ডিছৰ পৰিচালনাত ব'ণ্ডে যেন নৱৰূপ পালে। "কেচিন' ৰয়েল" চাই ভাল পোৱা দৰ্শকে এইখন ছবিও আদৰি ল'ব বুলি আশা কৰিব পাৰি। এইখন ছবিত ব'ণ্ডৰ মানৱীয় দিশ দেখুওৱা হৈছে। ছবিখনৰ শীৰ্ষ গীতটোৰ চিত্ৰায়নেই চমৎকাৰ। আৰম্ভণিতে ব'ণ্ডে আততায়ী এজনক খেদা দৃশ্যখিনি চাই চকু থৰ হ'ল। লণ্ডনত সন্ত্ৰাসবাদ বিয়পাই দিয়া চতুৰ শত্ৰুক পৰাভূত কৰিবলৈ ব'ণ্ডৰ হাতত কোনো অত্যাধুনিক সঁজুলি নাই, আছে মাত্ৰ সাধাৰণ বন্দুক আৰু ৰেডিঅ' ট্ৰান্সমিটাৰ। শেষ যুদ্ধখন হৈছে ব'ণ্ডে'ৰালিকাল কটোৱা নিজা ঘৰত। বোলছবিখনত দৰ্শকৰ বাবে আৰু কেইটামান বিস্ময়ে অপেক্ষা কৰি আছে। মোৰ অনুভৱ যে "কেচিন' ৰয়েল"ৰ পিছত এইখনেই জেমছ ব'ণ্ড চিৰিজৰ শ্ৰেষ্ঠ বোলছবি।

(অনুভৱখিনি নিতান্তই ব্যক্তিগত।)