March 29, 2013 | By: গীতাৰ্থ বৰদলৈ

"সুষম" ছফ্টৱেৰ




"ভাষা সাহিত্য সন্মিলনী, অসম"-এ আপোনালোকলৈ আগবঢ়াইছে "সুষম" ইউনিক'ড পদ্ধতি ব্যৱহাৰ কৰি অসমীয়া লিপিত লিখি উলিওৱা আপোনাৰ যিকোনো লিখা এই নতুন সঁজুলি (চফ্টৱেৰ)ৰ সহায়ত এতিয়া আপুনি অতি সহজে এটা সুষম অৱস্থালৈ আনিব পাৰিব সাধাৰণতে আমি ব্যৱহাৰ কৰি থকা অসমীয়া লিখন সঁজুলিসমূহে প্ৰত্যেকে ভিন্ন প্ৰক্ৰিয়াৰে কাম কৰে আৰু বহু সময়ত আমি গম নোপোৱাকৈয়ে বিভিন্ন যুক্তাক্ষৰৰ মাজত বঙালী "" () সোমাই যায় যাৰ ফলত গুগুলকে আদি কৰি বিভিন্ন ছাৰ্চ ইঞ্জিনত আপুনি লিখা অসমীয়া প্ৰবন্ধ, গল্প বা কবিতাক বাংলা হিচাপে দেখুৱাব পাৰে তদুপৰি ড়, , ো বা ৌ কাৰৰ ক্ষেত্ৰতো কিছু খেলি মেলি আহে কিন্তু "সুষম" নামৰ সঁজুলিবিধে এনেকুৱা সকলো ধৰণৰ খেলিমেলি আঁতৰাই আপোনাৰ লিখনিক এক সুষম আৰু সম্পূৰ্ণ অসমীয়া পৰ্যায়লৈ আনিব পাৰে ইয়াক চলাবলৈও অতি সহজ; তলত তাৰ বৰ্ণনা কৰা হৈছে উল্লেখযোগ্য যে "ৰামধেনু" নামৰ চফ্টৱেৰ আৱিষ্কাৰেৰে অসমীয়া ডিটিপি জগতত নতুন দিগন্তৰ সৃষ্টি কৰা শ্ৰীযুত ত্ৰিদিপ কুমাৰ বৰুৱাই "সুষম" নামৰ নতুন সঁজুলিবিধ সাজি উলিয়াইছে আৰু "ভাষা সাহিত্য সন্মিলনী, অসম"ৰ বেনাৰত ইয়াক বিনামূলীয়াকৈ ৰাইজৰ মাজত বিতৰণৰ সিদ্ধান্ত লৈছে এই ছেগতে আমি সন্মিলনীৰ তৰফৰ পৰা শ্ৰী বৰুৱালৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ

সুষমৰ ব্যৱহাৰ পদ্ধতি:

তলত দিয়া লিংকৰ পৰা ইয়াক ডাউনল’ড কৰি আপোনাৰ কম্পিউটাৰত স্থাপন (ইন্‌ষ্টল) কৰক
স্থাপন হোৱাৰ পাচত ডেস্কটপত নতুনকৈ হোৱা “XUXAM UNICODE” আইকনটোত দুবাৰ ক্লিক কৰি প্ৰ'গ্ৰামটো চলাওক তাৰ পাছত -

. আপুনি সুষম কৰিব বিচৰা আপোনাৰ লেখাটো বাছনি কৰি কপী কৰক
আপুনি যিকোনো ৱৰ্ড প্ৰচেছৰ ব্যৱহাৰ কৰিব পাৰে, যেনে এম. এছ. 'ৰ্ড, ন’টপেড, ৱৰ্ডপেড ইত্যাদি
. এতিয়া আপোনাৰ কী-বৰ্ডত F10 টিপক বা "সুষম" সঁজুলিত থকা PROCESS STANDARD চুইছত ক্লিক কৰক

. আকৌ আগৰ ঠাইত লিখাটো নতুনকৈ পে’ষ্ট কৰক অৰ্থাৎ আপোনাৰ আগৰ লিখাৰ ওপৰত নতুনকৈ ইয়াক বহুৱাই দিয়ক


ডাউনল'ড লিংক:
https://www.dropbox.com/s/nu3z4te8xc4pji4/XUXAM%20V_3.rar

সাৱধানবাণী: অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পৰা এতিয়াও নাই হোৱা, অনুগ্ৰহ কৰি ৱিকি প্ৰবন্ধত ইয়াক ব্যৱহাৰ নকৰিব

বি:দ্ৰ:- ৱিণ্ড’জ অ’পাৰেটিং প্ৰণালীত কাম কৰা অসমীয়া টাইপিং সঁজুলিবোৰৰ ভিতৰত “ৰ’দালি” (Rodali) আৰু “আলাগী+” (Azhagi+) ওপৰত উল্লেখ কৰা আসোঁৱাহসমূহৰপৰা মুক্ত।

(লেখাটো ভাষা সাহিত্য সন্মিলনী, অসমৰ ফে'চবুক পৃষ্ঠাৰপৰা সংগ্ৰহ কৰা হৈছে।)


পঢ়ি ভাল পালে ৰাইজক জনাওক!

1 comments:

বৃতুল শৰ্মা said...

খুব ভাল প্ৰচেষ্টা । "সুষম" সচাকৈয়ে সুষম । নতুন ব্যৱহাৰকাৰী হিচাপে নিখুত বুলিয়েই কব খোজো ।