December 25, 2013 | By: গীতাৰ্থ বৰদলৈ

অন্ধ সপোন, অনামিকা আৰু অন্যান্য

তৰাবিহীন আকাশখনে কান্দিছে। এটুপ দুটুপকৈ। হয়তো তোমাৰ চকুপানী, প্ৰিয়জনলৈ উপহাৰ। পৃথিৱী শুই পৰিছে। ম‌ই এতিয়াও সাৰে আছোঁ। কোমল বালিত জিলিকি থকা তোমাৰ খোজত মাতাল অনুভূতিৰ ছবি আকিছোঁ। দিক্‌ভ্ৰান্ত নক্ষত্ৰক চাই বাট বুলিছোঁ। নদী এতিয়া নিঃস্তব্ধ, নিমাত। বিধ্বস্ত নিশাৰ সিপাৰে দিগ্‌বলয়ত বিষাদ-সংগীত। তুমি শান্তভাৱে ঘাঁহনিডৰাত শুই আছা।

এটা হাজাৰবছৰীয়া চুক্তি আছিল আমাৰ মাজত। তুমি আঁতৰি গলে ম‌ই তোমাক উভতাই আনিম আৰু ম‌ই আঁতৰি গলে তুমি। ম‌ই হয়তো হাৰি গৈছোঁ। তুমিও আন্ধাৰৰ ওৰণি ললা। নিষ্ঠুৰভাৱে চুক্তিপত্ৰখন ভৰিৰে মোহাৰিলা। শূন্য দৃষ্টিয়ে আজি তোমাক ঢুকি নাপায়। ম‌ই পৃথিৱীৰ অন্ধকাৰত ডুবি ৰৈছোঁ- আদিম ভয়ৰ দৰে। মোক এখন হাতৰ খুবেই প্ৰয়োজন হৈছে। আজি নিশা তোমালৈ মনত পৰিছে।

তুমি হয়তো ভাগৰি পৰিলা লুকাচুৰি এই খেলত। প্ৰতিদিনে বাৰুদৰ চুমা, তেজৰ নিচান, দেৱালত ইস্তাহাৰ। মাজে মাজে সেউজ সৰাপাত সাৱটি মোক বুকুত আঁকিব খুজিছা, হাতত হাত থৈ আধা জপা চকুৰে নিজকে মোৰ আগত মেলি ধৰিব খুজিছা। কিন্তু দেখিছা মোক কলা সাজত, বুকুত সমাজে দিয়া পুৰণি ঘাঁ, দুচকুত যন্ত্ৰণা আৰু হাতত ৰিভলভাৰ। মোক আৱৰি পলাতক আত্মাৰ সমদল। তুমি হয়তো ভাগৰি পৰিলা। তোমাৰ মন গৈছিল উৰিবলৈ। ডাৱৰৰ সৈতে উমলি মোৰ লগত নিয়ৰসনা দুচকুৰ কথা পাতিবলৈ। সেউজীয়া হবলৈ। কিন্তু উজ্জ্বল নিয়ন লাইটৰ পোহৰে আকাশ সামৰি ললে। তুমি সকলোৰে আগত বুকু উদঙাই দিলা। তোমাৰ কলিজাৰ খৰিকাজাঁই গোন্ধ কেনিনো গল! আজি তুমি চিঞৰি চিঞৰি কথা কৈছা জীৱনৰ বিচিত্ৰতাৰ। সপোন দেখাৰ পৰা আন্ধাৰ সাৱটি লোৱালৈকে তুমি কথা কৈছা...আৰু শুই পৰিছা।

কেতিয়াবা বাৰু মনত পেলাইছানে অনামিকা সেই দিনৰ কথা। ৰাজপথত ৰৈ আমিযে চাইছিলোঁ নগ্ন জগতক। ঘণ্টাৰ পিছত ঘণ্টা দৰিদ্ৰতাৰ কথা পাতিছিলোঁ। তুমিওতো সহযোগ কৰিছিলা মোক পাশৱিকতাৰ পাণ্ডুলিপি লিখাত। উৰুখা চালেৰে আমি চাইছিলোঁ নতুনৰ পোহৰ। পৃথিৱীৰ শেষ সীমনালৈ ঘোঁৰা চেকুৰাই আমি সপোন দেখিছিলোঁ মানুহৰ মন নিকা কৰাৰ। নতুন সমাজৰ বৰভেটি গঢ়ি সকলোৰে হৃদয়ত সূৰ্যমুখী ফুলোৱাৰ। সকলোবোৰ শেষ হৈ গৈছে। সপোন ডাৱৰ হৈ উৰি গৈছে। বেলি লহিওৱাৰ পৰত নেদেখা প্ৰাচীৰত খুন্দা খাইছে। উৰুখা চালেৰে বৰষুণ হৈ পৰিছে অকলশৰীয়া মোৰ শৰীৰত। এতিয়া মোক চলাথ কৰিছা আদিম সমাজত, কোলাহলৰ কাব্যত। তুমি মূক নোহোৱা, অথচ সঁহাৰি নিদিয়া। হয়তো তোমাৰ মুখত কেৱল শূন্যতাৰ ভাষা; গৃহহাৰাৰ প্ৰতিও দুআষাৰ কবলৈ নাই। নাইবা তুমি মৃত।

কিদৰেবা সলনি হল সময়। তোমাক দেখিহে হাতৰ পাবত গণিছোঁ সময়ৰ পৃষ্ঠা। তুমি সলনি হৈছা, বাস্তৱৰ বাণত বিদীৰ্ণ হৈছে চকুৰ হাঁহি। অনিদ্ৰিত ৰাতিৰ গোপন প্ৰাৰ্থনা বুকুত বান্ধি ম‌ই হৈ পৰিছোঁ বহিৰাগত। তথাপিও ম‌ই হৈ আছোঁ আজিও স্বপ্নৰ বোকোচাত উঠি ফুৰা ফটা কামিজ পিন্ধা সৰ্বহাৰাৰ ৰাজকুমাৰ। মোৰ হাতৰ অস্ত্ৰ আনৰ বাবেহে। তুমি বুজিছানে অনামিকা?

