জলাতংক ৰোগ আৰু মিল্ৱাকী প্ৰট'কল
এই কাহিনীৰ নায়িকা জিনা গিজি (ছবিৰ উৎস youthhealthmag.com) |
১৩
অক্টোবৰৰ পৰা জিনাৰ গা বেয়া হ’বলৈ ধৰিলে। দুৰ্বলতা, বমি, দ্বি-দৃষ্টি, অভাৰসাম্য
আদি লক্ষণৰ বাবে জিনাক স্থানীয় ছেইণ্ট এগ্নেছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ল। জিনাৰ
হঠাতে বাদুলীয়ে কামোৰা কথাটো মনত পৰাত মাকক ক’লে। মাকে স্নায়ুৰোগ বিশেষজ্ঞজনক
জনোৱাত তেওঁ আহি আঙুলিটো চালে। ক্ষতস্থান ঠিক হৈ পৰা দেখি তেওঁ বিশেষ গুৰুত্ব
নিদিলে। পাছদিনাৰ পৰা জিনাৰ অৱস্থা কাহিল হৈ পৰিল। সকলো পৰীক্ষা-নিৰীক্ষা কৰোৱা
হ’ল। ৰোগ ধৰিব পৰা নাই। শিশু বিশেষজ্ঞ ড° হাৱাৰ্ড ধনাউ জিনাক চাবলৈ আহিল।
মাজে তেওঁক বাদুলীৰ কথাটো জনোৱাত ড° হাৱাৰ্ডে জলাতংক ৰোগ বুলি সন্দেহ
কৰিলে। খৰধৰকৈ মিল্ৱাকীৰ শিশু চিকিৎসালয়ৰ লগত যোগাযোগ কৰা হ’ল। ১৮ অক্টোবৰত জিনা
সেই চিকিৎসালয়ত ভৰ্তি হ’ল।
জিনাৰ ছাল আৰু তেজৰ নমুনা জৰ্জিয়াৰ ছেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেন্চনলৈ পঠিয়াই দিয়া হ’ল। জিনাৰ জলাতংক ৰোগ নিশ্চিত হ’ল। জিনাৰ মাক-দেউতাক ভাগি পৰিল। জলাতংক মানেই মৃত্যু। বলিয়া মৰণ। চকুৰ সন্মুখতে নিজৰ সন্তান লাহে লাহে মৰণপথলৈ আগুৱাই যোৱানো কেনেকৈ সহ্য কৰিব। শিশু সংক্ৰামক ৰোগৰ বিশেষজ্ঞ ড° ৰড্নী ৱিল’বীয়ে হাৰ মানিব নুখুজিলে। জিনাৰ ওপৰত তেওঁ আগতে কেতিয়াও নকৰা এটা পৰীক্ষামূলক চিকিৎসা পদ্ধতি চেষ্টা কৰি চাবলৈ ঠিৰাং কৰিলে। ডুবিবলৈ ধৰা মানুহে খেৰ-কূটাকো খামুচি ধৰাৰ দৰে জিনাৰ মাক-দেউতাকে সন্মতি দিলে। যিহেতু জলাতংক ৰোগে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত ৰাসায়নিক খেলিমেলিহে লগায়, ড° ৱিল’বীৰ দলে ভাবিলে যে মগজুক যদি বিশ্ৰাম দিয়া হয় তেন্তে শৰীৰৰ নিজা প্ৰতিৰক্ষা প্ৰণালীয়ে লাহে লাহে ৰোগৰ মোকাবিলা কৰিব পাৰিব। সেইমতেই গিজিক মিডাজ’লাম আৰু কেটামিন ঔষধৰ এটা মিশ্ৰণ দি কৃত্ৰিম সুপ্ত অৱস্থালৈ অনা হ’ল আৰু এণ্টিভাইৰেল ঔষধ ৰিবাভিৰিন আৰু এমেণ্টাডিন প্ৰয়োগ কৰা হ’ল। সকলোৱে ৰুদ্ধস্বাসেৰে জিনাৰ জীৱন-মৃত্যুৰ খেলখনৰ ফলাফললৈ অপেক্ষা কৰিলে।
ছদিনৰ পাছত স্নায়ুৰসৰ পৰীক্ষা কৰি দেখা গ’ল যে জিনাই শৰীৰে ৰেবীজ প্ৰতিদেহ (antibody) উৎপন্ন কৰিছে! সাতদিনৰ পাছত ড° ৱিল’বীয়ে জিনাক লাহে লাহে সুপ্তাৱস্থাৰ পৰা মুকলি কৰিলে। মগজুৰ গুৰুতৰ ক্ষতি হোৱাৰ আশংকা জিনাই অমূলক প্ৰমাণ কৰিলে। শিশুক শিকোৱাৰ দৰে তাইকো থিয় দিয়া, খোজ কঢ়া আদিৰ প্ৰশিক্ষণ দিয়া হ’ল। জিনা ক্ৰমাৎ আৰোগ্য হৈ আহিবলৈ ধৰিলে। ভৰ্তি হোৱাৰ ৭৬ দিনৰ পাছত ২০০৫ চনৰ ১ জানুৱাৰীত চিকিৎসকে জিনাক ঘৰলৈ যোৱাৰ অনুমতি দিলে। ঘটনাৰ আগত বা পাছত প্ৰতিষেধক নোলোৱাকৈ জলাতংক ৰোগৰ পৰা আৰোগ্য লাভ কৰা জিনা বিশ্বৰ প্ৰথম ব্যক্তি। ১৩১ দিনৰ পাছত চিকিৎসকৰ ওচৰলৈ পৰীক্ষাৰ বাবে যাওঁতে জিনাৰ কথা কোৱা আৰু খোজ কঢ়াত অসুবিধা প্ৰত্যক্ষ কৰা হৈছিল। কিছু স্নায়ৱিক দুৰ্বলতা থাকিলেও ২০১১ চনত জিনাই জীৱবিদ্যাৰ গ্ৰেজুৱেচন সম্পূৰ্ণ কৰে। এই চিকিৎসা পদ্ধতিবিধো “মিল্ৱাকী প্ৰট’কল” বা “ৱিছ্কন্সিন প্ৰট’কল” নামেৰে বিখ্যাত হৈ পৰিল।
বছৰি
প্ৰায় ৫৫,০০০ লোকৰ জলাতংক ৰোগত মৃত্যু হয়। আগতে ভবা হৈছিল যে প্ৰতিষেধক নোলোৱা
ব্যক্তিৰ জলাতংক হ’লে মৃত্যু ১০০% নিশ্চিত। কিন্তু জিনা গিজিৰ ঘটনাই দেখুৱালে যে
একেবাৰে আশা এৰি দিয়াৰ প্ৰয়োজন নাই। ২০০৪ চনৰ আগলৈকে কেৱল পাঁচজন জলাতংক ৰোগীৰ
মৃত্যু নোহোৱাৰ তথ্য আছে (তাৰ ভিতৰত ভাৰতৰো এগৰাকী ৰোগী আছে)। ২০১৭ চনৰ জুন
মাহলৈকে এই সংখ্যা পোন্ধৰজনলৈ বাঢ়িছে। মিল্ৱাকী প্ৰট’কলৰো এতিয়ালৈকে তিনিবাৰ
সংশোধন কৰা হৈছে। ড° ৱিল’বীয়ে ২০০৯ চনত প্ৰকাশ কৰে যে
প্ৰথম প্ৰট’কল অনুসৰি চিকিৎসা কৰা ২৫ জন লোকৰ দুজনৰ প্ৰাণৰক্ষা পৰিছে আৰু সংশোধিত
প্ৰট’কল মতে চিকিৎসা কৰা ১০ জন লোকৰ দুজনৰ প্ৰাণৰক্ষা হয় (২০১৩ চনৰ এখন গৱেষণা
পত্ৰিকাত অৱশ্যে এই তথ্য ভুল বুলি কোৱা হৈছে)। ভাৰততো ২০১৬ চনৰ জানুৱাৰীত
গোৱালিয়ৰত এজন জলাতংক ৰোগীৰ এই পদ্ধতি অনুসৰি চিকিৎসা কৰা হৈছিল, কিন্তু চাৰি দিনৰ
পাছতে তেওঁৰ মৃত্যু হয়। পেৰুত কৰা এটা গৱেষণাত ধৰা পৰে যে জলাতংকৰ প্ৰতিষেধক
নোলোৱাকৈও মানুহৰ দেহত ভাইৰাছবিধৰ প্ৰতিদেহ উৎপন্ন হ’ব পাৰে। মানৱ জলাতংকৰ কোনো
প্ৰমাণিত চিকিৎসা নাই বুলি ২০১৩ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ এখন আলোচনা চক্ৰত
স্পষ্ট কৰি দিয়া হয়।
মিল্ৱাকী প্ৰট’কলৰ মাজেৰে জিনা বা আন ৰোগীয়ে আৰোগ্য লাভ কৰাৰ কাৰণ বিতৰ্কৰ আৱৰ্তত। কোনো কোনোৰ মতে ভাইৰাছবিধৰ দুৰ্বল প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হ’লে আৰোগ্য লাভৰ সুযোগ বেছি। আন কোনোৰ মতে ব্যক্তিবিশেষৰ জিনীয় বা প্ৰতিৰোধমূলক উপাদানে আৰোগ্যত প্ৰভাৱ পেলাব পাৰে। নতুন নতুন চিকিৎসা পদ্ধতি পৰীক্ষা নকৰি মিল্ৱাকী প্ৰট’কলকে সাৱটি থকাৰ বাবে স্বাস্থ্যকৰ্মীসকলক সমালোচনা কৰা হয়। প্ৰথম মিল্ৱাকী প্ৰট’কলৰ কেৱল কেটামিন আৰু মিডাজলামহে বৰ্তমানৰ সংশোধনীত ব্যৱহাৰ কৰা হয়। প্ৰচলিত ICU চিকিৎসা প্ৰণালীত এই ঔষধ দুবিধ এনেয়ো ব্যৱহাৰ নোহোৱা নহয়। মিল্ৱাকী প্ৰট’কল অনুসৰি প্ৰাণ ৰক্ষা পৰা ঘটনাবোৰ কাক্তালীয় বুলি ধৰিলেও এই কথা নিশ্চিত যে ড° ৱিল’বীৰ প্ৰচেষ্টাই ৰেবীজৰ জোৰদাৰ চিকিৎসা সম্পৰ্কে চিকিৎসক আৰু গৱেষক সমাজৰ মাজত সজাগতাৰ সৃষ্টি কৰিলে। আন ভাইৰাছজনিত ৰোগৰ দৰে ৰেবীজ বা বলিয়া মৰণো এতিয়া ১০০% ঘাটক নহয়।
(বিভিন্ন
ইণ্টাৰনেট সূত্ৰৰ সহায় লৈ)
No comments:
Post a Comment