কটনৰ দিন আৰু ৰাতি


স্মৃতিৰ মণিকূটত কটন কলেজ! কটন কলেজত কটোৱা দুবছৰ সময় মোৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ সময় বুলি কলে অত্যুক্তি কৰা নহ কটনৰ বিশাল জগতত মই লেখত লবলগীয়া ছাত্ৰ নাছিলোঁ, নাচ-গান-খেল আদিতো অংশ লোৱা নাছিলোঁ তথাপি জীৱনত সেই পুৰণা কিতাপ যেন লগা চৌহদৰ চাপ থাকি গ; পৃথিৱীৰ কোলাহলৰ মাজত হঠাতে সকলো নিঃস্তব্ধ হৈ সেই পবিত্ৰ স্থানৰ উমালতা বীণাৰ ঝংকাৰৰ নিচিনাকৈ হৃদয়ৰ কোঁহে কোঁহে বাজি ৰ

কটন মহাবিদ্যালয় বুলি মুখলৈ নাহে, কলেজ শব্দটোতেই যেন সোমাই আছে জ্ঞানৰ জোৱাৰ, সমস্ত গ্লেমাৰ। সৰুৰে পৰা বাতৰি কাকতত কটন কলেজৰ ছাত্ৰ-ছাত্ৰীৰ ভাল ফলৰ বিষয়ে পঢ়ি আহিছিলোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ জপনা দেখোঁ-নেদেখোঁ হওঁতেই কটনত পঢ়াৰ হেঁপাহ জাগি উঠিল। ২০০১ চনত মোৰ দাদাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰি (ষ্টেণ্ড) কটনলৈ ঢাপলি মেলিলে। মই হেনো তাক কৈছিলোঁ- অহা বছৰ মোলৈকে এটা ছিট থৈ দিবি। এনে নাটকীয় সংলাপ সঁচাকৈ দিছিলোঁ নে নাই মোৰ ঠিক মনত নাই, ঘৰৰ মানুহেহে পাছত সোঁৱৰাই দিলে সঁচা বুলি। মেট্ৰিক পৰীক্ষা দিয়াৰ পাছত বুকুৰ পৰা বোজা এটা আঁতৰি যোৱা যেন বোধ হৈছিল। ভাবিছিলোঁ কিছুদিন জিৰণি ল'ম। পিছে মোক আচৰিত কৰি বন্ধু কেইজনমানে হায়াৰ ছেকেণ্ডেৰীৰ টিউচন লোৱা আৰম্ভ কৰিলে। কি যে বিড়ম্বনা! ময়ো দুটামান বিষয়ৰ টিউচনলৈ যাবলৈ ল'লোঁ। মেট্ৰিকৰ ৰিজাল্ট আহিল। ৰিজাল্টৰ বলত কটনলৈ অনায়াসে যাব পাৰিম। জীৱবিজ্ঞানৰ শিক্ষাগুৰু এজনে মোক বুজাবলৈ চেষ্টা কৰিলে- কটনৰ ভিৰত হেৰাই যাম; তেজপুৰতে থাকি দৰং কলেজত পঢ়িলে মোক শিক্ষকসকলে চিনি পাব, যত্নও ল'ব পাৰিব। কিন্তু মোৰ মন ইতিমধ্যে কটন কলেজ পাইছিলগৈ, শৰীৰটোহে তেজপুৰত আছিল। দাদাৰ লগতে থাকিবলৈ ভাৰাঘৰ এটাৰ যোগাৰ হ'ল। যথাসময়ত এখন অচিনাকি নগৰত পদাৰ্পণ কৰিলোঁ, তেতিয়ালৈকে মোৰ বাবে আচহুৱা ভাৰাঘৰ নামৰ ঘৰ এটাত থিতাপি ল'লোঁ।

কটনৰ এডমিচন হৈছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত। বহুতে অৱশ্যে কে বি আৰ বুলিলেহে চিনি পাব। বৃহৎ হলঘৰটোৰ মঞ্চত আমাৰ নথি পৰীক্ষণ আৰু নামভৰ্তিকৰণ আৰম্ভ হ'ল। মেট্ৰিকৰ ফলাফল ওলাওঁতেই ঘৰৰ মানুহৰ পৰা গম পাইছিলোঁ যে স্থান লাভ কৰা সুপ্ৰতীম শৰ্মা বৰুৱা নামৰ লৰাজন আমাৰ বংশৰেমঞ্চত তাক কাষতে পাই নিলাজৰ দৰে সেই তথ্যৰ নিশ্চিতি ল'লোঁ। সুপ্ৰতীমৰ সেই কথা মনত থাকিব লাগে। পাছলৈ অৱশ্যে মোৰ ফটা মুখৰ বাবে তাৰ লগত ওখনা-ওখনি হৈছিল আৰু শেষত মই ক্ষমাও খুজিছিলোঁ। যিমান দূৰ মনত আছে নামভৰ্তিৰ ক্ৰমিক সংখ্যামতেই মই আছিলোঁ ৰোল নং ২৫, শাখা গ (চেক্‌চন চি)। ২৪ আছিল বিতোপন চেহেৰাৰ স্বাতী চলিহা আৰু ২৬ আছিল অন্য এগৰাকী জ্ঞাতি সংঘমিত্ৰা বৰদলৈ!

পাঠদানৰ প্ৰথম দিনা দাদাৰ লগতে খোজ কাঢ়ি কলেজলৈ গৈছিলোঁ। যোৰপুখুৰীৰ ওচৰৰ ঘৰটোৰ পৰা সৰু পথ এটাইদি দীঘলী পুখুৰী, তাৰ পাছত কটনৰ ছোৱালী হোষ্টেলৰ আগেদি পুখুৰীৰ পাৰে পাৰে উৎকট গোন্ধ লৈ, নবীন চন্দ্ৰ বৰদলৈ গ্ৰন্থাগাৰৰ কাষেৰে পাৰ হৈ কলেজলৈ। দীঘলী পুখুৰী আৰু ওচৰৰ পুৰণি ভৱনবোৰেৰে আবৃত পৰিৱেশ দেখি সম্ভৱ কোনো লোক মোহিত নোহোৱাকৈ থাকিব নোৱাৰে কটনৰ মূল ভৱনটোতে আমাৰ প্ৰথম শ্ৰেণী অনুষ্ঠিত হৈছিল। দাদাই কোঠাটো দেখুৱাই দিলে। দ্বীপায়ন নামৰ এজন ল'ৰাৰ লগত চিনাকি হৈ গণিতৰ প্ৰথম শ্ৰেণীটো কৰিলোঁ। কটনৰ পাঠদান সম্পৰ্কে মনত যি হিমালয় সদৃশ আশা বান্ধিছিলোঁ সেয়া প্ৰথম শ্ৰেণীৰ পাছতে সোলোক ঢোলোক হৈ অহা মনত পৰে। দ্বিতীয় শ্ৰেণীটো বোধকৰোঁ ৰসায়ন বিজ্ঞানৰ আছিল। অৰ্চনা শৰ্মা বাইদেৱে সকলোৰে পৰিচয় লওঁতেই শ্ৰেণীৰ সময় উকলিছিল। সেইদিনা কাষত পাৰ্থজ্যোতি চুতীয়া বহিছিল নেকিমই সুধিছিলোঁ- পাৰ্থপ্ৰতীম নহৈ তোমাৰ নামটো পাৰ্থজ্যোতি কিয় হ'ল! কেইদিনমান ক্লাছ কৰিয়েই বঢ়িয়াকৈ বুজি উঠিছিলোঁ যে কটনত পঢ়িবলৈ মগজৰ লগতে খোজৰ বেগো থাকিব লাগিব। এই মূল ভৱনৰ পৰা পদাৰ্থ বিজ্ঞান, এই ৰসায়ন বিজ্ঞানৰ পৰা উদ্ভিদ বিজ্ঞান। প্ৰথম দুদিনমান মূল পথেৰে জীৱবিজ্ঞানলৈ অহা-যোৱা কৰাৰ পাছতহে ছাত্ৰাবাসৰ মাজেৰে যোৱা পথটো আৱিষ্কাৰ কৰিছিলোঁ। কটন কলেজৰ দুফাল কৰা ব্যস্ত পথটোৰ মটৰগাড়ীৰ পৰা যিমান ভয় আছিল, সিমানেই ভয় আছিল হোষ্টেলৰ মাজেৰে অহা-যোৱা কৰাটো। দাদাৰ চিনাকিসূত্ৰে অৱশ্যে ৰেহাই নোপোৱা নহয়। কিন্তু সহপাঠী বান্ধৱীসকলে কেইদিনমানলৈ উকিৰ শব্দ শুনাত অভ্যস্ত হৈ পৰিছিল। শোণিতপুৰৰে এজন ল'ৰা মোৰ বন্ধু হৈ পৰিছিল- শুভাংকৰ বৰুৱা। অৱশ্যে তাক তেতিয়াৰ পৰা এতিয়ালৈকে নিকি বুলিহে মাতোঁ। উচ্চতৰ মাধ্যমিক দুবছৰৰ সৰহভাগ শ্ৰেণীত চাগে একেলগে বহিছিলোঁ। পাছলৈ বেঞ্চত পালোঁ কৌশিক, আশ্ৰাফুল, বিষ্ণু, সীমান্ত, অভিজিত,  গুঞ্জন, নীলাঞ্জল, অৰিন্দম, হিমাংশু, হৃদীপ, মুস্তাফা আদিক। অনসূয়া, ৰাজ্যশ্ৰী, বিশ্বজিৎ, ডান্কান, গীতাঞ্জলী, ভাস্বতী, অভিনন্দা, শান্তিছায়া, জিকমিক ৰূপালী জোনাক, চয়নিকা, ভায়লিনা, সঞ্চিতা আদিৰ লগত চিনাকি হৈছিলোঁ সৰহখিনিৰ লগত এতিয়াও যোগাযোগ আছে

