February 19, 2013 | By: গীতাৰ্থ বৰদলৈ

দক্ষিণ আমেৰিকাৰ লোকসাধু: মকৰা মানৱৰ পতন


পুৰণি কালত তৰাৰ দেশত মকৰা মানৱে বাস কৰিছিল। তেওঁক আমি ‘মমা’ বুলি উল্লেখ কৰিম। তেওঁ এটা উজ্জ্বল ঘৰত অকলে অকলে জাল গুঁঠি আৰু দীঘল জখলা তৈয়াৰ কৰি সময় পাৰ কৰিছিল। সেই জখলাবোৰেৰে তৰাৰ দেশৰ মানুহে আকাশৰ পৰা পৃথিৱীলৈ অহাযোৱা কৰিছিল। তেওঁলোকে ৰাতি জখলাৰে পৃথিৱীলৈ নামি আহে আৰু দেৱদূতৰ ৰূপ ধৰি হৈ আইসকল আৰু শিশুসকলৰ বাবে ভাল ভাল কাম কৰি পুনৰ জখলাৰে গুছি যায়মকৰা মানৱৰ অৱশ্যে বৰ কষ্ট হৈছিল; দিনৰ দিনটো তেওঁ জাল গুঁঠে, মিহি সূতা উলিয়ায় আৰু দেখাত লাহী কিন্তু মজবুত জখলা সাজে।

এদিন তেওঁ কামৰ পৰা অলপ আহৰি পাই তলৰ পৃথিৱীলৈ ভুমুকিয়াই চালে। পৃথিৱীৰ মানুহবোৰে নানা ৰং-ধেমালি কৰি আছিল। কিছুমানে উদ্যানত খেলিছিল, কিছুমানে গছৰ পৰা ফল চিঙিছিল, কিছুমানে পুতলা সাজিছিল; কিন্তু বেছিভাগ পুৰুষেই কথা-বতৰাত মছগুল হৈ একো নকৰাকে সময় পাৰ কৰিছিল। তাৰ বিপৰীতে মহিলাসকল ঘৰুৱা কাম-কাজত ব্যস্ত আছিল। তাকে দেখি মমাই ভাবিলে- “পৃথিৱীত দেখোন পুৰুষে কাম নকৰে। মই তালৈকে গুছি যাম। মই চাৰিজনী তিৰোতা বিয়া কৰাম আৰু তেওঁলোকে মোৰ হৈ কামবোৰ কৰিব। মই জীৱনটো অলপ উপভোগ কৰিম। মোক অলপ বিশ্ৰামৰো প্ৰয়োজন হৈছে”

প্ৰতিদিনে ছেদ-ভেদ নোহোৱাকৈ কাম কৰি কৰি মমা ভাগৰুৱা হৈ পৰিছিল। গতিকে তেওঁ তৰা-মানৱসকলক কিছুদিন ছুটীৰ বাবে আবেদন জনালে। কিন্তু তৰা-মানৱসকলে তাত সন্মতি জনাবলৈ অপাৰগ হ’ল। তেওঁলোকে মমাক অধিক পৰিশ্ৰম কৰিবলৈহে ক’লেমকৰা মানৱৰ খং উঠিল। তেওঁ তৰা-মানৱসকলক এশিকনি দিবলৈ পাং পাতিলে। মকৰা মানৱে ভাবিলে যে তেওঁ কামবোৰ বেয়াকৈ কৰিলে তৰা-মানৱসকলে উপায়হীন হৈ তেওঁক কামৰ পৰা খেদি দিব। গতিকে তেওঁ অলপ গণ্ডগোল কৰিবলৈ সাজু হ’ল।

পৰৱৰ্তী নিশাৰ পৰা যেতিয়াই এজন তৰা-মানৱ জখলা বগাই ওপৰলৈ উঠি আহে, মকৰা মানৱে জখলাৰ সূতা কাটি দিয়ে আৰু দেৱদূতজন পৃথিৱীৰ বুকুলৈ বাগৰি পৰে। হাত-ভৰি জোকাৰি আটাহ পাৰি বহু ওপৰৰ পৰা পৰি যোৱা তৰা-মানৱসকলৰ দুৰ্গতি চাই মকৰা-মানৱ বৰ সুখী হৈছিল। পৃথিৱীৰ মানুহে পৰি যোৱাজনক পপীয়া তৰা বুলি ভাবিছিল। এনেদৰে দিনৰ পিছত দিন ধৰি বহু তৰা-মানৱ পৃথিৱীলৈ সৰি পৰিল দুখ পাই তেওঁলোকৰ মুখবোৰ কুশ্ৰী হোৱাৰ লগতে হাত-ভৰি ভাগিল। তৰাৰ দেশৰ নিয়মমতে তাত অংগত খুঁত থকা মানুহ থাকিব নোৱাৰে; গতিকে তেওঁলোক কেতিয়াও নিজৰ দেশলৈ ঘূৰি যাব নোৱাৰিলে। ইমানবোৰ ঘটনা হোৱাৰ পিছতো মকৰা-মানৱক কামৰ পৰা খেদাই দিয়া নহ’ল কাৰণ তেওঁৰ জখলা অবিহনে পৃথিৱীলৈ আহিবলৈ তৰা-মানৱসকলৰ আন কোনো বিকল্প নাছিল।

মমা বিৰক্ত হ’ল। তেওঁ নিজেই পলাই যাবলৈ ঠিৰাং কৰিলেএৰাতি সূৰ্য শুই থাকোঁতে আৰু চন্দ্ৰ-তৰাই কাম কৰিবলৈ যোৱাৰ পৰত তেওঁ নিজে সজা জখলা বগাই পৃথিৱীলৈ নামি আহিল। আগতে ভবামতেই পৃথিৱীত তেওঁ চাৰিজনী তিৰোতা বিয়া কৰালে আৰু বহুদিন শুই-বহি কটালে। তেওঁ সূতা কাটিবলগীয়া হোৱা নাছিল, জাল গুঁঠিবলগীয়া হোৱা নাছিল আৰু গতিকে তেওঁৰ সুখৰো অন্ত নাছিল। পৃথিৱীৰ আনবোৰ পুৰুষেও নিজৰ নিজৰ পত্নীক কাম কৰিবলৈ লগাই আলস্যতাৰে সময় পাৰ কৰিছিল। এই কাণ্ডবোৰ দেখি দেখি অৱশেষত পৃথিৱীৰ ৰজা গ্লুছকেপ অতীষ্ঠ হৈ পৰিল। তেওঁ পৃথিৱীবাসীক শাস্তি দিবলৈ দুৰ্ভিক্ষক পঠিয়াই দিলে। দুৰ্ভিক্ষ মনে মনে মৰতলৈ আহি গোটেই শস্যবোৰ গোটাই লুকুৱাই পেলালে। তাৰপিছত তেওঁ সমগ্ৰ জন্তু, চৰাই আৰু মাছবোৰক অজান ঠাইলৈ লৈ গ’ল।

পৃথিৱীলৈ আকাল নামিল। মানুহৰ খাবলৈ খুদকণো নোহোৱা হ’ল। ভোকত তত নোপোৱা মানুহবোৰে পানী খাই খাই কিছুদিন কটালে। তেওঁলোকে পানীকে ঠাণ্ডা কৰি, গৰম কৰি, কুহুমীয়া কৰি খাই ভোক আঁতৰাবলৈ চালে যদিও একো কামত নাহিল। কেৱল পানী খাই খাই মমা দুৰ্বল হৈ পৰিল। তেওঁৰ পেটত পানী জমা হৈ হৈ শৰীৰটো ফুলি উঠিল। তেওঁ ভাবিলে,” পৃথিৱীৰ কোনোবা ঠাইত ভাল খাদ্য নিশ্চয় থাকিব; মই আজিয়েই তাৰ সন্ধান কৰিবলৈ ওলাম।“

ভবামতেই সেইদিনা ৰাতি চাৰিওজনী পত্নী শুই থাকোঁতে মমা খাদ্যৰ সন্ধানত ঘৰৰ পৰা মনে মনে ওলাই আহিল। হাতত মাত্ৰ এটা প্ৰকাণ্ড মোনা আৰু অলপ পানী এটা বিশেষ অভিযানত ওলাইছে বুলি আনে জনাটো তেওঁ বিচৰা নাছিল। কেইবাদিন ধৰি পানী খাই খাই তেওঁ খোজ কাঢ়ি থাকিল। অৱশেষত এদিন তেওঁ এজোপা গছত চৰাই দেখিবলৈ পালে আৰু গম পালে যে তেওঁ ভোক-দেশৰ শেষ সীমাত উপস্থিত হৈছেহি। সেইদিনা ৰাতি অৰণ্যৰ মাজৰ এটা জুৰিত পানী খাবলৈ লওঁতে তেওঁ এটা ক্ষীণ পোহৰ দেখিবলৈ পালে। তেওঁ লৰালৰিকৈ পোহৰটোৰ ফালে গ’ল। অলপ দূৰ গৈ তেওঁ পিঠিত বৰ ডাঙৰ কুঁজ থকা এজন মানুহ দেখিবলৈ পালেমানুহজনৰ মুখত বহু পুৰণা এটা ক্ষতচিহ্ন, কোলাত আছিল খুলিব আৰু বন্ধ কৰিব পৰা এটা পোহৰ যন্ত্ৰমকৰা মানৱে সময় নষ্ট নকৰি ক’লে, “মই খোৱাবস্তু বিচাৰি ফুৰিছোঁ। ক’ত পাম কওকচোন” কুঁজা মানুহজনে সুধিলে, “আপুনি গোটেই মানুহবোৰৰ বাবে খাদ্য বিচাৰিছে নেকি?” মমাই ক’লে, “নহয়, কেৱল মোৰ বাবেহে বিচাৰিছোঁ"। কুঁজা মানুহজনে হাঁহিলে আৰু ক’লে, “আপুনি উভৈনদী দেশৰ সীমাৰ পৰা বেছি দূৰত নাই। মোৰ পিছে পিছে আহক। মই আপোনাক খোৱাবস্তুৰ সন্ধান দিম” তেওঁ কোলাৰ যন্ত্ৰটোৰ ঢাকনিখন খুলিলে আৰু তাৰ পোহৰত অৰণ্যৰ লুংলুঙীয়া পথেৰে খৰ খোজেৰে যাবলৈ ধৰিলে। মমাই ফোঁপাই-জোপাই তেওঁৰ পিছে পিছে ঢাপলি মেলিলে। অৱশেষত তেওঁলোক অৰণ্যৰ সিপাৰে এটা জুপুৰী ঘৰত গৈ উপস্থিত হ’ল। উখহা পেটেৰে ফোঁপাই অহা মকৰা মানৱক দেখি কুঁজা মানুহজনে মাথোঁ হাঁহিলে। তেওঁ মকৰা মানৱক একাঁহী খোৱাবস্তু দিলে। সেয়া খাই লৈ মকৰা মানৱৰ গাটো আগতকৈ তজবজীয়া হ’লতাৰ পিছত কুঁজা মানুহজনে ক’লে, “মই আপোনাক চিনি পাইছোঁ। আপুনি এসময়ত আকাশত জাল গুঁঠা মকৰা মানৱেই নহয় জানোময়ো আগতে তৰাৰ দেশত বাস কৰিছিলোঁ। এদিন মই পৃথিৱীৰ পৰা ঘূৰি যাওঁতে আকাশ পোৱাৰ আগে আগে আপুনি জখলাৰ সূতাবোৰ চিঙি দিলে আৰু মই খুব জোৰত পৃথিৱীলৈ সৰি পৰিলোঁ। সেইবাবেই আজি মোৰ পিঠিত এটা ডাঙৰ কুঁজ আৰু মুখত ইমানবোৰ দাগ। মোক তৰাৰ দেশলৈ উভতি যোৱাৰ অনুমতি দিয়া নহ’ল। গতিকে মই আগৰ দৰেই ৰাতি পৃথিৱীত ঘূৰি ফুৰোঁ আৰু পুৰণা শক্তিৰে পোহৰ বিলাওঁ। জীৱন থকালৈকে মই তৰাৰ দেশলৈ যাবলৈ নাপাওঁ; কিন্তু এদিন ইয়াত মোৰ কাম শেষ হ’ব আৰু তেতিয়া মই উভতি যাবলৈ অনুমতি পাম। আপুনি ইমান নিষ্ঠুৰ কাম কৰা সত্বেও মই আপোনাক খোৱাবস্তু নিদিয়াকৈ নাথাকোঁ”তাকে শুনি মকৰা মানৱৰ পুৰণা দিনবোৰলৈ মনত পৰিল আৰু তৰা-মানৱ মৰতলৈ সৰি পৰাৰ দৃশ্য ভাবি তেওঁ সশব্দে হাঁহিলেকুঁজা মানুহজনে ভাবিলে যে এয়াই তেওঁৰ প্ৰতিশোধ লোৱাৰ উপযুক্ত সময়। মকৰা মানৱে কিন্তু একো সন্দেহ নকৰিলে। তেওঁ উদৰ পুৰোৱাত মগ্ন হৈ থাকিল।

কুঁজা মানুহজনে ক’লে, “মই আপোনাক চাৰিটা টেকেলি দিম। আপুনি কিন্তু ঘৰ গৈ নোপোৱালৈকে সেইকেইটা নুখুলিব। সেইকেইটাত সদায় খোৱাবস্তু ভৰি থাকিব আৰু আপুনি যিমানে নাখাওক কিয় সেয়া কেতিয়াও নকমে”কথা শুনি মকৰা মানৱৰ মনত বৰ ৰং লাগিল। তেওঁ টেকেলি চাৰিটা মোনাত ভৰাই ঘৰ অভিমুখে ৰাওনা হ’ল। ইফালে কুঁজা মানুহজনে তেওঁৰ শক্তি প্ৰয়োগ কৰি মকৰা মানৱক ভোকাতুৰ কৰি তুলিলে। পেটৰ জ্বালা সহ্য কৰি কৰিয়েই মকৰা মানৱে কিছুদিন খোজ কাঢ়িলে। টেকেলিৰ পৰা খোৱাবস্তু উলিয়াওঁ বুলি ভাবিলেই কুঁজা মানুহজনৰ সাৱধানবাণী মনত পৰে। অৱশেষত ভোকৰ লগত মনৰ শক্তিয়ে হাৰ মানিলে। ঘৰৰ পোৱাৰ আগে আগে তেওঁ মোনাটো খুলি টেকেলি চাৰিটা উলিয়ালে। তাত হাত ভৰাই দেখিলে যে কথামতেই খোৱাবস্তু উভৈনদী হৈ আছে। এটাত আছিল ৰন্ধা মাংস, এটাত শাক-পাছলিৰ ভাজি, এটাত আছিল পাওৰুটী আৰু শেষৰটোত আছিল বিভিন্ন পকা পকা ফল-মূলমোক খা-মোক খা কৰি থকা খাদ্য দেখি মমা ৰ’ব নোৱাৰিলে। কুঁজা মানুহজনৰ সাৱধানবাণী আওকাণ কৰি মমাই উদৰ পূৰাই ভোজন কৰিলে। খাই উঠি তেওঁ টেকেলিকেইটাৰ মুখ পুনৰ বন্ধ কৰি সেইকেইটা গছৰ আঁৰত লুকুৱাই থ’লে। তাৰপিছত তেওঁ ঘৰলৈ বাট বুলিলেভাবিলে যে পিছদিনা তেওঁ মুখিয়াল আৰু সকলো মানুহক খাবলৈ নিমন্ত্ৰণ জনাব। টেকেলিকেইটাততো খোৱাবস্তু থাকিব‍ই; যিমান খালেও টুটি নাযায়। আকালৰ দিনত খাবলৈ দিয়া বাবে তেতিয়া মানুহবোৰে তেওঁক বৰ ভাল মানুহ বুলি গণ্য কৰিব আৰু পাৰিলে মুখিয়াল পাতি দিব।

ঘৰ আহি পোৱাৰ পিছত পত্নীসকলে মকৰা মানৱক দেখি বৰ সুখী হ’ল। ঘৰত খাবলৈ খুদকণ এটাও নথকা বাবে তেওঁলোকে মকৰা মানৱলৈ অলপ পানীকে লৈ আনিলে। কিন্তু তাকে দেখি মকৰা মানৱৰ হাঁহি উঠিল। তেওঁ পত্নীসকলৰ মুখলৈ পানীখিনি মাৰি পঠিয়াই ক’লে- “মূৰ্খহঁত, মোক পানী নালাগে। মোৰ দৰে মহান মানুহৰ বাবে ই পৰ্যাপ্ত নহয়। ম‍ই ইতিমধ্যে মাংস, পাছলি, পাওৰুটী আৰু ফল দপনি পিটি খাই আহিছোঁ। কেৱল ম‍ইহে জানো সেই খোৱাবস্তু ক’ত পোৱা যায়। আনে খাদ্য বিচাৰি হাহাকাৰ কৰি থাকক, কেৱল মইহে ৰাইজক উদ্ধাৰিব পাৰিম। যা, মুখিয়াল আৰু আন সকলো মানুহক জনাই দে যে কাইলৈ ৰাতি ম‍ই তেওঁলোকক এটা ভোজ দিম। তেওঁলোকে যিমানে খাওক, খোৱাবস্তুৰ আৰু নাটনি নহয়”এই কথা শুনি পত্নীসকল আচৰিত হ’ল। খোৱাবস্তুৰ কথা শুনি তেওঁলোকৰ পেটে কলমলাবলৈ ধৰিলে। তথাপিও তেওঁলোক ওলাই গ’ল আৰু সকলো মানুহকে পিছদিনা ৰাতিৰ ভোজৰ বাবে নিমন্ত্ৰণ জনালে।

