নীৰৱ আবেলি
কেতবোৰ ছবি
খণ্ড-বিখণ্ড
কলিজাৰ সেন্দুৰ লগা
লুইতৰ উজানত
ভাঁহি আহে যায়
তোমাৰ ছিগা
চুলিৰ সতে
এসাগৰ চকুলো
বোৱাই৷
সুমথিৰা
সেউজ হৃদয় লৈ আজিও মই আছোঁ
সপোনৰ ডিঙা
বাই,
উজ্জ্বল
দিনৰ অশ্লীলতা সহিব নোৱাৰি
নিজৰ মাজতে
লুকাই৷
আচলতে মোক
এখন পৃথিৱীৰ প্ৰয়োজন
আপোন মনেৰে
সজোৱা,
নাইবা এখন
ৰজনীগন্ধা আঁচল
সজীৱ
তুলিকাৰে বুলোৱা-
পৰিশোধ কৰিম
মই কলিজা কাটি
জোনাকৰ
চাদৰত চুক্তিপত্ৰ লেখিম,
উটুৱাই দিম
ভৰ লুইতত
তোমাৰ ছিগা
চুলিৰ সতে...
0 comments:
Post a Comment