ছাত্ৰাৱাসত নোসোমালোঁ বাতৰি কাকতত ৰেগিঙৰ কথা পঢ়িছিলোঁ গতিকেই তাৰ সোৱাদ লোৱাৰ কোনো আগ্ৰহ আৰু অভিপ্ৰায় নাছিল হোষ্টেলৰ অভিজ্ঞতা নোহোৱাৰ বাবে কোনো অনুতাপো নহয়

মই আছিলোঁ যোৰপুখুৰীৰ ওচৰত ওচৰৰে পথ এটাত পাৰ্থই প্ৰথমে বেচৰকাৰী ছাত্ৰাৱাস এটাত আৰু পাছলৈ ভাৰা ঘৰ এটা লৈ আছিল কৌশিক বেজবৰুৱাৰ ঘৰ চেনিকুঠীত নগাঁৱৰ লংকাৰ আশ্ৰাফুল হক লস্কৰে অসম গণ পৰিষদৰ কাৰ্যালয়ৰ কাষৰ লীলাধৰ বৰুৱা পথত ভাৰা কৰি আছিল কৌশিকৰ লগত চিনাকি হওঁতে মই সুধিছিলোঁ- তুমি লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে বেজবৰুৱা নেকি? সি উত্তৰ দিছিল- “নহয়, আমি নাপিত মই কৌতুক কৰা বুলি ভাবিছিলোঁ নাপিত জাতিৰ বিষয়ে বহুবছৰৰ পাছতহে পঢ়িছিলোঁ আশ্ৰাফুলৰ লগত চিনাকি হওঁতে চিৰাচৰিত প্ৰশ্নটোৱেই কৰিছিলোঁ-লংকাৰ সংবাদ কি?” ওচৰতে থকা সূত্ৰেই আমাৰ কেইজনৰ মাজত বন্ধুত্ব জমি উঠিল ইজনে সিজনৰ বহালৈয়ো প্ৰায়েই অহা-যোৱা কৰিছিলোঁ বাকীবোৰৰভাৰাঘৰআৰু কৌশিকৰঘৰহোৱা বাবে সেই ঠিকনাই আমাৰো গৌণ ঠিকনা হৈ পৰিছিল আৰু কৌশিকৰ মাতৃৰ হাতৰ ব্যঞ্জন নিয়মীয়াকৈ আমাৰ পেটত সোমাইছিল কৌশিকে মই আগতে চুই নোপোৱা গিয়েৰ থকা চাইকেল এখন চলাইছিল, মই আৰু পাৰ্থই খৰ খোজ দিছিলোঁ, আৰু আশ্ৰাফুলে পাল্ছাৰ মটৰচাইকেল এখন কিনি পিছফালে সহপাঠী যুৱতী এগৰাকীক বহুওৱা আৰম্ভ কৰিছিল পাছলৈ আমাৰ ভাৰাঘৰৰ ওচৰতে থকা প্ৰজ্ঞা পাৰমিতাৰ লগতো পৰিচিত হৈছিলোঁ তাই এতিয়া মিডিয়া জগতৰ এখন চিনাকি মুখ

