গাধাৰ কাৰ্ড (একাংকিকা নাটক)



 

(কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ ২০২৫ বৰ্ষৰ মহাবিদ্যালয় সপ্তাহত শিক্ষকবৃন্দৰ দ্বাৰা অভিনীত।)

 

ৰচনা: গীতাৰ্থ বৰদলৈ

 

চৰিত্ৰসমূহ:

 * নগেন বৰা (৫০ বছৰীয়া): সহজ-সৰল, চিন্তাত অস্থিৰ গাঁৱলীয়া মানুহ। শ্বাহৰুখ খানৰ অনুৰাগী।

 * কিৰণ : (২৫ বছৰীয়া): অত্যাধিক কামৰ বোজাত ভাগৰি পৰা, কিন্তু তীক্ষ্ণ বুদ্ধিমত্তাৰ গাধাৰ কেন্দ্ৰৰ কৰ্মী।

 * আচিফ আলম (৬০ বছৰীয়া): সংশয়বাদী, পণ্ডিতসুলভ, অপ্ৰাসংগিক নথিপত্ৰৰ বোজা লৈ ফুৰা বুঢ়া মানুহ।

 * ডঃ ধেনুধৰ বসুমতাৰী (আদহীয়া): দৰ্শনৰ ডক্তৰেট। ফোপজহী।

 * বৰষা কাকতি: (২০ বছৰীয়া): আধুনিক, 'চিয়েল মিডিয়া আসক্ত যুৱতী।

 * বি বি চি: (৩০ বছৰীয়া): লোকেল ভ্লগাৰ।

 * বেংক মেনেজাৰ জাংগিলা ব্ৰহ্ম: (৪০ বছৰীয়া): ষ্ট্ৰেছত থকা, অতিপাত হতাশ এজন বেংক মেনেজাৰ।

 * দেৱী উপাধ্যায় (আদহীয়া): গাঁৱৰ কথা লগাই ফুৰা মহিলা।

 * ফখৰুদ্দিন: সন্দেহজনক মূলৰ লোক।

 * অতুল বড়ো: গাধাৰ কেন্দ্ৰৰ তত্ত্বাৱধায়ক।

 

স্থান: এখন গাঁৱৰ বা মফচল চহৰৰ এটা সৰু, আৱৰ্জনাবহুল "ডিজিটেল সেৱা কেন্দ্ৰ"। এটা পুৰণি কম্পিউটাৰ, এটা প্ৰিণ্টাৰ, আৰু বায়োমেট্ৰিক স্কেনাৰ থকা এটা কাউণ্টাৰ। গ্ৰাহকৰ বাবে দুখনমান ভঙা প্লাষ্টিকৰ চকী। দেৱালত ওলমি থকা আধা ফটা এখন গাধাৰ কাৰ্ডৰ বিজ্ঞাপনৰ পোষ্টাৰ।

(প্ৰথম দৃশ্যৰ আৰম্ভণিতে কিৰণে কাউণ্টাৰত হাউলি বহি প্ৰিণ্টাৰটোত লাগি ধৰা কাগজ ঠিক কৰিবলৈ চেষ্টা কৰি আছে। তেওঁ নিজৰ মনতে ভোৰভোৰাইছে। নগেন বৰা ভয়-ভীত হৈ এখন চকীত বহি আছে, হাতত ডাঙৰ, ৰং উৰি যোৱা এখন ফাইল।)

 

কিৰণ: (প্ৰিণ্টাৰটোত আঘাত কৰি) ওলা, এতিয়াই ওলা! মাত্ৰ এটা প্ৰিণ্ট! এটা পেজ! ইমান বেছি বিচাৰিছোঁ নেকি? (লাহেকৈ এটা গোৰ মাৰে। প্ৰিণ্টাৰটোৱে সৰুকৈ শব্দ কৰি বন্ধ হৈ যায়।) উফ!

নগেন: (লাহেকৈ ডিঙিটো পৰিষ্কাৰ কৰি) বাইদেউ? মোৰ পাল আহিলনে? মোৰ নম্বৰটো আছিল G-17 মই ইয়াত দুবাৰ কুকুৰাই কক্‌কক্‌ক কৰাৰ পৰাই ৰৈ আছো।

কিৰণ: (কাপোৰেৰে কপালখন মোহাৰি ঘূৰি চাই) G-17? হয়। সেইজন ভদ্রলোক যাৰ (তেওঁ স্ক্ৰীণত চাই কপাল কোঁচায়) গাধাৰ কাৰ্ডৰ যিখন ফটো আছে যেন ব্ৰিটিছৰ দিনতহে উঠাইছিল।

নগেন: (গর্বেৰে) সেইটো ময়েই! নগেন বৰা! তিতাগুৰিৰ পৰা আহিছোঁ। সেইখন ফটোত মোৰ চুলি আছিল বাইদেউ! মই তেতিয়া ডেকা লৰা আছিলো! মোৰ ঘৈণীয়ে আজিও কয় যে মূৰত ছাঁ পৰি থাকিলে মোক তেনেকুৱাই লাগে।

কিৰণ: (এটা হুমুনিয়াহ কাঢ়ি, কাউণ্টাৰৰ আগৰ চকীখনলৈ আঙুলিয়াই) বহক, বৰা ডাঙৰীয়া। আজি কি কাম কৰিব লাগে?

নগেন: মোৰ ফটোখন আপডেট কৰাব লাগে, বাইদেউ। এই কিবা এখন ন’টিচ ওলাইছে বোলে যে গাধাৰৰ সকলো ফটো আপডেট হব লাগিব। মোৰ লৰাই ম'বাইলত চাই ক'লে...মোৰ ল’ৰাটো মানে বৰ স্মাৰ্ট বুইছেনে....সি ক’লে যে যদি মই আপডেট নকৰোঁ, সকলোৱে মোক মোক এজন ফ্ৰড ভাবিব পাৰে! আৰে মইনো কেনেকৈ ভুৱা হ'ম।

কিৰণ: (তললৈ মূৰ কৰি টাইপ কৰি) ঠিক আছে। এখন নতুন, চাফা ফটো লাগিব। আনিছে নে, ৱেবকেম ব্যৱহাৰ কৰিব?

নগেন: অ’, মই আজি ৰাতিপুৱাই এখন উঠাই আনিলোঁ! মোৰ ভতিজাটোৰ কিবা চাইনিজ ফোন এটা আছে, সি কলে হেনো তাত হেনো মুখখন এক্কেবাৰে বগা, নিমজ কৰি দিয়ে। হওঁতে বাৰু ময়ো আমাৰ শ্বাহৰুখতকৈ কম নহয় দিয়কচোন। এইখন!

কিৰণ: (ফটোখন লৈ ওপৰলৈ দাঙি ধৰে। তেওঁ ফটোখনলৈ চায়, তাৰপিছত নগেনলৈ, আকৌ ফটোখনলৈ চায়। তেওঁ চকু টিপিয়ায়।) বৰা ডাঙৰীয়া এইজন এইজন আপুনি নহয়।

নগেন: (ক্ষুণ্ণ হৈ) কিয় নহয়? মই নহ'লে কোন হ? হে ভগৱান, কুম্ভমেলাত হেৰোৱা মোৰ ভাইটিতো নেকি? আৰে মোৰ দেখোন ভাইটিয়েই নাই। অ' মাই গড, মোৰ গোটেই জীৱনটো মিছা নেকি?

কিৰণ: (পুনৰ কপাল মোহাৰি) নহয়, নহয়, বৰা ডাঙৰীয়া। এইটো ছিষ্টেমটোৱে ফেচিয়েল ৰিকগনিশ্যন ব্যৱহাৰ কৰে। আৰু ছিষ্টেমটোৱে এইখন কেন্‌চেল কৰিছে। ছিষ্টেমটোৱে ভাবিছে আপুনি সম্পূৰ্ণ বেলেগ এজন মানুহ। আগতে ডেকা আছিল, এতিয়া অলপ বুঢ়া হ'ল ন।

গোকুল: বেলেগ মানুহ? কিন্তু মই একেখন ঘৰতে থাকোঁ! একেই খাওঁ! আৰু কাক বুঢ়া কৈছে হা? কাক কৈছে? (খঙেৰে থিয় হয়)

কিৰণ: বৰা ডাঙৰীয়া, খং নকৰিব, খং নকৰিব।

নগেন: আৰু মুখনো কি? আগতে ঘিঁউ, মাছ খাইছিলোঁ, আজিকালি এওঁ অকল আলুগুটি আৰু মেষ্টা টেঙা খুৱায় (কন্দনামুৱা হৈ)। কিন্তু চিন্তা নকৰিব, শ্বাহৰুখ খান কেতিয়াও বুঢ়া নহয়। সি মোৰ লগৰ ল'ৰাহে। (তেওঁ তেওঁৰ পুৰণি গাধাৰ কাৰ্ডৰ ফটোৰ প'জটো নকল কৰিবলৈ চেষ্টা কৰে, গাল দুখন ফুলাই দিয়ে। তাৰ পিছত তেওঁ ফাইলৰ পৰা এখন লেতেৰা ফটো উলিয়াই আনে।) এইখন! এইখন মই বিহুৰ সময়ত উঠোৱা, বিশ বছৰ আগৰ ফটো! দেখিছে? এইখন চায়েই গৌৰী, মানে মোৰ মানুহজনী বলিয়া হৈ গৈছিল!

কিৰণ: (বিহুৰ ফটোখন লয়।) বৰা ডাঙৰীয়া, ইয়াত দেখোন আপুনি মালা পিন্ধি আছে! এইখন ফেচিয়েল ৰিকগনিশ্যনৰ বাবে আৰু বেয়া। আপোনাক ভালদৰে দেখাই নাই। ছিষ্টেমটোৱে হয়তো ভাবিব যে আপুনি এটা ফুলদানি।

নগেন: (অলপ হতাশ হৈ) ফুলদানি? কিন্তু মই তেতিয়া ইমান ধুনীয়া আছিলো! গৌৰীয়ে মৰমতে গামোচাৰ লগতে মালা পিন্ধাই দিছিল! (শ্বাহৰুখ খানৰ শৈলীত বিহুৰ মুদ্ৰা দিয়ে)

কিৰণ: (লাহেকৈ বাধা দি) বৰা ডাঙৰীয়া, ৱেবকেমটো চেষ্টা কৰোঁ আহক। শান্ত হৈ বহক, কেমেৰালৈ চাওক। বিহু নাচিব নালাগে, প্লিজ।

নগেন: (অস্বস্তিত বহি পৰে। কিৰণে ৱেবকেমটো ঠিক কৰে। তেওঁ হাঁহিবলৈ চেষ্টা কৰে, কিন্তু অদ্ভুত হাঁহি মাৰে।) এইটো ভালনে? মোক গহীন যেন লাগিছেনে? মোৰ লৰাই কয় যে চৰকাৰী কাগজৰ বাবে মানুহ গহীন হ'ব লাগে।

কিৰণ: (বুটামত ক্লিক কৰে। স্ক্ৰীণলৈ চায়।) উফ, কি যে কৰে!

নগেন: কি হ? বেছি গম্ভীৰ হৈ গল নেকি?

কিৰণ: নহয়, বৰা ডাঙৰীয়া। আপুনি চকু টিপিয়ালে। আৰু কেনেকৈনো আধা মুখখন ফ্ৰেমৰ বাহিৰত ৰাখিলে? কিবা ম'ষ্ট ৱাণ্ডেড ক্ৰিমিনেল যেন লাগিছে।

নগেন: এটা চকু? কিন্তু মোৰটো দুটা চকু! চাওক! (তেওঁ চকু দুটা বহলকৈ মেলি দিয়ে, অলপ বলিয়া যেন লাগে।)

কিৰণ: (দীঘলকৈ উশাহ লৈ, পুনৰ কপাল মোহাৰি) আৰু এবাৰ চেষ্টা কৰোঁ আহক। মাত্ৰ নৰ্মেল হৈ থাকক। অকণো লৰচৰ নকৰিব। বেছিকৈ উশাহো নলব।

(নগেন উশাহ বন্ধ কৰি থমথমকৈ বহি থাকে। কিৰণে ক্লিক কৰে। তেওঁ স্ক্ৰীণখন পৰীক্ষা কৰে।)

কিৰণ: (অনিচ্ছা সত্ত্বেও) ঠিক আছে। এইখন চলিব লাগিব। ছিষ্টেমটোৱে কৈছে যে এইটো আপোনাৰ ৫৩% মিল খায়। গাধাৰ কাৰ্ডৰ কাৰণে হৈ যাব।

নগেন: (উচ্ছ্বসিত হৈ) তেপন্ন শতাংশ! হা! মই জানো! মোৰ পৰিচয় সুৰক্ষিত হল! ধন্যবাদ, বাইদেউ! এতিয়া, মোৰ সম্পত্তিৰ নথিপত্ৰ মোৰ লৰাৰ মোবাইল নম্বৰৰ সৈতে সংযোগ কৰাৰ বিষয়ে

কিৰণ: (চকু বহল হৈ যায়) এটা এটাকৈ, বৰা ডাঙৰীয়া। প্ৰথমে এইটো হৈ লওক। পিছৰ জন আহক!

(গকুলে হাঁহি হাঁহি কাষলৈ আঁতৰি যায়। আচিফ আলমে এটা ডাঙৰ মোনা টানি লৈ আহে।)

 

 

আলম: (ধীৰে ধীৰে, এটা গভীৰ হুমুনিয়াহ কাঢ়ি) আঃ, এইটোৱেই নেকি ডিজিটেল যুগ। সকলোৱে কয় ই এটা আচৰিত কাম। কিন্তু আত্মা ক? হেঃ?

কিৰণ: খুৰা। আপোনাৰ পাল নেকি? আপোনাৰ নামটো?

আলম: (তেওঁৰ মোনাটো এটা ধপ শব্দ কৰি মজিয়াত ৰাখে) মহম্মদ নজৰুল আখেৰুল মুস্তাৰুল আচিফ আলম। মোৰ ক্ৰমিক নংটো আছিল G-18; কিন্তু মই বিশ্বাস কৰোঁ যে সংখ্যাবোৰ হৈছে বিশৃঙ্খলতাৰ দিশে গতি কৰা এই পৃথিৱীত শৃঙ্খলাৰ এক বিভ্ৰম মাত্ৰ। The numbers are merely an illusion of order in a world descending into chaos.

কিৰণ: (ধৈর্যশীল হ'বলৈ চেষ্টা কৰি টাইপ কৰে) আৰু আজি মই আপোনাক কিদৰে সহায় কৰিব পাৰো, আলম ডাঙৰীয়া?

আলম: মই মোৰ দূৰভাষ সংখ্যাটো মোৰ গাধাৰৰ সৈতে সংযোগ কৰিবলৈ আহিছোঁ। কিন্তু ই এক অবাঞ্চিত প্ৰয়োজন। My phone, you see, is a simple device for communication, not an umbilical cord to the state.

কিৰণ: এইটো বাধ্যতামূলক আপডেট, খুৰা। আপোনাৰ কাৰ্ড আৰু মোবাইল ফোনটো আনিছেনে?

আলম: গাধাৰ, হয়। (তেওঁ তেওঁৰ কুৰ্তাৰ পকেটত হাত ভৰাই এখন পৰিষ্কাৰ, লেমিনেট কৰা গাধাৰ কাৰ্ড উলিয়াই আনে।) চাওক। একদম নতুন। মোৰ পত্নীয়ে এইখন ধুনীয়াকৈ ৰাখে। তেওঁ কয়, "আলম, এইখন এতিয়া আপোনাৰ জীৱনৰেখা!" (হাঁহি মাৰে।)

কিৰণ: আৰু আপোনাৰ ফোনটো?

আলম: আঃ, যন্ত্ৰটো। (তেওঁ এটা বহুত পুৰণি, ইটাৰ দৰে নকিয়া ফোন উলিয়াই আনে।) এইটো। এটা পুৰণি বস্তু, কিন্তু বিশ্বাসী। এই আজিকালিৰ দিনৰ চুই থাকিবলগীয়াবোৰৰ নিচিনা নহয়। গোটেই ল'ৰা-ছোৱালীমখাই যে নাকটো গুজি গুজি দিনৰ দিনটো নৰ্তকীৰ নৃত্য উপভোগ কৰি থাকে! What time to live and die!

কিৰণ: (ফোনটো লৈ) ঠিক আছে। মই মাত্ৰ এই নম্বৰটোলৈ এটা OTP পঠিয়াব লাগিব।

আলম: (নাটকীয়ভাৱে হাতখন দাঙি) ৰওক! আপুনি মোক অংকীয় বিশ্ব মানে digital world ৰ সৈতে সংযোগ কৰাৰ আগতে, মই মোৰ যোগ্যতা প্ৰতিষ্ঠা কৰিব লাগিব। মোৰ বংশ! মোৰ ঐতিহ্য! আপুনি এনেইটো থাকিব নোৱাৰে, নহয়নে? মই আচলতে কোন! মই কেনেকৈ আহিলোঁ!

কিৰণ: খুৰা, মই মাত্ৰ এটা OTP পঠিয়াব লাগে।

আলম: কিন্তু যদি সেইটোৱে মোক অসমীয়া নহয় বুলি ভাবে? তেতিয়া কি হ? যদি ই মোৰ এই জগতত থকাৰ অধিকাৰটোক লৈয়েই প্ৰশ্ন কৰে?

নগেন: (কাষৰ পৰা বুদ্ধিমানৰ দৰে মূৰ দুপিয়াই) মোৰ লৰায়েও সেয়াই কয়! আজিকালিৰ ল'ৰা-ছোৱালীবোৰ নহয়... ইম্মান স্মাৰ্ট আৰু দুষ্ট।

আলম: (নগেনলৈ সন্তুষ্টিৰে চায়) একেবাৰেই শুদ্ধ! গতিকে মই প্ৰমাণ আনিছোঁ! (তেওঁ মোনাৰ বান্ধটো খুলি দিয়ে আৰু হালধীয়া পৰি যোৱা নথিপত্ৰৰ এটা পাহাৰ উলিয়াই আনে) এইখন মোৰ ককাৰ মাটিৰ পট্টা, ১৯০২ চনৰ! এইখন, মোৰ দেউতাৰ মেট্ৰিকৰ প্ৰমাণপত্ৰ! আৰু এইখন (তেওঁ এখন সৰু, হাতে লিখা ৰচিদ দাঙি ধৰে) ১৯৭৮ চনৰ স্থানীয় নামঘৰলৈ দিয়া বৰঙণিৰ ৰচিদ! ধৰ্মপৰায়ণতাৰ প্ৰমাণ! এইখন জাগ্ৰামা গহিলাৰী জন্ম হওঁতে দিয়া উপহাৰ কিনাৰ ৰছিদ! শিপাৰ প্ৰমাণ!

কিৰণ: (চকু কপালত উঠে) আলম ডাঙৰীয়া, আপুনি বিৰাট চিন্‌চিয়াৰ, কিন্তু আপোনাৰ ফোন নম্বৰ কানেষ্ট কৰিবলৈ, মোৰ মাত্ৰ আপোনাৰ ফোন নম্বৰটো লাগিব। আৰু OTP টো।

আলম: (ক্ষুণ্ণ হৈ) আৰু যদি সেইটোৱে মাটিৰ পট্টাৰ কাগজখন বিশ্বাস নকৰে? তেতিয়া কি হ'? মই নথিপত্ৰবিহীন লোকৰ দেশত পৰিণত হ'মনে? মোৰ পৰিয়ালটো কেইবা পুৰুষ ধৰি ইয়াত আছে! মোৰ পূৰ্বপুৰুষে শৰাইঘাটৰ যুদ্ধত তৰোৱাল চাফা কৰিছিল। (তেওঁ বহুত দীঘল, মেৰিয়াই থোৱা এখন কাগজৰ টুকুৰা উলিয়াই আনে।) এইখন মোৰ ফেমিলী ট্ৰি! সাত পুৰুষ আগলৈ গৈছে! হাতে লিখা!

কিৰণ: (লাহেকৈ ভিতৰলৈ ঠেলি দিয়ে) আলম ডাঙৰীয়া, মই নিশ্চিত যে আপোনাৰ ফেমিল ট্ৰি সাংঘাটিক ভাল, কিন্তু কম্পিউটাৰে কেৱল সংখ্যাহে বুজে। আৰু হয়তো আপোনাৰ মুখখন, যদি আপুনি চকু নিটিপিয়া। (তেওঁ নগেনলৈ চায়, নগেনে লাজুকীয়া হাঁহি এটা মাৰি কয়- এঃ কি যে কয় বাইদেউ।)

আলম: (হুমুনিয়াহ কাঢ়ি, কিছু নথিপত্ৰ মোনাত ভৰাবলৈ আৰম্ভ কৰে।) জগতখনে নিজৰ সোৱাদ হেৰুৱাই পেলাইছে মইনা। সকলো সমান। পুৰণি কাগজৰ গোন্ধ নাই। চিঞাহীৰ দাগ নাই। এইটো এটা দুখ লগা কথা! এটা ডাঙৰ দুখ!

কিৰণ: মাত্ৰ আপোনাৰ ফোন নম্বৰটো, খুৰা। প্লিজ।

(আলমে অনিচ্ছা সত্ত্বেও তেওঁৰ ফোনটো দিয়ে। কিৰণে OTP পঠিয়াবলৈ চেষ্টা কৰে। ফোনটোত কোনো শব্দ নহয়।)

কিৰণ: এই ফোনটো চলি আছেনে, আলম ডাঙৰীয়া?

আলম: অ’, চলি আছে! যেতিয়া তাৰ মন যায়। কেতিয়াবা অলপ সময় লাগে। এটা ভাল কবিতাৰ দৰে, প্ৰথমে বুজি নাপাব, কিন্তু লাহে লাহে মগজলৈ সোমাই যায়। (কবিতাৰ পংক্তি এটা আওৰায়)

কিৰণ: (আকৌ চেষ্টা কৰে, কেইবাবাৰো। কোনো OTP নাই।) খুৰা, আপোনাৰ এই ফোনটোত নেটৱৰ্ক আছে নেকি?

আলম: নেটৱৰ্ক কভাৰেজ? সেইটো কি? মই এই ফোনটো কথা পাতিবলৈ কিনিছিলো! আৰু ই কথা পাতে! কেতিয়াবা। যেতিয়া তাৰ মন যায়।

কিৰণ: (হতাশ হৈ) যদি নেটৱৰ্ক নাথাকে তেন্তে মই OTP পঠিয়াব নোৱাৰোঁ। আপোনাৰ আন ফোন আছে নেকি? নহলে বাহিৰলৈ যাব পাৰিব নেকি?

আলম: বাহিৰলৈ? এই গৰমত? মই আগৰ দৰে নাই! আৰু মোৰ ৰক্তচাপ! (তেওঁ নাটকীয়ভাৱে বুকুত ধৰে।) এই ডিজিটেল পৃথিৱীয়ে মোৰ মৃত্যু ঘটাব!

(কিৰণ আৰু নগেনে তেওঁক ধৰি ভালকৈ বহাই দিয়ে। “কোনোবা ডাক্তৰ আছে নেকি ইয়াত” বুলি চিঞৰে। এজন নতুন গ্ৰাহক সোমাই আহে)

 

ডঃ ধেনুধৰ বসুমতাৰী: মই আছোঁ ডক্তৰ, মই আছোঁ। ডঃ ধেনুধৰ বসুমতাৰী।

কিৰণ: অস, বৰ ভাল হ’ল। এইজনক চাওকচোন, প্ৰেচাৰ বেছি হৈছে নেকি।

ডঃ ধেনুধৰ বসুমতাৰী: মই চাব লাগে? কিয়?

কিৰণ: কিয় আপুনি ডাক্তৰ নহয় নেকি?

বসুমতাৰী: ধেই, মই ডক্তৰেট ইন ফিল’চ’ফী।

কিৰণ: কি কয় হে, এই মানুহজন এতিয়া গৰমত প্ৰেচাৰ উঠি মৰিব।

বসুমতাৰী: সকলো মানুহেই এদিন নহয় এদিন মৰিব, নহয় জানো?

(আলম উঠি বহে। সকলোৱে কয়- ‘উস আমিও বাচিলোঁ’)

কিৰণ: বাৰু ছাৰ, আপুনি কিবা কামত আহিল নে ফ্ৰী জ্ঞান বিলাবলৈ আহিল?

বসুমতাৰী: কাম আছে, কাম আছে। ইয়াত বোলে গাধাৰৰ ডকুমেণ্ট আপডেট কৰে?

কিৰণ: হয়।

বসুমতাৰী: মানে মোৰ এডুকেচন কোৱালিফিকেচন আপডে’ট কৰাৰ লাগিছিল।

কিৰণ: কি ভৰাম তাত?
(বসুমতাৰীয়ে প্ৰকাণ্ড কিতাপ এখন উলিয়ায়।)

কিৰণ: এইখন আকৌ কি?

বসুমতাৰী: এইখন মোৰ জীৱনৰ সম্বল! মোৰ পি এইচ্ছ ডি থেছিছৰ অ’ৰিজিনেল কপী।

কিৰণ: ইয়াত সেইবোৰ নালাগে হে।

বসুমতাৰী: নালাগিব? কিয় নালাগিব? মই ইমান কষ্ট কৰি ১১৯৭ পৃষ্ঠাৰ এখন থেছিছ লিখিছোঁ। নামটো গাধাৰত নভৰালেই হ’ব নেকি? The impact of Gadhar card in the socioeconomic and cultural facets of Assam with special reference to debargaon and Besargaon.

 আলম: এইবোৰ কি আনে হে? মোক চাওক। মাটিৰ পট্টা আনিছোঁ। এইবোৰহে কাগজ।

 বসুমতাৰী: আপুনি ক’লেই হ’ব নেকি? মোৰ থেছিছ আছে মানেই গাধাৰ কাৰ্ড আছে। আপুনি যে ইয়াত বহি আছে একেমাত্ৰ মোৰ থেছিছৰ জোৰতে আছে।

 আলম: এ আপুনি কথা নক’ব দেই।

(আলম আৰু বসুমতাৰীৰ উখনা-উখনি লাগে। আৰু এগৰাকী গ্ৰাহক দৌৰি দৌৰি আহে)

 

বৰষা: (ফোপাই জোপাই) এইটোৱেই গাধাৰ অফিচ নেকি? ' মাই গড, আপুনি মোক হেল্প কৰিবই লাগিব! ইমাৰজেন্সী! মোৰ জীৱনটো ধ্বংস হৈ গৈছে! মাই লাইফ ইজ ৰুইন্‌ড!

কিৰণ: আহক, আহক। কি ইমাৰজেন্সী?

বৰষা: (প্ৰায় কান্দি) হাঁয় মোৰ উপাধি! মই এইটো সলনি কৰিব লাগে! এতিয়াই! গগৈৰ পৰাকলিতালৈ! নহয়, ৰওক! নে শৰ্মালৈ! নহয়, নিশ্চিতভাৱে কাকতিলৈ! বৰ্চা কাক্‌তি।
কিৰণ: মানে বৰষা কাকতি?

বৰষা: নহয় নহয়, বৰ্চা কাক্‌তি। অলপ মডাৰ্ণ প্ৰনানচিয়েচন কৰিবচোন।

কিৰণ: (বিভ্ৰান্ত হৈ) উপাধি সলনি কৰিবলৈ ক'ৰ্টৰ কাগজ লাগে, বাইদেউ। বিয়াৰ চাৰ্টিফিকেট, এফিদেবিট আদি।

বৰষা: (তাইৰ ফোনটো উন্মাদৰ দৰে লৰচৰ কৰি) বিয়াৰ চাৰ্টিফিকেট! নহয়, নহয়, নহয়! এইটো ব্ৰেকআপৰ বাবে! সি বেটাই মোক ফে'চবুকত এৰি দিলে, আপুনি বিশ্বাস কৰিব পাৰেনে? ছয় মাহৰ পিছত!

নগেন: (আলমলৈ ফুচফুচাই) ফে'চবুক? এইটো নতুন ধৰণৰ বিয়া নেকি?

আলম: (দুখ মনেৰে মূৰ জোকাৰি) আজিৰ যুৱক-যুৱতী। পৰম্পৰাৰ প্ৰতি কোনো সন্মান নাই।

বৰষা: (কিৰণৰ ফালে চাই) ল'ৰাৰ নাম মিথুন বুলি ময়ো হাঁ কৈছিলোঁ। কিন্তু এতিয়া চবেই জানে যে বৰ্চা গগৈ মিথুনৰ গাৰ্লফ্ৰেণ্ড! কটা বিশ্বাসঘাতক। মই সেইটো লৈ জীয়াই থাকিব নোৱাৰোঁ! যেতিয়াই মই মোৰ গাধাৰ কাৰ্ডখন দেখোঁ, মোৰ তাৰ বিশ্বাসঘাতকতা মনত পৰিব! এয়া এটা দাগ! মোক এটা নতুন আইডেণ্টিটি লাগে! এটা নতুন মই! মই আজিৰ পৰা কাক্‌তি হ'ম!

কিৰণ: বাইদেউ, আমি ফে'চবুকৰ ব্ৰেকআপ চাই আপোনাৰ উপাধি সলনি কৰিব নোৱাৰোঁ। আমাক চৰকাৰী নথিপত্ৰ লাগে।

বৰষা: কিন্তু মোৰ ওচৰত প্ৰমাণ আছে! চাওক! (তাই কিৰণৰ নাকৰ তলত তাইৰ ফোনটো গুজি দিয়ে।) এয়া চাওক স্ক্ৰীনশ্বট! ৰিলেচনশ্বিপ ষ্টেটাচ কমিটেডৰ পৰা চিংগল হ'ল। তেন্তে মোৰ উপাধি কিয় সলনি নহ'? আগতে ফে'চবুকত লিখিছিলোঁ 'Barsha Gogoi'! এতিয়া মই 'Barsha Kakti'! দেখিছে? আৰু কি প্ৰমাণ লাগে!

কিৰণ: বাইদেউ, সেইটো ফে'চবুকৰ স্ক্ৰীণশ্বট। এইটো কোনো আইনী নথিপত্ৰ নহয়। আমাক ক'ৰ্টৰ আদেশ, বা কমেও এখন বিয়াৰ চাৰ্টিফিকেট লাগে।

বৰষা: (চকু কপালত তুলি) বিয়াৰ চাৰ্টিফিকেট? কিন্তু মই বিয়া কৰোৱা নাই! মই অকলশৰীয়া! মই অকলেই থাকি যাম। মই তাৰ সকলো চিন-মোকাম মচি পেলাম! আজিৰ পৰা মিথুনো নাই, বৰ্চা গগৈও নাই।

কিৰণ: কিন্তু বাইদেউ...

বৰষা: আপুনি কব বিচাৰিছে যে মই তাৰ নামটো লৈয়েই থাকিম? ফৰেভাৰ? মোৰ ইন্‌ষ্টাগ্ৰাম আৰু টিণ্ডাৰ প্ৰফাইলটো নষ্ট হব! মানুহে কি ভাবিব? যে মই এতিয়াও তাৰ বাবে ৱেইট কৰি আছো? স্‌, কি যে অপমান! (তাই নাটকীয়ভাৱে হাতেৰে মুখ ঢাকে।)

কিৰণ: বাইদেউ, যদি আপুনি আইনীভাৱে আপোনাৰ উপাধি সলনি কৰিব বিচাৰে, তেন্তে আপুনি সঠিক প্ৰক্ৰিয়াৰে যাব লাগিব। এইটো গাধাৰ কেন্দ্ৰ, ডিজিটেল ব্ৰেকআপৰ বাবে থেৰাপী চেণ্টাৰ নহয়।

বৰষা: ঠিক আছে! যদি মই কাক্‌তি হ'ব নোৱাৰোঁ, তেন্তে মই মোৰ ফাৰ্ষ্ট নে'মটো সলনি কৰিম! মেড'না! নহ'লে ৱ'ণ্ডাৰ ৱ'মেন! কিবা এটা পাৱাৰফুল! মই সেইটো কৰিব পাৰোঁনে?

কিৰণ: (হুমুনিয়াহ কাঢ়ি) আপুনি কিবা আইডেণ্টিটি কাৰ্ড আনি প্ৰথম নাম সলনি কৰিব পাৰে, কিন্তু আপোনাৰ এতিয়াও লাগিব

বৰষা: (বাধা দি) গ্ৰেট! "বৰ্চা, ব্ৰে'কাৰ অৱ চেইনছ"! নহয়! মাত্ৰ "বৰ্চা, দা মেভাৰিক"! অথবা মাত্ৰ "বৰ্চা"! চিম্পল! পাৱাৰফুল! Male dominance নথকা!

কিৰণ: (পৰাজিত হৈ) মাত্ৰ "বৰষা" । ঠিক আছে। আপোনাৰ "বৰষা"ৰ বাবে আই কাৰ্ড আছে নেকি?

বৰষা: একদম! মোৰ পুৰণি গাধাৰ কাৰ্ডত "বৰ্চা" বুলিয়েই আছে! (উলিয়াই আনে।) দেখিছে? মোৰ প্ৰথম নামটো পাৰ্ফেক্ট! মাত্ৰ চাৰনেমটোৱেই মোৰ জীৱন শেষ কৰি দিছে।

কিৰণ: (কাৰ্ডখন লৈ টাইপ কৰিবলৈ আৰম্ভ কৰে।) ঠিক আছে। মাত্ৰ "বৰষা" হৈয়েই থাকক। আন কোনো সলনি নাই।

বৰষা: (হঠাতে উঠে) অ’, আৰু আপুনি মোৰ ফটোখনৰ বাবে এটা ফিল্টাৰ ব্যৱহাৰ কৰিব পাৰিবনে? যেনে, এটা স্পাৰ্কল ফিল্টাৰ? মোৰ ইনষ্টাগ্ৰাম ফলোৱাৰে স্পাৰ্কল ফিল্টাৰটো ভাল পায়।

কিৰণ: (চকু দুটা মুদি, তাৰ পিছত লাহেকৈ মেলি দিয়ে।) নাই। কোনো স্পাৰ্কল ফিল্টাৰ নাই।

 

(কিৰণে বৰষাৰ অনুৰোধ শেষ কৰে আৰু তাইক টোকেনটো দিয়ে। বৰষা এতিয়াও ওফোন্দ পাতি আছে কিন্তু শান্ত হৈ আছে।)

কিৰণ: পিছৰ জন! (নগেনলৈ) বৰা ডাঙৰীয়া, আপুনি এতিয়াও ইয়াত আছে নেকি?

নগেন: (আকৌ লাহে লাহে আগবাঢ়ি আহে) হয়, বাইদেউ! মই মোৰ গাধাৰ নাম্বাৰ মোৰ নতুন বেঙ্ক একাউণ্টৰ সৈতে সংযোগ কৰিবলৈ মোৰ পাললৈ অপেক্ষা কৰি আছোঁ। আৰু মোৰ ৰন্ধন গেছ সংযোগ! আৰু মোৰ গৰুৰ কাণফুলি টেগ!

কিৰণ: এতিয়া কেৱল বেঙ্ক একাউণ্টটোৰ ওপৰত মনোযোগ দিওঁ আহক। আপোনাৰ ওচৰত প্ৰয়োজনীয় ফৰ্মবোৰ আছেনে?


(ফোনত উচ্চস্বৰে কথা পাতি দেৱী উপাধ্যায় সোমাই আহে।)

দেৱী: ই শুনক, মইনো কি কম। গাঁৱৰ মানুহে আৰু দেখা নাই নেকি। হৰেনে আৰু দিনতে গেলা এসোপা খাই লৈ যিখন উৎপাত কৰি থাকে। তাৰ মানুহজনী? ই….মানুহজনীৰ কথানো কি ক’ম। যিহে চতাইপাখৰী।)

কিৰণ: বাইদেউ, অলপ মনে মনে!

দেৱী: এঃ ৰ’বা হে। (অকৌ ফোনত) ই… আমাৰ চেণ্টাৰত যে কৰে ছোৱালীজনী, তাইৰ গিৰিয়েকে বোলে বিয়াৰ সাতদিনৰ পাছতেই এৰি থৈ গ’ল। বৰ মুখচোকা ছোৱালী বোলে। গিৰিয়েকক বোলে বৰ পিটিলে। ইইইই, আমিনো আউ ক’ত পাত্তা পাম। অ’ হেৰি নহয়, আমাৰ ঘনই নগেনৰ সৰুজনীৰ লগত বোলে লিলিমাই কৰি আছে।
নগেন: হেই এইবোৰ কি কৈ আছে!
কিৰণ: বাইদেউ আপোনাৰ ইয়াত কি কাম আছে?
দেৱী: হেৰি নহয়, ইয়াত কিবা চৰকাৰী চাউল বিলাই আছে বোলে?
বৰষা: আপুনি ইয়াত কিয় ইমান ডিষ্টাৰ্ব কৰি আছে। ইম্পৰটেণ্ট কাম চলি আছে দেখা নাই?
কিৰণ: ইয়াত চাউল-তাউল বিলোৱা নাই। আপুনি যাওক।

দেৱী: তেন্তে সূতা? নহ’লে মিঠাতেল?

নগেন: হেই এইটো গাধাৰ কেন্দ্ৰহে। যাওক, এতিয়াই যাওক ইয়াৰ পৰা। (বাকীসকলক কয়) এইজনী মহা মুখৰা আৰু দন্দুৰী তিৰোতা। নামটোহে দেৱী, কামত কিন্তু একদম গুণ্ডী। (অলপ পৰ এও নকয়)

নগেন: বাইদেউ বাৰু যি সি নহওক, মোৰ লগত (আন এটা কাগজৰ দম উলিয়াই আনে) সকলো আছে! মোৰ বেঙ্ক পাছবুক, মোৰ পান কাৰ্ড, পঞ্চায়ত কাৰ্যালয়ত কাম কৰা মোৰ বৰ্তাৰ এখন চিঠি

কিৰণ: (বেঙ্ক পাছবুকখন লৈ) এতিয়াৰ বাবে কেৱল পাছবুকখন চলিব। আৰু অৱশ্যেই আপোনাৰ গাধাৰ কাৰ্ড।

**(কিৰণে কম্পিউটাৰ খটখট কৰে) **

কিৰণ: ঠিক আছে, বৰা ডাঙৰীয়া। এতিয়া, শেষ পদক্ষেপৰ বাবে, মই আপোনাৰ বেঙ্ক একাউণ্টত লিংক কৰা মোবাইল নম্বৰলৈ এটা OTP পঠিয়াব লাগিব। এইটো আপোনাৰ হাতত থকা একেই পুৰণি কী-পেড ফোনটো নেকি?

নগেন: (তেওঁৰ পুৰণি নকিয়াটো উলিয়াই আনে, আলমৰ ফোনৰ সৈতে একেই) একেটা! মোৰ বিশ্বাসী সঙ্গী! চিনেমাই হিৰ'ই হিৰ'ইনক ঠগিব পাৰে, কিন্তু ই নঠগে।

কিৰণ: (OTP পঠিয়াই। তেওঁ অপেক্ষা কৰে। একো নহয়।) কিবা আহিল নেকি, বৰা ডাঙৰীয়া?

নগেন: (তেওঁৰ ফোনটো চায়, জোৰেৰে জোকাৰি দিয়ে) নাই! একো নাই! ই লাজ কৰিছে নেকি?

আলম: (জ্ঞানীৰ দৰে মূৰ দুপিয়াই) ডিজিটেল জগতখন অদৃশ্য বাধাৰে ভৰি আছে, ডেকা ল'ৰা!

কিৰণ: (আকৌ চেষ্টা কৰে) নহয়, ই লাজকুৰীয়া নহয়, হয়তো নেটৱৰ্কৰ সমস্যা। বৰা ডাঙৰীয়া, ইয়াত আপোনাৰ নেটৱৰ্ক আছনে?

নগেন: (সৰু কোঠাটোলৈ চায়) নেটৱৰ্ক? মই নাজানো। মোৰ গাঁৱৰ আম গছৰ ওচৰত সাধাৰণতে নেটৱৰ্ক পোৱা যায়। বা কেতিয়াবা পানীৰ টেংকিৰ ওপৰত। ইয়াত (তেওঁ চিলিংখনলৈ চায়।) এইটো ৰুমত নহ'ব চাগে।

কিৰণ: (হতাশ হৈ) OTP ৰ বাবে আপোনাক নেটৱৰ্ক লাগে! বাহিৰলৈ যাওক! সোনকালে!

নগেন: বাহিৰলৈ? কিন্তু যদি আন কোনোবাই মোৰ ঠাই লয়? আৰু যদি OTP টো উৰি যায়?

কিৰণ: (তেওঁক লাহেকৈ দুৱাৰৰ ফালে ঠেলি দিয়ে) যাওক! যাওক! আৰু ফোনটো ওপৰলৈ দাঙি ধৰক!

**(নগেনে এটা পবিত্ৰ বস্তুৰ দৰে ফোনটো দাঙি লৈ বাহিৰলৈ দৌৰি যায়। কিৰণই নিশ্চিতিৰ বাবে স্ক্ৰীণখন চায়। আলমে এটা দুখ লগা উৎসুকতাৰে চাই থাকে। বৰষায়ে তাইৰ ফোনটো চাই থাকে, ছেল্ফি লৈ।) **

বৰষা: (ভোৰভোৰাই) মই "ইন পেইন বাট্‌ ফিলিং ষ্ট্ৰং" ফিল্টাৰ ব্যৱহাৰ কৰিম নেকি, নহ'লে "ব্ৰ'কেন হাৰ্ট এণ্ড গ্ৰাম্পি ফে'চ"?

**(এটা মুহূৰ্তৰ নীৰৱতা, তাৰ পিছত নগেনৰ এটা ক্ষীণ চিঞৰ।) **

নগেন: (মঞ্চৰ বাহিৰত, কণ্ঠস্বৰ প্ৰতিধ্বনিত হৈ) অহা নাই! কোনো নেটৱৰ্ক নাই! হয়তো ঘৰৰ ওপৰত পাম নেকি?!

কিৰণ: (কঁকালত হাত দি) উফ, কি যে হ'ব!

(নগেন ভিতৰলৈ দৌৰি আহে, ফোপাইছে।)

নগেন: একো নাই! মই আনকি ডাষ্টবিনটোৰ ওপৰত উঠিবলৈ চেষ্টা কৰিলোঁ! কিন্তু কুকুৰকেইটাই খেদি আহে।

কিৰণ: বৰা ডাঙৰীয়া, খিৰিকীখনৰ ওচৰত চেষ্টা কৰক! বা বাহিৰৰ সেই সৰু গছডালৰ ওচৰত!

**(নগেন আকৌ বাহিৰলৈ দৌৰি যায়, তেওঁৰ ফোনটো খামুচি ধৰে। আমি তেওঁক নিজকে নিজেই নিৰ্দেশ দি চিঞৰা শুনো।) **

নগেন: (মঞ্চৰ বাহিৰত) ওপৰলৈ! আৰু ওপৰলৈ! আকাশলৈ! ওলা, 'টিপি! কত লুকাই আছ?

**(হঠাতে, বাহিৰত এটা ডাঙৰ শব্দ হয়, তাৰ পিছত নগেনৰ আৰ্তনাদ।) **

(সকলো জাঁপ মাৰি উঠে, দুৱাৰৰ ফালে দৌৰি যায়, ভুমুকি মাৰি চায়)

কিৰণ: বৰা ডাঙৰীয়া! কি হ'?!

নগেন: (মঞ্চৰ বাহিৰত, মাজে মাজে শব্দ) মই পালোঁ। পালোঁ।

**(নগেন লেঙেৰাই আহে। কিন্তু বিজয়ীভাবে তেওঁৰ ফোনটো দাঙি লৈ ভিতৰলৈ সোমাই আহে। তেওঁৰ কপালত এটা কটা দাগ।) **

নগেন: (উচ্ছ্বসিত হৈ, ফোনটো হাতত লৈ) আহিল! নম্বৰটো! যাদুকৰী নম্বৰটো! মোৰ পৰিচয় ৰক্ষা পৰিল!

কিৰণ: (তেওঁলৈ চায়, তাৰ পিছত ফোনটোলৈ, তাৰ পিছত আকৌ তেওঁলৈ চায়। তেওঁ তাইৰ স্ক্ৰীণখন পৰীক্ষা কৰে।) আপুনি পালে, বৰা ডাঙৰীয়া। শেষত। বাহিৰত কি কৰিলে আপুনি?

নগেন: (বুকু ফিন্দাই) মই নেটৱৰ্কৰ সৈতে যুদ্ধ কৰিলোঁ, বাইদেউ! মই মোৰ জীয়াই থকাৰ অধিকাৰৰ বাবে যুঁজ দিলোঁ! আৰু মই জিকিলোঁ! মোৰ গাধাৰ সংযোগ হল! মোৰ বেঙ্ক একাউণ্ট সুৰক্ষিত হল! মই মই নগেন বৰা, এজন সম্পূৰ্ণ নথিভুক্ত নাগৰিক!

**(তেওঁ হাঁহি মাৰি চকীত বাগৰি পৰে। কিৰণই অবিশ্বাসত মূৰ জোকাৰি দিয়ে, তাৰ পিছত সামান্য হাঁহে।) **

আলম: (ভোৰভোৰাই) একেবাৰে সংগ্ৰামী জীৱন। কি কি যে চাব লাগিব।

কিৰণ: (হুমুনিয়াহ কাঢ়ি, কিন্তু তেওঁৰ কণ্ঠস্বৰত এটা ক্লান্ত হাঁহি আছে) ঠিক আছে, বৰা ডাঙৰীয়া। আপোনাৰ কাম সম্পূৰ্ণ হল। আপুনি যাব পাৰে। পিছৰ জন আহক!

**(নগেনে লাহে লাহে, কষ্টৰে থিয় হয়। তেওঁ দুৱাৰৰ ফালে খোজ লয়, তাৰ পিছত ঘূৰি আহে।) **

নগেন: বাইদেউ, আৰু এটা প্ৰশ্ন। মোৰ মানুহজনীয়ে তাই তাইৰ ছাগলীৰ ভেকচিনৰ ৰেকৰ্ডবোৰ তাইৰ গাধাৰৰ সৈতে সংযোগ কৰিব বিচাৰিছে। সেইটো

কিৰণ: (তেওঁ হাতৰ আঙুলি এটা তেওঁৰ ফালে, তাৰ পিছত দুৱাৰৰ ফালে দেখুৱাই, ধৈৰ্য ধৰিবলৈ চেষ্টা কৰে।) বাহিৰ! বৰা ডাঙৰীয়া! বাহিৰ!

 

**(হঠাতে বিবিচি জোৰেৰে ভিতৰলৈ সোমাই আহে। হাতত ছেল্ফি ষ্টিক। তেওঁ লগে লগে লাইভ ষ্ট্ৰীমিং আৰম্ভ কৰে।) **

বিবিচি: হেল্লো গাইজ! গুড মৰ্ণিং! মই এতিয়া আছোঁ দুৰ্নীতি চলি থকা এটা চৰকাৰী অফিচত, গ্ৰাউণ্ড জিৰ’ত! চাওক, চাওক মোৰ পিছফালে থকা এই টকাৰ দমটো! (তেওঁ কেমেৰাটো কিৰণ আৰু কাগজৰ দমটোৰ ফালে ঘূৰাই দিয়ে।)

বৰষা: আপুনি কোন?

বিবিচি: মই কোন সুধিছে? (দৰ্শকক সোধে, মই কোন?)। অঁ বি বি চি। মানে বিচিত্ৰ বিজয় চুতীয়া। পিম্পু বৰুৱাৰ পাছতে অসমৰ ছেকেণ্ড ম'ষ্ট প'পুলাৰ ইউটিবাৰ।

(বৰষাও গৈ কেমেৰাত ওলায়। দুয়ো চুপতি মাৰি নৃত্য কৰে।)

কিৰণ: (চকু ডাঙৰ কৰি) আপুনি ইয়াত কি কৰি আছে? কেমেৰা বন্ধ কৰক! এইটো চৰকাৰী কাৰ্যালয়।

বিবিচি: (কিৰণক আওকাণ কৰি, কেমেৰালৈ চাই) গাইজ! এইয়া হৈছে মোৰ ৰিয়েল-লাইফ হিৰো, আই মিন হিৰোইন বাইদেউ যিয়ে Selflessly কাম কৰি আছে! (তেওঁ এটা অতি দুখ লগা মুখভংগী লয়।) বাইদেউ, বাইদেউ, আপুনি আপোনাৰ কামটো কেনেকৈ কৰি আছে? আপুনি কিমান Emotional হৈ পৰিছে? মোক অলপ দুখৰ কথা কওক, প্লিজ!

