আশা

সোঁ‌ৱৰণিৰ কোলাত আপোনমনে

জীৱনৰ বাট বুলোঁ‌,

সৰু সৰু কথাৰে

মৰম সামৰি

পৃথিৱী জুখি চালোঁ‌,

দুবৰিৰ টোপালত আৰু আছেইবা কি?

মৰণ কোলাহলত আৰু বুজিবা কি?

 

হৃদয়ৰ এচপৰা এতিয়াও সামৰি থওঁ‌,

নিশাৰ গভীৰতাত নিজৰ লগতে কথা হওঁ‌,

গতিৰ উভতনি সোঁ‌তত ভৰি থ'লে

উন্মাদ ধাননি হয় নিথৰ,

বিনা মেঘে খহে আকাশৰ গান

সৰগ চুবলে আৰু কিমান পৰ?

 

পলে পলে তেজৰ সমাধিত

কলিজাৰ এফাল খহাওঁ‌,

পুৱাবেলা ৰঙা বেলিত

নতুনৰ ৰং পাওঁ‌,

ভঙা পতাৰ খেল এতিয়াও বাকী,

সংগ্ৰামৰ বাদে বুকুত আছেইবা কি?

আশাৰ বাহিৰে পৃথিৱীত সঁ‌চাইবা কি?

 

Post a Comment

0 Comments