October 22, 2014 | By: গীতাৰ্থ বৰদলৈ

লে'ট্‌ছ ফুটবল!


'ইণ্ডিয়ান ছুপাৰ লীগ' আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় ফুটবল প্ৰেমীসকলৰ মাজত এক আনন্দৰ লহৰ বৈ পৰা দেখা গৈছে। ডেল পিয়েৰ', ট্ৰেজেগুৱেট, পিৰেছক আগতেনো কেতিয়া সপ্তাহৰ পিছত সপ্তাহ ভাৰতৰ মাটিত ফুটবল খেলি থকা দেখা পাইছিল। তেওঁলোক খেলুৱৈ জীৱনৰ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে, আগৰ দৰে খেলত চমক নাই। তথাপিও অ'ল্ড ইজ গ'ল্ড! গ্লেমাৰৰ কোবৰ ৰাতাৰাতি অগণন মানুহ ফুটবল 'ফেন' হৈ পৰা দেখা গৈছে। ফুটবলৰ '' বুজি নাপালেও শচীন, জনক চাবলৈ তেওঁলোকৰ হেতা-উপৰা! কোনো কথা নাই, জনৰ লগতে ফুটবল চাই চাই সকলো এসময়ত ফুটবল বলীয়া হৈ পৰিব (কিন্তু নহ'বও নুপুজিবও পুতুল বৰাৰ সমান)।

গুৱাহাটী ফ্ৰেন্সাইজিৰ দল 'নৰ্থ ইষ্ট ইউনাইটেড এফ চি' নাম এতিয়া অসমৰ সকলো লোকৰ মুখে মুখে। দলটোত আছে বিশ্বকাপজয়ী স্পেইনৰ খেলুৱৈ জুৱান কেপ্‌ডেভিলা। ২০১০ চনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত স্পেইনৰ দলটোত কেপ্‌ডেভিলাই আছিল ৰিয়েল মাড্ৰিড বা বাৰ্চিলোনা ক্লাবৰ হৈ নেখেলা একমাত্ৰ খেলুৱৈ। দলটোত অসমৰ যুৱ খেলুৱৈ দূৰ্গা বড়ো আৰু এলেন দেউৰীও আছে। সকলোৱে আশা কৰিছে যে অভিজ্ঞ বিদেশী খেলুৱৈসকলৰ পৰা অসমৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ তুলনামূলকভাৱে অনভিজ্ঞসকলে ন-ন কৌশল শিকি ভাৰতীয় ফুটবলক আগুৱাই লৈ যাব। ইংলিছ প্ৰিমিয়াৰ লীগ আৰু স্পেনীছ লা লিগা চোৱাত অব্যস্ত ৰাইজৰ বাবে ইণ্ডিয়ান ছুপাৰ লীগ চোৱা অসহজ হ'ব পাৰে, তথাপিও ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ দৈন্যলৈ মনত পেলাই বাদামগুটি চোবাই চোবাই নৰ্থ ইষ্ট ইউনাইটেডৰ খেলকেইখন সম্পূৰ্ণকৈ চাইছোঁ।  ফে'চবুকত এই দলটোৰ খেলৰ বিষয়ে বিশেষ পঢ়িবলৈ পোৱা নাই, সকলোৱে এশাৰী-দুশাৰীৰ উৎসাহমূলক বাণীহে প্ৰকাশ কৰা চকুত পৰিছে।

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ চি-ৰ প্ৰথম প্ৰতিদ্বন্দ্বী আছিল কেৰালা এফ চি। খেলখনত ইউনাইটেডৰ বাবে ধনাত্মক দিশ নথকা নহয়, কিন্তু নূন্যতম ব্যৱধানৰ জয়লাভে দলটোৰ দোষ-ত্ৰুটিবোৰ ঢাকি ৰাখিলে। সকলোৱে কেৱল ক'কেৰ গ'ল আৰু দূৰ্গাৰ কোবাল শ্বটৰ কথাহে ক'লে। প্ৰথমখন খেলত জয়লাভ কৰিয়েই উৎসাহিত হৈ পৰা নিউজিলেণ্ডীয় প্ৰশিক্ষকজনে কৰোৱা প্ৰস্তুতিতো হয়তো কিছুমান কেণা ৰৈ গ'ল। যাৰ ফল দেখা পোৱা গ'ল ইউনাইটেডৰ দ্বিতীয় আৰু তৃতীয় খেলত। প্ৰথমখন খেলত ইউনাইটেডৰ ষ্ট্ৰাইকাৰ হিচাপে খেলিছিল ইংৰাজ খেলুৱৈ জেম্‌ছ কীনে। সতীৰ্থৰ লগত বুজাবুজি আৰু গতিৰ অভাৱৰ ফলত তেওঁ বিশেষ সুবিধা আদায় কৰিব নোৱাৰিলে। তাৰ বিপৰীতে তেওঁৰ পিছফালে খেলা দূৰ্গা বড়োক তুলনামূলকভাৱে সপ্ৰতীভ ৰূপত দেখা পোৱা গ'ল। চুটি চুটি পাছেৰে আক্ৰমণৰ চেষ্টা চলোৱাৰ লগতে তেওঁ বহু দূৰৰ পৰ মৰা কোবাল শ্বটটো কেৰালা এফ চিৰ গ'লকীপাৰ ডেভিদ জেম্‌ছে কোনোমতেহে গ'ল হোৱাৰ পৰা বচালে (স্মতৰ্ব্য যে ডেভিদ জেম্‌ছে ইংলেণ্ডৰ জাতীয় দলৰ হৈ ৩৩ খন খেলত অংশ লৈছিল আৰু প্ৰিমিয়াৰ লীগৰ সৰ্বাধিক ক্লিন শ্বিটৰ অভিলেখ তেওঁৰ নামতে আছে)। আৰম্ভণিতে কেৰালাৰ মিড্‌ফিল্ডাৰ অৰ্জিয়ে কেইবাবাৰো ইউনাইটেডৰ ৰক্ষণ বিভাগক নগুৰ-নাকতি কৰিছিল যদিও প্ৰথমাৰ্ধৰ শেষৰফালে ইউনাইটেডৰ চাৰ্জিঅ' পাৰ্ড' "'কে"ই লাহে লাহে প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিলে। প্ৰথমাৰ্ধ শেষ হোৱাৰ কিছু পূৰ্বে তেওঁ কৰা গ'লেৰেই শেষত নৰ্থ ইষ্ট ইউনাইটেডে জয়লাভ কৰিবলৈ সক্ষম হয়। কেপ্‌ডেভিলাই ৰক্ষণ বিভাগ সংগঠিত কৰি ৰাখি বহুবাৰ কেৰালাৰ আক্ৰমণ প্ৰতিহত কৰে। তেওঁলোকৰ 'অফ্‌ চাইড ট্ৰেৰ্প্‌' খেল আছিল লক্ষণীয়। খেলখনত ক'কেৰ লগতে আন এটা উজ্জ্বল দিশ আছিল ইউনাইটেডৰ গ'লকীপাৰ আৰু গ্ৰীছ জাতীয় দলৰ প্ৰাক্তন খেলুৱৈ এলেক্সেণ্ড্ৰছ জ'ৰভাছৰ প্ৰদৰ্শন। ৰক্ষণ বিভাগে হাত দাঙি দিয়া মুহূৰ্তবোৰত জ'ৰভাছে সোঁৱে-বাঁৱে জঁপিয়াই গ'ল প্ৰতিহত কৰে। খেলৰ শেষৰফালে অহা কোৰিয়ান খেলুৱৈ ড' ডঙৰ সুতীব্ৰ ড্ৰিব্‌লিঙে কেৰালাৰ ৰক্ষণ বিভাগক দুই-তিনিবাৰ বিপদত পেলাইছিল। ইয়াৰ বিপৰীতে কেৰালাৰ চাব্‌ষ্টিটিউট মাইকেল চ'প্ৰাই ইউনাইটেডৰ খেলুৱৈৰ মূৰৰ কামোৰণি তোলে।

দ্বিতীয়খন গৃহ খেলত ইউনাইটেডৰ সন্মুখত আছিল 'ফাটাফাটি' খেলৰ প্ৰতিশ্ৰুতি দিয়া এট্‌লেটিক' ডি কলকাতা। ইতিমধ্যে মুম্বাইৰ বিপক্ষে প্ৰথমখন খেলতে তেওঁলোকে সেই প্ৰতিশ্ৰুতি বহুলাংশে পূৰণ কৰিছিল। গতিকে নৰ্থ ইষ্ট ইউনাইটেডৰ মিড্‌ফিল্ড আৰু ৰক্ষণ বিভাগ বেছিকৈ সতৰ্ক হোৱাৰ প্ৰয়োজন আছিল। কিন্তু ইণ্ডিয়ান চুপাৰ লীগৰ প্ৰথম গ'লদাতা ইথিঅ'পিয়াৰ ষ্ট্ৰাইকাৰ ফিক্ৰ'ৰ আক্ৰমণত আৰম্ভণিৰে পৰা ইউনাইটেডৰ ৰক্ষণ চেদেলি-ভেদেলি হৈ পৰা দেখা গ'ল। ডিফেণ্ডাৰকেইজনে মাজে সময়ে বহু খালি ঠাই এৰি দিয়াৰ ফলত কলকাতাৰ ফৰৱাৰ্ডকেইজনৰ গাখীৰতে ম'হৰ খুঁটি হোৱা যেন হৈছিল। এলেক্সেণ্ড্ৰছ জ'ৰভাছ ফৰ্মত নথকা হ'লে সেইদিনা ইউনাইটেডে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিলেহেঁতেন। ইউনাইটেডৰ ষ্ট্ৰাইকাৰ জেম্‌ছ কীনৰ শামুকীয়া গতিয়ে কলকাতাৰ ৰক্ষণ বিভাগক একো আমনি দিব নোৱাৰিলে। দূৰ্গা বড়োৰ প্ৰদৰ্শন আছিল হতাশাজনক। সন্মুখত খালি ঠাই বিচাৰিব নোৱাৰি তেওঁ বাৰে বাৰে কাষলৈ আহি আক্ৰমণৰ পথ বিচাৰিছিল যদিও সফল নহ'ল। ক'কেৰ বাহিৰে আন খেলুৱৈসকলৰো পাছিং আছিল অতি দুৰ্বল। ক'কেই আক্ৰমণ আৰু ৰক্ষণ দুয়োটাতে আগভাগ লয় আৰু দুই-এবাৰ সতীৰ্থক আগুৱাই যাবলৈ নিৰ্দেশ কৰাও দেখা গ'ল। আগৰখন খেলৰ দৰেই ড' ডঙে কেইবাবাৰো অকলে বল লৈ বক্সৰ ওচৰলৈ আহিছিল কিন্তু আন খেলুৱৈৰ সঁহাৰি নাপালে। খেল শেহ হোৱাৰ আগতে মোৰ মনলৈ ভাৱ আহিছিল যে মাত্ৰ এগ'ল খোৱাটোৱেই এইখন খেলৰ মূল ধনাত্মক দিশ কিন্তু অলপ পাছতে কলকাতাই দ্বিতীয়টো গ'ল দিবলৈ সমৰ্থ হয়।