ভোজৰ বাতৰি দূৰ-দূৰণিলৈ বিয়পি পৰিল। পিছদিনা ৰাতি হাজাৰ হাজাৰ মানুহ ভোজৰ বাবে গোট খালে। ৰাতিলৈ ভূৰি ভূৰি ভোজন কৰিম বুলি তেওঁলোকে সেইদিনা পানী পৰ্যন্ত গ্ৰহণ কৰা নাছিল। খাদ্য বিচাৰি ফুৰা বন্য জন্তুৰ দৰেই তেওঁলোক অস্থিৰ হৈ আছিল। সকলোৱে মুখত প্ৰশংসা শুনি মকৰা মানৱ গপতে গংগাটোপ যেন হৈ পৰিল। তেওঁ ৰাইজক টেকেলিকেইটাৰ ওচৰলৈ লৈ আনিলে। ইতিমধ্যে সকলোৰে লেলাউটি ওলাওঁ ওলাওঁ অৱস্থা। মকৰা মানৱে প্ৰথম পাত্ৰটোৰ টাকনি আঁতৰালে। কিন্তু এয়া কি! তাত কোনো খোৱাবস্তুৰ চিন-চাব নাই। দ্বিতীয় পাত্ৰটোৰ ঢাকনি উদঙালে, সেইটোও খালী। তেনেদৰে বাকী দুটা পাত্ৰও উদং! আটাইকেইটাৰে তলীত একোটাকৈ বৃহৎ ফুটা। ঘটনাটো এনেকুৱা। কুঁজা মানুহজনে মকৰা মানৱক টেকেলিকেইটা দিওঁতে ভালকৈ বুজিছিল যে লোভী মমাই ঘৰ পোৱালৈকে অপেক্ষা নকৰে। যিমানে সাৱধান নকৰক, তেওঁ বাটতে পাত্ৰকেইটা খুলিব‍ই। গতিকে বহুদিন আগতে আঘাত দিয়া মমাৰ ওপৰত প্ৰতিশোধ ল’বলৈ তেওঁ প্ৰস্তুত হ’ল। মমাই পাত্ৰকেইটা গছৰ আঁৰত লুকুৱাই থওঁতে তেওঁ যাদুকৰী শক্তি প্ৰয়োগ কৰি পাত্ৰকেইটাৰ তলী ফুটাই দিলে। তেতিয়া খোৱাবস্তুবোৰ তলীয়েদি ওলাই গ’ল আৰু সেইবোৰৰ আচৰিত শক্তিও নোহোৱা হ’ল।

ইফালে ৰাইজে খালী টেকেলিকেইটা দেখি খঙত অগ্নিশৰ্মা হ’ল। টেকেলিকেইটাৰ পৰা মাংস আৰু ফলৰ গোন্ধ যোৱাই নাই। তেওঁলোকে ভাবিলে যে মমাই তেওঁলোকক ঠগি আগতেই সেইবোৰ খাই পেলালে। ভোক আৰু খঙত ক’ব নোৱাৰা হৈ তেওঁলোক মমাৰ ওপৰত জঁপিয়াই পৰিল। মমাক গুৰুলা-গুৰুলকৈ পিটি তেওঁলোকে অচেতন কৰি পেলালে। মমাৰ হাত-ভৰিকেইখনো দুটুকুৰাকৈ ভাঙি তেওঁলোকে গাৰ আন ঠাইত লগাই দিলে। তেতিয়াৰপৰাই মমাৰ চাৰিখনৰ ঠাইত আঠখন ঠেং হ’ল। মানুহবোৰ আঁতৰি যোৱাৰ পিছত ইমান পৰ গছৰ আঁৰত লুকাই থকা জোনাকী পৰুৱা নামৰ কুঁজা তৰা-মানৱজন ওলাই আহিল। তেওঁ মমাৰ ওচৰত থিয় হৈ ক’লে- “তৰা-মানৱসকলক কৰা অত্যাচাৰৰ ফলস্বৰূপে তুমি আজিৰপৰা চুঁচৰি চলিব লাগিব। মনে মনে খোৱা খাদ্যৰ বাবে তোমাৰ পেটটো সদায় ফুলি থাকিবখোৱাবস্তু আৰু পানীৰ কাষত থাকিলেও তুমি কেৱল মাখি আৰু আন পোকহে খাব পাৰিবা। তুমি তৰাৰ দেশলৈ ঘূৰি যাম বুলি ভাবিলেও নোৱাৰা। কাৰণ তুমি তললৈহে জাল গুঁঠিব পাৰিবা, ওপৰলৈ নোৱাৰা। যাব খুজিলে পিছলিহে পৰিবা” তাৰপিছত চাকিটো জ্বলোৱা-নুমুৱা কৰি জোনাকী পৰুৱা গুছি গ’ল। মকৰা মানৱৰ অৱস্থা কোনোদিনে উন্নত নহ’ল। তেওঁ আজিলৈকে জীৱনত কৰা কু-কৰ্মবোৰৰ ফল ভোগ কৰি আছে।

(উৎস: ইণ্টাৰনেট)