লাহে লাহে পঢ়াৰ চাপ বাঢ়ি আহিল। অসমীয়া মাধ্যমৰ পৰা গৈ কটনৰ ইংৰাজী মাধ্যমত ভৰি থৈ অথাই সাগৰত পৰা নাছিলোঁ, কিন্তু একেবাৰে সহজো হ'ব পৰা নাছিলোঁ। পদাৰ্থ বিজ্ঞানৰ কোনোবা এটা ক্লাছত মোৰ মুখত Height-ৰ উচ্চাৰণ "হেইট্‌" শুনি কাষতে বহা এজনে কটাক্ষ কৰিছিল- ' তুমি আচামিজ মিডিয়ামৰ পৰা আহিছা?” দ্বিতীয় বৰ্ষৰ শেষলৈকে তেনেবোৰ উচ্চাৰণ কমি আহিছিল প্ৰথম বৰ্ষত ক্লাছবোৰ কৰি খুব সুখী হব পৰা নাছিলোঁ বুজিছিলোঁ যে কিতাপৰ সকলোবোৰ কথা চমু শ্ৰণীটোত আলোচনা কৰা সম্ভৱ নহয় লগতে এটা গুজৱ আছিল যে সকলোবোৰ ভাল ভাল শিক্ষকে চেক্চন এআৰু বি-তে পঢ়ায় আমাৰ ভাগত অতি কমসংখ্যক ভাল পঢ়ুওৱা শিক্ষকহে হেনো পৰিল তাৰ মাজতে মডাৰ্ণ এপ্ৰচ টু ফিজিক্সৰ লেখক দিলীপ শৰ্মা ছাৰৰ শিক্ষণে মুগ্ধ কৰিছিল, অসমীয়া আৰু ইংৰাজী শ্ৰেণীবোৰো ভাল পাইছিলোঁ ইংৰাজী শ্ৰেণীত এবাৰ শিক্ষকজনে কবিতা এটাৰ বিষয়ে কিবা এটা প্ৰশ্ন সোধোঁতে হাত ডাঙি ইংৰাজীত উত্তৰ দিছিলোঁ নিজেতো গৰ্বিত হৈছিলোঁৱেই, ইংৰাজী শিক্ষিত সহপাঠীকেইজনমানো আচৰিত হোৱা যেনো অনুভৱ কৰিছিলোঁ প্ৰথম বৰ্ষৰ টাৰ্মিনেল পৰীক্ষাত ওচৰত সুপ্ৰতীম বহিছিল ইংৰাজী কাকতখনৰ নুবুজাবোৰ সুধি সুধি তাক বিৰক্ত কৰিছিলোঁ উত্তৰ প্ৰায়ভাগেই নজনা নহয়, প্ৰশ্নৰ ইংৰাজী পাকহে বেছিকৈ বুজি পোৱা নাছিলোঁ সেইখনত লেটাৰ মাৰ্ক পোৱাৰ পাছত সুপ্ৰতীমেতুমি কেনেকৈ লেটাৰ পালা হেবুলি চকু ডাঙৰ কৰি সুধিছিল চেক্চন চি-ত মোৰ বাহিৰে সেইখনত মাত্ৰ এগৰাকীয়েহে লেটাৰ মাৰ্ক পাইছিল উদ্ভিদ আৰু প্ৰাণীবিজ্ঞানৰো পাঠবোৰ প্ৰায় আয়ত্ত কৰিব পাৰিছিলোঁ আৰু টাৰ্মিনেল পৰীক্ষাত ভালেই নম্বৰ পাইছিলোঁ পদাৰ্থ বিজ্ঞানৰ যাত্ৰা ইমান সুখকৰ নাছিল তাতে বিয়াগোম হলটোৰ পিছফালৰ বেঞ্চত ওচৰতে বহি হেমজিতে যদি Irodov-ৰ সমস্যাবোৰ সমাধান কৰি থাকে সেয়া চিন্তাত পৰা কথাই মাজে-সময়ে নিজৰ শ্ৰেণী স্বাহা কৰি বি-চেক্চনৰ শ্ৰেণীত বহি অভিজিত বৰঠাকুৰ ছাৰৰ পাঠদানৰ সোৱাদ লৈছিলোঁ তেখেতে মোক চিনি পাই যদিও সেই নিয়ম-ভংগ দেখিও আওকাণ কৰিছিল সেইদৰে বি-চেক্চনৰে প্ৰাণী বিজ্ঞানত দুদিনমান ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ছাৰৰ ক্লাছ কৰি আহ্লাদিত হৈছিলোঁ সেইদৰে বি-চেক্চনৰে ৰসায়ন বিজ্ঞানত সত্যেন্দ্ৰ চৌধুৰী ছাৰ বহুপঠিত পাঠ্যপুথিবোৰৰ লেখক দিলীপ শৰ্মা ছাৰ, ভট্টাচাৰ্য ছাৰ, চৌধুৰী ছাৰ আদিক স্বচক্ষে দেখাটোও আছিল আমাৰ বাবে এক অনন্য অভিজ্ঞতা

মূল ভৱনৰ এটা দুৰ্গন্ধময় প্ৰস্ৰাৱগাৰৰ দেৱালত লিখা আছিল- “কটনলৈ আহিলে পতন হয় সেয়া হাঁহিৰ খোৰাক বুলিয়েই ধৰিছিলোঁ কিন্তু প্ৰথম বৰ্ষৰ পৰীক্ষা দি মোৰ ক্ষেত্ৰত সেয়া সঁচা প্ৰমাণিত হ মেট্ৰিকৰ নম্বৰতকৈ পোনে পোনে বিছ শতাংশ কমি আহিল বিভিন্ন মধ্যাকৰ্ষণ শক্তি, পৰ্য্যাবৃত্ত গতি, কম্পনাংক আদিয়ে মগজুত আউল লগোৱাত পদাৰ্থ বিজ্ঞানত পালোঁ গোটে গোটে ত্ৰিছ  

