ইউটিউবৰ কেইটামান অসমীয়া গান




গোটেই ভাৰততে হিন্দী বোলছবি আৰু অ-বোলছবীয় গীতৰ শ্ৰাব্য সঁফুৰাৰ বিক্ৰী লাহে লাহে কমি অহা বুলি ইণ্টাৰনে’টত পঢ়িবলৈ পাইছিলোঁ। ক্ষেত্ৰ অধ্যয়ন নকৰাকৈ অনুমান কৰিছোঁ যে অসমত জুবিন, পাপন আৰু বাবুৰ বাহিৰে অন্য গায়ক-গায়িকাৰ শ্ৰাব্য সঁফুৰাই বজাৰত বিশেষ সুবিধা আদায় কৰিব পৰা নাই (অসমীয়া বোলছবিৰ কথা নধৰোঁৱেই)। কেইবছৰমানৰ পাছত চাগে চি ডি-ৰ যুগৰো অন্ত পৰিব। আজিকালি বহুতেই সেইবাবে কোনো ৱে’বছাইটৰ পৰা পোনে পোনে MP3 ৰূপত গান কিনিব পৰা ব্যৱস্থা কৰিছে। তথাপিও অসংখ্য ৱে’বছাইটত মুক্তিৰ কিছুদিন পাছতেই অসমীয়া শ্ৰাব্য সঁফুৰাৰ গানবোৰে Free download-ৰ চমকা-চমক আখৰেৰে ভুমুকি মাৰে। পাইৰে’চীৰ কথা বাৰু বাদ। আজিকালি ন ন গায়ক-গায়িকাই তেওঁলোকৰ সৃষ্টি গৰমে গৰমে ইউটিউবত মুক্তি দিয়াটো বৰ পছন্দ কৰোঁ। সাধাৰণতে বেছিভাগে এটা বা দুটা গান এবাৰত উলিয়ায়। কিছুমানে গোটেই শ্ৰাব্য সঁফুৰাটোৱেই আমাক শুনিবলৈ সুবিধা কৰি দিয়ে। যোৱা কেইমাহমানত ইউটিউবত শুনা কেইটামান গানে মোৰ মন পৰশি গৈছিল। আপোনালোকৰ বহুতেই হয়তো সেইবোৰ শুনিছে। নুশুনাসকলে বিলাহীয়ে দিয়া যন্ত্ৰণাৰ পৰা সকাহ পাবলৈ তলৰ তালিকাৰ গানবোৰ শুনি চাব পাৰে। অ’ শুনাই নহয়, দেখাও পাব!

১) “মা” https://www.youtube.com/watch?v=AU1YWFumNKU
যোৱা বছৰেই মুক্তি দিয়া এই গীতটো মাত্ৰ এবাৰ শুনি মোৰ মন ভৰা নাছিল। লগে লগে ভিডিঅ’টো ডাউনল’ড কৰিছিলোঁ আৰু এতিয়াও মাজে-সময়ে শুনি থাকোঁ। অভিনৱ বৰা আৰু শতাব্দী খাটনিয়াৰে প্ৰাণ ঢালি গোৱা গীতটোৱে নিশ্চয় সকলোকে মোহিত কৰিব। গীতৰ কথা আৰু সংগীত অভিনৱৰ। চাওক, শুনক আৰু মালৈ মনত পেলাওক।

২) “কলংকিনী মই” https://www.youtube.com/watch?v=R3jcGbEdGO0
সুনয়না চৰকাৰৰ গান আগতে শুনা নাছিলোঁ যদিও যোৱা বছৰ মুক্তি দিয়া এই গানটোৱে ব্লুজ সংগীতেৰে আমাক এক নতুন সোৱাদ দিছিল। সুনয়না চৰকাৰৰ কণ্ঠ আৰু গায়কী শলাগিবলগীয়া। বাতৰি কাকতৰ টুকুৰাৰে ভৰা ভিডিঅ’টোও ব্যতিক্ৰম। 

৩) “লাহে লাহে গোপনে” https://www.youtube.com/watch?v=nS9cC39_DIc
দুবছৰ আগতেই মুক্তি দিয়া গানটো মই বহুদিন পাছতহে শুনিবলৈ পালোঁ। এবাৰ শুনি হেঁপাহ নপলাল। এতিয়ালৈকে চাগে এশবাৰমান শুনিলোঁ। পলাশ গগৈৰ সংগীতেৰে সজোৱা গীতটো বৰ্ণালী কলিতাই বৰ সুন্দৰকৈ গাইছে। নিবিৰ স্বপ্নম আৰু জয় কাশ্যপে অভিনয় কৰা ভিডিঅ’টোও ভাল পাব।
এইটো গীতৰ ৰূপম ভূঞাই গোৱা ভাৰ্চন এটাও আছে। সেইটোৰ সোৱাদো ল’বলৈ নাপাহৰিব।

৪) “বিচাৰি আঁত” https://www.youtube.com/watch?v=k7vAXX9ZErI
যোৱা মাহত মুক্তি দিয়া ৰূপম ভূঞাৰ এই গীতটো মোৰ শেহতীয়া পছন্দ। গীতটোৰ কথা-সুৰ-সংগীত ইবছন লাল বৰুৱাৰ। বাদ্যযন্ত্ৰৰ নূন্যতম ব্যৱহাৰ হোৱা গীতটো মোৰ বোধেৰে হে’ডফোন লগাই দুচকু মুদি শুনিবলগীয়া গীত। ভিডিঅ’টো চায়ো ভাল লাগিল।

৫) “লৈ আহিছোঁ কেমেৰা” https://www.youtube.com/watch?v=_Kd6xlj5Keo
“জিলেলে জিলেলে”ৰ স্ৰষ্টা (?) সীমান্ত শেখৰে সুবাসনা দত্তৰ সৈতে গোৱা এই গীতটো পাছে কোনে লিখিছে নাজানো। শুনি কিন্তু ভাল পালোঁ। সীমান্ত শেখৰ আৰু প্ৰীতি কংগনাই অভিনয় কৰা ভিডিঅ’টোৰ কাৰিকৰী মান যথেষ্ট উন্নত।

৬) “মেঘৰ জলঙা” https://www.youtube.com/watch?v=oRNHuTzi6ls
“অহেতুক” বোলছবি চাওঁতে গীতবোৰ ভাল লাগিছিল। তাৰে এটা আছিল পম্পী গগৈয়ে গোৱা “মেঘৰ জলঙা”। জনজাতীয় সুৰৰ এই গীতটোৰ কথা ইবছন লাল বৰুৱাৰ আৰু সংগীত পৰাণ বৰকটকীৰ। বোলছবিখনৰ সংগীতৰ অলপ সালসলনি কৰি এই ভাৰ্চনটো ইউটিউবত দিয়া হৈছিল।

৭) “কিচিম কিচিম” https://www.youtube.com/watch?v=G66Q3tmS4Js
জিলেলে জিলেৰেৰ অন্য ৰূপ “কিচিম কিচিম” গীতটোৰ কথা আৰু দেৱজিৎ বৰাৰ গায়কীয়ে নিশ্চয় বহুতকে আকৃষ্ট কৰিছে। উৎপল দাস আৰু অমৃতা গগৈয়ে গাঁৱলীয়া সাজত অভিনয় কৰা ভিডিঅ’টো চায়ো বেয়া নালাগিল।

৮) “সাঁচিপাতৰ সাধু” https://www.youtube.com/watch?v=hV3r4q6UFSU
গাৰ্গী দত্ত মোৰ বাবে অচিনাকী নাম আছিল। এদিন হঠাৎ ইউটিউবত এই গীতটো পাই শুনিলোঁ আৰু তাৰ পাছত বহুবাৰ শুনিলোঁ। অলকেশ দত্তই লিখা গীতটোৰ কথা আৰু ভূষণ পাঠকৰ সংগীতৰ লগত গাৰ্গী দত্তৰ মিঠা কণ্ঠ খাপ খাই পৰিছে। ভিডিঅ’টোহে কিবা কৰিবলৈ গৈ কিবা হৈ পৰা যেন লাগিল।

৯) “এন্ধাৰেই থওক” https://www.youtube.com/watch?v=SXjlzVCBduU
আৰ জে মুস্কান নামটোও আগতে শুনা নাই। কিন্তু “মন্ত্ৰমুগ্ধা” নামৰ শ্ৰাব্য সঁফুৰাৰ এই গীতটোৱে মোক মুগ্ধ কৰিলে আৰু ম’বাইলৰ শুনা নিয়মীয়া গীতৰ তালিকাত স্থান পালে। সুৰীয়া পৰিবেশ সৃষ্টি কৰাত গায়িকাগৰাকীৰ দক্ষতা প্ৰশংসনীয়।

১০) “তোমাৰ মৰমে মোৰ” https://www.youtube.com/watch?v=4mMKWVeoQag
জয়ন্ত হাজৰিকাই গোৱা কালজয়ী গীতটো নুশুনা মানুহ নাই। মধুস্মিতাই গোৱা এই ভাৰ্চনটোত অসমীয়া ডেকা সংগীতজ্ঞ অনুৰাগ শইকীয়াই বাঁহী আৰু পিয়ান’ ব্যৱহাৰ কৰি ধীৰ লয়েৰে শ্ৰ্ৰোতাক এক নতুন সোৱাদ দিছে। 

ব’নাচ: অনুৰাগ শইকীয়াই সংগীত সংযোজন কৰা কস্তুৰী বৰুৱাই গোৱা “ধেমালি” নামৰ এল্‌বামটো শুনিছেনে? নাই শুনা যদি পলম নকৰিব। মোৰ মানত এইটো ২০১৪ চনৰ শ্ৰেষ্ঠ অসমীয়া শ্ৰাব্য সঁফুৰা। ইয়াৰে তিনিটামান গীত দুবছৰমান আগতেই ভিডিঅ’ ৰূপত ইউটিউবত মুক্তি দিছিল যদিও এতিয়া গোটেইকেইটা গীতেই পাব।
https://www.youtube.com/watch?v=x-r3O9-DI_I


Post a Comment

0 Comments