December 22, 2013 | By: গীতাৰ্থ বৰদলৈ

জাহ্নৱী


এটা অসমীয়া ইউনিক’ড টাইপিং সঁজুলি। কেৱল সঁজুলি বুলি ক’লে ভুল হ’ব; ই একপ্ৰকাৰৰ ‘ৱৰ্ড প্ৰচেচৰ’। টাইপিং কৰি গৈ থাকোঁতে ই স্বয়ংক্ৰিয়ভাৱে সম্ভাব্য শব্দৰ পৰামৰ্শ দিয়ে, ভুললৈ লিখা শব্দৰ তলত একাবেঁকা আঁচ এডাল আঁকি দিয়ে, এটা বুটামৰ টিপাত বানান পৰীক্ষণৰ সুবিধা দিয়ে। প্ৰায় ২.৫ লাখ শব্দ, প্ৰায় ১০০০ ফকৰা যোজনা আৰু জতুৱা ঠাঁচৰ সংগ্ৰহ, বাক্য বা বাক্যাংশৰ বাবে চমুপথ (Shortcut)ৰ সুবিধা, নিজৰ শব্দ অন্তৰ্ভুক্ত কৰাৰ সুবিধা, সাংকেতিক দোষ (যেনে বাংলা ‘’) আঁতৰোৱাৰ ব্যৱস্থা আদিও ইয়াত আছে। এই সঁজুলিৰে মাইক্ৰ’ছফ্ট ৱৰ্ড-এক্সেল-পাৱাৰপ‌ইণ্ট, ইমেইল, ফে’চবুক আদি সকলোতে টাইপ কৰিব পাৰি। তাতোকৈ ডাঙৰ কথা হ’ল এয়া সকলো উপলব্ধ কৰোৱা হৈছে বিনামূলীয়াকৈ। ২০১৩ চনৰ ২৫ নৱেম্বৰত মুক্তি দিয়া এই সঁজুলিটোৰ নাম ‘জাহ্নৱী- প্ৰৱাহিত শব্দৰ অলকানন্দা’ (Jahnabi word processor)


বহুদিন আগতে জাহ্নৱী নামৰ এটা নতুন অসমীয়া টাইপিং সঁজুলি ওলোৱাৰ কথা গম পাইছিলোঁ। সঁজুলিটোৰ উদ্ভাৱক উৎপল ফুকনৰ লগত ফে’চবুকৰ জৰিয়তে দুই-এষাৰ কথাও পাতিছিলোঁ। অলপ খৰকৈ টাইপ কৰাৰ বাহিৰে সঁজুলিটোৰ আন বৈশিষ্ট্য চকুত পৰা নাছিল। এদিন বনজীৎ পাঠক দাদাই মোক ফোন কৰিলে আৰু উৎপল ফুকনৰ নতুন পৰিকল্পনা এটাৰ কথা ক’লে। অসমীয়া বানান পৰীক্ষক (স্পে’ল চে’কাৰ) এটা সাজিবলৈ চেষ্টা কৰিব হেনো। বনজীৎ দায়ে ম‌ই সহায় কৰিম নেকি সুধিলে। ম‌ই সোধা প্ৰশ্ন দুটা আছিল- ‘এইটো বিনামূলীয়া হ’বনে” আৰু “এইটো ৱিকিপিডিয়া জাতীয় ৱেবছাইটত ব্যৱহাৰ কৰিব পাৰিমনে”। বনজীৎ দায়ে ইতিবাচক উত্তৰ দিলে। অভিধান বা আন বহু বস্তু থকা দুটামান সঁজুলি বজাৰত আছে যদিও দামৰ বাবে আগৰেপৰা অসমীয়া টাইপিঙত অভ্যস্ত বেছিভাগেই সেয়া কিনিবলৈ মন নকৰে। বানান পৰীক্ষণৰ সুবিধা আদিৰে স্বয়ংসম্পূৰ্ণ হ’বলৈ চেষ্টা কৰা জাহ্নৱী প্ৰকল্পৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়ি আহিল।

পোন্ধৰজনমান মানুহেৰে ফে’চবুক গোট এটা আৰম্ভ হ’ল। পিছলৈ মানুহ বিছজন হ’লগৈ। বাৰ্তা সূত্ৰ এডালো আৰম্ভ কৰা হ’ল। আমাৰ প্ৰথম আৰু প্ৰধান কাম আছিল যিমান পাৰি অসমীয়া শব্দ সংগ্ৰহ কৰা। শব্দৰ বাবে হেমকোষ, আধুনিক অসমীয়া অভিধান, অনলাইন চন্দ্ৰকান্ত অভিধান আদিৰ সহায় লোৱা হ’ল। কেইদিনমানৰ মূৰে মূৰে উৎপল ফুকন দাই শব্দ সংগ্ৰহ বঢ়াবলৈ তাগিদা দি থাকে। ময়ো কথাৰ লাছতে সকলোকে ভুল শব্দ নভৰাবলৈ চিঞৰি থাকোঁ। চাইপাও বৰুৱা নামৰ অজ্ঞাত ব্যক্তিজনে তেওঁৰ সংগ্ৰহৰ পৰা দিয়া ১৮০০০ অসমীয়া শব্দৰে আৰম্ভ কৰি শব্দৰ সংখ্যা লাহে লাহে বাঢ়ি আহিল। বিভিন্ন ৱেবছাইটবোৰৰ পৰা শব্দ গোটাবলৈ উদ্দীপ তালুকদাৰ দাই ‘জাকৈ’ বুলি আন এটা প্ৰ’গ্ৰেমেই সাজি পেলালে! দিগন্ত শইকীয়া, জয়দীপ চক্ৰৱৰ্তী, অঞ্জনা তামুলী, দ্বিজেন মহন্ত, পংকজ জ্যোতি মহন্ত, দীপাংকৰ চেতিয়া, সাৰদা শ্ৰেষ্ঠা, অয়ন উত্তম, দীপা ডেকা, অঞ্জল বৰা আদি অসমৰ ভিন ভিন কোণত থকা ব্যক্তিসকলে যথাসাধ্য বৰঙণি আগবঢ়াই গ’ল। কাম কৰি কৰি আমনি লাগিলে লঘূ আড্ডা আৰম্ভ। অসমীয়া শব্দৰ লগত প্ৰত্যয়, অব্যয়, বিভক্তি লগাই লাখ শব্দৰ তালিকা কৰাটো সহজ কাম নহয়। ব্যৱহাৰকাৰীৰ কম্পিউটাৰ RAM আদিৰ কথাও আছে। গতিকে গোটেইবোৰ শব্দ সামৰি নলৈ কিছুমান কাম দ্বিতীয় সংস্কৰণলৈ থোৱা হ’ল। উৎপল ফুকনে (তেওঁ নিজকে উফু বুলি কৈ ভাল পায়!) মাজে মাজে জাহ্নৱীৰ পৰীক্ষামূলক সংস্কৰণ আগবঢ়াই দিলে। আমি সেয়া খুঁচৰি চাই দোষ-ত্ৰুটিবোৰ তেওঁক কওঁ। তেওঁ ততালিকে সমাধান উলিয়ায়। আন টাইপিং সঁজুলিৰে জাহ্নৱীত টাইপ কৰিব পৰা সুবিধাকণো তেওঁ কৰি দিলে।


এমাহমান কিবা কিবি কৰাৰ পিছত ম‌ই পঢ়াৰ হেঁচাত পৰি জাহ্নৱীৰ কামৰ পৰা কিছুদিন আঁতৰি থাকিলোঁ। আলেঙে আলেঙে খবৰ লৈ থাকোঁ। ইতিমধ্যে জাহ্নৱী মুক্তি দিয়াৰ কথা ভবা হ’ল। মৃদুল কুমাৰ শৰ্মা, পংকজ জ্যোতি, দ্বিজেন মহন্ত আদিয়ে মিলি ৱেবছাইট, বেনাৰ, ল’গ’ আদি সাজু কৰিলে। নতুন নতুন সদস্য সোমাব পৰাকৈ ফে’চবুকত আনুষ্ঠানিক গোট এটা খোলা হ’ল। শেষত ২৫ নৱেম্বৰৰ ৰাতি আঠ বজাত নিজা ৱেবছাইটত জাহ্নৱী ডাউনল’ডৰ বাবে উপলব্ধ হ’ল। এটা সপোনে দিঠক ৰূপ পালে। অসমৰ বাতৰি কাকতসমূহেও জাহ্নৱীৰ কথা প্ৰচাৰ কৰাত হেলা নকৰিলে। এশ-দুশকৈ জাহ্নৱীৰ বিনামূলীয়া ডাউনল’ডৰ সংখ্যা বৃদ্ধি পাই আহিল।

জাহ্নৱীৰ ভিতৰচ'ৰা

এই প্ৰকল্পৰ লগত জড়িত হৈ সহযোগিতামূলক কামৰ এক অনন্য অভিজ্ঞতা লাভ কৰিলোঁ। বেছিভাগ মানুহৰে কোনেও কাকো লগ পোৱা নাই, অথচ সকলো যেন নিচেই আপোন। ফে’চবুকৰ জৰিয়তে হোৱা ভাল কামবোৰৰ ই এক উদাহৰণ। ব্যস্ত জীৱনৰ মাজতো স্বেচ্ছামূলক বৰঙণিৰে অসমৰ বাবে কিবা এটা ভাল কৰাৰ এক উদাহৰণ। জাহ্নৱীৰ পৰৱৰ্তী সংস্কৰণবোৰত অধিক শব্দসম্ভাৰ, এখন পূৰ্ণাং অফলাইন ডিজিটেল অভিধান, অসমৰ উল্লেখনীয় ঠাই-অনুষ্ঠান/বুৰঞ্জীমূলক কীৰ্তিচিহ্নসমূহৰ বিৱৰণ, বৈজ্ঞানিক নামৰ তালিকা আদিৰ পৰিকল্পনা কৰা হৈছে। আপুনিও এই প্ৰকল্পৰ অংশীদাৰ হ’ব পাৰে। এলাহ নকৰি জাহ্নৱীৰ নিম্নোলিখিত ৱেবছাইট বা ফে’চবুকৰ গোটৰ লগত যোগাযোগ কৰক আৰু প্ৰৱাহিত শব্দৰ এই অলকানন্দাত অৱগাহন কৰক।


ৱেবছাইট : www.jahnabi.org
ফে’চবুক গোট : https://www.facebook.com/groups/jahnabi.soft

জাহ্নৱীৰ আৰম্ভণি ৱিণ্ড'
জাহ্নৱীৰ প্ৰতীক

পঢ়ি ভাল পালে ৰাইজক জনাওক!

0 comments: