July 26, 2012 | By: গীতাৰ্থ বৰদলৈ

নাট সোঁৱৰণ


মই জীৱনত অতি কমসংখ্যক নাটকহে চাই পাইছোঁ। এনেকুৱা নহয় যে মই নাটক বেয়া পাওঁ, কিন্তু সঁচা বা মিছা কিবাকিবি অজুহাতত প্ৰায়েই নাটকৰ দৰ্শনী বাকীবোৰ কামতকৈ তল পৰে। ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতি আগতেও আগ্ৰহ আছিল, এতিয়াও আগ্ৰহ আছে, কিন্তু সময় নিমিলে! শেষবাৰ কেতিয়ানো থিয়েটাৰৰ নাটক চাইছিলোঁ ঠিক মনতেই নাই। কিন্তু এনে কেইখনমান নাটক চোৱাৰ সৌভাগ্য হৈছিল যিবোৰে মনত স্থায়ী চাপ এৰি গৈছে। নাট্যপ্ৰেমীসকলে কিন্তু কথাখিনি পঢ়ি আৰু নাটকৰ ওপৰত মোৰ জ্ঞানৰ সীমাবদ্ধতা দেখি হতাশহে হ'ব পাৰে!


বহুবছৰ আগৰ কথা। তেজপুৰৰ হাইস্কুলত পঢ়ি আছোঁ। মা-দেউতাই আবেলি জয়মতী পথাৰত আৱাহন থিয়েটাৰ চাবলৈ লগ ধৰিলে। ভবেন্দ্ৰ নাথ শইকীয়াই লিখা "শতাব্দী" নাটকৰ দৰ্শনী আছিল। চিৰিয়াছ নাটকৰ লগত সম্ভৱতঃ সেয়াই মোৰ প্ৰথম পৰিচয়। অভিনয় চাই আছোঁ, মন্ত্ৰমুগ্ধ হৈ আছোঁ (মুখ্য ভূমিকাত প্ৰাণজিত্‍ বৰা আছিল নেকি, ঠিক মনত পৰা নাই)। পুতেকহঁতে অৱহেলা কৰা বয়সীয়াল মানুহহালৰ কাহিনীয়ে সকলোৰে চকু চলচলীয়া কৰি পেলাইছে। নাটকখনৰ আধাতকৈ বেছি যাওঁতেই হুৰহুৰাই বৰষুণ এজাক আহিল। লগত ধুমুহা। পেণ্ডেলৰ ভিতৰত, মঞ্চৰ ওপৰত পানী। বেছিভাগ দৰ্শকেই ছাতি অনা নাছিল। বহুতে প্লাষ্টিকৰ চকীবোৰ মূৰৰ ওপৰত তুলি ধৰিছে, কিন্তু কোনো আঁতৰি যোৱা নাই। প্ৰায় আধাঘণ্টামান সময় অভিনয় বন্ধ কৰিব লগা হ'ল। বৰষুণ কমাৰ পিছত আকৌ নাটক আৰম্ভ হ'ল। অৱশেষত বৃদ্ধ-বৃদ্ধাই আত্মহত্যা কৰিলে। নাটকৰ ক্লাইমেক্সত মোৰ গাৰ নোমবোৰ শিয়ৰি উঠিছিল। প্ৰথমতে মানুহবোৰৰ মুখৰ মাত নাই। তাৰ পিছত জাউৰিয়ে জাউৰিয়ে হাততালি পৰিছিল।

