যাত্ৰা
পলৰীয়া দিনক বিচাৰি যাওঁ
এন্ধাৰৰ বুকুত জুমি জুমি চাওঁ
মানুহলৈ কিয় বাৰু ভয়
অমানুহেই যদি নিয়ম হয়
বোকোছাত এতিয়াও প্ৰভাতীৰ গীত
তাকে লৈ যাওঁ দূৰলৈ
বহু দূৰলৈ।
উশাহ মোৰ জীৱনৰ ছন্দ
অনুভৱ মোৰ হৃদয়ৰ গান
অনন্ত কাল মোৰ অবিৰত যাত্ৰা
আশাৰ বিলাসী একেটি প্ৰাণ,
হেৰোৱা ভেঁটিত তোকে বিচাৰি
কৰোঁ ধুমুহাৰ অৱসান।
পাওঁ বা নাপাওঁ
কপালৰ ৰঙা জুই
যাত্ৰাৰ লগৰী পোহৰ,
আঁউশীৰ চিঞৰত
জোনৰ ৰং সানিম
মৃদু কুঁৱলিৰ সাঁথৰ,
বতাহত এতিয়াও দুচকুৰ শীত
তাক লৈ যাওঁ দূৰলৈ
বহু দূৰলৈ...
No comments:
Post a Comment