ইণ্ডিক ইন্‌পুট্‌ ২-ৰ সুবিধা-অসুবিধাসমূহ


"মাইক্ৰ'ছফ্ট ইণ্ডিক ইন্‌পুট্‌ ২" হৈছে Webdunia নামৰ প্ৰতিষ্ঠানটোৱে সাজি উলিওৱা এবিধ ইউনিক'ড টাইপিং সঁজুলি। অসমীয়া টাইপিঙৰ ক্ষেত্ৰত ই বাৰুকৈয়ে জনপ্ৰিয়। http://bhashaindia.com/Downloads/Pages/home.aspx ঠিকনাটোৰ পৰা ইয়াক ডাউনল'ড কৰিব পাৰি। ইন্‌ষ্টল কৰা পদ্ধতি আৰু টাইপিঙৰ নিয়মসমূহ ডাউনল'ড কৰিলে পোৱা পি ডি এফ ফাইলটোতে আছে বাবে সেইবোৰ ইয়াত উল্লেখ কৰিব বিচৰা নাই। ইয়াত মই কেৱল ইণ্ডিক ইন্‌পুট্‌ ২ ব্যৱহাৰ কৰি অনুভৱ কৰা সুবিধা-অসুবিধাসমূহ উল্লেখ কৰিছোঁ।

সুবিধাসমূহ:
  • ডাউনল'ড ফাইলটো আন কিছুমান সঁজুলিৰ তুলনাত অতি সৰু 32 bit 'পাৰেটং চীষ্টেমৰ বাবে কেৱল 1.2 MB আৰু 64 bit 'পাৰেটিং চীষ্টেমৰ বাবে 2.3 MB
  • একেটা সঁজুলিতে লিপ্যন্তৰ, ইন্‌স্ক্ৰিপ্ট আৰু টাইপ্‌ৰাইটাৰ- এই তিনিবিধ লে'আউটেৰে টাইপ কৰাৰ সুবিধা আছে।
  • লিপ্যন্তৰৰ নিয়ম তুলনামূলকভাৱে সহজ (এইটো অৱশ্যে আপেক্ষিক কথা)। বাৰাহাৰ লগত বহু মিল আছে বাবে বাৰাহা ব্যৱহাৰসকলে এইটোত বিশেষ অসুবিধা নাপাব।
  • Left Alt+Shift টিপি ইন্‌পুট ভাষা অসমীয়া আৰু ইংৰাজীৰ মাজত সলাব পাৰি। (বাৰাহাত থকা চৰ্টকাটটোৱে মোৰ XPত কাম কৰিছিল, Window 7-অত কৰা নাছিল। সেইবাবে উল্লেখ কৰিলোঁ। আনৰ তেনে ন'হবও পাৰে।)
  • লিপ্যন্তৰত On-the-fly helpৰ সুবিধা আছে। অৰ্থাৎ টাইপ কৰাৰ লগে লগে সম্ভৱপৰ কী-ষ্ট্ৰ'কৰ বাবে আপোনাক নিৰ্দেশ দি থাকিবএইটো অৱশ্যে নিষ্ক্ৰিয় কৰি থ'ব পাৰি। ইন্‌স্ক্ৰিপ্ট আৰু টাইপ্‌ৰাইটাৰৰ বাবে কী-ব'ৰ্ড চাই থাকিব পৰা সুবিধা আছে।
অসুবিধাসমূহ:
  • 32 bit 'পাৰেটং চীষ্টেম আৰু 64 bit 'পাৰেটিং চীষ্টেমৰ বাবে বেলেগ বেলেগকৈ ডাউনল'ড কৰিব লাগে। ৱেবচাইটৰ কথাখিনিৰ মতে 32 bit XP 'পাৰেটিং চীষ্টেমত ইণ্ডিক ইন্‌পুট্‌ ২য়ে কাম নকৰে (ব্যৱহাৰ কৰি চোৱা নাই)।
  • বেলেগ বেলেগ ভাষাৰ বাবে বেলেগ বেলেগকৈ ডাউনল'ড কৰিব লাগিব (ইয়াৰ বিপৰীতে বাৰাহাত ১৮ টা আৰু আলাগীত ১৩ টা ভাষা লিখিব পাৰি)।
  • 'ৰ্টেবল সংস্কৰণ নাই।
  • হসন্ত (ৎ) টাইপ কৰিব নোৱাৰি। ৎ টাইপ কৰিবলৈ লিপ্যন্তৰত t~ৰ বিধান দিয়া আছে যদিও তেতিয়া "ত্‌"হে ওলায়, সেইটোকে বহুত ফ'ণ্টে "ৎ" হিছাপে দেখুৱায়। কিন্তু লোহিত অসমীয়াৰ দৰে ফ'ণ্টত দুয়োটাৰে পাৰ্থক্য ওলাই পৰে (বিশেষকৈ ৱিকিপিডিয়াৰ দৰে ৱেবচাইটত ই সমস্যাৰ সৃষ্টি কৰে‌) গোগলত ইণ্ডিক ইন্‌পুট্‌ আৰু অভ্ৰৰে বেলেগ বেলেগকৈ “চিকিৎসা বিজ্ঞান” সন্ধান কৰি চালেই কথাটো বুজা যায়
  • "ড"ৰ লগত ব্যঞ্জন্ত দিওঁতে, যেনে- Hudson (হাড্‌চন)ৰ দৰে বানান লিখাত অসুবিধা হয়। আনবোৰ আখৰৰ দৰে ইয়াক D_ টাইপ কৰি লিখিব পাৰিব লাগিছিল যদিও সেইটো "ড়"ৰ বাবে নিৰ্দেশ কৰি থোৱা আছে। গতিকে "ড্‌" লিখাৰ প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হয়: D~Backspace_
  • অসমীয়া সংখ্যাকেইটা Numpad-তহে টাইপ কৰিব পাৰি Numpad নথকা লেপটপত সম্ভৱ এইবোৰ টাইপ কৰিব নোৱাৰি! সহায় ফাইলখনত আন উপায় উল্লেখ নাই
আৰু এতিয়া মনলৈ অহা নাই। আহিলে যোগ কৰিম।



Post a Comment

0 Comments