তৃতীয়খন খেলত ইউনাইটেডৰ বিপক্ষ আছিল এফ চি গোৱা। ব্ৰাজিলৰ কিংবদন্তি খেলুৱৈ জিক'ই প্ৰশিক্ষণ দিয়া গোৱাই নৰ্থ ইষ্টক তীব্ৰ প্ৰত্যাহ্বান জনাব বুলি বহুতে মনতে ভাবিছিল। দলটোত আছে বিশ্বকাপ জয়ী ফৰাছী খেলুৱৈ চল্লিছ বছৰীয়া ৰবাৰ্ট পিৰেছ (ফৰাছী উচ্চাৰণ হবেস্‌ পিহেস্‌!)। এসময়ত আৰ্ছেনেল ক্লাবত দপ্‌দপাই থকা পিৰেছৰ অৱশ্যে আগৰ দৰে প্ৰভাৱ নাই। আগৰ খেল দুখনত জেম্‌ছ কীনৰ হতাশাজনক প্ৰদৰ্শনৰ পাছত এইখন খেলত আচৰিতভাৱে দূৰ্গা বড়োৱে ষ্ট্ৰাইকাৰৰ ভূমিকা লয়। তাতোকৈ আচৰিতভাৱে এলেক্সেণ্ড্ৰছ জ'ৰভাছৰ ঠাইত ৰেহেনেছ নামৰ গ'লকীপাৰজনক সুযোগ দিয়া হয় আৰু ফলত এজন অতিৰিক্ত বিদেশী খেলুৱৈ ড' ডঙে খেলিবলৈ পায়। আৰম্ভণিৰ পৰা ইউনাইটেডে কেইবাবাৰো আক্ৰমণ ৰচনা কৰে আৰু সকলো আক্ৰমণৰ গুৰিতে আছিল ক'কে। কিন্তু প্ৰথমাৰ্ধত গ'লকীপাৰ ৰেহেনেছৰ এটা ভুলৰ সুযোগ লৈ গোৱাই এগ'ল দিয়ে। ইয়াৰ পিছত ইউনাইটেডে 'ল দিবলৈ আপ্ৰাণ চেষ্টা কৰে যদিও গোৱাৰ গ'লকীপাৰ চেডা আছিল দুৰ্দান্ত ফৰ্মত। শেষত এটা বিতৰ্কিত পেনাল্টীৰ জৰিয়তেহে ক'কেই ইউনাইটেডৰ হৈ সমতা স্থাপন কৰে। খেলখনত 'ল দিয়াৰ অসংখ্য সুযোগ পায়ো নৰ্থ ইষ্ট ইউনাইটেড ড্ৰতে সন্তুষ্ট থাকিবলগীয়া হয়। দূৰ্গা বড়োৱে গোটেই খেলখনত একো সুবিধা আদায় কৰিব নোৱাৰিলে আৰু ডিফেণ্ডাৰসকলৰ লগত হোৱা খুন্দাখুন্দিত প্ৰতিবাৰে মাটিত বাগৰি পৰে। ডিফেন্সিভ মিড্‌ফিল্ডত ইছাক চান্সাই ভাল খেল প্ৰদৰ্শন কৰে।

তিনিওখন খেলতে নৰ্থ ইষ্ট ইউনাইটেডৰ দুৰ্বল দিশ আছিল ষ্ট্ৰাইকাৰৰ প্ৰদৰ্শন। গতি আৰু কৌশলৰ অভাৱী জম্‌ছ কীনে যেনেকৈ ভাল সুযোগবোৰৰ সুবিধা ল'ব নোৱাৰিলে, তেনেকৈ শাৰীৰিকভাৱে দুৰ্বল দূৰ্গা বড়োৱে ডিফেণ্ডাৰকেইজনক বাধা দি ৰাখিব নোৱাৰিলে। দূৰ্গা বড়োৰ বাবে মিড্‌ফিল্ডেই উপযুক্ত স্থান বুলি ধাৰণা কৰিব পাৰি। তৃতীয়খন খেলত কলম্বিয়াৰ ষ্ট্ৰাইকাৰ লুইছ পেডিলাই কিছু সময় খেলে যদিও তেওঁৰ প্ৰদৰ্শনো চকুতলগা নাছিল। বাকীকেইজনৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে তেওঁ হয়তো খেলিবলৈ আৰু সুযোগ লাভ কৰিব। ক'কেই ষ্ট্ৰাইকাৰ ভূমিকা ল'ব পাৰে, কিন্তু চুটি চুটি পাছেৰে মিড্‌ফিল্ডৰ পৰা আক্ৰমণলৈ বল আগুৱাই অনাত তেওঁৰ সমান দক্ষ খেলুৱৈ দলত দ্বিতীয় এজন নাই। গতিকে ক'কেই চেণ্ট্ৰেল মিড্‌ফিল্ডত বা ষ্ট্ৰাইকাৰ পিছফালে খেলাই ভাল হ'ব। ড' ডঙকো False 9 হিচাপে খেলুৱাই চাব পাৰি। গতি আৰু ড্ৰিব্‌লিঙেৰে ৰক্ষণ বিভাগক পৰাস্ত কৰাৰ ক্ষমতা তেওঁৰ আছে।

