আমি জীৱন হ'ম
জীৱনৰ আখৰ বুজিবা
জীৱনৰ আখৰা কৰিবা
মানুহ সলনি হয়
সময় সলনি হয়
কাকনো দোষ দিবা।
জীৱনৰ খেলত উশাহ বুটলিবা
জিকি জিকি হাৰিবা
হাৰি হাৰি জিকিবা
সিৰে সিৰে ব'ব আঘাতৰ কণা
হাঁহিৰ মুকুতা হৈ সৰিব।
বছৰ বাগৰিব
আলিবাটৰ মূৰ স্মৃতি হৈ ৰ'ব
সাহস নেহেৰুৱাবা
জীৱনৰ গান গাবা
কোলাহলে আনি দিব শান্তিৰ পৰশ
নীলা আকাশ আমি চাই ৰ'ম
No comments:
Post a Comment