কিৰণ: (ডাঙৰকৈ) মই বৰ ভাগৰি পৰিছোঁ। আৰু মই মোৰ ছিষ্টেমটো ঠিক কৰিবলৈ চেষ্টা কৰি আছোঁ! আপোনাৰ নাটক বন্ধ কৰক!

বিবিচি: (কেমেৰালৈ ফুচফুচাই) গাইজ, আপোনালোকে সেই ৰিয়েল ট্ৰেজেডীৰ মাতটো শুনিছেনে? তাইৰ মাতত থকা Struggle! বাইদেউ, মোক আপোনাৰ আটাইতকৈ বেয়া দিনটোৰ কথা কওক, মই আপোনাৰ বাবে মানী-ট্ৰেন্সফাৰৰ এটা কিউ আৰ ক'ড দিম!

আলম: (বিবিবিৰ ফালে খঙত চাই) এয়া কি নাটক চলিছে? নিজৰ দুখ বেছি টকা ঘটিবলৈ ইয়ালৈ আহিছে! আমাৰ দুখ চাবলৈ নহয়! ছিঃ!

বিবিচি: (কেমেৰালৈ আঙুলিয়াই) আৰু এইয়া হৈছে এজন Senior Citizen যিয়ে হয়তো নিজৰ সমস্ত জীৱন হেৰুৱাইছে! (তেওঁ আলমৰ মোনালৈ আঙুলিয়াই।) খুৰা, আপোনাৰ মোনাত কি আছে? আপুনি সকলো হেৰুৱালে নেকি? কওক মোক!

আলম: (জোৰেৰে) মোৰ মোনাত আছে প্ৰমাণ! মোৰ সাত পুৰুষৰ প্ৰমাণ! মই হেৰুৱা নাই! মই ইয়াক ৰাখিছো এইবোৰ ডিজিটেল ভণ্ডামিৰ পৰা আঁতৰত!

বিবিচি: (লাজ লগা হাঁহি এটা মাৰি) গাইজ, খুৰাৰ মুখত থকা সেই Emotional Resistanceটো মন কৰক! Out of Frame যাওক খুৰা, মোক ইয়াত কিছুমান Clean Shot লাগিব!

কিৰণ: (থিয় হৈ) আপুনি যদি এই মুহূৰ্ততে লাইভ বন্ধ নকৰে, তেন্তে মই পুলিচক ফোন কৰিম! আপোনাৰ ছ'চিয়েল মিডিয়াৰ ভিউ ইয়াৰ নিয়মতকৈ ডাঙৰ নহয়!

বিবিচি: (কেমেৰাটো আঁতৰাই) উফ! Negative Vibeটো সহ্য কৰিব নোৱাৰি! আপুনি কি জানে হে। মোৰ ভিডিঅ'ত যিয়ে ওলায় সিয়ে মালামাল। মোৰ লগত যিয়ে কাম কৰে সিয়ে হিট্‌। আগতে কিমান মানুহক জিৰ'ৰ পৰা হিৰ' বনালোঁ। আমাৰ যে নীলাৰ্নৱ গোস্বামী? আগতে ইয়াৰে টিভি চেনেল এটাত কাম কৰিছিল। উৎপাত নিউজ। তাক ব্ৰেকিং নিউজ দি দি চাওক এতিয়া কিহৰ পৰা কি কৰি পেলালোঁ। (কেমেৰালৈ চাই) ঠিকেই আছে গাইছ, মই পিছত আপোনালোকক Follow-up update দিম! (বস্তু সামৰি লয়, কিন্তু যোৱাৰ আগতে কিৰণৰ ওচৰত এটা টকাৰ বাণ্ডিল গুজি দিয়ে।) এইটো লওক! এইটো মোৰ Donation! নিজৰ বাবে কিবা এটা কিনি লব। মিষ্টাৰ বিষ্টেহে দিব পাৰে নেকি? ময়ো পৰোঁ। (আঁতৰি যায়।)

কিৰণ: (পইচাবোৰ চাই) এয়াই নেকি মোৰ দুখৰ দাম? (তেওঁ পইচাবোৰ দলিয়াই দিয়ে, কিন্তু ফুকনে লগে লগে গুচি যোৱা বিবিচিক গালি পাৰি পাৰি মাটিত পৰা পইচাবোৰ বুটলি লয়।)

আলম: (পইচাবোৰ পকেটত ভৰাই) সমাজৰ বেয়া বস্তুবোৰ চাফা কৰি পেলাব লাগে। সেইকাৰণে মই এইবোৰ ইয়াৰ পৰা আঁতৰাই ঘৰলৈ লৈ যাম!

 

(হঠাতে বেংক মেনেজাৰ জাংগিলা ব্ৰহ্ম খৰখেদাকৈ ভিতৰলৈ সোমাই আহে। তেওঁৰ পিন্ধনত চাৰ্ট, টাই, মুখত উদ্বেগ।)

মেনেজাৰ ব্ৰহ্ম: বাইদেউ! বাইদেউ! ভগৱানৰ দোহাই, মোৰ বেংকটো বচাওক!

কিৰণ: (ক্ৰোধত) কোন আপুনি? আৰু আপুনি কিয় এনেকৈ দৌৰি আহিছে? এইটো গাধাৰ কেন্দ্ৰ, বেংক নহয়!

মেনেজাৰ: (হতাশ হৈ) মই মিঃ জাংগিলা ব্ৰহ্ম! গ্ৰামীণ বেংকৰ মেনেজাৰ! আমাৰ ব্ৰাঞ্চৰ একাউণ্টবোৰ কালিয়েই গাধাৰৰ সৈতে লিংক কৰাৰ ডেডলাইন আছিল! মোৰ ফোনটোত এক মিনিটত তিনিশ কাষ্টমাৰৰ মেচেজ আহিছে! কিন্তু মোৰ ফোন নম্বৰটোৱেই গাধাৰ নম্বৰৰ লগত লিংক হৈ থকা নাই। সেয়া নহ'লে একাউণ্টবোৰো লিংক নহ'ব।

নগেন: (আচৰিত হৈ) ব্ৰহ্ম ডাঙৰীয়া! মই এইমাত্ৰ মোৰ একাউণ্টটো লিংক কৰিবলৈ লৈছোঁ! মোৰ বেঙ্ক পাছবুক!

মেনেজাৰ: (নগেনক ডিঙিত ধৰি) আপুনি! হেই জাম্বা, আপুনি এতিয়াও লিংক কৰা নাই নেকি! মোৰ Existence আপোনাৰ হাতত! যদি আৰু দহটা একাউণ্ট লিংক নহয়, আমাৰ ব্ৰাঞ্চ বন্ধ হৈ যাব! মোৰ চাকৰি! মোৰ ল'ৰাৰ স্কুল ফীজ!

আলম: ধনকেন্দ্ৰ বন্ধ হৈ যাব? মোৰ অৱসৰৰ সাহাৰ্যখিনি! মই মোৰ বংশ বৃক্ষটো কত জমা দিম!

মেনেজাৰ: (কিৰণৰ ওচৰত আঁঠু লৈ) আব’! আপুনি আমাৰ ব্ৰাঞ্চৰ আটাইতকৈ কাষৰীয়া গাধাৰ কেন্দ্ৰ! প্লিজ! মোক Supervisory Access দিয়ক! মই নিজে সকলো লিংক কৰিম!

কিৰণ: ডেকা ডাঙৰীয়া, ইমান নাটক নকৰিব। মই আপোনাক এক্সেছ দিব নোৱাৰোঁ। আপোনাৰ কাম আপোনাৰ ব্ৰাঞ্চৰ, মোৰ নহয়। এতিয়া শান্ত হওক। আপোনাৰ গাধাৰ কাৰ্ড আৰু ফোনটো দিয়ক।

মেনেজাৰ: (কঁপি থকা হাতেৰে নিজৰ গাধাৰ আৰু ফোন উলিয়াই দিয়ে) এইয়া! এইয়া লওক! কিন্তু মোৰ ফোনটোত বেটাৰী নাই! মই লাইভ আপডেটবোৰ চাব লাগিব! মোৰ Cash Flowটো চাব লাগিব!

