গানৰ ঘৰ

 


এই যে হাঁ‌হিৰ মাজতো দুখৰ কণিকা এটা কুৰুকি কুৰুকি বুকুলে সোমাই আহে,

গভীৰ নিশা কুঁ‌ৱলীৰ তৰপ ফালি ভাঁ‌হি আহে অচিন গায়কৰ মায়াবিনী সুৰ,

এই যে মাত নলগোৱাকৈয়ে কোনোবা গুচি যায় তৰাৰ দেশলে,

আৰু আকাশলৈ চাই ৰৈ থাকে জাক জাক আৰ্দ্ৰ চকুৰ চাকি,

এই যে এন্ধাৰতো জিলিকি থকা যেন লাগে আঙুঠিৰে সজা পবালি আঙুলিবোৰ,

আৰু যেন জোনাকৰ ঢলতো গাৰ নোম সিঁ‌য়ৰাই বৈ আহে অমানিশাৰ গান,

এই যে সোণাপুৰৰ বতাহত উৰি ফুৰে সোণসেৰীয়া শব্দবোৰ,

আৰু সেই শব্দৰ মায়াত অৱগাহন কৰা বিবৰ্ণ মুখৰ শ্ৰোতা স্বপ্নাতুৰ,

মৃত্যু সত্য, মৃত্যু শিল্প, মৃত্যু সুলভ,

যিদৰে সুলভ বুকু খুন্দা ছন্দবোৰ,

এই যে হাঁ‌হিমুখীয়া মুখখন চাই আমি টোপনি যাওঁ,

সপোনৰ কোলাতো হাঁ‌হিৰ ঝংকাৰ শুনি মাজনিশা সাৰ পাওঁ।

 

আমাৰ বুকুবোৰত জুবিনে ঘৰ সাজে, জাতিৰ ঘৰ, কলিজাৰ পাহে পাহে,

পাহৰা আখৰবোৰ ওৰে দিন ওৰে ৰাতি,

কুৰুকি কুৰুকি বুকুলে সোমাই আহে।

Post a Comment

0 Comments