কহিনুৰ থিয়েটাৰ। "টাইটানিক" নাটক তেতিয়া জনপ্ৰিয়তাৰ তুংগত। দিনে চাৰিটাকৈ দৰ্শনী হোৱা সত্বেও মানুহে টিকেটৰ বাবে হাহাকাৰ কৰিছিল। তেজপুৰৰ চাৰ্ছ ফিল্ডত তৃতীয় দৰ্শনীৰ বাবে কোনোমতে গেলাৰীৰ টিকেট এটা পালোঁ। আগতে কেতিয়াও গেলাৰীত বহি নাটক চাই পোৱা নাই। নাটক আৰম্ভ হ'ল। মূল চলচ্চিত্ৰখন চোৱা আছিল বাবে নাটকখনে মনত বিশেষ ক্ৰিয়া কৰিব পৰা নাই। নিকুমণি বৰুৱাৰ অভিনয় ভাল হৈছিল, নায়কজনৰ অভিনয় অতিৰঞ্জিত যেন লাগিছিল। জাহাজখন মঞ্চত দেখুওৱাটো আছিল অৱশ্যে তেতিয়াৰ এক সাংঘাতিক কাৰিকৰী সফলতা। নায়িকাৰ পৰ্দাৰ আঁৰৰ দৃশ্য দেখি ডেকাল'ৰাবিলাকে খুব উকি মাৰিছে। নাটক শেষ হোৱাৰ পিছত বাহিৰলৈ ওলালোঁ। বাহিৰত তেতিয়া জনসমুদ্ৰ। শেষ দৰ্শনীৰ বাবে অহাখিনি আৰু চাই ওলাই যোৱাখিনিৰে খেলপথাৰখন আৰু ওচৰৰ পথ ভৰি পৰিছে। নাটকখনৰ দৃশ্যতকৈ এই দৃশ্যটো মোৰ বাবে আছিল অধিক আকৰ্ষণীয়।

তেজপুৰৰ ঐশ্বৰ্য কাকতিয়ে তেতিয়া শিশু নাটক কেইখনমানেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিছে। দেউতাক কোনোবাই জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হ'বলগীয়া দুখন শিশু নাটকৰ বাবে টিকেট দুটা দিলে। সন্ধ্যা ছয় বজাত নাটকৰ সময়। দেউতা আৰু মই ছয় বাজিবলৈ পাঁচ মিনিটমান থাকোঁতে প্ৰেক্ষাগৃহ গৈ পালোঁ। ভিতৰত তেতিয়া ত্ৰিশজনমানহে মানুহ। কাটাই কাটাই ছয় বজাত সিমানখিনি মানুহৰ উপস্থিতিতে নাটক আৰম্ভ হ'ল। প্ৰথমতে আছিল "দা লাষ্ট চেলুট"। নাটকৰ কাহিনী, উপস্থাপন আৰু অভিনয় প্ৰশংসনীয় আছিল, বিশেষকৈ মুখ্য ভূমিকাত সাত-আঠবছৰীয়া ল'ৰা এজনে অনবদ্য অভিনয় কৰিছিল। নাটকৰ শেষত অভিনেতাসকলক চিনাকি কৰি দিওঁতে সকলোৰে ল'ৰাটোৰ অভিনয়ৰ শলাগ লৈছিল। দ্বিতীয়খন নাটক আছিল "স্কুল বেগ"। প্ৰতীকধৰ্মী নাটকখনে মোক বেছি আকৃষ্ট কৰা নাছিল (কাৰণ গছ-জন্তুৰ নাচ-গান চোৱা বয়সতকৈ অলপ ডাঙৰ হৈছিলোঁ বুলি অনুভৱ হৈছিল!)। সেই দুখনৰ পিছত আৰু আৰু কেতিয়াও শিশু নাটক চোৱাৰ সুযোগ মই পোৱা নাই।

মুনীন বৰুৱাৰ "নায়ক" মই চোৱা এখন অন্যতম শ্ৰেষ্ঠ নাটক। আচৰিত নহ'ব। চলচ্চিত্ৰখনক নাটক বুলি মই ভুলতে কোৱা নাই। সংলাপপ্ৰধান এই বোলছবিখন মোৰ বোধেৰে নাটকৰহে বেছি ওচৰ চাপিছিল। মুনীন বৰুৱা অসমৰ শ্ৰেষ্ঠ পৰিচালকসকলৰ এজন বুলি মোৰ মনত গঢ় লোৱা ধাৰণাটোক নায়কে আৰু দৃঢ় কৰিছিল আৰু সেই কাৰণতে "হিয়া দিয়া নিয়া"ৰ পৰা "ৰামধেনু"লৈকে তেখেতৰ এখনো বোলছবি মই বাদ দিয়া নাই।
July 16, 2012 | By: গীতাৰ্থ বৰদলৈ

