November 2, 2012 | By: গীতাৰ্থ বৰদলৈ

বান্ধোন আৰু স্কাইফল






শেহতীয়াকৈ সন্ত্ৰাসবাদৰ ওপৰত নিৰ্মিত দুখন বোলছবি চালোঁ। জাহ্নু বৰুৱাৰ "বান্ধোন" আৰু চেম মেণ্ডিছৰ জেমছ ব'ণ্ড বোলছবি "স্কাইফল" :)। দুয়োখনেই ভাল লাগিল।

বান্ধোন চাই জাহ্নু বৰুৱাৰ ওপৰত অলপ খং উঠিল! ইমান চুটি ছবি! মাত্ৰ দেৰ ঘণ্টা। কিন্তু সেই দেৰ ঘন্টা বিষ্ণু খাৰঘৰীয়াই মোক মোহাছন্ন কৰি ৰাখিলে। ডিব্ৰুগড়ৰ এটা ছবিঘৰত বান্ধোন চলিছে, সেয়াও কেৱল দিনৰ ১টা বজাত। গতিকে ছবিঘৰত মানুহ কম হ'বলৈ একপ্ৰকাৰ বাধ্য। ছবিখনৰ কাহিনী সৰল (ঠিক ধৰিব পৰা নাই, দুৰ্বল বুলিও ক'ম নেকি)। ছবিখনৰ প্ৰথম অংশত বিষ্ণু খাৰঘৰীয়া আৰু বীণা পটঙ্গীয়াৰ অভিনয়ে আমোদ দিলে। যতীন বৰাৰ সংলাপ প্ৰক্ষেপণ মাজে মাজে খৰ হৈ যোৱা বাবে কিছুমান শব্দ বুজিবই নোৱাৰিলোঁ। দ্বিতীয় অংশত ছবিখনৰ ৰূপ গম্ভীৰ হয়। শোকৰ দৃশ্যত বিষ্ণু খাৰঘৰীয়াৰ দুৰ্দান্ত অভিনয় আৰু উচ্চস্বৰেৰে বাজি উঠা আৱহ সঙ্গীতে মোক শিহৰিত কৰি তুলিলে। কাষত বহা মহিলা কেইগৰাকীমানে ৰুমালেৰে চকু মচা আৰু নাকৰ পানী উজোৱা উমান পালোঁ। কিন্তু বোলছবিখন হঠাতে শেষ হওঁতে আৰু কিবা বাকী থাকিল যেন অনুভৱ হ'ল। ঠিক যেন চুটি গল্পৰ দৰে। "ৰ'দ" নামৰ এক অত্যাচাৰৰ পিছত এনে এখন অসমীয়া কথাছবি চোৱাতো মোৰ বাবে প্ৰয়োজনীয় আছিল।

আজি চালোঁ জেমছ ব'ণ্ডৰ নৱতম কথাছবি "স্কাইফল"। জেমছ ব'ণ্ড বোলছবিৰ পঞ্চাশ বছৰ পূৰ্ণ হোৱাৰ পিছত "এমেৰিকান বিউটী" খ্যাত পৰিচালক চেম মেণ্ডিছৰ পৰিচালনাত ব'ণ্ডে যেন নৱৰূপ পালে। "কেচিন' ৰয়েল" চাই ভাল পোৱা দৰ্শকে এইখন ছবিও আদৰি ল'ব বুলি আশা কৰিব পাৰি। এইখন ছবিত ব'ণ্ডৰ মানৱীয় দিশ দেখুওৱা হৈছে। ছবিখনৰ শীৰ্ষ গীতটোৰ চিত্ৰায়নেই চমৎকাৰ। আৰম্ভণিতে ব'ণ্ডে আততায়ী এজনক খেদা দৃশ্যখিনি চাই চকু থৰ হ'ল। লণ্ডনত সন্ত্ৰাসবাদ বিয়পাই দিয়া চতুৰ শত্ৰুক পৰাভূত কৰিবলৈ ব'ণ্ডৰ হাতত কোনো অত্যাধুনিক সঁজুলি নাই, আছে মাত্ৰ সাধাৰণ বন্দুক আৰু ৰেডিঅ' ট্ৰান্সমিটাৰ। শেষ যুদ্ধখন হৈছে ব'ণ্ডে'ৰালিকাল কটোৱা নিজা ঘৰত। বোলছবিখনত দৰ্শকৰ বাবে আৰু কেইটামান বিস্ময়ে অপেক্ষা কৰি আছে। মোৰ অনুভৱ যে "কেচিন' ৰয়েল"ৰ পিছত এইখনেই জেমছ ব'ণ্ড চিৰিজৰ শ্ৰেষ্ঠ বোলছবি।

(অনুভৱখিনি নিতান্তই ব্যক্তিগত।)
পঢ়ি ভাল পালে ৰাইজক জনাওক!

0 comments: