ক'লা-বগা ৰামধেনু
পুৱাৰে পৰা আৰম্ভ হয় চিঞৰ-বাখৰ। অন্ত্ৰৰ অভ্যন্তৰত, ভৰিৰ হাড়ৰ মাজত লুকাই থাকে স্বাধীনতা বিচৰা কীটৰ জাক। কপালৰ গাঁথি থোপা কৰি বগা কাপোৰ পিন্ধা মানুহকেইজনে চোকা অস্ত্ৰ তুলি লয়। কাটে, চিঙে, মোহাৰে। কীটবোৰে উশাহ নোপোৱা হয়। হাতত সাৰে ভৰিত সাৰে তাৰে কিছুমানে আহি সুখৰ দিনবোৰক কাকূতি কৰে। মূৰ দুপিয়ালেই মস্কিল। বুকুতে খোঁট মাৰিব; ৰাজহাড়েদি উজাই গৈ মন-মগজুত অনুপ্ৰৱেশ কৰিব। বগাবোৰ লাহে লাহে টোপনি যায়। ক’লা সাৰ পাই উঠে। সময় বালিৰ জিলমিলনিবোৰ অক্টোপাছৰ দৰে টানি টানি আনি গৰ্ভত লুকুৱায়। পাছদিনা পুৱাৰে পৰা আকৌ আৰম্ভ প্ৰাণকাতৰ চিঞৰ। আমি নুশুনো। নুশুনাৰ ভাও জুৰোঁ।
আপুনিও চিকাৰ হ’ব। ৰঙা, বগাৰ হেন্দোলনিত আকাশেও কান্দিব। ডিঙিত মৰহা বকুলৰ মালা ওলমাই মই আপোনাক অনুসৰণ কৰিম। পথ বন্ধৰ নিৰ্দেশ নামানো, নাচাওঁ। মিথ্যাৰ আপোচবিহীন গড়াত আপোনাৰ ভৰি পিচলিব। অৱগাহণৰ পথত আমি পাপ-পূণ্য লেখিম। কালৰ উঠঙা শিলত শিৰ আচাৰ নোখোৱালৈকে আমি গীত গাম। শুভ্ৰ বস্ত্ৰৰে ঢকা জীৱনক যেতিয়া সুনিপুণ হাতে বিদাৰিব, সকলোৰে দেখিব কিদৰে মৰণ কীটে আপোনাৰ মৃত্যুক কৰি তুলিলে অপৰাজেয়।
খিৰিকীৰ পিৰালিত উঠি তেওঁ জোনটো আকিব খুজিছিল। খেনোৰে ক’ব- জোনটো ক’লা ৰঙেৰে ঢাকিব খুজিছিল। শীতল বাহু প্ৰদৰ্শন কৰিও তেওঁ জোনটোৰ কাষবোৰ ক’লাৰে ঢাকিব নোৱাৰিলে। খন্তেকৰ বাবে জীৱনে বাট সামৰিব খুজিলে। আন্ধাৰে পোহৰক ঢাকিব পাৰে, পোহৰে আন্ধাৰক চাৰখাৰ কৰে। ক’লালৈ চাই আমি সন্মোহিত হওঁ, উজ্জ্বল বগালৈ চাই হওঁ অন্ধ বলীয়া। কোলাহলৰ পৰা তেওঁ আঁতৰিব বিচাৰিছিল। নিয়তিৰ হাতে চিৰকাললৈ মূক কৰি পেলালে। কথা-অকথাত উজুটিয়াই ছাল ছিঙি তেওঁ যেতিয়া সুৰুঙা নথকা জালত সোমাই পৰিল, মানুহৰ মুখা পিন্ধা কীটবোৰে তেওঁক সাৱটি ল’লে। আঁৰত অসাৱধানতাৰ পোছাকেই হওক বা প্ৰতাৰণাৰ পানীয়, তেওঁ অসীমৰ আনটো মূৰলৈ ঢাপলি মেলিলে। তাৰ পৰা হেনো কোনো ঘূৰি নাহে, সময়ো।
পথটোত তাই বাৰে বাৰে উজুটিয়াইছিল। কেতিয়াবা কোনোবা সুহৃদয়ে থাপ মাৰি ধৰিছিল, কেতিয়াবা তাইৰ শীৰ্ণ দেহত পীতচানেকীয়া সাপবোৰে মেৰিয়াই ধৰাত আটাহ পাৰিছিল। মগজুত টিক্ টিক্ কৰা এটা সময় বোমা। বুকুত মামৰে ধৰা এখন জপনা, জপনাৰ আঁৰত বিষাক্ত গোলাপৰ লানি। গোলাপৰ পাহিত জোটাই জোটাই পঢ়ে নাৰীময়তাৰ পাঠ। তাইৰ মনৰ পিৰালিত অযুত আত্মাই ভিৰ কৰে, তাই টোপনিত বিৰবিৰায়। শোৱনি কোঠাত ভেঁকুৰ ধৰা স্মৃতি। সেমেকা সেমেকা গোন্ধৰ অতপালি। সময়-অসময়ৰ হিচাপ ৰাখোঁতা নাই, হাঁহি-কান্দোন ভগাই লওঁতা নাই। আমিও মানুহহে। কিমাননো সহ্য কৰিম হাড় গুৰি কৰিব খোজা যন্ত্ৰণাৰ অজগৰৰ চেঁপা। তাইও নকৰিলে। থিয়দঙা দি শেষবাৰলৈ থপিয়াব খুজিছিল বেলিৰ ৰং। চুই চাব খুজিছিল বিষণ্ণতাৰ চুলিত গজা ভমকাফুলীয়া সুখৰ আকৰ। হেঁপাহৰ গান শূন্যতে উপঙি ৰ’ল। বহুপৰৰ পাছত তাইক সহস্ৰ হাতে স্পৰ্শ কৰিলে। তেতিয়া হয়তো কুঁৱলিৰ সিপাৰে ফুটি উঠিল এটি ইষৎ হাঁহি। কোনেও নাজানিলে।
তেজৰ চেঁকুৰাৰ গোন্ধ পালেই শিয়ালৰ জাক দৌৰি আহিব। সিহঁতে মানুহ হোৱাৰ শিক্ষা পোৱা নাই। জিভা দোৰোল খোৱা শব্দৰ প্ৰতিদান সিঁহতে কেৱল হোৱা-হোৱাৰে দিয়ে। বিচিত্ৰ যন্ত্ৰ-পাতিৰ কেৰামতালি দেখুৱাই পৃথিৱীক বুৰ্বক সাজে। সিহঁতেতো নাজানে সিহঁতকো কীটৰ দংশনৰ পৰা উদ্ধাৰিবলৈ আপোনাৰ কিমান বিনিদ্ৰ ৰজনী, কিমান আৰাধনা। ভালপোৱাৰ ফুল মৰহে, সৰে, মাটিত মিহলি হয়। হয়তো আকৌ এপাহি ফুলে। সৰ্বশৰীৰত সময়ৰ অত্যাচাৰৰ দাগক সিহঁতে মৰমৰ আতিশৰ্য বুলিব। বগা কাপোৰত পোৱাঁতীৰ ৰঙা দাগক সজাব কোনো অজান হত্যাৰ চিন। আমি ব্যস্ত থাকিম সফলতাৰ সোপান গঢ়াত। সুউচ্চ দালানৰ পৰা ভাঁহি আহিব- ইগ্ন’ৰ, ইগ্ন’ৰ!
এনেকৈয়ে পাৰ হয় দিন-কাল-ৰাতি। বুকুত বাহৰ পতা বলীয়া বতাহজাকক সুধিম সুধিম বুলি ভাবোঁতেই সন্ধিয়াৰ শেষ ফেৰীখনে মেলানি মাগে। উচপিচ লাগে। কাকনো ক’ম মগজুক কুটি কুটি খাই থকা অবাধ্য কীটৰ সাধু। দিনৰ বেলিকা ৰঙা নিচান উৰুৱাই আন্দোলনৰ গান। ৰাতিৰ বেলিকা জীৱন-মৃত্যুৰ পাৰাপাৰ ভাঙি চিনাকী চিনাকী বান। কোনে জানে এই গতিৰ শেষ ক’ত। জীৱন ধৰ্মৰ নাম, কি হিন্দু, কি মুছলমান! গতিৰ সতে দৌৰোঁতে দৌৰোঁতে মানুহ হোৱাৰ পাঠ পালোঁনে নাই গম ল’বই নোৱাৰিলোঁ। এতিয়াও দিনৌ আগবয়সীয়া স্মৃতিৰ অগাদেৱা।
চোতাললৈ আগবাঢ়িলেই মৃতকৰ মুখে আগভেটা দিয়ে। স্বৰ্গ-পাতালত ব্যাপ্ত হুমুনিয়াহৰ আধৰুৱা উপন্যাসৰ পৃষ্ঠা। সেই উপন্যাসৰে আখৰৰ চিঞাহী চিনাকী মানুহৰ সিৰত ভাহে। এটোপাল দুটোপাল ছিটিকি পৰে কপালৰ ৰেখাত। আহাঁ, এইখন চোতালতে বহি গাওঁ জয়ৰ বৃন্দগান। অজগৰডালক কৰোঁ আমাৰ তুলসী মালা। কীটৰ জাকেৰে সজাওঁ নৈবদ্যৰ মেলা। বানৰ সোঁতত থৈ যাওঁ আমাৰ গতিৰ ৰেখ। ৰেলৰ আলিৰ বনত থৈ যাওঁ অজেয় অহংকাৰ। নিতৌ পুৱা আমি সুখৰ অন্বেষণ কৰিম। অসুখৰ গ্ৰহণক কাটিম, ছিঙিম, মোহাৰিম। পৃথিৱীক দি যাম সদ্য মাতৃৰ হাঁহিৰ প্ৰতিদান।
(অকালতে হেৰাই যোৱা অসম চিকিৎসা মহাবিদ্যালয়ৰ তিনিগৰাকী সহযোদ্ধাৰ সোঁৱৰণত)
No comments:
Post a Comment