চিকিৎসা
ক্ষেত্ৰৰ লগত জড়িত লোকসকলে টোপনিৰ লগত খেলি বৰ ভাল পায়। পঢ়া কালছোৱাত কোনে কিমান
টোপনি ক্ষতি কৰি কামখিনি সমাপন কৰিলে তাৰ প্ৰতিযোগিতা হয়। কফি আৰু চিঙৰা গলাধঃকৰণ
কৰি ৩৬ ঘণ্টাৰ ‘শ্বিফ্ট’ ডিউটীৰ যুদ্ধক্ষেত্ৰত
নামি পৰাসকলে পাছলৈ সেইবোৰৰ ৰহণ সনা কাহিনী শুনায়। টোপনি জীৱনৰ মহৌষধ বুলি সকলোৱে
জানে, পাছে কামৰ হেঁচাত বহুতে ঔষধ সেৱন কৰিব নোৱাৰে বা আন
কিছুমানে আকৌ ঔষধেই বেয়া পায়! ধৰি লওক বহিঃৰোগ বিভাগলৈ
এগৰাকী ব্যক্তি আহিছে যাৰ খোজ থৰক বৰক, কথা সোলোক ঢোলোক,
দৃষ্টি অনিৰ্দিষ্ট; তেন্তে চিকিৎসকে সেইগৰাকী
ব্যক্তিক জানো ভৰ্তি হ’বলৈ পৰামৰ্শ নিদিব বা পৰীক্ষা-নিৰীক্ষা নকৰিব? দিনে-ৰাতি কাম
কৰি এনে অৱস্থা চিকিৎসক বা নাৰ্ছৰো হ’ব নোৱাৰে বুলি আমি ন-দি ক’ব নোৱাৰোঁ। এনে ক্ষেত্ৰত ৰোগীৰ জীৱন ৰক্ষা কৰাত
ব্যস্ত লোকসকলৰ মগজুৱে তেওঁলোকৰ কামৰ ভাৰৰ পৰাই ৰক্ষা পৰিবলৈ চেষ্টা কৰি থাকে।
টোপনিৰ লগত
খেল চলি থাকক, কিন্তু ‘ফাউল’ হ’লে মগজুৱে সংকেত দি থাকিব যে ঘোৰ নিদ্ৰা বৈকল্পিক
নহয়, ই অতীৱ প্ৰয়োজনীয়। পাতনি বহল নকৰি ইয়াৰ কেইটামান দিশ
চাওঁ আহক।
লসিকা প্ৰণালীৰ
ভায়েক
ৰক্ত
সংবহন তন্ত্ৰৰ সমান্তৰালকৈ আমাৰ দেহত তৰল পদাৰ্থ পৰিবহণৰ বাবে লসিকা তন্ত্ৰ (Lymphatic
system) এটাও থাকে বুলি সকলোৱে জানে। ই বিভিন্ন অংগ, নলীকা, লসিকা গ্ৰন্থি আৰু লসিকা নামৰ এক তৰল
পদাৰ্থৰে গঠিত এক তন্ত্ৰ। ই কলাবোৰৰ মাজত থাকি যোৱা দেহ ৰসবোৰ পাছত আকৌ সংবহন তন্ত্ৰলৈ ঘূৰাই
পঠিয়ায়। এই ছেগতে বৰ্জনীয় বস্তুৰ নিষ্পত্তি, দেহ প্ৰতিৰক্ষা, স্নেহ পদাৰ্থৰ শোষণ জাতীয় দুই-এটা কামো সমাধা হয়।
দেহৰ যি ঠাইৰ কলাৰ (Tissue) বিপাক ক্ৰিয়া বেছি সেই ঠাইত
লসিকা নলীৰ ঘনত্বও বেছি। মগজু আৰু স্নায়ু ৰজ্জুৰ বিপাক ক্ৰিয়া খুব বেছি, স্নায়ু কোষবোৰে ছাইনাপ্সৰ মাজেৰে প্ৰেৰণ কৰিবলগীয়া সংকেতবোৰো চৌপাশৰ
পৰিবেশৰ ওপৰত নিৰ্ভৰশীল, কিন্তু কেন্দ্ৰীয় স্নায়ু তন্ত্ৰত
পৰম্পৰাগত লসিকা তন্ত্ৰ নাই। এই কথাত বিজ্ঞানীসকলে বহু মূৰ ঘমোৱাৰ পাছত ডেনমাৰ্কৰ
বিজ্ঞানী মাইকেন নেডাৰগাৰ (Maiken Nedargaard) আৰু তেওঁৰ দলে
এক চমকপ্ৰদ আৱিষ্কাৰ কৰিলে আৰু ২০১২ চনত তেওঁলোকৰ গৱেষণা প্ৰকাশ পালে। পৃথিৱীয়ে
জানিলে যে মগজুৰ ভিতৰতো আৱৰ্জনা বাহিৰ কৰিবলৈ এটা সুকীয়া প্ৰণালী আছে যাৰ নাম দিয়া
হ’ল “গ্লিম্ফেটিক প্ৰণালী”
(Glymphatic System)। চেৰিব্ৰ’স্পাইনেল তৰল (CSF)
আৰু কলা তৰলৰ (Tissue fluid) সালসলনিয়ে এই
নিকাকৰণ সমাধা কৰে আৰু ফলত মগজুৱে শান্তি পায়। বয়সৰ লগে লগে ইয়াৰ কাৰ্যকাৰিতা কমি
আহে। গতিকে বৃদ্ধাৱস্থাৰ চেতনা ক্ষয় (cognitive decline), আল্ঝেইমাৰ
ৰোগ আদিতো ইয়াৰ প্ৰভাৱ আছে বুলি প্ৰমাণিত হৈছে।
এখন
ব্যস্ত চিকিৎসালয়ৰ দিনৰ ভাগত এটা ৱাৰ্ড। সকলোফালে ল’ৰা-ঢপৰা। কেনুলা ভৰোৱাই কেনুলা ভৰাইছে, তেজ উলিওৱাই তেজ
উলিয়াইছে, ট্ৰলী টনাসকলে ভিতৰলৈ-বাহিৰলৈ
টানিছে। এই ব্যস্ত সময়ত কোনোবাই মজিয়াখন পৰিষ্কাৰ কৰা টান। মানুহৰ ভিৰ কমিলে,
ব্যস্ততা কমিলে কৰ্মচাৰীয়ে ধুনীয়াকৈ মজিয়াখন সাৰি মচিব পাৰে। আমাৰ
মস্তিষ্কৰো ধৰণ-কৰণ অলপ একেই। দিনৰ ভাগত আমি কাম কৰোঁ আৰু
ৰাতি শোওঁ। এইটোৱেই প্ৰকৃতিৰ নিয়ম। মগজুৰ স্নায়ুকোষবোৰেও এইটো মানি চলি দিনৰ ভাগত
কোটি কোটি ছাইনাপ্সৰ মাজেৰে সংকেত প্ৰেৰণ কৰি থাকে, ফলত
মগজুতো আৱৰ্জনা জমা হয়। সাৰে থকা অৱস্থাত নৰএপিনেফ্ৰিনে স্নায়ুকোষবোৰ ফুলাই ৰাখে,
ফলত স্নায়ুকোষবোৰৰ মাজত ব্যৱধান কমি যায় আৰু তৰলেও আগ বাঢ়িবলৈ বাট
নাপায়। গতিকে গ্লিম্ফেটিক প্ৰণালীও প্ৰায় সুপ্ত অৱস্থাত থাকে। আমি গভীৰ টোপনি বা NREM
টোপনিৰ স্তৰলৈ গ’লে স্নায়ুকোষবোৰৰ মাজত
ব্যৱধান বাঢ়ি যায়; ফলত তৰলখিনিয়ে এই ঠাইত সোমাই সকলো ধুই নিব
পাৰে। লেক্টিক এচিড, বিটা এমাইলয়ড আৰু টাউ প্ৰ’টিনৰ দৰে দ্ৰব্যই মগজুৰ ক্ষতি কৰে বুলি আমি জানো। এষ্ট্ৰ’চাইট নামৰ কোষত ভৰিতে লাগি থকা Aquaporin-4 নামৰ
চেনেলৰ মাজেৰে চেৰিব্ৰ’স্পাইনেল তৰল বৈ যাওঁতে গ্লিম্ফেটিক প্ৰণালীয়ে এই সকলোবোৰ আঁতৰাই
পঠিয়ায়। টোপনি পুৰঠ নহ’লে এই পদাৰ্থবোৰো আঁতৰি নাযায়;
জাবৰৰ দম পেলাই থ’লে যিদৰে গেলি-পঁচি যায় তেনেকৈ এইবোৰো জমা হৈ মগজুক লেহেমীয়া কৰি তোলে। মূৰটো গধুৰ গধুৰ
লাগে, চিন্তাবোৰ অসংলগ্ন হৈ পৰে। এয়া কেৱল ভাগৰুৱা দেহা আৰু মন নহয়, ই আৱৰ্জনাৰে ভৰা মস্তিষ্কৰ ফল। প্ৰায়েই এনে ঘটনা হৈ থাকিলে চিকিৎসক হিচাপে
আমিও নিজৰ ১০০% দিব নোৱাৰোঁ।
প্ৰিফ্ৰণ্টেল
কৰ্টেক্সৰ লীলা
আমাৰ
মস্তিষ্কৰ অংশবোৰৰ ভিতৰত প্ৰিফ্ৰণ্টেল কৰ্টেক্স (Prefrontal Cortex) এটা কাৰ্যালয়ৰ মুখ্য বিষয়াতকৈ কোনোগুণে কম নহয়।
কপালৰ ঠিক পিছফালে অৱস্থিত এই অংশই কাৰ্য পৰিকল্পনাত সহায় কৰে, কাৰ্যনিৰ্বাহকৰ ভূমিকা লয়, আৱেগ-অনুভূতি নিয়ন্ত্ৰণ কৰে আৰু সামাজিক আচৰণ গঢ় লোৱায়। চিকিৎসকৰ ক্ষেত্ৰত
দুবিধ ৰোগৰ মাজত পাৰ্থক্য বিচাৰ কৰিবলৈ প্ৰয়োজনীয় উচ্চ চিন্তাৰ সাৰো এই অংশই
যোগায়। মগজুৰ আটাইতকৈ বিকশিত অংশ হোৱাৰ লগে লগে ই আটাইতকৈ বেছি ভংগুৰো। এটা ব্যস্ত
দিনৰ পাছত প্ৰিফ্ৰণ্টেল কৰ্টেক্সক পূৰ্ণোদ্যমে আকৌ কাম কৰিবলৈ টোপনি লাগে। টোপনিৰ
টনা-টনি হোৱাৰ লগে লগে প্ৰিফ্ৰণ্টেল কৰ্টেক্সে দুৱাৰত দাং দি
হৰতাল কৰিবলৈ লয়। দুৱাৰ বন্ধ হোৱাৰ লগে লগে মানুহে সমস্যা এটা বিভিন্ন দিশৰ পৰা
বিচাৰ কৰি চোৱাৰ ক্ষমতা (divergent thinking) হেৰুৱায়।
সিদ্ধান্ত লোৱাৰ ক্ষমতা কমি আহে, বোধশক্তিৰ নমনীয়তা হ্ৰাস
পায়। কোনো কোনো চকুৰ ৰোগত প্ৰান্তীয় দৃষ্টি লোপ পাই কেৱল পোনে পোনে থকা বস্তু দেখা
‘সুৰংগ দৃষ্টি’ (Tunnel vision) তেনেই
সুলভ। ভালদৰে বিচাৰ-বিবেচনা
কৰি চোৱা ক্ষমতা হেৰুৱালে মগজুৰো ‘সুৰংগ চেতনা’ (cognitive tunnelling) অৱস্থাৰ সৃষ্টি হয়। তেতিয়া চিকিৎসকগৰাকীয়ে কেৱল এটা ডায়েগ্ন’চিছতে লাগি থাকিব। ওচৰতে যে আনকেইটামান ৰোগৰ চিহ্নই ‘মোক চা, মোক চা’লৈ চিঞৰি আছে
সেয়া তেওঁ দেখাই নাপাব বা আওকাণ কৰিব। তেতিয়া কথা বিষম হৈ পৰে।
প্ৰিফ্ৰণ্টেল
কৰ্টেক্সে মগজুৰ আৱেগৰ কেন্দ্ৰ এমিগ্ডেলাকো নিয়ন্ত্ৰণ কৰি থাকে। এমিগ্ডেলাই
সাধাৰণ অৱস্থাত কৰ্টেক্সৰ লগত স্মৃতি প্ৰক্ৰিয়াৰ ভেঁটি গঢ়াৰ লগতে ভয়, দুঃচিন্তা আৰু আক্ৰমণাত্মক মনোভাৱৰ দৰে আৱেগিক সঁহাৰিৰ দায়িত্ব লয়। আৱেগীয়
উদ্দীপকবোৰৰ বাবে ই এলাৰ্ম ঘড়ীৰ দৰে; অপ্ৰয়োজনীয় সময়ত এলাৰ্ম
বাজিব ল’লেই প্ৰিফ্ৰণ্টেল কৰ্টেক্সে বন্ধ কৰি দিয়ে। প্ৰিফ্ৰণ্টেল
কৰ্টেক্সৰ নিয়ন্ত্ৰণ নাইকিয়া হোৱাৰ ফলত ই দিগ্বিদিক হেৰুৱায়। ফলত চিকিৎসালয়ত
নাৰ্ছৰ সৰু কথাতে চিকিৎসকৰ খং উঠিব পাৰে, বা ৰোগীয়ে কিবা কথা
পেঘেনিয়াই থাকিলে জঁক উঠি কাগজ-পত্ৰ দলিয়াই দিব পাৰে। এমিগ্ডেলা
লেকাম নোহোৱা ঘোঁৰাৰ দৰে হোৱাৰ অৰ্থ এয়েই যে চিকিৎসকৰ চিকিৎসা বিধানৰ দুটা প্ৰধান
অস্ত্ৰ ধৈৰ্য আৰু সহমৰ্মিতাৰ অভাৱ ঘটিব। যদি আমি সাধাৰণ অনুভূতিবোৰ নিয়ন্ত্ৰণ
কৰিব নোৱাৰোঁ, তেন্তে জৰুৰীকালীন বিভাগ বা আই চি ইউ-ৰ দায়িত্ব সুকলমে পালন কৰিব পাৰিম বুলি কোনোবাই আমাৰ ওপৰত আস্থা ৰাখিবনে?
কেফেইন আৰু ফুটা কলহ
উজাগৰী ৰাতি পাৰ কৰিবলৈ আৱাসিক চিকিৎসকৰ
বাবে চাহ আৰু কফিয়েই প্ৰধান সাহস। পাছে চাহ আৰু কফিত থকা কেফেইনে গ্লুক’জৰ দৰে শৰীৰক কোনো
শক্তি নিদিয়ে, টোপনি কমোৱাৰ আঁৰৰ কথা সুকীয়াহে। কাম কৰি থকা
সময়ত মগজুৱে ATP-ৰ ৰূপত শক্তি খৰছ কৰি থাকে। এই ATP–বোৰ স্নায়ুকোষ, এষ্ট্ৰ’চাইট
আৰু মাইক্ৰ’গ্লিয়াই উলিয়াই দিয়াৰ পাছত নিৰ্দিষ্ট উৎসেচকে
এইবোৰ ভাঙি এডিন’ছিন (Adenosine) প্ৰস্তুত
কৰে। শুই থকা সময়ত শক্তি কম খৰছ হয় বাবে এডিন’ছিন কমকৈ ওলায়,
কিন্তু সাৰ পোৱাৰ পাছৰে পৰা মগজুত এডিন’ছিন
জমা হ’বলৈ ধৰে। যিমানে এডিন’ছিন জমা হয়,
সিমানে ই টোপনিৰ সংকেত পঠিয়াবলৈ লয়। স্নায়ুকোষৰ সক্ৰিয়তা কমোৱা ৰোধক
বা ইন্হিবিটৰী A1 গ্ৰাহক (receptor) আৰু
টোপনি আনিবলগীয়া উত্তেজক বা এক্সচাইটেটৰী A2A গ্ৰাহকক সক্ৰিয়
কৰি এডি’নছিনে এই খেলখন খেলে। গতিকে অধিক এডি’ন’ছিন ৰিচেপ্টৰৰ লগত যোগ হোৱা লগে লগে টোপনিও বাঢ়ি
গৈ থাকে। দেহেও এনেদৰে আওপকীয়াকৈ বেটেৰী কমি আহিছে বুলি আমাক জনাই থাকে!
কেফেইনে এডিন’ছিনক আঁতৰাই নিদিয়ে
বা বেটেৰীও ৰিচাৰ্জ নকৰে। ইয়াৰ জৈৱৰসায়নিক গঠন এডিন’ছিনৰ দৰে
প্ৰায় একে বাবে ই A1 আৰু A2A গ্ৰাহকৰ
হাত লিপিট খাই পৰে আৰু সেইবোৰক অৱদমন কৰে। গতিকে কেফেইনে কলহৰ ফুটাত আঠা অকণহে
লগাই দিলে, ফুটাটো নাইকিয়া কৰিব নোৱাৰিলে। মগজুৱেও টোপনি
মাৰিবলৈ প্ৰস্তুত হৈ আছে, কেফেইনে বুদ্ধি কৰি মাৰিবলৈ দিয়া
নাই। চাহত থকা থিঅ’ফাইলিনেও কিছু পৰিমাণে একে কামেই কৰে।
কিন্তু কেফেইনখিনি গ্ৰাহকৰ লগত
লাগি থকা সময়ত মগজত এডিন’ছিনৰ পৰিমাণ বাঢ়ি গৈয়েই আছে। লিভাৰে বিপাকীয় ক্ৰিয়াত শৰীৰৰ
পৰা কেফেইন আঁতৰাই পঠিওৱাৰ লগে লগে A1 আৰু A2A-ক এই গোটেইবোৰ এডিন’ছিনে একেলগে হেঁচা মাৰি ধৰে, ফলত দেহ আৰু মগজুৱে হঠাতে ভাগৰুৱা অনুভৱ কৰে। ইয়াকে ‘কেফেইন ক্ৰেশ্ব্’ বোলে। নিয়মীয়াকৈ কেফেইন সেৱন
কৰাসকলৰ মগজুত এডিন’ছিন গ্ৰাহকৰ সংখ্যা বাঢ়ি যায় (Upregulation)। তেতিয়া
টোপনি নধৰাৰ যাদু দেখুৱাবলৈ অধিক কেফেইনৰ প্ৰয়োজন হয়। হঠাতে কেফেইন এৰি দিলে মূৰৰ
বিষ, ভাগৰ আদি ৰূপত ৱিথ্ড্ৰয়েল লক্ষণেও দেখা দিয়ে। নিদ্ৰা আৰু জাগৰণ চক্ৰ
নিয়মীয়া হ’লে এডিন’ছিনৰ স্তৰো নিয়মীয়া
হৈ থাকে আৰু আমি স্বচ্ছন্দ অনুভৱ কৰোঁ। বেটেৰী কম হোৱা সংকেত পালে আমি ততাতৈয়াকৈ
নিজৰ মোবাইল ফোনটো চাৰ্জত লগাওঁ, নিজৰ দেহৰ বেলিকাহে আমি
সেয়া কৰিবলৈ নাপাওঁ। নে কি?
হৰম’নৰ
যুঁজ-বাগৰ
ৰাতি
টোপনি ক্ষতি হোৱাৰ ক্ষতি কেৱল মগজুতে সীমাবদ্ধ নহয়, ইয়াৰ প্ৰভাৱ
শৰীৰৰ সকলো অন্তঃস্ৰাৱী গ্ৰন্থিতে (endocrine gland) দেখা
যায়। ৰাতি (বা পুৱা!) তিনি বজাত আমাৰ
আপেল বা চালাড খাবলে মন নাযায়। আমাৰ চকু পৰে তেল আৰু নিমখৰে ভৰপূৰ চিপ্ছ বা তেনে
জাংক ফুডত (এইবোৰক আৱৰ্জনা খাদ্য বুলি এনেই কোৱা নহয়)। ইয়াত আমাৰ ইচ্ছাশক্তি বা চৰিত্ৰৰ দোষ কম, অধিক দোষ হৰম’নৰ খেলখনত!
“যুদ্ধ বা পলায়ন” অৱস্থাত আমাৰ দেহত কৰ্টিছলৰ পৰিমাণ বাঢ়ি যায়। আনহাতে টোপনি ক্ষতি হ’লেও কৰ্টিছলৰ পৰিমাণ সিমানেই বাঢ়ে। ক্ৰমবিকাশৰ সূত্ৰ মতে শৰীৰে ভাবিছে যে কোনোবা হিংস্ৰ জন্তুৱে আমাক চিকাৰ কৰিবলৈ আহিছে। নহ’লেনো ৩ বজাত সাৰ পাই মানসিক চাপত ভোগাৰ কি কাৰণ থাকিব পাৰে? লগে লগে কৰ্টিছলে (Leptin) আৰু ঘ্ৰেলিনক (Ghrelin) আক্ৰমণ কৰে। লেপ্টিনে সাধাৰণতে পেট ভৰাৰ ইংগিত দিয়ে, ঘ্ৰেলিনে ভোক লগাৰ। কৰ্টিছলৰ আক্ৰমণত লেপ্টিন প্ৰতিৰোধে দেখা দিয়ে আৰু ঘ্ৰেলিনৰ পৰিমাণ গগণচুম্বী হয়গৈ। টোপনি নোযোৱা দেখি শৰীৰে বিপদ আহিছে বুলি শক্তি আহৰণৰ বাবে গ্লুক’জ বা উচ্চ-কেল’ৰিসম্পন্ন আহাৰৰ সন্ধান কৰিবলৈ লয়। ইয়াৰ ফলত ইন্চুলিন বঢ়া কমাৰ এক ভয়ানক চক্ৰ আৰম্ভ হয়। আমি দিনত ৰোগীক মেটাবলিক ছীণ্ড্ৰ’ম, মেদবহুলতা আৰু মধুমেহৰ ভাষণ দিওঁ আৰু ৰাতি নিজৰ দেহক কষ্ট দি প্ৰাক-মধুমেহ অৱস্থাত পৰোঁ। নিজৰ হৰম’নবোৰেই ইমান যুঁজ-বাগৰ কৰি থাকোঁতে আমিনো কোন সতেৰে স্বাস্থ্য ৰক্ষাৰ পৃষ্ঠাজোৰা বিধান দিওঁ?