তুমি ভুল ভাবিছা। নিজৰ বাবে ম‌ই ধাৰাসাৰ গুলী চলোৱা নাই। উন্মুক্ত বেয়নেটৰ আগত বুকু পাতি দিয়া নাই। তুমি মোৰ হাতত দেখিছা ৰঙা তেজ; কিন্তু তাত লুকাই থকা গণতন্ত্ৰৰ বিষ জানো দেখিছা? জাবৰৰ দম খুঁচৰি ফুৰা লৰাকেইটাই তোমাৰ মুখলে চাইছা। তুমি সঁহাৰি দিয়া নাই। হাঁহি হাঁহি আঁচল উৰুৱাই নীলা মাৰুতিত উঠি গুছি গৈছা। তুমি যদি কলাহেঁতেন ইমান দুখীয়া বুলি, ম‌ই নিজকে আকাশেৰে বান্ধি তুলি দিলোঁহেঁতেন তোমাৰ হাতত। তেতিয়া সপোন বিচাৰি এই কদৰ্য বজাৰত বহাৰ প্ৰয়োজনো নাছিল তোমাৰ। উপেক্ষাৰ বসন্ত‌ই মেলানি মাগিলে। তুমি হাৰি গৈছা, ময়ো। কিন্তু মই নিৰুপায়। ম‌ই তোমাক দিব নোৱাৰোঁ সমস্ত বিলাসৰ বস্তু। পংকিল পথেৰে আহিও তুমি পাব খোজা মুকুতাৰ খনি মই দিব নোৱাৰোঁ। তুমি অৱশেষত স্বৰূপ উদঙাই দিলা। আজি তুমিও বস্ত্ৰহীনৰ শ্ৰেণীত। বিজ্ঞাপন চাই চাই তুমি খিলখিলাই হাঁহা। ম‌ই দৃষ্টি আঁতৰাই আনো। তুমি জানানে... হাৰি যোৱাটো ইমান উজু নহয় আমাৰ বাবে, যিমান উজু তেজৰ নদীত জোবোৰা মৰা।

এদিন তুমিও জোনাক ভাল পাইছিলা। আমি একেলগে ৰাতিৰ আকাশ চাইছিলোঁ। মনত হাজাৰ তৰা আঁকি জোনাকী কথা পাতিছিলোঁ। আজি মোৰ সম্মুখত সু‌উচ্চ শুভ্ৰ পাহাৰ। তুমি দেখা ৰসাতলৰ গভীৰ আন্ধাৰ। এয়া ম‌ই ৰাইফল তুলি লৈছোঁ আৰু তুমি নিঃশব্দে ঘাঁহনিত বাগৰি পৰিছা।

এতিয়া তুমি প্ৰাচীৰত সিপাৰত। মাত লগালেও নুশুনা। তুমি কুঁৱলি ফালি গৈ আছা, জোনাকী পৰুৱাৰ সাজ পিন্ধি। ম‌ই অন্ধকূপত আবদ্ধ- আন্ধাৰক সংগী কৰি, এবুকু আশা বান্ধি। নিৰ্জনতাই মোক দৃষ্টিৰ সন্ধান দিছে। ম‌ই বেৰৰ জলঙাইদি তোমাক দেখা পাইছোঁ। ফট্‌ফটীয়াকৈ, স্পষ্ট জোনৰ দৰে। উপলব্ধি কৰিছোঁ তুমি কলৈকো যোৱা নাই। তুমি আচলতে চিৰদিনৰ বাবে শুই পৰিছা।

চিৎকাৰ আৰু গান পাউদাৰৰ গোন্ধে মোকো সাৰে থাকিবলৈ নিদিয়ে। খেপিয়াই চোৱা, ময়ো তোমাৰ কাষতে...আৰু আমাৰ লগত আছে তেজে তুম্‌ৰলি প্ৰহৰ। ক্ৰমাৎ আমাৰ প্ৰসাৰিত সপোন একাকাৰ হৈছে। ম‌ই মোৰ কথা ৰাখিছোঁ; তোমাক উভতাই আনিছোঁ বাট হেৰুওৱাৰ পৰা। পলাতক সময়ে আমাক আঁকোৱালি লৈছে। নদীত তেজৰ ধুমুহা বৈছে, ৰামধেনুৰ দৰে তেজ। মনত সংগোপনে বাঢ়ি অহিছে উন্মাদ জোনাক। তুমি পুনৰ জোনাক ভাল পাবলৈ ধৰিছা।


(২০০৬-০৭ বৰ্ষৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ আলোচনী 'এমকল'ত প্ৰকাশিত)


পঢ়ি ভাল পালে ৰাইজক জনাওক!

0 comments: