মৰমৰ উপহাৰ
মেলি দিয়া দুপাখি,
তোমাৰ নীলাকাশ কৰা উন্মুক্ত-
উকা হৃদয়ৰ কাগজত
ঢালি দিয়া
খিল্খিল্ হাঁহিৰ অবাধ্য শব্দ।
ন-কৈ ঠন ধৰা ঘাঁহনিত
বৰ্ষাসিক্ত দুভৰিৰ সাঁচ বহুৱাই,
দিবানে উপহাৰ মোক
তোমাৰ মৰমৰ আতিশয্যৰ
এটি উন্মাদ নিশা...
নতুবা খিৰিকিমুখত
জোনৰ পোহৰত উমলি
এটুকুৰা সৰগীয় স্তৱক হৈ
ওলমি ৰ’বা।
চকুলোৰ অলংকাৰ পিন্ধি
কাজল কাজল দুখৰ বানেৰে
নুচুবা মন হৃদয়ৰ
ইপাৰ-সিপাৰ,
নহ’লে ময়ো হেৰুৱাম
সেউজীয়া হোৱাৰ বাসনা!
ঢলি পৰিব ছাঁয়া অবাধ্য...
প্ৰতি দিন প্ৰতি নিশা...
তুমি মোৰ
দুচকুত স্বপ্নমালিতাৰ গুঞ্জন তোলা,
দেহৰ সিৰে সিৰে বৈ পৰা হৈ
মোৰ একান্ত নিৰ্জন পৃথিৱীৰ
গোলাপপাহিৰ
আশ্চৰ্য্য তৃষা...।
2 comments:
ব্লগটো আজি প্ৰথম দেখিলো৷ ভাল লাগিল৷
ধন্যবাদ মাখন লাল ডাঙৰীয়া।
Post a Comment