যোৱা ২৬ তাৰিখে গুৱাহাটীত হিমজ্যোতি তালুকদাৰৰ পৰিচালনাৰ দ্বিতীয়খন চলচ্চিত্ৰ ‘তাৰিখ’ চালোঁ। আগ্ৰহীসকলে হয়তো ট্ৰেইলাৰ চায়েই অনুমান কৰিছে যে ‘তাৰিখ’ মুঠেই সংলাপ-নিৰ্ভৰ চিনেমা নহয়। চাক্ষুস মাধ্যম হিচাপে চিনেমাক উপস্থাপন কৰাৰ কাম ই পূৰাদমেই কৰিছে। সবাক চলচ্চিত্ৰৰ যুগতো একেবাৰে কম সংলাপ থকা বা সংলাপ নথকা চলচ্চিত্ৰ নাইকিয়া হৈ যোৱা নাই। তাৰিখৰ বিষয়ে অলপ লিখিবলৈ লৈ মনত পৰিল Wall-E, The artist, A quiet place আদি নামৰ লগতে ২০১৯ চনৰ Guwahati International Film Festivalত চোৱা আৰু মনত ৰৈ যোৱা এখন ভূটানী চলচ্চিত্ৰ The Red Phallus লৈ। শেষৰখনত মূল চৰিত্ৰটোৰ বিশাল পৰিবেশত অকলশৰীয়া হৈ থকা কিছুমান দৃশ্য আছিল, লং শ্বট কিছুমানে সৰু সৰু কামবোৰ ফুটাই দেখুৱাইছিল। এয়া কিয় কৈছোঁ তাৰিখ চালে বুজিব।
হিমজ্যোতি দাৰ প্ৰথমখন ছবি ‘কেলেণ্ডাৰ’ ভাল পাইছিলোঁ, এক সুকীয়া ঠাঁচৰ ছবি বুলি অসমৰ ৰাইজেও ভাল পাইছিল। কেলেণ্ডাৰৰ মূল চৰিত্ৰ শেষৰফালে অকলশৰীয়া হৈ পৰিছিল, ‘তাৰিখ’ৰ মূল চৰিত্ৰ প্ৰথমৰ পৰাই অকলশৰীয়া। অভিনেতাও একেজনেই। চলচ্চিত্ৰ আৰু অভিনেতাৰ নাম চাই বোধকৰোঁ ৰাইজে একে ধৰণৰ চিনেমা বুলি ভবাত কেইদিনমানৰ আগতে “তাৰিখ কেলেণ্ডাৰ’’ নহয় জাতীয় স্পষ্টীকৰণ এটাও চকুত পৰিছিল। যি কি নহওক, তাৰিখ কেলেণ্ডাৰতকৈ বেলেগ। যোৱা কেইমাহত মই চোৱা ভাইমন দা, ৰুদ্ৰ আৰু মালামাল বয়জতকৈতো একেবাৰে বেলেগ। সেইবুলি কেলেণ্ডাৰৰ একেজন পৰিচালকৰ স্বকীয় চাপ ইয়াত নথকা নহয়। ইতিমধ্যে সকলোৱে গম পাইছেই যে ছবিখনে ‘Post-traumatic stress disorder’ নামৰ মানসিক সমস্যাটোৰ ওপৰত আলোকপাত কৰিছে। দুখ, আঘাত আৰু অতীতৰ ভয়ানক স্মৃতিয়ে এজন মানুহৰ জীৱন কেনেকৈ জটিল কৰি তোলে, সেয়া বাস্তৱিকভাৱে এই ছবিখনে ফুটাই তুলিছে। বোধকৰোঁ অসমৰ লগতে ভাৰতীয় সমাজতো এই বিষয়বস্তুৰ খোলাখুলিকৈ আলোচনা হোৱা নাই, ভাৰতীয় চলচ্চিত্ৰতো ইয়াৰ উপস্থিতি সেৰেঙা। Dear Zindagi ৰ দৰে মাত্ৰ কেইখনমান চলচ্চিত্ৰই মানসিক সমস্যা বা ৰোগৰ বিষয় দৰ্শকৰ মাজলৈ সাহসেৰে কঢ়িয়াই নিছে। ‘তাৰিখ’-এ দেখুৱাইছে যে কেৱল এক্চন, ৰোমাঞ্চৰ আৰু হাস্যৰসৰ সীমাতে অসমীয়া চিনেমা থমকি নৰয়, চিনেমা হ'ব পাৰে সমাজৰ প্ৰয়োজনীয় কথোপকথন আৰম্ভ কৰাৰো অন্যতম সঁজুলি। মানসিক আঘাত আৰু এক দীঘলীয়া মানসিক যুঁজ হয়তো অসমৰ বহুলোকৰে বাস্তৱ সত্য, কিন্তু বহু সময়ত সেয়া লুকাই ৰৈ যায়। ‘তাৰিখ’-এ তাক অন্ধকূপৰ পৰা উলিয়াই আনিছে। সেই কাম নিষ্ঠাৰে কৰিবলৈ চেষ্টা কৰিছে৷
তাৰিখ চাই বন্ধু এগৰাকীক কৈছিলোঁ— Arun Nath reigns supreme। খান, কুমাৰহঁতৰ দিনতো আমি মনোজ বাজপায়ীক যি স্থানত ৰাখোঁ, অসমীয়া চলচ্চিত্ৰতো অৰুণ নাথৰ স্থান তেনে। আচৰণ, অভিব্যক্তিৰ জৰিয়তেই তেওঁ কিমান কথা যে কৈছে। চিনেমাখন অলপ সময় চোৱাৰ পাছতেই এই টোকাটোৰ শিৰোনামটো মোৰ মনলৈ আহিছিল— নীৰৱতাৰ শব্দ! আন অভিনেতাসকলেও প্ৰাণ ঢালি অভিনয় কৰিছে (বলোৰাম দাস, স্বাগতা ভৰালী, কুল কুলদীপ, ডাঃ জয়ন্ত দাস আদি)। চিনেমাৰ কাৰিকৰী কথাত মোৰ জ্ঞান প্ৰায় শূন্য যদিও অনিৰুদ্ধ বৰুৱাৰ চিনেমাট’গ্ৰাফী এই চিনেমাখনৰ এটা শক্তিশালী দিশ বুলি অনুভৱ কৰিছোঁ। দৃশ্যৰ প্ৰাচুৰ্য তেওঁ দেখুৱাবলৈ যোৱা নাই। কাহিনীৰ লগত মিলা ক্ল'জ আপ শ্বটবোৰ, চৰিত্ৰৰ শূন্যতা ফুটোৱা দৃশ্যবোৰ চিনেমাখনৰ সম্পদ। তৰালী শৰ্মাৰ পাৰ্শ্ব সংগীতে তাৰিখক প্ৰাণ দিছে। একমাত্ৰ গীতটো শ্ৰুতিমধুৰ। ৰূপম ভূঞাৰ কণ্ঠ আৰু কাহিনী গম পোৱাৰ পাছত ইয়াৰ চিত্ৰায়ণ একপ্ৰকাৰৰ haunting, কিন্তু চিনেমাখনৰ সামগ্ৰিক গতিৰ লগত যেন ই খাপ নাখালে। দেৱজিত গায়নৰ চাউণ্ড ডিজাইন চিনেমাখনৰ একেবাৰে খাজে খাজে পৰিছে। সম্পাদনাইও সেইদৰে বাহুল্য পৰিহাৰ কৰি ছবিখন নিৰ্মেদ কৰি তুলিছে। হিমজ্যোতি দাৰ লগতে আন দুজনে লিখা চিত্ৰনাট্যক লৈ মনত অলপ আপত্তি উঠিল; ঘাইকৈ ক্লাইমেক্সৰ অংশক লৈ। বিৰতিৰ পাছত চিনেমাখন খৰধৰকৈ শেষ হোৱা যে ভাৱ হ'ল, বলোৰাম দাসৰ যুক্তি-সংলাপ আৰু মূল চৰিত্ৰ পৰিসমাপ্তিয়ে যেন পূৰ্ণতা নাপালে।
পৰিচালকে হয়তো ছবিখন মূলধাৰাৰ চলচ্চিত্ৰ কথনৰ পৰা পৃথক বুলি ক'ব নিবিচাৰিব, কিন্তু ছবিখন সকলোৰে বাবে বুলি ক’বলৈ মোৰ অলপ সংকোচ হৈছে। মই নিজকে কেৱল ‘বিনোদনধৰ্মী’ চলচ্চিত্ৰ উপভোগ কৰা দৰ্শকৰ শাৰীত নধৰোঁ; অত্যন্ত চিৰিয়াছ আৰু পৰীক্ষামূলক ছবিও মই বহু চাইছোঁ। ইয়াত পৰিচালকে নিজৰ ক’বলগীয়াখিনি কোৱাত কোনো কাৰ্পণ্য কৰা নাই, ই যে আটকধুনীয়া তাতো সন্দেহ নাই। কিন্তু ছবিখন প্ৰস্তুত কৰোঁতে হয়তো পৰিচালকৰ অৱচেতন মনত ‘চলচ্চিত্ৰ মহোৎসৱ’ বোলা কথাটোৱে অলপ হ'লেও ক্ৰিয়া কৰিছিল। ‘কেলেণ্ডাৰ’ৰ তুলনাত ‘তাৰিখ’ অলপ কম সুসংগত (coherent) যেন পালোঁ বুলিও ছবিখন চাই আহি মন্তব্য কৰিছিলোঁ। ছবিখনৰ সীমিত মুক্তিয়েও বহুতকে চিনেমাখন চোৱাৰ পৰা বঞ্চিত কৰিব পাৰে। সেইবুলি ‘তাৰিখ’ৰ মূল্য যে কম তেনে নহয়। চমকপ্ৰদ কাহিনী আৰু দ্ৰুত দৃশ্যই বিনোদন জগত দখল কৰা সময়তো এনে চিনেমাই দৰ্শকক থমকি ভাবিবলৈ বাধ্য কৰে। মানৱতা কেৱল সফলতা আৰু আনন্দৰ কাহিনী নহয়, দুখ আৰু তাৰ পৰা মুক্তিৰ সন্ধানৰো মূল্য একেই।
0 Comments