প্ৰথম বাৰ্ষিকৰ ৰিজাল্ট ওলোৱাৰ আগতেই ভৱিষ্যতৰ কথা চিন্তা কৰি পদাৰ্থ বিজ্ঞানৰ নৃপাংক শইকীয়া ছাৰৰ টিউচনত নাম লগালোঁ ছাৰে টোকৰ মাৰি চাই গম পাইছিল যে মূৰত অলপ ঘিউ আছে, কিন্তু প্ৰথম বৰ্ষৰ নম্বৰ চাই শংকিত হৈছিল সেই শংকা নিৰসন কৰি বাৰু চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞানত লেটাৰ মাৰ্ক পালোঁ লগতে ৰসায়ন বিজ্ঞান আৰু অসমীয়াত প্ৰথম বৰ্ষত মোৰ জীৱবিজ্ঞানৰ জ্ঞান ভাল বুলি পেটে পেটে অলপ গৰ্ব কৰিছিলোঁ চূড়ান্ত পৰীক্ষাত সেই বিষয়ৰ উত্তৰবোৰ ভালকৈ লিখিব নোৱাৰিলোঁ সেই দুখ বহুদিনলৈ থাকি গ

কটনে মোক কি দিলে? সহজকৈ উত্তৰ দিয়াটো সম্ভৱ নহ কিছু অনুভৱ দিলে, কিছু বন্ধু, কেৰিয়াৰ সম্পৰ্কে কিছু জ্ঞান, মানুহ সম্পৰ্কে বিচিত্ৰ অভিজ্ঞতা কিন্তু আজি এইখিনি লিখিবলৈ লৈ ভাৱ হৈছে যে কটনে মোক দিয়া আটাইতকৈ মূল্যৱান বস্তু সোণসেৰীয়া স্মৃতি জীৱনৰ বিয়লি বেলাত স্মৃতিবিভ্ৰমে খেলিমেলি নলগালে এইখিনিকে বুকুত বান্ধি লৈ ফুৰিব পাৰিম

 

পেহী

সংঘমিত্ৰাৰ নাম আগতেই কৈ আহিছোঁ তাইৰ চেহেৰা আছিল বিলাতী মোৰ লগত চিনা-পৰিচয় হোৱাৰ অলপ দিন পাছৰে পৰা মই তাইকপেহীবুলি মাতিবলৈ আৰম্ভ কৰিলোঁ মতাৰ কোনো প্ৰয়োজন নাছিল, তাইৰ লগত পৰিয়ালৰ সম্পৰ্ক বিচাৰিবলৈ গলে জেলেপীৰ পাক হ কিন্তু সেই সময়ত মোৰ মগজুৰ ৱায়াৰিং আছিল অলপ বেলেগ ধৰণৰ তাই ওফোন্দ পাতিছিল তাইৰ অন্য পৰিচয়টো আছিল পদাৰ্থ বিজ্ঞানৰ শিক্ষয়িত্ৰী নমিতা শৰ্মা বৰদলৈ (এন্এছ্বি) বাইদেৱৰ জীয়ৰী তেখেতে আমাক থিয়ৰী বা প্ৰেক্টিকেল পঢ়ুওৱা নাছিল, গতিকে মুখামুখি হোৱা নাছিলোঁ কিন্তু এদিন শলঠেকত পৰিলোঁ অন্য কোনোবা শিক্ষক অনুপস্থিত থকা বাবে তেখেত আমাৰ প্ৰেক্টিকেল ক্লাছলৈ আহিল আৰু কেইমিনিটমানৰ পাছতে সংঘমিত্ৰাই মাকক গোচৰ দিলে যে এই লৰাটোৱে তাইক পেহী পেহী মাতি থাকে মোৰ পৰা আদ্যোপান্ত লৈ তেখেতে কলে যে হওঁতে পেহী সম্বোধন অশুদ্ধ নহয়, কিন্তু তেনেকৈ মাতিলে তাই বেয়া পায় গতিকে মতা উচিত নহয় মইহয় বাইদেউবুলি পিছহোঁহকি আহিলোঁ আৰু সেইদিনাই পেহী অধ্যায়ৰ সামৰণি মাৰিলোঁ আমোদজনকভাৱে মই পেহী সম্বোধন আৰম্ভ কৰাৰ পাছতে নীলাঞ্জলে তাইক কি সূত্ৰেৰে নাজানোআইতাবুলি মাতিবলৈ আৰম্ভ কৰিছিল মোৰ মোকদৰ্মা হৈ যোৱাৰ পাছত সেইটো সম্বোধনৰো বোধকৰোঁ ইতি পৰিল

অপ্সৰা হল, পিজ্জা, কফি হাউচ

বিদ্যালয়ত পঢ়া সময়ছোৱাতভালছাত্ৰ আছিলোঁ শ্ৰেণীবোৰ নিয়মীয়াকৈ কৰিছিলোঁ, শ্ৰেণীকোঠাৰ পৰা অসময়ত পলোৱাৰ কোনো প্ৰশ্নই নাছিল কটনলৈ আহি অলপ ডেকা হোৱাৰ পাছত সেই নিষিদ্ধ বস্তুৰ সোৱাদ ললোঁ গুঞ্জন আৰু কিছু পৰিমাণে নীলাঞ্জলৰ বাহিৰে ডন বস্কআৰু ছেইণ্ট মেৰীজৰ গ্ৰুপটোৰ লগত মোৰ সিমান উঠা-বহা নাছিল হেণ্ডচাম নিকিয়ে কিবা মোহিনী-বাণ মাৰি তেওঁলোকৰ মাজৰে এজন হৈ পৰিছিল কটনৰ পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ পুৰণি বিশাল শ্ৰেণীকোঠাকেইটাৰ এক বিশেষ আকৰ্ষণ আছিল পিছৰ শাৰীকেইটা মুধচ চুওঁ চুওঁ যেন হৈছিলগৈ পদাৰ্থ বিজ্ঞানৰ কোঠাটোৰ পিছফালেদি পলোৱাৰ সুন্দৰ ব্যৱস্থা আছিল পাঠদান আমনিদায়ক হৈ পৰিলে সেই ব্যৱস্থাৰ সুবিধা দুদিনমান লৈছিলোঁ নতুন ভৱনৰ গণিতৰ শ্ৰেণীৰ পৰাও সেই ব্যৱস্থা আছিল

নিকিৰ লগত থকা সুবাদতে সম্ভৱ ছেইণ্ট মেৰীজ উত্তীৰ্ণা কোনোবা এগৰাকীৰ (সঞ্চিতা?) জন্মদিনৰপাৰ্টীখাবলৈ পাইছিলোঁ ফাঁচীবজাৰ ঘাটৰ এখন ওপঙা ৰেস্তোৰাঁত আহাৰৰ সোৱাদতকৈ সেই স্থানলৈ গৈহে ধন্য মানিছিলোঁ এদিন কোনোবা এটা শ্ৰেণী নকৰি সকলোৱে চিনেমা চাবলৈ যাম বুলি ঠিৰাং কৰিলে জেপত বেছি ধন লৈ নুফুৰিছিলোঁ দুপৰীয়া চিংৰা খাবলৈ সাধাৰণতে তিনি টকা জেপখৰছ পাইছিলোঁ, কেতিয়াবা কাট্লেট খাবৰ জোখাৰে পাঁচ টকা দহ টকা থাকিলে ধনী যেন অনুভৱ হৈছিল পৰিকল্পনামতেই সকলোৱে বাছত উঠি পল্টন বজাৰৰ অপ্সৰা হল পালোঁগৈ টিকেটৰ ধনৰ যোগাৰ কেনেকৈ হল মনত নাই সকলোৱেডেয়াৰডেভিলউপভোগ কৰিলোঁ চিনেমা চাই উঠি ৰাইজে পিজ্জা খোৱাৰ সিদ্ধান্ত ললে জি এছ ৰডৰ অধুনালুপ্তপিজ্জেৰিয়াত সকলোৱে পিজ্জাৰ সোৱাদ ললোঁগৈ জীৱনত প্ৰথমবাৰ পিজ্জা মুখত দিলোঁ তাৰ খৰছ মোৰ লগত থকাৰ প্ৰশ্নই নাহে নিকিয়ে তাৰ জেপৰ ধনেৰে মোৰ ভাগৰ খৰছো মিলালে পাছলৈ দুদিনমান সেই কথা উনুকিয়াইছিল আজিকোপতি তাক সেইখিনি টকা দিবলৈ থাকিল!

আমি খুব সম্ভৱ দ্বিতীয় বৰ্ষলৈ উঠোঁতে কটনৰ কফি হাউচখন ন-ৰূপত আৰম্ভ হ কেণ্টিন এখন আগৰে পৰা আছিলেই, অগ্ৰজসকলৰ উপস্থিতিৰ বাবে সেইখনত সোমোৱাৰ বৰ আগ্ৰহ নাছিল এতিয়া আজৰি সময়ত আমি কফি হাউচত বহা আৰম্ভ কৰিলোঁ কলিকতাৰ কফি হাউচৰ দৰে আমাৰ বৌদ্ধিক আড্ডা হোৱা নাছিল বৰং প্ৰচুৰ সময়হে নষ্ট হ উচ্চতৰ মাধ্যমিকত আৰু কেইনম্বৰমান গোটাব নোৱৰাত কফি হাউচৰো সামান্য অৰিহণা আছে বুলি মনে কয়