সাহিত্য ডট্‌ অৰ্গৰ সম্পাদকীয়


(মোৰ সম্পাদনাত প্ৰকাশ পোৱা সাহিত্য ডট্‌ অৰ্গৰ চিকিৎসা বিজ্ঞান বিশেষ জুলাই সংখ্যাটোৰ সম্পাদকীয় ইয়াত সাঁচি থ'লোঁ। আলোচনীখন পঢ়িবলৈ ইয়াত ক্লিক কৰক।)

এইবাৰৰ সাহিত্য ডট্‌ অৰ্গৰ সংখ্যাটো চিকিৎসা বিজ্ঞান বিশেষ হিচাপে সজাবলৈ মোক অনুৰোধ জনোৱা হ চিন্তা কৰিলোঁ, এইটো থীমৰ আলোচনী মানুহে পঢ়িবনে? তাৰপিছত ভাবিলোঁ যে সাপে খুঁটি মৰা মানুহ জীয়াবলৈ বেজ লগোৱা, গাঁৱত মহামাৰী হলে মাইকী মানুহ এগৰাকীক ধৰি ডাইনী সজোৱা, ৰক্তক্ষৰণ হৈ মৰোঁ মৰোঁ হওঁতে হস্পিতেললৈ আনি তাৰ পিছত “ভুল চিকিৎসা” বুলি ডাক্তৰক মাৰধৰ কৰা, অলিয়ে গলিয়ে ৱাইন শ্বপ খুলি ডেকাসকলক মদ্যপানৰ প্ৰতি উত্‍সাহিত কৰা এইখন অসমত এনেকুৱা হাজাৰটা সংখ্যাৰ প্ৰয়োজন আছে এইবাৰৰ সংখ্যাত প্ৰতিম প্ৰতাপ বৰুৱা, মিণ্টু বৰগোঁহাই আদিয়ে এহাতে চিকিৎসকৰ লগত তেখেতসকলৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছে, আনহাতে ভূপেন শইকীয়া, উদ্দীপ তালুকদাৰ, দীপুল হালৈ, দেৱব্ৰত গগৈ, বিজয় শৰ্মা, পংকজ নেওগ আদিয়ে চিকিৎসা বিজ্ঞান বিষয়ক শক্তিশালী লেখা প্ৰস্তুত কৰি উলিয়াইছে

এবাৰ বক্তৃতা এটাত শুনিছিলোঁ- চিকিৎসক আৰু আৰক্ষীক হেনো সাধাৰণ ৰাইজে মানুহ বুলি গণ্য নকৰে, অন্য কিবা বুলি ভাবে! আগৰ দিনৰ চিকিৎসকসকল ভাগ্যৱান আছিল তেওঁলোকে ৰোগীক যিহকে খাবলৈ দিছিল, ৰোগীয়ে সেয়া অমৃত বুলি গ্ৰহণ কৰিছিল লাহে লাহে সময় সলনি হ বৃত্তিটোক বদনাম কৰিব পৰাকৈ কিছুমান চিকিৎসক লোভী হৈ উঠিল গ্ৰাহক সুৰক্ষা আইনে চিকিৎসাবৃত্তিকো সামৰি লোৱাত ডাক্তৰ-ৰোগীৰ সম্পৰ্ক বিক্ৰেতা-গ্ৰাহকৰ দৰে হৈ পৰিল দুয়োপক্ষৰে লোকচান হ চিকিৎসকসকলে নিজৰ গা বচাবলৈ অধিক পৰীক্ষা-নিৰীক্ষাৰ বিধান দিবলৈ ধৰিলে, কিছুমান ৰোগীৰ গাত হাত লগাবলৈ সংকোচ কৰা হ বহুতো ৰোগীৰ অভিভাৱকে নিজকে ডাক্তৰকতকৈ অধিক জনা বুলি জাহিৰ কৰি ভুল চিকিৎসা ধৰা পেলাব পৰা হল আৰু চিকিৎসকসকল আক্ৰোশৰ বলি হবলৈ ধৰিলে এৰিক চিগালৰ উপন্যাসৰ নায়ক ডাক্তৰসকল বাতৰি কাকত আৰু টেলিভিছনৰ ব্ৰেকিং নিউজত সীমাবদ্ধ হৈ পৰিল চিকিৎসক-ৰোগীৰ সম্পৰ্ক আৰু বেয়াৰ ফালে গতি কৰাৰ আগতে চিকিৎসক, সাধাৰণ ৰাইজ আৰু চৰকাৰ তিনিও পক্ষই নিজৰ মানসিকতা অলপ সংশোধন কৰাৰ প্ৰয়োজন ৰোগীৰ দেহত টকাৰ ভাণ্ডাৰ দেখা পোৱাটো যিদৰে চিকিৎসকৰ বাবে নিন্দনীয়, সেইদৰে মানুহৰ মৃত্যু কেৱল চিকিৎসকৰ অতপালিতহে হব পাৰে বুলি অভিভাৱকসকলে হাত চাফাইত লাগি যোৱাটোও গৰ্হিত কাৰ্য
চিকিৎসকো মানুহহে তেওঁলোকৰো ভোক-পিয়াহ, টোপনি, ধনৰ প্ৰয়োজন আছে মানৱ দেহৰ গঠনো জটিল, একে বেমাৰৰ চিকিৎসা দুজন ৰোগীৰ ক্ষেত্ৰত বেলেগ হব পাৰে আশাকৰোঁ অদূৰ ভৱিষ্যতে চিকিৎসক-ৰোগীৰ সম্পৰ্কও চিকিৎসাবিজ্ঞান পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হব আৰু সমাজখনত এক সংযত আৰু শান্তিময় পৰিবেশ বিৰাজ কৰিব


****************************************************************************


সম্পাদকীয়ত অলপো ডাক্তৰী কথা নিলিখিলে উকা উকা লাগিব! সেয়ে মনলৈ অহা কথা অলপ কওঁ কথাখিনিৰ লগত সাহিত্য ডট্‌ অৰ্গৰ অলপ হলেও সম্পৰ্ক আছে আপুনি বৰ হলে দুঃখিত!
কিছুদিন আগতে ইণ্টাৰনেটত আগতে ভালপোৱা কাম কিছুমান কৰি মোৰ আমনি লগা হৈ আহিছিল সেয়ে আপোনাকো সুধিছোঁ: আপোনাৰ বাৰু বৰ লাগি আছে নেকি? সদায় কামলৈ অহা-যোৱা কৰি, সদায় মূৰত চিন্তাৰ বোজা এটা লৈ আপোনাৰ আমনি লগা নাইনে? একঘেমীয়া জীৱনে আপোনাক বিষণ্ণ, খঙাল বা মদৰ প্ৰতি আসক্ত কৰি তুলিছে নেকি?
ৰডমৰ সঠিক অসমীয়া প্ৰতিশব্দ নাই সাধাৰণতে বিশেষ কাৰণ নোহোৱাকৈ চৌপাশৰ পৰিবেশৰ প্ৰতি আসক্তি কমা আৰু কোনো কামতে মনোযোগ দিব নোৱাৰা অৱস্থাকে বৰডম বুলি কব পাৰি

ৰডম একপ্ৰকাৰৰ নিঃশব্দ হত্যাকাৰী বিজ্ঞানীসকলৰ অধ্যয়নত প্ৰকাশ পাইছে যে বৰডমত ভোগা মানুহৰ মগজুত পামিন” নামৰ ৰাসায়নিক পদাৰ্থবিধ কম থাকে মগজুৰ কোনটো অংশই বৰডম নিয়ন্ত্ৰণ কৰে সেয়া জনা হোৱা নাই যদিও ফ্ৰণ্টেল কৰ্টেক্সৰ (সম্মুখৰ অংশ) ক্ষতি হলে মানুহ বিপজ্জনক কামৰ প্ৰতি অস্বাভাৱিকভাৱে আগ্ৰহী হয় বা বৰডমত ভোগে আমোদজনকভাৱে ফ্ৰণ্টেল কৰ্টেক্সে সময়ৰ অনুভৱো নিয়ন্ত্ৰণ কৰে বোধকৰোঁ সেইবাবেই বৰ হলে সময় নাযায় নুপুৱাই যেন লাগে!