কিৰণ: (তেওঁৰ ফোনটো চাই) বেটাৰী নাই? (তেওঁ বৰষালৈ চায়।) বৰষা ভণ্টি, আপোনাৰ পাৱাৰ বেংকটো দিয়ক। আপোনাৰ বেঙ্ক মেনেজাৰক অলপ লাইফলাইন দিয়ক।

(বৰষায়ে পাৱাৰ বেংকটো উলিয়াই দিয়ে)

নগেন: দিয়ক দিয়ক। মই মোৰ বেঙ্কক বচাম! মোৰ পেঞ্চনক বচাম! (তেওঁ মেনেজাৰ ডেকাৰ ফোনত পাৱাৰ বেংকৰ তাঁৰডাল সংযোগ কৰে।)

মেনেজাৰ: (ফোনটো চাৰ্জ কৰিবলৈ দি) ধন্যবাদ! ধন্যবাদ! আপুনি মোৰ দ্বিতীয়বাৰ জন্ম দিলে! এতিয়া আব’ মোৰ ফোন নম্বৰটো মোৰ গাধাৰৰ সৈতে লিংক কৰক! মই মোৰ ব্ৰাঞ্চৰ ভৱিষ্যত চাব লাগিব!

কিৰণ: (কম্পিউটাৰত কাম আৰম্ভ কৰে) ঠিক আছে। এতিয়া আপুনিও বহি ৰওক। আৰু কোনো নাটক নকৰিব।

 

(গাধাৰ কেন্দ্ৰৰ চুপাইভাইজৰ ধীৰ গতিৰে সোমাই আহে।)

আলম: আপোনাৰ পৰিচয় ডাঙৰীয়া?

অতুল বড়ো: মই এই গাধাৰ কেন্দ্ৰৰ চুপাইভাইজৰ। (কিৰণলৈ চাই) সকলো ঠিকে আছেনে কিৰণ? মানুহবোৰৰ কিবা অসুবিধা আছে নেকি?
কিৰণ: অলপ সমস্যা হৈছে ছাৰ। তাকে ঠিক কৰিবলৈ চেষ্টা চলাই আছোঁ|

(নগেন, আলম, জাংগিলা সকলোৱে হাতযোৰ কৰে)

নগেন: আমাৰ কামখিনি কৰাই দিয়ক ছাৰ।
আলম: হয় হয়, এই কামৰ বাবে আপুনিয়েই উপযুক্ত ব্যক্তি।

জাংগিলা: ছাৰ, ছাৰ, মই বৰ্বাদ হৈ যাম। কিবা এটা কৰক ছাৰ।

(অতুল বড়োয়ে বৰষাক হাতবাউলি মাতে)

অতুল বড়ো: (মোলায়েমকৈ) তোমাৰ কি সমস্যা হৈছে?

বৰষা: ছাৰ, মানে মোৰ ছাৰনে’মটো কাটি দিব লাগে। একদম ইমাৰজেন্সী।
অতুল বড়ো: কিৰণ, এওঁলোকৰ কামবোৰ সোনকালে কৰি দিয়া দেই। চিন্তা নকৰিবা বৰষা!

কিৰণ: হয় ছাৰ।
(অতুল বড়োৰ প্ৰস্থান।)

কিৰণ: বৰা ডাঙৰীয়া, ডেকা ডাঙৰীয়া, মই দুয়োটা লিংকৰ বাবে OTP পঠিয়াইছোঁ। কিন্তু একেটা টাৱাৰৰ পৰাই আহিব!

নগেন: মোৰ ফোনত বেটাৰী নাই!

মেনেজাৰ: মোৰ ফোনত চাৰ্জ নাই! (তেওঁ পাৱাৰ বেংকলৈ উন্মাদৰ দৰে চায়।)

কিৰণ: (ফোন দুটাৰ ফালে আঙুলিয়াই) বেটাৰী আৰু চাৰ্জৰ সমস্যা নহয়, নেটৱৰ্কৰ সমস্যা! দুয়ো বাহিৰলৈ যাওক! দুয়ো একেলগে ফোন ওপৰলৈ দাঙক!

মেনেজাৰ: মই মোৰ জীৱনত ইমান ভয় খোৱা নাই!

**(নগেন আৰু মেনেজাৰ ডেকা দুয়ো লগে লগে দুৱাৰৰ ফালে দৌৰে বৰষা আৰু আলম ভিতৰত।) **

বৰষা: (ফোনত হাঁহি) এই মানুহকেইজনে Humor Content বনাইছে! মোৰ ৰীলটো হিট হ'ব!

আলম: এইবোৰ নাটক! মোৰ বংশ বৃক্ষখনেই আচল! মই নিজৰ মোবাইল নম্বৰটো তেজেৰে মোৰ মাটিৰ পট্টাত লিখি লম!

(হঠাতে বাহিৰত এটা ডাঙৰ শব্দ হয়। চিঞৰ-বাখৰ। নগেন আৰু মেনেজাৰ লগে লগে দৌৰি ভিতৰলৈ সোমাই আহে। দুয়োৰে কাপোৰ-কানি খেলিমেলি, দুয়োৰে কপালত আৱৰ্জনা লাগি আছে। কিন্তু দুয়োৰে হাতত ফোন ওপৰলৈ দাঙি ধৰা।)

নগেন: আহিল! আহিল! নম্বৰটো!

মেনেজাৰ: (চিঞৰি) আৰু মোৰো! মোৰো আহিল! মোৰ ব্ৰাঞ্চ বাছি গ'ল! মোৰ ল'ৰাই এতিয়াও ইংলিছ মিডিয়াম স্কুলত পঢ়িব পাৰিব!

(দুয়োৱে লগে লগে ফোনবোৰ কিৰণৰ কাউণ্টাৰত পেলাই দিয়ে। দুয়োটা ফোনতে OTP দেখুওৱা হয়। কিৰণে বিজুলী বেগেৰে দুয়োটা OTP টাইপ কৰে।)

কিৰণ: (কম্পিউটাৰৰ ফালে চাই, এটা গভীৰ উশাহ লৈ) এটা বেয়া খবৰ আছে। লিংক ফেইলাৰ হৈছে।

সকলোৱে: কি????

 

(নগেন আৰু মেনেজাৰ দুয়োৱে লগে লগে দুখত চিঞৰি উঠে, কিন্তু লগে লগে দুয়োৱে এজনে আনজনক সাবটি ধৰি কান্দিবলৈ আৰম্ভ কৰে। নগেনে তেওঁৰ গামোছা আৰু মেনেজাৰে তেওঁৰ টাইডালেৰে ডিঙিত ফাঁচী লগাবলৈ চেষ্টা কৰে।)

বৰষা: মোৰ নামটো কি হ’ব এতিয়া!

আলম: এইবোৰেই নেকি বৰ্তমান সময়? প্ৰযুক্তিয়ে আমাক ইমান কোঙা কৰি পেলানেনে? We have become slaves to the technology.

বৰষা: (ফোনত লাইভ ষ্ট্ৰীমিং কৰি) গাইজ! এইটোৱেই হৈছে গাধাৰৰ যাদু! এই লিং আছে, এই লিংক নাই, কিন্তু একেই দুখ আছে! আজিৰ ৰীলটোত ইমানেই। প্লিজ লাইক কৰক! শ্বেয়াৰ কৰক!

 

(বিবিচি সোমাই আহে): গাইজ, চাওক। চৰকাৰী অফিচত মানুহে কাম কৰাৰ সময়ত জঁপিয়াই থাকে, কাজিয়া কৰি থাকে। এয়া অফিচ নে চাৰ্কাচ?

(সকলোৱে বিবিচি-ক মাৰিবলৈ খেদে। কিৰণ ক্লান্তভাৱে চকীখনত বহি পৰে আৰু তাইৰ কপালখন টেবুলত খুন্দা মাৰি থাকে। আঁৰকাপোৰ পৰে।)

 

 (YouTube link: https://www.youtube.com/watch?v=LrtlLuvkd0E&list=WL&index=1&t=168s)


*****************

 

 


Post a Comment

0 Comments