সংগীত

ঘৰত হিন্দী গীতৰ বাহিৰে ভূপেন হাজৰিকা, বীৰেন্দ্ৰ নাথ দত্ত, পুলক বেনাৰ্জীৰ পৰা জুবিন গাৰ্গ, কুমাৰ ভৱেশ আদিৰ গান নিয়মীয়াকৈ শুনিছিলোঁ কটনত অহাৰ আগলৈকে মই জুবিনৰ ঘাইকৈ চলচ্চিত্ৰৰ গীতবোৰহে বেছিকৈ শুনিছিলোঁ কটনৰ আজৰি সময়ত তাত যোগ হল জুবিন গাৰ্গৰ পুৰণি গীতবোৰ মাণিক চন্দ্ৰ ভৱনৰ ছাদত অভিজিত মজুমদাৰে এটা এটাকৈ জুবিনৰ গীতবোৰ গুণগুণাইছিল ওচৰে পাজৰে কলা শাখাৰ ছোৱালী থাকিলে তাৰ মাতটো অলপ ডাঙৰকৈ ওলাইছিল অসমীয়া শ্ৰেণীতো শিক্ষক অহাৰ আগছোৱাত বহুতে আধুনিক গীতবোৰ আওৰাইছিল ইংৰাজী গীতৰ জ্ঞান কম আছিল বাবে অভিজিতে এদিন মোক MLTR- Paint my Love শ্ৰাব্যসঁফুৰাটোৰ প্ৰতিলিপি এটা শুনিবলৈ দিলে সেইবোৰ গীত প্ৰায় এটা দশকলৈকে মোৰ মন-মগজুত বাজি থাকিল জন্মদিনত নিকিয়ে জগজিত সিং আৰু চিত্ৰা সিঙৰ The Unforgettables নামৰ অবিস্মৰণীয় শ্ৰাব্য সঁফুৰাটো উপহাৰ দিছিল

এইবোৰৰ পাছতো প্ৰাশ্চাত্য ৰক্সংগীতৰ তলা-নলা একো পোৱা নাছিলোঁ আমাৰ চেক্চনতে নগাঁৱৰ গৌতম নামৰ এজন লৰা আছিল সি কটনৰ পতন আপ্তবাক্যশাৰী হৃদয়ংগম কৰি পতনৰ পথত খোজ কাঢ়িবলৈ লৈছিল বুলি আমি অনুভৱ কৰিছিলোঁ প্ৰথম বৰ্ষত যোৰপুখুৰীৰ ওচৰতে নাজিমুদ্দিন ছাৰৰ টিউচনত এদিন সিও মোৰ ওচৰতে বহিছিল মোৰ কলমটোত তাৰ চকু পৰিল টিউচন শেষ কৰি ঘৰমুৱা হওঁতে সি মোৰ ওচৰলৈ আহি কলমটো তাক দিবলৈ অনুৰোধ কৰিলে কি আচৰিত অনুৰোধ! মই বোলোঁ কিয়? সি মোক বুজালে যে মোৰ কলমটোত Metallica বুলি লিখা আছে আৰু সেইটো এটা বিখ্যাত ৰক্বেণ্ড মই তেতিয়ালৈকে মেটেলিকা খাইনে পিন্ধে একো জনা নাছিলোঁ পঞ্চাছ টকামান যঁচাৰ পাছতো মই তাৰ বাৰম্বাৰ অনুৰোধ প্ৰত্যাখ্যান কৰিলোঁ

অসমীয়া শ্ৰেণী

ৰোল নং ২ ঋতুৰাজ নাথ আছিল এক অনন্য চৰিত্ৰ নগাঁৱৰ পৰা অহা মেধাৱী লৰাজনৰ পঢ়া-শুনাত যিমান দখল আছিল সিমানে দখল আছিল বাকপটুতাত আৰু আছিল অদ্ভুত প্ৰশ্ন কৰা দক্ষতা আমাৰ নৱাগত আদৰণি সভাত বিচাৰক আছিল চেতনা দাস আৰু অসীম কাজী  সেইদিনাই ঋতুৰাজৰ মগজুৰ উমান পাইছিলোঁ এতিয়া চাগে সি সলনি হ নিউ আৰ্ট্ছ বিল্ডিঙত হোৱা অসমীয়া শ্ৰেণীবোৰ আমাৰ বাবে একপ্ৰকাৰৰ অৱসৰ বিনোদন আছিল অন্য বিষয়ৰ তুলনাত অসমীয়া শ্ৰেণীবোৰ অলপ অনিয়মীয়া আছিল গতিকে আড্ডা মৰাই আড্ডা মাৰিছিল, চেনি খোৱাই চেনি খাইছিল (ৰাজৰ্ষি শৰ্মা সমীপেষু) আৰু একাংশই সেই সময়ত স্নাতকোত্তৰত নাম লগোৱা গীতাৱলী ৰাজকুমাৰীক চাই সময় কটাইছিল এদিন ক্লাছত বিভাগীয় মুৰব্বী ছাৰেফুটোনে নুফুটোকৈ কুমলীয়া কলিটিৰ বিশ্লেষণ শেষ কৰিছিলহে, ঋতুৰাজৰ পৰা পাঠ্যক্ৰম-বহিৰ্ভুত প্ৰশ্ন এটা আহিলেই – “ছাৰ, প্ৰেমক শাওণৰ প্ৰথমজাক বৰষুণৰ লগত কিয় তুলনা কৰা হয়?” জাউৰিয়ে জাউৰিয়ে হাঁহিৰ শব্দ ভাঁহি আহিল ছাৰো কম নাছিল বোলে- “তোমাৰ প্ৰশ্নই ভুল প্ৰথম বৰষুণ আহাৰ মাহতেই হয় গতিকে তুলনা কৰিবলৈ লাগে যদি আহাৰৰ লগতে কৰা!” ঋতুৰাজে হেনো প্ৰাণীবিজ্ঞানৰ শ্ৰেণীত আৰু অদ্ভুত প্ৰশ্নৰ লানি লগাই দিছিল সেইবোৰ পাহৰিছোঁ, কোনোবাই মনত পেলালেও ইয়াত লিখিব নোৱাৰি!

গণিত

প্ৰথম বাৰ্ষিকৰ গণিতৰ টাৰ্মিনেল পৰীক্ষাত চৰফৰাজ, স্বাতী, সংঘমিত্ৰা আৰু মই ওচৰা-ওচৰিকৈ বহিলোঁ সিহঁত বহাত মই অলপ সাহস পালোঁইতিমধ্যে মই গণিতৰ প্ৰতি আকৰ্ষণ হেৰুৱাই পেলাইছিলোঁ আৰু জীৱবিজ্ঞানৰ প্ৰতি ধাউতি বাঢ়ি আহিছিলপঞ্চাছ নম্বৰৰ প্ৰশ্নকাকতখন হাতত লৈ প্ৰমাদ গণিলোঁসহায়ৰ আশাৰে বাকীকেইজনৰ দিশে চালোঁ চৰফৰাজক অতি মেধাবী বুলি জানিছিলোঁ, বাকীসকলো কম নাছিল কিন্তু সহায়ৰ হাত পাতি গম পালোঁ যে তেওঁলোকৰ প্ৰস্তুতি মোতকৈও কম! ইজনে সিজনৰ মুখলৈ চায়, সিজনে ইজনৰ মুখলৈ চায় শেষত মিলি-জুলি উত্তৰবোৰ কৰিলোঁৰিজাল্ট দিওঁতে আটাইকেইজনেই শোচনীয় নম্বৰ পাইছিলোঁ, মই তেওঁলোকতকৈ দুই নম্বৰমান অধিক পাইছিলোঁ

গণিতৰ প্ৰতি বিতৃষ্ণা দ্বিতীয় বৰ্ষত চৰম সীমা পালেগৈ শ্ৰেণীৰ পাঠবোৰে মোৰ মগজুত খোপনি পুতিব পৰা নাছিল পাছলৈ ভাবিলোঁ যে দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাত গণিতৰ দিনা নাযাওঁৱেই কিন্তু ঘৰৰ মানুহে সেয়া নকৰিবলৈ সঁকিয়াই দিলে গণিতৰ প্ৰস্তুতি বিশেষ নকৰিলোঁ চূড়ান্ত পৰীক্ষাত কেল্কুলাছৰ প্ৰশ্নতে বেছি নম্বৰ থাকে সেইবোৰ পোনে পোনে এৰি মাত্ৰ ত্ৰিছ নম্বৰৰ প্ৰশ্নৰ উত্তৰ কৰি আহিলোঁ পৰীক্ষাৰ মাৰ্কশ্চিটত গণিতৰ নম্বৰ উঠিল ত্ৰিছ! আৰুনো কি লাগে ভাগ্যৰ বলত জীৱনত আজি পৰ্যন্ত কেল্কুলাছৰ ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই

  
(২০২৪ চনৰ ছেপ্টেম্বৰত অনুষ্ঠিত কটন মহাবিদ্যালয়ৰ ২০০২-০৪ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ পুনৰ্মিলন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ "উন্মীলন'"ত প্ৰকাশিত।)










Post a Comment

0 Comments