ইউনাইটেডৰ আন এটা দুৰ্বল দিশ ৱিংগ প্লে'ৰ অভাৱ। ড' ডঙৰ বাহিৰে গে'ইটে, মিলন সিং, দূৰ্গা বড়ো কোনোৱেই ৱিঙত নিয়মীয়াকৈ প্ৰতিপক্ষৰ ডিফেণ্ডাৰক পৰাস্ত কৰিব পৰা নাই। মাজে মাজে ৱিংগ বেক ৰবিন গুৰুং আৰু টমাছ জ'ছেলহে চাইড্‌লাইনত দৌৰি বিপক্ষৰ বক্সলৈ ক্ৰছ্‌ কৰাৰ চেষ্টা কৰিছে (বিশেষকৈ তৃতীয়খন খেলত)। ৱিংগ প্লে'ৰ ক্ষেত্ৰত কলকাতাৰ চাহ্‌নীৰ খেল চকুতলগা বিধৰ। এই দিশত প্ৰশিক্ষকে গুৰুত্ব দিলে ভাল। নহ'লে মিড্‌ফিল্ডৰ পাছিং ক্ষিপ্ৰ আৰু নিখুঁত 'ব লাগিব যিটো এতিয়া হোৱা নাই। খেলুৱৈবোৰে বেছিকৈ বক্সলৈ লং পাছদিছে কিন্তু ভুল পাছৰ লগতে শাৰীৰিকভাৱে শক্তিশালী আৰু কৌশলী ষ্ট্ৰাইকাৰৰ অভাৱত পাছ্‌বোৰ অথলে গৈছে। শাৰীৰিক সক্ষমতাৰ অভাৱৰ কথাও নিশ্চয় দৰ্শকৰ চকুত পৰিছে। প্ৰথমখন খেলত কেইবাজনো খেলুৱৈ ভৰিত ধৰি বহি পৰিছিল যদিও পাছৰ খেলকেইখনত তেনে পৰিস্থিতি উদয় নহ'ল। বিপক্ষৰ ডিফেণ্ডাৰৰ ফালে পিঠি দি তেওঁলোকক বাধা দিৰাখিব নোৱৰাৰ ফলত ইউনাইটেডৰ বহু সুযোগৰ অপচয় হৈছে। চেণ্ট্ৰেল ডিফেণ্ডাৰ দুজনৰ গতি কম গোৱা বাবে বিপক্ষৰ তীব্ৰবেগী ষ্ট্ৰাইকাৰে তেওঁলোকক বিপদত পেলাব পাৰে। 

নৰ্থ ইষ্ট ইউনাইটেডৰ পৰৱৰ্তী খেল আছে মুম্বাই চিটী এফ চি-ৰ লগত। আশা কৰোঁ সেইখন খেলত আমাৰ খেলুৱৈকেইজনে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিব আৰু পিছৰ ৰাউণ্ডলৈ এঢাপ আগবাঢ়িব। আন্তঃৰাষ্ট্ৰীয় খেলৰ অভিজ্ঞতাৰে পুষ্ট বিদেশী খেলুৱৈকেইজনৰ পৰা স্থানীয় খেলুৱৈসকলে যে বাৰুকৈ উপকৃত হ'ব সেয়া নক'লেও হয়। ফুটবলৰ মানচিত্ৰত ভাৰতৰ স্থান উন্নীত কৰাৰ ক্ষেত্ৰত ইণ্ডিয়ান ছুপাৰ লীগে ততাতৈয়া পদেক্ষেপ নল'লেও উপযুক্ত প্ৰশিক্ষণ প্ৰণালীৰ লগত মিলি অদূৰ ভৱিষ্যতে ই ভাল ফল দেখুওৱাৰ আশা কৰিছোঁ।