সাধাৰণতে আমনিদায়ক কাম এটা শেষ হোৱাৰ লগে লগেই খন্তেকীয়া বৰডমৰ পৰা মুক্তি পোৱা যায় কিন্তু দীৰ্ঘদিনীয়া বৰডমৰ ফলত মানুহ বিষাদগ্ৰস্ততা, দুঃচিন্তা, ড্ৰাগ্‌ছ আসক্তি, মদ্যাপন, খোৱাত খেলিমেলি, অত্যাধিক খং, নিম্ন সামাজিক আচৰণ আদিত ভোগা দেখা যায় ফিৰিঙতিৰ পৰাই খাণ্ডৱদাহ হোৱাৰ দৰে শেষত মানুহজনৰ মৃত্যু পৰ্যন্ত হব পাৰে!

আপুনি যদি বৰ হোৱা যেন অনুভৱ কৰিছে, তেন্তে মূৰে-কপালে হাত দি দিবাস্বপ্ন দেখিব নালাগেৰডমত ভোগা মানুহৰ এটা সুবিধা হৈছে যে তেওঁলোকে সোনকালে নতুন কামত মন বহুৱাব পাৰে আৰু তাৰ পৰা পৰিত্ৰাণো পাব পাৰে যেনে- যোগাভ্যাস, আড্ডা, নতুন হবী গঢ়া, শাৰীৰিক পৰিশ্ৰম আদি আনহাতে বৰডমত নোভোগা ডপামিন বেছি থকা মানুহৰ দৈনন্দিন ৰুটিনত যদি অলপো খেলিমেলি হয়, তেওঁলোকৰ টিঙিচকৈ খং উঠে

হোমেন বৰগোহাঞিয়ে “এদিনৰ ডায়েৰী”ৰ বৰডমত ভোগা নায়কক ডায়েৰী লিখিবলৈ উপদেশ দিছে আপোনালোকে ডায়েৰী লিখিবলৈ চেষ্টা কৰাৰ উপৰিও বিভিন্ন কামত মনোযোগ বহুওৱাৰ পৰীক্ষা-নিৰীক্ষা কৰিব পাৰেৰ লাগিলে ৰাতিৰ তৰাভৰা আকাশ চাওক, কেমেৰা এটা হাতত লৈ ওলাই যাওক, পাপনৰ গান এটা চিঞৰি চিঞৰি গাওক, বহুদিন কথা নপতা অন্তৰঙ্গ বন্ধুজনলৈ ফোন কৰক বা ৱিকিপিডিয়াত প্ৰবন্ধ এটাকে লিখক এইবোৰৰ এটাও ভাল নালাগে যদি “অসমীয়াত কথা-বতৰা”ৰ কোনোবা বিতৰ্ক এটাতে ভাগ লওক আৰু সকলোকে ধাম-ধুম গৰিহণা দিয়ক! চিন্তা কৰিব নালাগে,ৰডমক খেদাওঁ বুলি ভাবিলে অকবৰ পৃষ্ঠা খুলি লোৱাৰ পিছত সাহিত্য ডট্‌ অৰ্গ জাতিষ্কাৰ কৰিবলৈ আপোনাৰ কলমেদি (কীবৰ্ডেদি) গল্প, কবিতা, প্ৰবন্ধৰ ঢল ব!

সাহিত্য ডট্‌ অৰ্গৰ বাবে লিখিবলৈ বহুতৰে এলাহ! সেইবাবে এই বেজীটো দিলোঁ- ইমানখিনি আমনিদায়ক কথা পঢ়ি উঠি আপোনাৰ বৰ লগা নাইনে? তেন্তে কামত লাগি যাওক!!