ডি এন এ-ৰ
বিপদঘণ্টা
জিনীয়
গৱেষণাত এ’পিজেনেটিক্ছ (Epigenetics) বুলি
এটা বিষয় আছে। ইয়াত আচৰণ বা পাৰিৱেশিক কাৰকে জিন চিকুৱেন্সৰ সালসলনি নকৰাকৈ কিদৰে
জিন প্ৰকাশ (gene expression) সলায় সেয়া অধ্যয়ন কৰা হয়। এ’পিজেনেটিক্ছৰ শেহতীয়া গৱেষণাত টোপনিৰ আন এক গভীৰ দিশ ওলাই পৰিছে। টোপনি
ক্ষতিয়ে আপোনাক কেৱল ভাগৰুৱাই নকৰে, ইয়াৰ ফলত আপোনাৰ জিন
প্ৰকাশতো পৰিৱৰ্তন আহে। আৱাসিক চিকিৎসকৰ ওপৰত কৰা এটা অধ্যয়নত এই কথা পোহৰলৈ আহে
যে কেৱল এটা ৰাতি নুশোলেও ডি এন এ মেৰামতি কৰা জিনৰ সংখ্য কমি যায়।
আমি ২৪
ঘণ্টা নোহোৱাকৈ থাকিলে মেৰামতি জিনবোৰ বন্ধ হৈ পৰে আৰু প্ৰদাহ জিনবোৰ সক্ৰিয় হৈ
পৰে। দীৰ্ঘ সময়ৰ বাবে টোপনি ক্ষতি হ’লে টেল’মেয়াৰৰ দৈৰ্ঘ্য কমে বুলিও জানিবলৈ পোৱা গৈছে। জৈৱিক বয়স বৰ্ধনত এই টেল’মেয়াৰৰ ভূমিকা সকলোৰে জ্ঞাত। গতিকে অৰ্থ এয়েই যে বৰ্তমানৰ কাম সমাপন কৰিবলৈ
আমি আমাক বাৰ্ধক্যক হাতবাউলি দি মাতি আছোঁ। আন ধৰণে ক’বলৈ গ’লে সাধাৰণ জনতাতকৈ আমি সোনকালে বুঢ়া হ’ম!
আমি
চিকিৎসাবিজ্ঞানৰ কিতাপত বাৰ্ধক্যৰ তত্ত্ববোৰ খৰছি মাৰি পঢ়োঁ, আনহাতে নিজৰ কৰ্মব্যস্ততাৰেই সেইবোৰ তত্ত্বৰ ব্যৱহাৰিক জ্ঞান লভোঁ।
পঢ়ুৱৈসকলে কওক— ২৪ ঘণ্টা, ৪৮ ঘণ্টা
একেৰাহে কাম কৰি যি অভিজ্ঞতা গোটাওঁ, সেয়া আমাৰ জিনীয়
ক্ষতিতকৈ গুৰুত্বপূৰ্ণ নেকি? আমাৰ জৈৱিক সাঁচৰ গঢ় নেফানেফ
কৰি আমি ভাল চিকিৎসক হৈছোঁ নেকি?
নিদ্ৰা ঋণৰ সুত
চিকিৎসা
মহাবিদ্যালয়ৰ হোষ্টেলত ছাত্ৰ-ছাত্ৰীসকলে এটা কথা চাগে প্ৰায়েই কয়—
“পৰীক্ষাৰ কেইদিন দিনে-ৰাতি ভালকৈ পঢ়ি লওঁ আৰু
দেওবাৰে গোটেই দিনটো শুই থাকিম”। দুৰ্ভাগ্যক্ৰমে আমাৰ মগজু এটা বেংক একাউণ্টৰ দৰে নহয়। ক্ষতি
হোৱা টোপনিৰ ঘণ্টাবোৰ ইয়াত লাহে ধীৰে জমা কৰি গৈ থাকিব নোৱাৰি। দুনাই
কৈছোঁ,
টোপনি এক জৈৱিক প্ৰয়োজন। টোপনিৰ উপকাৰিতাৰ ক্ষেত্ৰতো স্মৃতিৰ দৰে “ব্যৱহাৰ কৰা বা হেৰুৱাই পেলোৱা” নীতি খাটে।
গৱেষণাই
প্ৰকাশ কৰিছে যে এঘণ্টাৰ টোপনি ক্ষতি হ’লে সঁহাৰিৰ সময় আৰু
স্মৃতিৰ নিৰ্ভুলতা হ্ৰাস পায়; এনে চেতনা পুনৰুদ্ধাৰৰ বাবে
তিনি ৰাতিৰ ভাল টোপনিৰ প্ৰয়োজন। গতিকে টোপনিৰ ঋণ সহজে মৰা টান, কিয়নো সুতৰ হাৰ অতি
বেছি। একেৰাহে টোপনি ক্ষতি হ’লে যিখিনি চেতনা ঘাটি হয়,
সেয়া স্থায়ী হৈ পৰিবলৈনো কিমান পৰ?
এম বি
বি এছ বা পি জিৰ সময়ছোৱাত এনে অভ্যাসে ভালেখিনি ক্ষতি কৰে। ফলত চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম দিনা ছাত্ৰগৰাকীয়ে যি ৰূপত খোজ পেলায়,
বিদায় লোৱা সময়ত ছাত্ৰগৰাকীৰ মগজুৰ ধাৰ
অলপ হ’লেও কমে, সহমৰ্মিতা কমে আৰু ভুল
হোৱাৰ সম্ভাৱনা বাঢ়ে। মগজু অকালতে ‘বুঢ়া’ হ’বলৈ ধৰে। আমাৰ ক্ষেত্ৰখনত নিজৰ জ্ঞান, বুদ্ধি আৰু ক্ষিপ্ৰ প্ৰতীপ ক্ৰিয়া আমাৰ প্ৰধান হাতিয়াৰ বুলি গণ্য কৰিলে
নিদ্ৰা ঋণৰ হেঁচাত এইবোৰত মামৰ লাগিবলৈ ধৰে। চিকিৎসালয়ৰ অৰ্থনৈতিক অৱস্থা তথৈবছ হ’লে লেখ পৰীক্ষা কৰা হয়; আমাৰ মগজুৰ নিদ্ৰা ঋণৰ
পৰিমাণ জানিবৰ বাবে লেখ পৰীক্ষা কৰিবলৈ আমাৰ সময় নাই!
ক্ষুদ্ৰ নিদ্ৰাৰ অতিকায় ফল
টোপনি
বঞ্চিত চিকিৎসকৰ বাবে বোধকৰোঁ এটা মাৰাত্মক পাৰ্শ্বক্ৰিয়া হৈছে ক্ষুদ্ৰ নিদ্ৰা বা micro-sleep। এনে অৱস্থাত মানুহজনে ক’ত কি কাম কৰি আছে তালৈ
নাচাই মগজুৱে এক ছেকেণ্ডৰ পৰা ত্ৰিছ ছেকেণ্ডলৈ কাম কৰা বন্ধ কৰি দিয়ে। চকু খোলাই
থাকিব পাৰে, মানুহজন থিয় হৈ থাকিবও পাৰে, কিন্তু তেওঁৰ ভিজুৱেল কৰ্টেক্স আৰু উচ্চ সংসাধন কেন্দ্ৰবোৰৰ বিজুলী সংযোগ
ব্যাহত হয়। চকুৰ পতা গধুৰ হৈ পৰে, চকু খৰকৈ টিপিয়াই থাকে,
মূৰ দুপিয়াই থাকে আৰু যোৱা কেই মুহূৰ্তমানৰ কথা মানুহজনে পাহৰি যায়।
গুৰুত্বপূৰ্ণ
কাম কৰি নথকা মানুহৰ বাবে ক্ষুদ্ৰ নিদ্ৰাৰ ফল সৰল হ’ব পাৰে; যেনে চাই থকা চিনেমাখনৰ কেইটামান সংলাপ ক’ব
নোৱৰাকৈয়েই পাৰ হৈ গ’ল। চিকিৎসকৰ বাবে ইয়াৰ ফল সাধাৰণতেই গুৰুত্বপূৰ্ণ।
শিশুৰ বাবে ঔষধ এটাৰ পৰিমাণ গণনা কৰি থাকোঁতে বা শল্য চিকিৎসাত পাতলীয়া
স্তৰ এটাত চিলাই মাৰি থাকোঁতে এনে হ’লে কথা গুৰুতৰ।
নেৰানেপেৰাকৈ কেইবাঘণ্টাৰ কাম কৰি ভাগৰুৱা দেহাৰে গাড়ী চলাই যোৱা তাতোকৈ বিপদজনক
কথা। ২৪ ঘণ্টা একেৰাহে সাৰ পাই থকা মানুহৰ সমন্বয় আৰু সঁহাৰিৰ সময় মদ্যপান কৰা
মানুহ এজনৰ নিচিনাই হৈ পৰে (তেজত এল্কহলৰ পৰিমাণ ০.১০%)!
মদ খাই
লাম্বাৰ পাংচাৰ কৰাৰ কথা ভাবিবই নোৱাৰি, কিন্তু একেধৰণৰ অৱস্থাতে
আৱাসিক চিকিৎসকে সেই কাম কৰিয়েই থাকে। “ক্লান্তি”ক “সমৰ্পণ”ৰ প্ৰতিশব্দ বুলি
ভুলকৈ ধৰি লোৱাৰ বাবেই যে আমাৰ পেছাত দৈনিক নানা সৰু-ডাঙৰ
ত্ৰুটি ঘটি আছে সেয়া সকলোৱে আওকাণ কৰে। টোপনিক আওকাণ কৰে যদি সেয়ানো কি?
