ৱিকিপিডিয়াৰ বাবে তথ্যসূত্ৰ কিয় প্ৰয়োজনীয় সেয়া অন্য ঠাইত ইতিমধ্যে আলোচনা কৰা হৈছে। অধিক তথ্যৰ বাবে "ৱিকিপিডিয়া:উৎসৰ উল্লেখ" (https://w.wiki/5H3R) পৃষ্ঠাটোত চকু ফুৰাব।
তথ্যসূত্ৰৰ বাছনি: তথ্যসূত্ৰ দিওঁতে কেনেধৰণৰ উৎস উল্লেখ কৰা হৈছে সেয়াও অলপ মন কৰিব লাগে। যিমান পাৰি কৰ্তৃত্বশীল উৎস উল্লেখ কৰিব পাৰিলে ভাল। যেনে বিদ্যায়তনিক বিষয়ৰ বাবে বাতৰিৰ টুকুৰাতকৈ বিষয়টো ভালকৈ জনা মানুহে লিখা প্ৰবন্ধ, কিতাপ বা পাঠ্যপুথি আদিৰ উল্লেখ কৰিব লাগে। মূল উৎসত বিষয়টোৰ তথ্য স্পষ্ট নহ’লে সেই উৎস নিদিয়াই ভাল। বাতৰি কাকতৰ ক্ষেত্ৰত চমক লগোৱা যেন লেখাবোৰ পৰিহাৰ কৰিব লাগে। ৱেবছাইটৰ ক্ষেত্ৰত ব্যক্তিগত ৱেবছাইটৰ ব্যৱহাৰ কৰা উচিত নহয়। ইণ্টাৰনেট ফ’ৰাম, ফেইচবুক, এক্স (টুইটাৰ), ব্যক্তিগৰ ব্ল’গ আদিবোৰ তথ্যসূত্ৰ হিচাপে ব্যৱহাৰ কৰিব নালাগে। উৎসটোৰ বিশ্বাসযোগ্যতাৰ ওপৰত অলপ সন্দেহ হ’লেই আন উৎসবোৰৰ লগত তথ্য মিলাই চাব লাগে।
কেনেকৈ দিব?
উপায় ১: আমি প্ৰবন্ধৰ "উৎস সম্পাদনা" কৰিলে তথ্যসূত্ৰৰ বাবে আৰম্ভণি সংকেত হৈছে <ref> আৰু শেষ কৰিবলৈ </ref> এইটো। সম্পাদনা পৃষ্ঠাৰ একেবাৰে তললৈ গ'লে সংকেতৰ সংগ্ৰহৰ মাজতো এইটো দেখা পাব (চিত্ৰ ১); প্ৰবন্ধৰ য'ত তথ্যসূত্ৰ লাগে তাত মাউচৰ কাৰ্চৰডাল থৈ তললৈ গৈ সংকেতটোত ক্লিক কৰিলেই নিজে নিজে প্ৰবন্ধৰ ঠাইলৈ আহি যাব। এতিয়া <ref>পানীতোলা গগৈ, অজেয় শক্তিমান, শক্তি প্ৰকাশন, নলবাৰী, আগষ্ট ২০২৪, পৃষ্ঠা ৫৬</ref> এনেকৈ দিলেই এটা সৰল ৰেফাৰেন্স তৈয়াৰ হ'ব।
চিত্ৰ ১
উপায় ২: "উৎস সম্পাদনা" কৰিলে সম্পাদনা ক্ষেত্ৰৰ ওপৰত চিহ্নবোৰৰ একেবাৰে সোঁহাতে “উদ্ধৃতি” নামৰ বুটাম এটা দেখা পাব (চিত্ৰ ২)। প্ৰবন্ধৰ য'ত তথ্যসূত্ৰ লাগে তাত মাউচৰ কাৰ্চৰডাল থওক আৰু এই বুটামটোত ক্লিক কৰক। Templates বুলি ড্ৰপ ডাউন মেনু এখন ওলাব। তাত ক্লিক কৰিলে Cite web, Cite news, Cite book আদি বিকল্প দেখা পাব। ৱেবছাইট, বাতৰি কাকত, কিতাপ আদিৰ পৰা তথ্যসূত্ৰ দিবলৈ এইবিলাক বিকল্প ব্যৱহাৰ কৰিব। কিতাপৰ বাবে Cite bookত ক্লিক কৰিলে বিস্তৃত প্ৰপত্ৰ এখন ওলাব (চিত্ৰ ৩) য’ত লেখকৰ নাম, কিতাপৰ নাম, প্ৰকাশ আদি আটাইবোৰ তথ্য দি তলত ‘Insert’ বুটামটোত ক্লিক কৰিব লাগে। তেতিয়া নিৰ্দিষ্ট ঠাইত তথ্যসূত্ৰ স্থাপন হৈ যাব। যেনে- কিতাপ এখনৰ বিষয়ে সবিশেষ ভৰোৱাৰ পাছত এনেকৈ আহিব: <ref>{{cite book |last1=গগৈ |first1=পানীতোলা |title=অজয় শক্তিমান |date=আগষ্ট ২০২৪ |publisher=শক্তি প্ৰকাশন |location=নলবাৰী |page=১১৬ |edition=প্ৰথম}}</ref>
চিত্ৰ ২
চিত্ৰ ৩
উপায় ৩: উৎস সম্পাদনাত তথ্যসূত্ৰ দিবলৈ আটাইতকৈ সহজ উপায় ProveIt (প্ৰুভ্ইট) সঁজুলিৰ ব্যৱহাৰ। সম্পাদনা ক্ষেত্ৰৰ তললৈ গ’লেই সঁজুলিটো দেখা পাব (চিত্ৰ ৪)। তাৰ Add a Reference বুটামটোত ক্লিক কৰিলে মেনু এখন দেখা পাব। Reference type ক্ষেত্ৰটোত ৱেব্, কিতাপ, জাৰ্ণাল, বাতৰি কাকত আদি ৰেফাৰেন্সৰ প্ৰকাৰ সলাব পাৰিব (চিত্ৰ ৫)। নিৰ্দিষ্ট উৎস বাছনি কৰি লৈ তলৰ ক্ষেত্ৰবোৰ পূৰণ কৰিব। শেষত সোঁহাতে তলত থকা Insert into edit form বুটামটোত ক্লিক কৰিলে প্ৰবন্ধটোত তথ্যসূত্ৰটো সংযোগ হ’ব। একাধিক ৰেফাৰেন্স যোগ কৰাৰ পাছত তলৰ References ত ক্লিক কৰি তথ্যসূত্ৰৰ তালিকাখন চাব পাৰিব আৰু কোনোটোত ভুল থাকিলে সম্পাদনাও কৰিব পাৰিব।
চিত্ৰ ৪
চিত্ৰ ৫
** মন কৰিবলগীয়া কথা: এইসমূহ উপায় ব্যৱহাৰ কৰিলে প্ৰবন্ধটোৰ শেষত ==তথ্যসূত্ৰ== বুলি এটা অনুচ্ছেদ কৰি তলত {{reflist}} বুলি লিখিব লাগিব। তেতিয়াহে প্ৰবন্ধটোত ব্যৱহাৰ কৰা গোটেইবোৰ তথ্যসূত্ৰৰ এখন তালিকা নিজে নিজে আহি যাব।
কেইবাবাৰো একেটা উৎসৰ উল্লেখ কৰিবলগীয়া হ’লে বাৰে বাৰে একেখিনি কথা ভৰাই থাকিব নালাগে। উদ্ধৃতি সঁজুলি বা প্ৰুভ্ইট সঁজুলি ব্যৱহাৰ কৰিলে তলত বা ওপৰত Ref name বুলি ক্ষেত্ৰ এটা দেখিব। তাত “ভৰালী” বুলি নামটো ভৰাই থ’লে বাৰে বাৰে তথ্যসূত্ৰটো ব্যৱহাৰ হ’লে পাছৰবাৰ <ref name="ভৰালী/"> বুলি লিখিলেই হ’ব।
আন এটা উপায়ো আছে। প্ৰবন্ধটোৰ মাজত তথ্যসূত্ৰৰ নাম চুটিকৈ লিখিব পাৰি। যেনে ধৰক গোপীনাথ বৰদলৈৰ বিষয়ে লিখোঁতে হেমন্ত কুমাৰ ভৰালীৰ “এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া” কিতাপখন দুবাৰ উল্লেখ কৰিবলগীয়া হ’ল। তেতিয়া আমি যথাস্থানসমূহত <ref>“এশগৰাকী অসমীয়া”, ভৰালী, পৃ-১০৭ </ref> আৰু <ref>“এশগৰাকী অসমীয়া”, ভৰালী, পৃ-১০৯</ref> আদি লিখিব পাৰোঁ। তলত ==তথ্যসূত্ৰ== বুলি অনুচ্ছেদ কৰি ওপৰত কোৱা দৰে {{reflist}} বুলি লিখিম। তাৰ পিছত ==গ্ৰন্থপঞ্জী== বুলি অনুচ্ছেদ এটা কৰি এনেকৈ তথ্যসূত্ৰৰ সবিশেষ লিখিম:
*“এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া”, হেমন্ত কুমাৰ ভৰালী, চিত্ৰলেখা পাব্লিকেশ্বন্ছ, গুৱাহাটী, ২০০১
উপায় ৪: ওপৰত কোৱা তিনিওটা উপায় “উৎস সম্পাদনা”ৰ বাবেহে। যদি আমি “সম্পাদনা” বুটামটো টিপি ভিজুৱেল এডিটৰ ব্যৱহাৰ কৰোঁ, তেন্তে ৰেফাৰেন্সৰ বাবে “উদ্ধৃতি দিয়ক” বুলি বুটাম এটা সম্পাদনা ক্ষেত্ৰৰ ওপৰতে দেখা পাব (চিত্ৰ ৬)। প্ৰবন্ধৰ নিৰ্দিষ্ট ঠাইত কাৰ্চৰডাল থৈ সেইটোত ক্লিক কৰিলে “সাধাৰণ” আৰু “পুনৰ্ব্যৱহাৰ কৰক” বুলি দুটা বিকল্প দেখিব। সাধাৰণত ক্লিক কৰি আপোনাৰ তথ্যসূত্ৰ লিখিব পাৰে বা উৎস সম্পাদনাৰ দৰে সাঁচো ব্যৱহাৰ কৰিব পাৰে (চিত্ৰ ৭)। তাৰ পাছত ওচৰতে থকা “যোগ কৰক” বুটামটো টিপিলেই সেয়া প্ৰবন্ধত যোগ হ’ব। একেটা তথ্যসূত্ৰ আকৌ ব্যৱহাৰ কৰিব লাগিলে “পুনৰ্ব্যৱহাৰ কৰক” বিকল্পটো বাছনি কৰিব আৰু তথ্যসূত্ৰ তালিকাৰ পৰা যিটো তথ্যসূত্ৰ লাগে তাত ক্লিক কৰিব।
চিত্ৰ ৬
চিত্ৰ ৭
0 Comments