কথাৰ বৰশী


ডাৱৰে ডাৱৰে কথা কয়, 

উন্মাদ বৰ্ষা নামে

সলাজ চাৱনিৰ বান

বুকুৱে বুকুৱে বয়।

 

ৰঙাকৈ জ্বলেনো চকুৰ বেলিটি

পথাৰত নীলাকৈ ঠেৰেঙা পৰি ৰয়।

 

সন্ধিয়াৰ আকাশে কলিজা চুমে,

পবালি আঙুলিৰ দোমোজাত

চেনেহো ওলমে।

 

জঁটতে সামৰা, জঁটেৰে আৱৰা

কথাৰে বৰশীতে লাগে

পমাৰে ডিঙৰা।

 

নিৰ্ভাৱনাৰ নদী বাঢ়ে।

আঁচলৰ জাৰণিত জোনৰে উৰণি

পপীয়াই হামৰাও কাঢ়ে।

 

 

Post a Comment

0 Comments