নিদ্ৰাৰ সামাজিক স্তৰবিন্যাস
চিকিৎসা
মহাবিদ্যালয়ত কামৰ স্তৰবিন্যাসৰ কথা সকলোৰে জ্ঞাত। চিকিৎসা দলটোৰ আটাইতকৈ কম
বয়সীয়া আৰু কম অভিজ্ঞতাসম্পন্ন ইণ্টাৰ্ণ আৰু প্ৰথম বৰ্ষৰ আৱাসিক চিকিৎসকৰ ওপৰতে
পৰম্পৰাগতভাৱে ‘নাইট ডিউটি’ৰ ভাৰ পৰে। এয়া জৈৱিক
বিৰোধাভাস নহয়নো কি? যিসকল লোকে নিদানিক বিচাৰৰ খুঁটি-নাতি এতিয়ালৈকে জনাই নাই, তেওঁলোককে এনে এটা পৰিৱেশত
কাম কৰিবলৈ দিয়া হয় য’ত সেই বিচাৰৰ মান কমিহে আহে। ২৪ ঘণ্টা একেৰাহে শুবলৈ নোপোৱা চিকিৎসকজনৰ পৰা আশা কৰা হয় যে তেওঁ
হৃদপিণ্ডৰ ক্ষীণ মাৰ্মাৰ এটা ধৰা পেলাব বা তেজৰ প্ৰতিবেদনখন ১০০% শুদ্ধকৈ চাব। প্ৰকৃততে ইয়াৰ ফলত আন এটা পক্ষৰো ক্ষতি হয়। ৰোগীসকলে
চিকিৎসলয় এখনৰ আঁৰৰ সকলো কথা নাজানিব পাৰে, কিন্তু শতিকাৰো
আগতে গঢ় লোৱা এটা ব্যৱস্থাই যে তেওঁলোকৰো লোকচান কৰিছে সেয়া জানো আমি জনা নাই?
সদৌশেষত
আমি
ৰোগীক কওঁ যে বে’ড ৰে’ষ্ট লওক,
বে’ড ৰে’ষ্ট লওক,
সকলো ঠিক হৈ যাব। নিজৰ বেলিকা বে’ড ৰে’ষ্টৰ কথা আহিলে আমি সাগৰ লংঘনৰ দৰে টান কথা বুলি ধৰি লওঁ। টোপনি ক্ষতিক
ৰোমাণ্টিকতাৰ পৰশ নিদি বাস্তৱক আমি মানিব পাৰিব লাগিব। এম বি বি এছ-ত যেইটা অনাৰ্ছ নাপাওক, এজন ভাগৰুৱা চিকিৎসক সদায়
এজন বিপদজনক চিকিৎসক।
মেডিকেল
ছীষ্টেম সলনি নোহোৱাকৈকে আমি অন্য উপায় ল’ব লাগিব। “নাছা ঘুমটি” বা "NASA
nap" এনে এটা উপায়। ১৯৮০ৰ দশকৰ নাছাৰ গৱেষকসকলে উদ্ভাৱন কৰা এই
পদ্ধতিত ২৬ মিনিটৰ টোপনি বা পাৱাৰ নেপ লোৱা হয়। ইয়াৰ ফলত সজাগতা ৩৪% বাঢ়ে আৰু মুড ৫০% লৈকে ভাল হয়। পুৱা ৩ টাৰ পৰা ৫ টাৰ
ভিতৰত যেতিয়া শৰীৰৰ তাপমাত্ৰা কমে আৰু মগজু অসুৰক্ষিত হৈ পৰে, সেই সময়ছোৱাত চিকিৎসাজনিত প্ৰতিটো কাম দুবাৰ দুবাৰ
পৰীক্ষা কৰা উচিত আৰু পাৰিলে অন্য এগৰাকী চিকিৎসকৰো সহায় লোৱা উচিত।
বাদ
বাকী— টোপনি আমাৰ জন্মগত অধিকাৰ, আমি ইয়াক পাবই লাগিব! দালাই লামাই এনেই কোৱা নাই— “টোপনিয়েই শ্ৰেষ্ঠ
ধ্যান”।
তথ্য উৎস:
1.
"Sleep drives metabolite
clearance from the adult brain." Xie, L., et al. (2013). Science,
342(6156), 373-377.
2.
"Moderate sleep
deprivation produces impairments in cognitive and motor performance equivalent
to legally prescribed levels of alcohol intoxication." Williamson, A. M.,
& Feyer, A. M. (2000). Occupational and Environmental Medicine,
57(10), 649-655.
3.
"The human emotional
brain without sleep — a Prefrontal Amygdala disconnect." Yoo, S. S., et
al. (2007). Current Biology, 17(20), R877-R878.
4.
"Alertness management:
Strategic naps in operational settings." Rosekind, M. R., et al. (1995). Journal
of Sleep Research, 4, 62–66.
5.
"The effect of sleep
deprivation and disruption on DNA damage and health of doctors." Cheung,
V., et al. (2019). Anaesthesia, 74(4), 434-440.
6.
"Sleep curtailment in
healthy young men is associated with decreased leptin levels, elevated ghrelin
levels, and increased hunger and appetite." Spiegel, K., et al. (2004). Annals
of Internal Medicine, 141(11), 846-850.
0 Comments